নকছাৰি যোৰহাট জিলাৰ দক্ষিণ-পূব প্ৰান্তত নগাপাহাৰৰ পাদদেশত অৱস্থিত এক অঞ্চল। গ্ৰাম্যপ্ৰধান এই ঠাইখন তিতাবৰ মহকুমা মহকুমাৰ অন্তৰ্গত। ১০১ নং মৰিয়নী বিধান সভা সমষ্টি তথা ১৪ নং যোৰহাট লোকসভা সমষ্টিৰ এই অঞ্চলটো মৰিয়নি আৰক্ষী থানাৰ অন্তৰ্ভুক্ত। নকছাৰিৰ ডাক সূচাংক হ'ল ৭৮৫৬৩৫।
ইতিহাস
নামৰ উৎপত্তি
নকছাৰিৰ পুৰণি নাম তৰাতলী। তৰাতলীৰ পৰা নামটো পৰিৱৰ্তন ঘটি নকছাৰি হোৱাৰ অন্তৰালত দুটিমান ঐতিহাসিক প্ৰবাদ পোৱা যায়। প্ৰচলিত প্ৰবাদ মতে আহোম স্বৰ্গদেৱ গদাধৰ সিংহৰ ৰাজত্ব কালত দিখৌ নৈৰ কাষৰ পৰা কেইঘৰ মান কছাৰী লোক আনি তৰাতলীৰ টীয়ক নৈৰ পাৰত বহুৱাইছিল। এই কছাৰী লোকসকলক নতুনকৈ ইয়াত সংস্থাপিত কৰাত তেওঁলোকক বা তেওঁলোকে বাস কৰা ঠাইখনক নকছাৰী (নকছাৰি) বুলি কোৱা হৈছিল।
অন্য এক জনশ্ৰুতিমতে ব্ৰিটিছসকলে চাহবাগান খোলা আৰু ৰেলপথ নিৰ্মাণৰ উদ্দেশ্যে কেইঘৰমান কছাৰীলোকক আনি এই তৰাতলীত সংস্থাপিত কৰিছিল। কছাৰীলোকসকলক নতুনকৈ অহা বাবে স্থানীয় লোকসকলে তেওঁলোকক নকছাৰী (নকছাৰি) বা নতুনকৈ অহা কছাৰী বুলিছিল। লাহে লাহে এই সমগ্ৰ অঞ্চলটোৰ নাম নকছাৰিলৈ ৰূপান্তৰ ঘটিল।
আন এক প্ৰবাদ মতে, তৰাতলীৰ আন এখন গাঁও ‘এৰাগাঁৱত’ কাকজান নৈৰ ওচৰত স্থানীয় লোকসকলে এটা ডাঙৰ ভেটা মাৰি মাছ ধৰিছিল, যাৰ নাম বৰভেটা আছিল। এই ভেটাৰ পানী পৰি এটা ডাঙৰ ডুবিৰ সৃষ্টি হৈছিল আৰু ইয়াক বৰডুবি বুলি কোৱা হৈছিল। অঞ্চলটোত ৰাস্তা-ঘাটৰ সুচল ব্যৱস্থা নথকাত সেই ডুবিৰ ওপৰেদি মানুহ অহা-যোৱা কৰিছিল। নগাচাঙৰ নগালোকসকলে হাট-বজাৰ কৰিবলৈ সেই ‘বৰভেটা’ৰ ওপৰেদি ভৈয়ামলৈ অহা-যোৱা কৰিছিল আৰু ভৈয়ামৰ পৰা অন্যান্য সামগ্ৰীৰ লগতে গৰু-গাইও আদিও কিনি লৈ গৈছিল। এনেদৰে গৰু-গাই নিয়াৰ ফলত ভেটাটো দুৰ্বল হৈ পৰিছিল আৰু স্থানীয় লোকসকলে ভেটাটোৰ ওপৰেদি গৰু-গাই নিয়াত বাধা আৰোপ কৰিছিল। এদিন এহাল নগালোকে ভেটাটোৰ ওপৰেদি আহোঁতে স্থানীয়লোকসকলে বাধা দিওঁতে থৈয়া-নথৈয়া ঘটিল। তেনে অৱস্থাতে অকস্মাতে নগালোকজনৰ ডুবিত পৰি মৃত্যু হ’ল আৰু নাগিনীজনীয়ে নগাচাঙলে গৈ সেই কথা ক’লেগৈ। ইয়াৰ পাছতে স্থানীয় লোকসকলৰ লগত নগাৰ গভীৰ সংঘাত হ’ল। এই কাজিয়া নিষ্পত্তিৰ বাবে ব্ৰিটিছ চাহাবসকলে ইয়াতে এখন অস্থায়ীভাৱে কছাৰি পাতিছিল। সেই অনুসৰিয়ে এই ঠাইখনৰ নাম তৰাতলীৰ পৰা নকছাৰিলৈ ৰূপান্তৰ হ’ল।১
বুৰঞ্জীৰ পাতত
তৰাতলি, নকছাৰি অঞ্চলৰ পুৰণি নাম। জানিব পৰা মতে ইয়াত এসময়ত বহুতো তৰাগছ আছিল। ইতিহাসৰ পাত লুটিয়ালে পোৱা যায় যে চ্যু-পাত-ফা পলাই ফুৰোঁতে ইয়াৰে কোঁৱৰপৰীয়া মৰাণ গাঁৱৰ মানুহ এঘৰে বোলে তৰাৰ গজালি ৰান্ধি ভাত খুৱাইছিল। সেই কিংবদন্তি অনুসৰি এই ঠাইখনৰ নাম তৰাতলি হিচাপে বুৰঞ্জীৰ পাতত অন্তৰ্ভুক্ত হ’ল।
ভৌগোলিক বিৱৰণ
ভৌগোলিকভাৱে নকছাৰি 26.70°N 94.45°E ত অৱস্থিত। এই ঠাইখন মৰিয়নি ৰে'লৱে জংচনৰ পৰা ১০ কিমি দুৰত্বত অৱস্থিত। ই নাগালেণ্ডৰ সীমান্তবৰ্ত্তী অঞ্চল।
আন্তঃগাঁথনি
২০১১ চনৰ লোকপিয়ল অনুসৰি নকছাৰিৰ জনসংখ্যা ১০৯৮ জন। তাৰ ৫৬৩জন পুৰুষ আৰু ৫৩৫ গৰাকী মহিলা অৰ্থাৎ লিংগ অনুপাত ৯৫০, য'ত অসমৰ গড় লিংগ অনুপাত ৯৫৮। নকছাৰিৰ ০-৬ বছৰৰ শিশু শতাংশ ১৩.৫৭ %, অৰ্থাৎ ১৪৯ জন। শিশু লিংগ অনুপাত ৮৬৩, যি অসমৰ গড় লিংগ অনুপাত ৯৬২ তকৈ কম। অসমৰ গড় শৈক্ষিকতাৰ হাৰ ৭২.১৯% ৰ বিপৰীতে নকছাৰিৰ শৈক্ষিকতাৰ হাৰ ৭৩.৪৫%। ইয়াৰ পুৰুষৰ শৈক্ষিকতাৰ হাৰ ৭৮. ২৬% আৰু মহিলাৰ শৈক্ষিকতাৰ হাৰ ৬৮.৪৫%।২
যাতায়াত ব্যৱস্থা
এই ঠাইখন বুৰঞ্জীপ্ৰসিদ্ধ ধোদৰ আলিৰে সংযোগ হৈ আছে। যাতায়াতৰ ব্যৱস্থা হিচাপে ইয়ালৈ মৰিয়নিৰ পৰা বিভিন্ন সৰু-ডাঙৰ বাহন চলি থাকে আৰু এটি ৰেলৱে ষ্টেশ্যন আছে। তদুপৰি নকছাৰিৰ কেন্দ্ৰীয় অঞ্চলৰ পৰা মৰিয়নি ৰেলৱে জংচন প্ৰায় ১০ কি.মি. দূৰত। ইয়াৰ নিকটতম বিমানবন্দৰ হৈছে যোৰহাট বিমানবন্দৰ,যি যোৰহাট চহৰৰ সমীপৱৰ্তী ৰৰৈয়াত অৱস্থিত। কাষৰীয়া উল্লেখনীয় ঠাই টীয়ক, চেলেংহাট, লাহদৈগড় আদিৰ সৈতে নকছাৰিৰ পৰা যোগাযোগৰ সু-ব্যৱস্থা আছে |
জনবসতিৰ জীৱিকা
ইয়াৰ লোকসকলৰ মুখ্য জীৱিকা কৃষি। মুখ্যত প্ৰাক-স্বাধীনতা যুগৰ পৰা চলি থকা চাহ বাগিছাবোৰ ইয়াৰ অন্যতম প্ৰধান উদ্যোগ। চৰকাৰী জীৱিকাৰ উপৰিও ইয়াৰ লোকসকলে বিভিন্ন ধৰণৰ উদ্যোগী পথ হাতত লৈছে। ইয়াতে ভেলেউগুৰি ৰতনপুৰ গাঁৱত বহুটো ইটা উদ্যোগ গঢ়ি উঠিছে।
উল্লেখযোগ্য ঠাই
- মৰঙীয়াল পাহাৰ
- দিছৈ সংৰক্ষিত বনাঞ্চল
- গাভৰু পাহাৰ
ৰাজনীতি
নকছাৰি অঞ্চলটো ১০১ নং মৰিয়নী বিধান সভা সমষ্টি তথা ১৪ নং যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত।
শিক্ষা
নকছাৰি অঞ্চলত বহুতো শিক্ষানুষ্ঠানে শিক্ষাৰ ক্ষেত্ৰত অৱদান আগবঢ়াইছে। বহুকেইখন বিদ্যালয় আৰু এখন মহাবিদ্যালয়ে অঞ্চলটোৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়াইছে। অঞ্চলটোৰ শিক্ষানুষ্ঠান সমূহ হ'ল -
বিদ্যালয়সমূহ
- নকছাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়
- নকছাৰি জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়
- মডেল ইংলিছ হাই স্কুল
- নকছাৰি জাতীয় বিদ্যালয়
- ভেলেউগুৰি আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়
- পূব নকছাৰি উচ্চ মাধ্যমিক বিদ্যালয়
- নকছাৰি বালিকা উচ্চ মাধ্যমিক বিদ্যালয়
- ভেলেউগুৰি মধ্য ইংৰাজী বিদ্যালয়
- নৱজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়
- নৱজ্যোতি মধ্য ইংৰাজী বিদ্যালয়
- শংকৰদেৱ শিশু নিকেতন, নকছাৰি
- ডিচৈ ভেলী একাডেমী
- জ্ঞানজ্যোতি জাতীয় বিদ্যালয়
- অলিভ ওদ স্কুল
- আৰু বহুতো
মহাবিদ্যালয়সমূহ
উল্লেখযোগ্য ব্যক্তি
- ললিত চন্দ্ৰ বৰপূজাৰী (বিশিষ্ট শিক্ষাবিদ, নকছাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ) .
- স্বৰ্গীয় ভৱকৃষ্ণ গোস্বামী (শ্ৰীশ্ৰীবৰএলেঙ্গী সত্ৰৰ সত্ৰাধিকাৰ,বিশিষ্ট সত্ৰীয়া সাধক,অসম চৰকাৰৰ শিল্পী পেঞ্চনাৰ,প্ৰাক্তন শিক্ষক)
- পৱন ফুকন, বিশিষ্ট অভিনেতা
- পৱন আগৰৱালা, বিশিষ্ট ব্যৱসায়ী, ডাটামেচন গ্ৰুপৰ স্বত্বাধিকাৰী
- উজ্জ্বল পাওগাম, বিশিষ্ট কবি
- ৰূপম চেতিয়া, যুৱ অভিনেতা
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নকছাৰি” প্ৰবন্ধৰ সংশোধন ৫৬৭৩৮৭ (২ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।