অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

শিৱসাগৰ পুখুৰী

স্বৰ্গদেও শিৱসিংহৰ ৰাজত্ব কালত তেওৰ দ্বিতীয় গৰাকী কুৱৰীয়ে বৰৰজাৰ ৰাজদণ্ড হাতত লৈ সাগৰ সদৃশ শিৱসাগৰ পুখুৰী খন্দোৱাৰ কাৰ্য আৰম্ভ কৰিছিল৷ ১৬৫৫ শকৰ ১৮ জেঠত খনন আৰম্ভ হোৱা এই পুখুৰীৰ খনন সম্পূৰ্ণ হৈছিল একেটা বৰ্ষৰ ৬ বহাগত৷ পুখুৰীটোৰ সম্পূৰ্ণ মাটিকালি ১৯৪ পুৰা ২ বিঘা ২ কঠা ৬ লেচা৷ পুখুৰীটো আয়তকাৰ৷…

হালনাগাদ: ১০ অক্টোবৰ ২০২৩ ২৩৯ শব্দ · ১ মিনিট সংগৃহীত ৫০
সংশোধনৰ পৰামৰ্শ

স্বৰ্গদেও শিৱসিংহৰ ৰাজত্ব কালত তেওৰ দ্বিতীয় গৰাকী কুৱৰীয়ে বৰৰজাৰ ৰাজদণ্ড হাতত লৈ সাগৰ সদৃশ শিৱসাগৰ পুখুৰী খন্দোৱাৰ কাৰ্য আৰম্ভ কৰিছিল৷ ১৬৫৫ শকৰ ১৮ জেঠত খনন আৰম্ভ হোৱা এই পুখুৰীৰ খনন সম্পূৰ্ণ হৈছিল একেটা বৰ্ষৰ ৬ বহাগত৷ পুখুৰীটোৰ সম্পূৰ্ণ মাটিকালি ১৯৪ পুৰা ২ বিঘা ২ কঠা ৬ লেচা৷ পুখুৰীটো আয়তকাৰ৷ গভীৰতা ২০ কিউবিক৷ চাং ৰুং ফুকনৰ বুৰঞ্জীমতে পুখুৰীটো দীঘে ২৯৭ বেও আৰু পথালিয়ে ১৮০ বেও৷

শিৱসাগৰ পুখুৰী স্বৰ্গদেউ শিৱসিংহৰ ৰাজত্বকালত বৰকুঁৱৰী বৰৰজা অম্বিকা কুঁৱৰীয়ে কলঞ্চু নামৰ সৰু জান এটাৰ পাৰতে বসবাস কৰি থকা কলঞ্চুপৰীয়া গোহাঁই সকলৰ গাঁৱত অৰ্থাৎ কলঞ্চুপৰীয়া বুঢ়াগোহাঁঞি বাৰীত স্বামী শিৱসিংহৰ নাম যুগমীয়া কৰিবৰ বাবে এই পুখুৰী খন্দুৱাইছিল। (১৭৩৪ খ্ৰীষ্টাব্দ) ১৬৫৫ শকৰ ১৮ জেঠত শিৱসাগৰ পুখুৰীৰ খনন কাৰ্য আৰম্ভ কৰা হৈছিল আৰু সম্পূৰ্ণ কৰা হৈছিল ১৬৫৬ শকৰ ব'হাগ মাহৰ ৬ তাৰিখে। (১৭৩৫ খ্ৰীষ্টাব্দত) এই শিৱসাগৰ পুখুৰী ৰাইজৰ বাবে উৎসৰ্গা কৰে।বৰকুঁৱৰী বৰৰজা অম্বিকা কুঁৱৰী স্বৰ্গদেউ শিৱসিংহৰ দ্বিতীয় পত্নী আছিল। ১৭৩১ খ্ৰীষ্টাব্দত বৰৰজা ফুলেশ্বৰী কুৱঁৰীৰ মৃত্যুৰ পিছত তেওঁৰ ভগ্নী অম্বিকাক বৰৰজা পাতিছিল। শিৱসাগৰ পুখুৰীটো পাৰৰে সৈতে মুঠ মাটিকালি ১৯৪ পুৰা ২ বিঘা ২ কঠা ৫ লোচা আৰু পানী ভাগৰ মাটিকালি ৯৭ পুৰা ২ বিঘা ২ কঠা। শিৱসাগৰ পুখুৰীৰ গভীৰতা ২০ কিউবিক। ৰাজকীয়ভাৱে খন্দোৱা যিবিলাক পুখুৰী ১০০(এশ)জন বৈদিক পুৰোহিতক আনি ধন-সোণ, দান-দক্ষিণা দি উৎসৰ্গা কৰোৱাইছিল সেই পুখুৰীবিলাকে সাগৰ আখ্যা পাইছিল। যিবিলাক পুখুৰী এশতকৈ কম বৈদিক ব্ৰাহ্মণ আনি উৎসৰ্গা কৰোৱাইছিল সেইবিলাকে পুখুৰী আখ্যা পাইছিল। শিৱসাগৰ পুখুৰীৰ চাৰিওটা পাৰক চাৰিওটা নামেৰে নামাকৰণ কৰা হৈছিল। সেইকেইটা হ'ল:- পূব পাৰৰ নাম চেৰেকাপাৰ, পশ্চিম পাৰৰ নাম কাঠপাৰ, উত্তৰ পাৰৰ নাম জয়াপাৰ, আৰু দক্ষিণ পাৰৰ নাম ঢুলীয়াপাৰ।

সম্পৰ্কিত শ্ৰেণী

আহোম ৰাজ্যশিৱসাগৰ জিলাৰ পৰ্যটনস্থলী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শিৱসাগৰ পুখুৰী” প্ৰবন্ধৰ সংশোধন ৩৮৬৯১০ (১০ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।