অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

বামুণী পাহাৰ

বামুণী পাহাৰ অসমৰ তেজপুৰ নগৰৰ দক্ষিণ-পূব কোণত অৱস্থিত। ব্ৰহ্মপুত্ৰৰ পাৰত স্থিত এই পাহাৰত সৰু-ডাঙৰ আঠপহীয়া শিলত কটা পদুম ফুল, ডাঙৰ শিলাখণ্ডত কটা দশাৱতাৰ মূৰ্তিৰ লগতে নৰসিংহৰ হিৰণ্যকশিপুৰ বধৰ শিলামূৰ্তি, অপৰূপা অপ্সৰাৰ মূৰ্তি আদি আছে। ইয়াত গজব্যাস ব্ৰহ্মাৰ মূৰ্তি, নন্দীমুখ আদিও দেখিবলৈ পোৱা যায়।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ১৭৬ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

বামুণী পাহাৰ অসমৰ তেজপুৰ নগৰৰ দক্ষিণ-পূব কোণত অৱস্থিত। ব্ৰহ্মপুত্ৰ নদৰ পাৰত স্থিত এই পাহাৰত সৰু-ডাঙৰ আঠপহীয়া শিলত কটা পদুম ফুল, ডাঙৰ শিলাখণ্ডত কটা দশাৱতাৰ মূৰ্তিৰ লগতে নৰসিংহৰ হিৰণ্যকশিপুৰ বধৰ শিলামূৰ্তি, অপৰূপা অপ্সৰাৰ মূৰ্তি আদি আছে। ইয়াত গজব্যাস ব্ৰহ্মাৰ মূৰ্তি, নন্দীমুখ আদিও দেখিবলৈ পোৱা যায়। এই ভাস্কৰ্যসমূহ খ্ৰীষ্টিয় নৱম-দশম শতিকাৰ বুলি ঠাৱৰ কৰা হৈছে।১ প্ৰবাদ আছে যে বামুণী পাহাৰত থকা শিলত কটা লতাফুল, দীঘলীয়া শিল আৰু খুঁটাসমূহে বাণৰ জীয়াৰী ঊষাৰ তাঁতশালৰ দোৰ্পতি, টোলোঠা আদিক বুজায়। পাহাৰটোক "ঊষা পাহাৰ" বুলিও কোৱা হয়। বামুণী পাহাৰ, তাৰ ওচৰতে থকা লুথেৰান চাৰ্চত থকা টিলাটো আৰু ভৈৰৱী মন্দিৰক সামৰি মুঠতে সাতটা মন্দিৰ আছিল বুলি জনা যায়।

এক পঞ্চযতন মন্দিৰৰ বুলি অনুমান কৰা এই ধ্বংসৱাশেষবোৰ এটা ঢিপৰ ওপৰত আছে আৰু চাৰিওফালে আয়তাকাৰ দেৱালে ঘেৰি আছে। এইসমূহ শালস্তম্ভ ৰাজবংশৰ পাছৰ শাসকসকলৰ সময়ৰ হ'ব পাৰে।২ নৰসংহ, পৰশুৰাম, ৰাম আদি দশাৱতাৰৰ ছবি থকা এক ভাস্কৰ্যৰ পৰা অনুমান কৰা হয় যে এই মন্দিৰটো বিষ্ণুৰ উপসনাস্থল আছিল। মজিয়া আৰু পদপথৰ অৱশেষৰ পৰা বুজিব পাৰি যে বিষ্ণুৰ কেন্দ্ৰীয় উপাসনা স্থল ঢিপটোৰ ওপৰত আৰু শিৱ মন্দিৰবোৰ চৌপাশে চাৰিওটা কোণত অৱস্থিত আছিল। ইয়াৰ কেইবাটাও স্তম্ভ আৰু ভাস্কৰ্য চিত্ৰলেখা উদ্যানলৈ তুলি নিয়া হৈছে।৩

তথ্যসূত্ৰ

  1. ↑ Bamuni Hills. Govt. of Assam
  2. ↑ Masonry Remains of the Bamuni Hill, Tezpur. Archaeological survey of India
  3. ↑ Bamuni Hills. C.P.R. Environmental Education Centre, Chennai

সম্পৰ্কিত শ্ৰেণী

শোণিতপুৰ জিলাৰ পৰ্যটনস্থলীঅসমৰ পুৰাতাত্বিক স্থান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বামুণী পাহাৰ” প্ৰবন্ধৰ সংশোধন ৩৮২০৩২ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।