অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

সেনাপতি জিলা

সেনাপতি জিলা (Pron:/ˌseɪnəˈpʌti/) উত্তৰ-পূব ভাৰতৰ মণিপুৰ ৰাজ্যৰ এখন জিলা৷

হালনাগাদ: ৭ ডিচেম্বৰ ২০২৩ ৪১২ শব্দ · ২ মিনিট সংগৃহীত ৫৪
সংশোধনৰ পৰামৰ্শ

সেনাপতি জিলা (Pron:/ˌseɪnəˈpʌti/) উত্তৰ-পূব ভাৰতৰ মণিপুৰ ৰাজ্যৰ এখন জিলা৷

ভৌগোলিক অৱস্থান

সেনাপতি জিলা ৯৩.২৯° আৰু ৯৪.১৫° পূব দ্ৰাঘিমাংশ আৰু ২৪.৩৭° আৰু ২৫.৩৭° উত্তৰ অক্ষাংশত অৱস্থিত৷ জিলাখনৰ দক্ষিণে কংপকপি জিলা (Kangpokpi District), পূবে উখৰুল জিলা, পশ্চিমে তামেংলং জিলা আৰু উত্তৰে নাগালেণ্ডৰ ক’হিমা আৰু ফেক জিলা অৱস্থিত৷ এই জিলা সাগৰপৃষ্ঠৰ পৰা ১০৬১-১৭৮৮ মিটাৰ উচ্চতাত অৱস্থিত৷ জিলাখনৰ উষ্ণতা সৰ্বনিম্ন ৩.৪° ছেলছিয়াছ ৰ পৰা সৰ্বোচ্চ ৩৪.১° ছেলছিয়াছ হ’ব পাৰে৷

প্ৰশাসন

সেনাপতি মণিপুৰ ৰাজ্যৰ চতুৰ্থ বৃহৎ জিলা৷ এই জিলা উপায়ুক্ত (Deputy Commissioner)ৰ অধীনত পৰিচালিত হয়৷

সেনাপতি জিলাখন সাতটা মহকুমাত বিভক্ত:১

মহকুমাসদৰ ঠাই
১Mao-MaramTadubi
২PaomataPaomata
৩PurulPurul
৪WillongWillong
৫Chilivai-PhaibungPhaibung
৬Song SongSong Song
৭LairouchingLairouching

অৰ্থনীতি

কৃষি

সেনাপতি জিলাৰ ৬৬.৪৩% মাটি অৰণ্য আৰু ২০% কৃষিভূমি৷ এই জিলাত উৎপাদন কৰা মূল শস্যবোৰ হৈছে ধান, গোমধান, আলু (পাচলি), বন্ধাকবি আৰু মাহজাতীয় শস্য৷ জিলাখনৰ অধইকাংশ লোকেই কৃষক৷

নতুন কাৰং
নতুন কাৰংছবি: Houruoha · CC BY-SA 3.0

জনসংখ্যা

২০১১ চনৰ লোকপিয়ল অনুসৰি সেনাপতি জিলাৰ মুঠ জনসংখ্যা ৪,৭৯,১৪৮ জন৷২ ভাৰতৰ মুঠ ৬৪০ খন জিলাৰ ভিতৰত জনসংখ্যাৰ ফালৰ পৰা এই জিলাৰ স্থান ৫৬৫৷২ জিলাখনৰ জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ১০৯ জন৷২ ২০০১-২০১১ দশকত জিলাখনৰ জনসংখ্যা বৃদ্ধিৰ হাৰ ২৫.১৬% ২ সেনাপতি জিলাৰ প্ৰতি ১০০০ গৰাকী পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৯৩৯ গৰাকী২ আৰু সাক্ষৰতাৰ হাৰ ৭৫%৷২

সেনাপতি জিলাৰ অধিবাসীসকল মূলত মাও নগা (Mao Naga), Maram, Poumai, Thangal, Zemai, Liangmai, Rongmei(Kabui), Tangkhul, Meetei, Thadou, নেপালী, Vaiphei, Chothe, Chiru, Maring আদি জনজাতিৰ লোক৷

ভাষা

এই জিলাত প্ৰচলিত মূল ভাষাসমূহ হৈছে:

  • মাও (Mao) ভাষা
  • পওমাই (Poumai) ভাষা
  • ৰংমেই (Rongmei) ভাষা
  • জেমি (Zeme) ভাষা
  • Lianglad
    • জেমি ভাষা
    • Maram ভাষা
    • Khoirao ভাষা
    • Mzieme ভাষা
    • Inpui ভাষা
  • আংগামী পশ্চুৰী (Angami–Pochuri) ভাষা
    • Chokri ভাষা

সংস্কৃতি

উৎসৱ

সেনাপতি জিলাত পালন কৰা প্ৰধান উৎসৱসমূহ হৈছে:

  • Chaga Ngee:এই উৎসৱ ৩০ অক্টোবৰৰ দিনা লিয়াংমাই জনজাতি (liangmai tribe) ৰ লোকসকলে পালন কৰে৷
  • Thounii: এই উৎসৱ পওমাই নগা (Poumai Naga) জনজাতিৰ লোকসকলে ৫ জানুৱাৰীৰ দিনা পালন কৰে৷
  • Laonii: এই উৎসৱো পওমাই নগাসকলৰ কৃষিৰ লগত জড়িত উৎসৱ৷ সাধাৰণতে জুলাই মাহৰ শেষৰফালে এই উৎসৱ পালন কৰা হয়৷
  • Chiithuni: এই উৎসৱ ডিচেম্বৰ মাহত মাও নগা (Mao Naga) সকলে ছদিনীয়াকৈ উদযাপন কৰে৷
  • Saleni: এই উৎসৱ কৃষিৰ লগত জড়িত৷ জুলাই মাহত ধান ৰোৱাৰ সময়ত মাও নগাসকলে এই উৎসৱ উদযাপন কৰে৷
  • Ponghi: মাৰাম নগা (Maram Naga) লোকসকলে জুলাই মাহত ধান ৰোৱাৰ সময়ত সাতদিনীয়াকৈ এই উৎসৱ পালন কৰে৷
  • Kanghi: এই উৎসৱ মাৰাম নগাসকলে ডিচেম্বৰ মাহত সাতদিন পৰ্যন্ত উদযাপন কৰে৷ পৰম্পৰাগত মল্লযুঁজ এই উৎসৱৰ এক অন্যতম অংগ৷

পৰ্য্যটন

The stick took root and sprouted into a Wild Pear Tree and was called "Khyataobii" at Makhel
The stick took root and sprouted into a Wild Pear Tree and was called "Khyataobii" at Makhelছবি: Ephrii Piku · Public domain
  • কওব্ৰু পৰ্বত (Koubru Mountain): এই পৰ্বত মণিপুৰৰ সৰ্বোচ্চ উচ্চতাৰ পৰ্বত৷ এই পৰ্বত মেইটেই লোকসকলৰ জনবিশ্বাসত আৰাধ্য দেবতা "Koubru" ৰ উপাসনাৰ স্থল৷ এই পৰ্বতত ভালেসংখ্যক গুহা আছে৷
  • কওব্ৰু লাইখা (Koubru Laikha)': কওব্ৰু লাইখা মণিপুৰৰ এটা বিখ্যাত শিব মন্দিৰ৷ এই মন্দিৰটো ইম্ফল নদীৰ পাৰত অৱস্থিত৷ শিৱৰাত্ৰিৰ দিনা এই মন্দিৰত অসংখ্য লোকৰ সমাগম হয়৷
  • কংপকপি (Kangpokpi): সেনাপতি জিলাৰ দ্বিতীয় বৃহৎ নগৰ৷ মূল অধিবাসী থাদও কুকী জনজাতিয় লোকসকল৷
  • মাও দ্বাৰ (Mao Gate): মণিপুৰ-নাগালেণ্ড সীমান্তত অৱস্থিত এক পাহাৰীয়া ঠাই৷

তথ্যসূত্ৰ

  1. ↑ Office of the Registrar General of India
  2. ↑ (2011). District Census 2011. Census2011.co.in

সম্পৰ্কিত শ্ৰেণী

মণিপুৰৰ জিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সেনাপতি জিলা” প্ৰবন্ধৰ সংশোধন ৩৯৫৩৯৮ (৭ ডিচেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।