লীলাবাৰী বিমানবন্দৰ ভাৰতৰ অৰুণাচল প্ৰদেশৰ নিকটবৰ্তী অসম ৰাজ্যৰ লখিমপুৰ জিলাত অৱস্থিত এটি আন্তৰাজ্যিক বিমানবন্দৰ। এই বিমনন্দৰৰ দ্বাৰা অসম আৰু অৰুণাচল প্ৰদেশ ৰাজ্যলৈ বিমানসেৱা উপলব্ধ হয়। বিমান বন্দৰটো উত্তৰ লখিমপুৰ নগৰৰ পৰা ৭ কিলোমিটাৰ দূৰৈত অৱস্থিত। অৰুণাচল প্ৰদেশত বৰ্তমান পৰিচালনত থকা কোনো বিমানবন্দৰ নাই, ৰাজ্যখন কেৱল অসম স্থিত বিমনবন্দৰসমূহৰ ওপৰত নিৰ্ভৰশীল। এই বিমানবন্দৰটোৰ পৰা প্ৰায় ২৮ লাখ বৰ্গ নটিকেল মাইলৰ বায়ুক্ষেত্ৰৰ সঞ্চালন নিয়ন্ত্ৰিত হয়।১
অৱস্থিতি
লীলাবাৰী বিমানবন্দৰৰ ভৌগোলিক স্থানাংক হৈছে। বিমান বন্দৰটো উত্তৰ লখিমপুৰ নগৰৰ পৰা ৭ কিলোমিটাৰ দূৰৈত অৱস্থিত। অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰৰ পৰা নিকটতম বিমানবন্দৰ (৫৭ কিমি) হৈছে লীলাবাৰী। অসমৰ বিমনবন্দৰসমূহৰ ভিতৰত লীলাবাৰী বিমানবন্দৰ অৰুণাচল প্ৰদেশৰ পৰা আটাইতকৈ ওচৰত। অৰুণাচলৰ বিমানবন্দৰসমূহত বৰ্তমান কোনো বাণিজ্যিক বিমান প্ৰচলন নহয়। সেয়ে ৰাজ্যখন কেৱল অসম স্থিত বিমনবন্দৰসমূহৰ ওপৰত নিৰ্ভৰশীল। বিমানবন্দৰটোৰ অন্য নিকটবৰ্তী বিমানবন্দৰসমূহ হৈছে জিৰো (৪০ কিমি), যোৰহাট (৬৩ কিমি), ডপৰিজো (৭৯ কিমি), ডিব্ৰুগড় (৯৪ কিমি) আদি।
উড্ডায়ন পথ আৰু সুবিধাসমূহ
বিমানবন্দৰটোৰ একমাত্ৰ উড্ডায়ন পথ (ৰানৱে)-টোৰ দৈৰ্ঘ্য ৭৫০০ ফুট (২২৮৬ মিটাৰ) আৰু ই সাগৰ পৃষ্ঠৰ পৰা ৩৩৩ ফুট (১০১.৫ মিটাৰ) উচ্চতাত অৱস্থিত।২ বিমানবন্দৰটোত যিকোনো বতৰৰ পৰিস্থিতিতে এয়াৰবাছ-৩২০ অৱতাৰণৰ সুবিধা উপলব্ধ আছে।
লীলাবাৰীত মাত্ৰ এটাই আন্তৰাজ্যিক টাৰ্মিনেল আছে। এই টাৰ্মিনেলত বেগেজ ট্ৰলী, জিৰণী গ্ৰহণৰ সুবিধা, খোৱা পানী, টেক্সী সেৱা, গ্ৰাহক সুবিধা/সহায়তা তথা সূচনা কেন্দ্ৰ, দূৰভাষ কাউণ্টাৰ, অল্পাহাৰৰ সুবিধা আদি আছে।৩ এই বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱনৰ উদ্ঘাটন লেফ্টেনেণ্ট জেনেৰেল এচ. কে. সিনহা, অসমৰ তৎকালিন ৰাজ্যপাল আৰু উত্তৰ-পূব পৰিষদৰ তৎকালিন অধ্যক্ষ কৰ কমলৰ দ্বাৰা কৰা হৈছিল। এই বিমানবন্দৰটোৰ মুঠ মাটিকালী ২২০.৬১ একৰ, যাৰ ৬২২৫ বৰ্গ মিটাৰ অঞ্চল ধৰি টাৰ্মিনেল ভৱনটো অৱস্থিত। ভৱনটোৰ ২৮২৩ বৰ্গ মিটাৰ অঞ্চল হৈছে প্ৰস্থান লাউঞ্জ আৰু ৯৬৬ বৰ্গ মিটাৰ অঞ্চল হৈছে আগমন লাউঞ্জ। এই ভৱনটোত যাত্ৰী ক্ষমতা ৪০০ জন আৰু নিৰ্মাণৰ মুঠ ব্যয় আছিল ৮.৪৫ কোটি টকা।১৪ এপ্ৰণ ক্ষেত্ৰৰ আকাৰ ৩৫০x২৫০ ফুট।
বহিঃসংযোগ
- Lilabari Airport, Lakhimpur - Wikimapia
তথ্যসূত্ৰ
- ↑ লীলাবাৰী এয়াৰপৰ্ট - এন.আই.চি
- ↑ Lilabari - North Lakhimpur Airport (IXI)
- ↑ Lilabari-Airport -ekikrat.in
- ↑ Information about Lilabari Airport at lakhimpur.nic.in
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লীলাবাৰী বিমানবন্দৰ” প্ৰবন্ধৰ সংশোধন ৪৩৩৭৭১ (২৭ ছেপ্তেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।