অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

টিপাম

টিপাম বা তিপাম অসমৰ ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া মহকুমাৰ টিপাম ফাকিয়াল গাঁও পঞ্চায়তৰ এখন ঐতিহাসিক গাঁও। ডিন বুৰঞ্জীৰ মতে টিপামক অসম ৰাজ্য বা মুং দুন চুন খামৰৰ দ্বিতীয় ৰাজধানী। ঐতিহাসিকভাৱে টিপামৰ নাম ১২২৮ খ্ৰীষ্টাব্দৰ পৰাই লিপিবদ্ধ হৈ আছে।

হালনাগাদ: ১৬ মে’ ২০২৩ ১৮২ শব্দ · ১ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

টিপাম বা তিপাম অসমৰ ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া মহকুমাৰ টিপাম ফাকিয়াল গাঁও পঞ্চায়তৰ এখন ঐতিহাসিক গাঁও। ডিন বুৰঞ্জীৰ মতে টিপামক অসম ৰাজ্য বা মুং দুন চুন খামৰৰ দ্বিতীয় ৰাজধানী। ঐতিহাসিকভাৱে টিপামৰ নাম ১২২৮ খ্ৰীষ্টাব্দৰ পৰাই লিপিবদ্ধ হৈ আছে। আহোম বুৰঞ্জী অনুসৰি স্বৰ্গদেউ চাওল্যুং চুকাফাই চীনৰ দেহং দাই (পূব মুঙ মাও) ত্যাগ কৰি এখন নতুন ৰাজ্যৰ সপোন বুকুত বান্ধি ১৫ বছৰ কাল বিভিন্ন ঠাই ঘূৰি ফুৰিছিল। তাৰ পাছত পৰ্বত পাৰ হৈ বুঢ়ীদিহিঙৰ উত্তৰ পাৰৰ টিপাম দেওশালী পাহাৰৰ সুউচ্চ টিলা চকমকত উপস্থিত হৈ তিনি বছৰ কাল টিপামত আছিল।

ইতিহাস

মধ্যযুগীয় বৰ অসমৰ প্ৰথমজন চাওফা তথা টাই ৰাজ্য মৌঙ মাওৰ চাং বংশীয় চ্যু ফৈদৰ ৰাজকোঁৱৰ চ্যু-কা-ফা১ আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল। মং মাও২ৰ শান ৰাজকুমাৰ চুকাফাই পাটকাই পাৰ হৈ আহি ১২২৮ খ্ৰীষ্টাব্দৰ আঘোণ মাহৰ ১৬ অৰ্থাৎ ২ ডিচেম্বৰ তাৰিখে চুকাফাই সৌমাৰপীঠৰ টিপামত বুঢ়ীদিহিঙেৰে উজাই আহি উপস্থিত হয় আৰু ইয়াতেই তেওঁ নতুন এখন স্বাধীন ৰাষ্ট্ৰৰ সোপান ৰচনা কৰিছিল। তেওঁ ইয়াত তিনিবছৰ কাল কটাই দিহিং নৈৰ বানপানীয়ে আমনি কৰাত অভয়াপুৰলৈ ভটিয়াই গৈছিল।

জন গাঁথনি

গাঁৱৰ মুঠ ভৌগোলিক মাটিকালি হৈছে ১৮৬.৬৪৮ হেক্টৰ। টিপাম গাঁৱৰ মুঠ জনসংখ্যা ৭৮৭ জন। ইয়াৰে পুৰুষ ৪০৪জন আৰু মহিলা ৩৮৩ গৰাকী। টিপাম গাঁৱত প্ৰায় ১৩২টা ঘৰ আছে।

তথ্যসূত্ৰ

  1. ↑ Chaolung Sukaphaa. Assam info.com
  2. ↑ সংক্ষিপ্ত অসমীয়া বিশ্বকোষ (প্ৰথম খণ্ড), শান্তনু কৌশিক বৰুৱাৰ মতে "ত্ৰয়োদশ শতিকাৰ আগভাগতে চুকাফাই উজনি চীনদেশৰ দেহং ডাই চিপচংপাননা আৰু ৰুইলিৰ মৌঙ মাও ৰাজ্যৰ পৰা আহি ডয় পাটকাই পৰ্বতত উপস্থিত হৈছিলহি। "

সম্পৰ্কিত শ্ৰেণী

অসমৰ গাঁওডিব্ৰুগড় জিলাআহোম ৰাজ্যৰ ৰাজধানীআহোম ৰাজ্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টিপাম” প্ৰবন্ধৰ সংশোধন ৩৬৫৯০১ (১৬ মে’ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।