অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

নগা পাহাৰ

নগা পাহাৰৰ উচ্চতা প্ৰায় 3826 মিটাৰ বিশেষকৈ ভাৰত আৰু ম্যানমাৰৰ সীমান্তত অৱস্থিত। ইয়াক এক জটিল পৰ্বত আৰু পৰ্বতমালাৰ অংশ বোলা হয়। পাহাৰখন ভাৰতবৰ্ষৰ ভূখণ্ডৰ নাগালেণ্ড ৰাজ্য আৰু বাৰ্মাৰ প্ৰশাসনিক বিভাগ(বাৰ্মিজ) অন্তৰ্গত। নগা স্ব-প্ৰশাসিত অঞ্চলৰ অন্তৰ্গত ঠাইডোখৰক নগা পাহাৰ বুলি কোৱা হয়।

হালনাগাদ: ২১ আগষ্ট ২০২৫ ২২৯ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ
নগা পাহাৰ নগা জনগোষ্ঠীৰ পৰম্পৰাগত গৃহভূমি।
নগা পাহাৰ নগা জনগোষ্ঠীৰ পৰম্পৰাগত গৃহভূমি।ছবি: Yves Picq · CC BY-SA 3.0

নগা পাহাৰৰ উচ্চতা প্ৰায় 3826 মিটাৰ বিশেষকৈ ভাৰত আৰু ম্যানমাৰৰ সীমান্তত অৱস্থিত। ইয়াক এক জটিল পৰ্বত আৰু পৰ্বতমালাৰ অংশ বোলা হয়। পাহাৰখন ভাৰতবৰ্ষৰ ভূখণ্ডৰ নাগালেণ্ড ৰাজ্য আৰু বাৰ্মাৰ প্ৰশাসনিক বিভাগ(বাৰ্মিজ) অন্তৰ্গত। নগা স্ব-প্ৰশাসিত অঞ্চলৰ অন্তৰ্গত ঠাইডোখৰক নগা পাহাৰ বুলি কোৱা হয়। নগা পাহাৰৰ সৰ্বোচ্চ বিন্দু হৈছে সাৰামতী পৰ্বত। (3826 মিটাৰ)

ব্যুৎপত্তি

"নগা" শব্দটোৱে নগা লোকসকলক বুজায়, যিসকলক বাৰ্মিজ ভাষাত "নাগা" বা "নাকা" বুলি কোৱা হৈছিল। ইয়াৰ অৰ্থ হৈছে "কাণ বিন্ধা থকা মানুহ।" ১

ইতিহাস

ভাৰতবৰ্ষত ব্ৰিটিছ শাসনকালত নগা পাহাৰৰ কিছু অংশ ব্ৰিটিছৰ অধীনলৈ আহিছিল যদিও নগা পাহাৰৰ বৃহত্তৰ এলেকাটো ব্ৰিটিছ প্ৰশাসনৰ নিয়ন্ত্ৰণ আৰু অধীনলৈ নাহিল। ১৮৬৬ চনত নগা পাহাৰ জিলা ব্ৰিটিছ ভাৰতৰ নিয়ন্ত্ৰণৰ অধীনত থকা নগা পাহাৰৰ এটা অংশৰ সৈতে একত্ৰিত কৰি এখন পূৰ্ণাংগ জিলাত পৰিণত কৰা হয়।২

নগা পাহাৰ জিলাৰ সীমা কেইবাটাও নগা জনগোষ্ঠীৰ ভূখণ্ড যেনে- আওনগা(আওছ) (১৮৮৯), সেমা নগা(সেমাছ)(১৯০৪), আৰু কন্যাক নাগা (১৯১০) সংযুক্ত কৰি ক্ৰমান্বয়ে সম্প্ৰসাৰিত হৈছিল। ১৯১২ চনত জিলাখনক অসম প্ৰদেশৰ অংশ হিচাপে লোৱা হয়। ভাৰত বিভাজনৰ পিছত ইয়াক টুনছাং জিলা(টুয়েছাং সংমণ্ডল)ৰ সৈতে একত্ৰিত কৰি ১৯৬৩ চনত এখন পূৰ্ণাংগ ৰাজ্য নাগালেণ্ড নামৰ ৰাজ্যখন গঠন কৰা হয়।৩

ভূতত্ত্ব: ৰাষ্ট্ৰীয় ভূতাত্ত্বিক স্মৃতিসৌধ

নাগালেণ্ডৰ কিফিৰ জিলাৰ পুংগ্ৰোৰ ওচৰৰ নাগাহিল অফিঅ'লাইট ছাইট (NHO)ক ভাৰত ভূতাত্ত্বিক জৰীপ(GSI) অৰ্থাৎ ভাৰতত ৰাষ্ট্ৰীয় ভূতাত্ত্বিক কীৰ্তিচিহ্নসমূহৰ তালিকাৰ দ্বাৰা ভূ-পৰ্যটনৰ সুৰক্ষা, ৰক্ষণাবেক্ষণ, প্ৰচাৰ আৰু বৃদ্ধিৰ বাবে ভাৰতৰ ৰাষ্ট্ৰীয় ভূতাত্ত্বিক স্মৃতিসৌধ হিচাপে ঘোষণা কৰিছে॥৪৫৬৭নগা পাহাৰৰ সীমাৰ জটিলতা আৰু অৱস্থানৰ বাবে দুয়োখন দেশৰ মাজত এক স্বাভাৱিক বাধাৰ সৃষ্টি কৰিছে। নগা পাহাৰ আৰাকান পৰ্বত (ৰাখিনে ৰেঞ্জ)ৰ অংশ, যি উত্তৰ দিশত 3826 মিটাৰ লৈ উঠি আছে।

তথ্যসূত্ৰ

  1. ↑ Shimray, R. R. (1985), Origin and Culture of Nagas, Pamleiphi Shimray, New Delhi, page 41
  2. ↑ Inato Yekheto Shikhu. (2007). A Re-discovery and Re-building of Naga Cultural Values. Daya Books. পৃ. 53–55. ISBN 978-81-89233-55-6
  3. ↑ B. Datta-Ray, S. P. Agrawal. (1996). Reorganization of North-East India since 1947. Concept. পৃ. 6. ISBN 978-81-7022-577-5
  4. ↑ National Geological Monument, from Geological Survey of India website
  5. ↑ (2016-03-09). Geo-Heritage Sites. pib.nic.in. Press Information Bureau
  6. ↑ national geo-heritage of India, INTACH
  7. ↑ GSI lists geo-tourism sites in North east, Journals of India, August 24, 2021

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ পাহাৰসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নগা পাহাৰ” প্ৰবন্ধৰ সংশোধন ৫৩৪২৮৩ (২১ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।