ভূগোল আৰু ঠাই
দেশ, নগৰ, নদী, পাহাৰ আৰু পৃথিৱীৰ প্ৰাকৃতিক গঠন · ১,৬০৩ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
মালাপ্পুৰম জিলা
মালাপ্পুৰম জিলা, ভাৰতীয় ৰাজ্য কেৰালাৰ ১৪খন জিলাৰ ভিতৰত অন্যতম। ইয়াৰ উপকূলীয় দৈৰ্ঘ্য 70 কি.মি.। কেৰালাৰ আটাইতকৈ জনবহুল জিলা হিচাপে মালাপ্পুৰমত ৰাজ্যখনৰ মুঠ জনসংখ্যাৰ প্ৰায় ১৩% লোকে বাস কৰে। ১৯৬৯ চনৰ ১৬ জুনত প্ৰায় 3554 বৰ্গ কি.মি. মাটি-কালিৰে এই জিলাখন গঠন কৰা হৈছিল।
-
মুছলপুৰ
মুছলপুৰ অসমৰ বাক্সা জিলাৰ সদৰ। বাক্সা জিলা অসমৰ প্ৰশাসনিক জিলাৰ ভিতৰত এখন। বাক্সা জিলা বড়োলেণ্ড স্বায়ত্ত্বশাসিত পৰিষদৰ অন্তৰ্ভুক্ত। ২০০৩ চনত ইয়াক নতুন জিলা ৰূপে ঘোষণা কৰা হয়। বাক্সা জিলাৰ মাটিকালি প্ৰায় ২৪০০ বৰ্গকিলোমিটাৰ।
-
য়াংজে নদী
য়াংজে নদী (Yangtze River) ( or ), (Chinese: 长江, Cháng Jiāng), (চীনা নাম - Chang Jiang বা Yangzi) এছিয়াৰ আটাইতকৈ দীঘল আৰু বিশ্বৰ ভিতৰত তৃতীয় সৰ্বোচ্চ দৈৰ্ঘ্যৰ নদী।
-
সোণাপুৰ
সোণাপুৰ অসমৰ কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত এখন লোকপিয়ল নগৰ আৰু গুৱাহাটী মহানগৰৰ পূব প্ৰান্তৰ এটা গুৰুত্বপূৰ্ণ নগৰীয়া অঞ্চল। ই সোণাপুৰ ৰাজহ চক্ৰৰ সদৰ আৰু গুৱাহাটীৰ পৰা পূব দিশে অৱস্থিত।
-
হাটশিঙিমাৰি
হাটশিঙিমাৰি অসমৰ নৱগঠিত জিলা দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ। পূৰ্বতে ই ধুবুৰী জিলাৰ দক্ষিণ শালমাৰা-মানকাচৰ মহকুমাৰ সদৰ ঠাই আছিল। ২০১৫ চনৰ ১৫ আগষ্টত অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে আন চাৰিখন জিলাৰ লগত দক্ষিণ শালমাৰা-মানকাচৰ জিলা ঘোষণা কৰে।
-
অসমৰ পৰ্যটনস্থলসমূহৰ তালিকা
অসম হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ মুখ্য দুৱাৰ আৰু সাতভগ্নীৰ প্ৰাণকেন্দ্ৰ স্বৰূপ। অসম প্ৰাকৃতিক সম্পদ আৰু নানান ঐতিহাসিক সমল আৰু সাংস্কৃতিক সম্পদেৰে সমৃদ্ধিশালী এখন ৰাজ্য। পৰ্যটনৰ কাৰণে অসম ৰাষ্ট্ৰীয় উদ্যান, মঠ-মন্দিৰ আৰু ঐতিহাসিক সমলেৰে চহকী।
-
আগ্ৰা ফ'ৰ্ট
আগ্ৰা ফ'ৰ্ট (आगरा का किला, Agra Fort) বা আগ্ৰাৰ লালকিল্লা মোগল স্থাপত্যৰ এক অনবদ্য নিদৰ্শন। এই কিল্লা ১৯৮৩ চনত সাংস্কৃতিক ঐতিহ্যবাহী স্থান হিচাবে (iii) নং বিভাগত ইউনেস্কো বিশ্ব ঐতিহ্যবাহী স্থানৰ অন্তৰ্ভুক্ত হয়। দুৰ্গটো ভাৰতৰ ৰাজ্য উত্তৰ প্ৰদেশৰ আগ্ৰাৰ যমুনা নদীৰ তীৰত অৱস্থিত।
-
আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ, তিতাবৰ
আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ, তিতাবৰ (Regional Agricultural Research Station, Titabar), ১৯২৩ চনত সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ ধানৰ গৱেষণাৰ বাবে যোৰহাট জিলাৰ তিতাবৰত স্থাপন কৰা হৈছিল। পূৰ্বতে ইয়াৰ নাম ধান গৱেষণা কেন্দ্ৰ আছিল। ১৯৬৯ চনৰপৰা ইয়াৰ প্ৰশাসনিক দায়িত্বত আছে অসম কৃষি বিশ্ববিদ্যালয়।
-
উখৰুল জিলা
উখৰুল (Ukhrul, Pron:/ˈuːkˌɹəl or ˈuːkˌɹʊl/) উত্তৰ-পূব ভাৰতৰ মণিপুৰ ৰাজ্যৰ এখন অন্যতম জিলা। এই জিলাখনৰ মণিপুৰৰ ৰাজধানী ইম্ফলৰ পৰা ৮৪ কিলিমিটাৰ উত্তৰ-পূব দিশত অৱস্থিত।
-
উটি
উটি (চৰকাৰীভাৱে উদগমন্ডলম) ভাৰতৰ তামিলনাডু ৰাজ্যৰ নীলগিৰি জিলাৰ এখন চহৰ আৰু পৌৰসভা। ই কইম্বাটুৰৰপৰা ৮৬ কিলোমিটাৰ (৫৩ মাইল) উত্তৰ-পশ্চিমে অৱস্থিত, আৰু নীলগিৰি জিলাৰ মুখ্য কাৰ্যালয়। নীলগিৰি পৰ্বতশ্ৰেণীত অৱস্থিত এই চহৰখনক "পাহাৰীয়া ষ্টেচনসমূহৰ ৰাণী " উপনামেৰে জনা যায়। উটি এক জনপ্ৰিয় পৰ্যটন স্থলী।
-
উত্তৰ সাগৰ
উত্তৰ সাগৰ আটলাণ্টিক মহাসাগৰৰ এক সীমামূৰীয়া সাগৰ। ই গ্ৰেট ব্ৰিটেইন, স্কেণ্ডিনাভিয়া (Scandinavia), জাৰ্মানী (Germany), নেডাৰলেণ্ড (Netherlands), বেলজিয়াম (Belgium), আৰু ফ্ৰান্সৰ মাজত অৱস্থিত। এই সাগৰে দক্ষিণে ইংলিছ চেনেল আৰু উত্তৰে নৰৱেৰিয়ান সাগৰেৰে মূল সাগৰত মিলিত হৈছে।
-
কন্নুৰ
কন্নুৰ, পূৰ্বতে ইংৰাজীত কান্নানোৰ বুলি জনা গৈছিল, ভাৰতৰ কেৰালা ৰাজ্যৰ এখন চহৰ আৰু পৌৰ নিগম। ই কন্নুৰ জিলাৰ প্ৰশাসনিক সদৰ। ই প্ৰধান বন্দৰ চহৰ তথা বাণিজ্যিক কেন্দ্ৰ কোচিৰপৰা 274 কি.মি. উত্তৰত আৰু আন এখন প্ৰধান বন্দৰ চহৰ মাংগালুৰুৰপৰা 137 কি.মি. দক্ষিণত অৱস্থিত। ই কেৰালাৰ পঞ্চম বৃহত্তম চহৰ।
-
কাৰ্গিল জিলা
কাৰ্গিল জিলা (Kargil district) হৈছে ভাৰতৰ লাডাখক সামৰি লোৱা দুখন জিলাৰ ভিতৰত অন্যতম আৰু ইয়াৰ মুখ্য কাৰ্যালয় কাৰ্গিল চহৰত। জিলাখনৰ পশ্চিমে কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰ, উত্তৰে পাকিস্তানৰ গিলগীত–বাল্টিস্তান, পূবে লাডাখৰ লেহ জিলা আৰু দক্ষিণে হিমাচল প্ৰদেশ ৰাজ্য।
-
কুতুব মিনাৰ
কুতুব মিনাৰ (Qutb Minar) হৈছে টোমাৰা ৰাজপুতসকলে প্ৰতিষ্ঠা কৰা দিল্লীৰ আটাইতকৈ পুৰণি দুৰ্গম চহৰ লাল কোটৰ ঠাইত অৱস্থিত কুতুব কমপ্লেক্সক সামৰি লোৱা এটা মিনাৰ আৰু বিজয় টাৱাৰ। ভাৰতৰ দক্ষিণ দিল্লীৰ মেহৰৌলি অঞ্চলত ই ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ।
-
কেৰালাৰ বেকৱাটাৰ
কেৰালাৰ বেকৱাটাৰ (Kerala backwaters) হৈছে দক্ষিণ-পশ্চিম ভাৰতৰ কেৰালা ৰাজ্যৰ আৰব সাগৰৰ সমান্তৰালভাৱে বিস্তৃত লোনা-মিঠা পানীৰ হ্ৰদ, লেগুন, নদী, খাল আৰু জলপথৰ এক বিশাল আন্তঃসংযুক্ত নেটৱৰ্ক।
-
গোসাঁইগাঁও
গোসাঁইগাঁও (Gossaigaon)অসমৰ কোকৰাঝাৰ জিলাত অৱস্থিত এখন ঠাই। ই জিলাখনৰ এটা মহকুমা।
-
চানডুবি বিল
চানডুবি বিল (IPA উচ্চাৰণ: ˌʧʌnˈdʊbɪ) অসমৰ কামৰূপ জিলাৰ ৰাভা হাচং স্বায়ত্বশাসিত পৰিষদ এলেকাত অৱস্থিত এখন প্ৰাকৃতিক বিল। গুৱাহাটী মহানগৰৰ পৰা এই স্থান প্ৰায় ৬৪ কিলোমিটাৰ দূৰত। অসম আৰু মেঘালয়ৰে আবৃত গাৰো পাহাৰৰ পাদস্থানত এই বিল অৱস্থিত। এই অঞ্চলটো অৰণ্য, চাহ বাগিছা আৰু সৰু সৰু গাঁৱেৰে ভৰা।
-
চিত্ৰলেখা উদ্যান
অসমৰ শোণিতপুৰ জিলাৰ তেজপুৰ নগৰৰ এখন ঐতিহাসিক উদ্যান। পূৰ্বতে এই উদ্যানৰ নাম ক'ল পাৰ্ক আছিল। চিত্ৰলেখা উদ্যানক তেজপুৰৰ এক যাদুঘৰ বুলিব পাৰি।
-
ছেলা পাছ
ছে লা(লা মানে পাছ) অৰ্থাৎ ছেলা পাছ (Sela Pass) হৈছে ভাৰতৰ অৰুণাচল প্ৰদেশৰ টাৱাং আৰু পশ্চিম কামেং জিলাৰ সীমাত অৱস্থিত এক উচ্চতম পাহাৰীয়া পথ। ইয়াৰ উচ্চতা ৪১৭০ মিটাৰ (১৩,৭০০ ফুট) আৰু ই ভাৰতীয় বৌদ্ধ চহৰ টাৱাঙক দিৰাং আৰু গুৱাহাটীৰ সৈতে সংযোগ কৰে।
-
জাভা দ্বীপ
জাভা দ্বীপ বা জাভা (Java) ভাৰত মহাসাগৰৰ এটা দ্বীপ। ই ইণ্ডোনেছিয়াৰ এটা অংশ। ইয়াৰ দক্ষিণে ভাৰত মহাসাগৰ আৰু উত্তৰে জাভা সাগৰৰ সীমা। ১৫৩.৮ নিযুত লোকৰ জনসংখ্যাৰ সৈতে, জাভা হৈছে বিশ্বৰ আটাইতকৈ জনবহুল দ্বীপ, যি ইণ্ডোনেছিয়াৰ জনসংখ্যাৰ প্ৰায় ৫৪% লোকৰ বাসস্থান।
-
ডিমৌ
শিৱসাগৰ জিলাৰ উত্তৰ-পূব প্ৰান্তত অৱস্থিত চহৰ তথা ৰাজহ চক্ৰ ডিমৌ। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ মাজেদি পাৰহৈ যোৱা ডিমৌৰ মাজমজিয়া হৈছে ডিমৌ চাৰিআলি। সমীপৰ ঠাই চৰগুৱাত আহোমসকলে ৰাজধানী পাতিছিল।
-
তামেংলং জিলা
তামেংলং জিলা (Tamenglong district, Pron:/tæmɛŋˈlɒŋ/) ভাৰতত মণিপুৰ ৰাজ্যৰ এখন অন্যতম জিলা৷এই জিলাৰ সদৰ ঠাই তামেংলং নগৰ৷ জিলাখনৰ মুঠ মাটিকালি হৈছে ৪৩৯১ বৰ্গকিমি৷
-
থৌবাল জিলা
থৌবাল জিলা (Thoubal district, Pron:/ˈθɑʊbɑːl orˈθɑʊbəl/) উত্তৰ-পূব ভাৰতৰ মণিপুৰ ৰাজ্যৰ এখন অন্যতম জিলা। এই জিলাৰ উত্তৰে সেনাপতি জিলা, পূবে উখৰুল আৰু চান্দেল জিলা, দক্ষিণে চুড়াচান্দপুৰ আৰু বিষ্ণুপুৰ জিলা আৰু পশ্চিমে পূব ইম্ফল আৰু পশ্চিম ইম্ফল জিলা অৱস্থিত।
-
নাইৰোবি
নাইৰোবি (/naɪˈroʊbi/ ny-ROH-bee) কেনিয়াৰ ৰাজধানী আৰু সৰ্ববৃহৎ চহৰ। এই নামটো মাছাই শব্দ 'এনকাৰে নাইৰোবি'ৰ(Enkare Nyirobi) পৰা লোৱা হৈছে, যাৰ অনুবাদ হৈছে ‘শীতল পানীৰ ঠাই’, যিয়ে চহৰৰ মাজেৰে বৈ যোৱা নাইৰোবি নদীক উল্লেখ কৰে। ২০১৯ চনৰ লোকপিয়লত এই চহৰখনৰ জনসংখ্যা আছিল ৪,৩৯৭,০৭৩ জন।
-
নাছিক
নাছিক( Nashik) ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ উত্তৰ অঞ্চলৰ এখন চহৰ। গোদাবৰী নদীৰ পাৰত অৱস্থিত। নাছিক চহৰৰ জনসংখ্যা প্ৰায় ২২ লাখ আৰু ভাৰতৰ অন্যতম দ্ৰুতগতিত বৃদ্ধি পোৱা চহৰ হিচাপে মান্য়তা দিয়া হৈছে।
-
পাগলাদিয়া নদী
পাগলাদিয়া নদী (Pagladiya River) বা পাগ্লাদিয়া নদী ভাৰতৰ অসম ৰাজ্যৰ ব্ৰহ্মপুত্ৰ নদৰ উত্তৰবাহিনী উপনদী। পাগলাদিয়া নদীৰ উদ্গম স্থান হৈছে ভূটান পাহাৰৰ দেওথাং। ই ব্ৰহ্মপুত্ৰ নদীৰ সৈতে মিলিত হোৱাৰ আগতে অসমৰবাক্সা জিলা আৰু নলবাৰী জিলাৰ মাজেৰে বৈ গৈছে।
-
পিয়ং ইয়াং
পিয়ং ইয়াং (평양, P’yŏngyang, অৰ্থাৎ: "সমতল ভূমি" বা "শান্ত ভূমি") উত্তৰ কোৰিয়াৰ ৰাজধানী আৰু সৰ্ববৃহৎ মহানগৰ। পিয়ং ইয়াং টাএডং নদীৰ পশ্চিম কোৰিয়া সাগৰৰ মুখৰ ১১০ কিলোমিটাৰ উজনিত অৱস্থিত। ২০০৮ চনৰ লোকপিয়লৰ প্ৰাৰম্ভিক ফলাফল অনুযায়ী পিয়ং ইয়াং ৩২,৫৫,৩৮৮ জনৰ বসতিস্থল।
-
ফেক জিলা
ফেক ভাৰতৰ নাগালেণ্ড ৰাজ্যৰ এখন জিলা। এই জিলাখন ১৯৭৩ চনত স্থাপন কৰা হৈছিল। জিলাখনৰ সদৰ ঠাই ফেক নগৰ। এই জিলাৰ সংখ্যাগৰিষ্ঠ লোক খ্ৰীষ্টান ধৰ্মাৱলম্বী আৰু কৃষি তেওঁলোকৰ মূল পেছা।
-
বঙাইগাঁও তেল শোধনাগাৰ
বঙাইগাঁও তেল শোধনাগাৰ (Bongaigaon Refinery) অসমৰ চিৰাং জিলাৰ (আগৰ বঙাইগাঁও জিলাৰ) ঢালিগাঁৱত অৱস্থিত এখন খাৰুৱা তেলৰ শোধনাগাৰ আৰু পেট্ৰ'ৰাসায়নিক শাখা। অসমত উৎপাদিত খাৰুৱা তেল বিহাৰৰ বাৰাউনী শোধন কৰিবলৈ শোধনাগাৰ স্থাপন কৰা প্ৰতিবাদত অসমবাসীয়ে আন্দোলন কৰি অসমৰ তৃতীয়টো শোধনাগাৰ বঙাইগাঁৱত পাবলৈ সক্ষম…
-
বান্দ্ৰা
বান্দ্ৰা (Bandra) ভাৰতৰ মহাৰাষ্ট্ৰৰ কংকন বিভাগৰ সৰ্ববৃহৎ চহৰ মুম্বাইত অৱস্থিত এখন উপকূলীয় উপকণ্ঠ অঞ্চল। বান্দ্ৰা মিথি নদীৰ একেবাৰে উত্তৰত অৱস্থিত। মুম্বাই চহৰ আৰু পুনেৰ পিছত এই অঞ্চলটো মহাৰাষ্ট্ৰৰ তৃতীয় বৃহত্তম বাণিজ্যিক কেন্দ্ৰ হিচাপে পৰিচিত৷ ১৯২৪ চনৰ ১ জুলাইত খাৰ ৰোড ৰেলৱে ষ্টেচন মুকলি হোৱাৰ…