মাখিবাহা (Makhibaha) অসমৰ নলবাৰী জিলাৰ টিহু ৰাজহ চক্ৰ আৰু টিহু উন্নয়ন খণ্ডৰ অন্তৰ্গত এখন গাঁও।১২ গাঁওখনত চুবুৰীৰ সংখ্যা ২১ টা। গাওঁখনৰ জনসংখ্যা প্ৰায় ১৫,০০০। শিক্ষিতৰ হাৰ ৯০ শতাংশ। মাটিকালি প্ৰায় ২,২৪৩ বিঘা ১ কঠা ১৬ ১/২ লেচা। অতীতত এই অঞ্চলত অসংখ্য মৌ-মাখিৰ বাঁহ আছিল বাবে ঠাইখনৰ নাম মাখিবাহা হৈছিল।
ভৌগোলিক অৱস্থান
মাখিবাহা ২৬·৪৪° উত্তৰ অক্ষাংশ আৰু ৯১·৪৪° পূব দ্ৰাঘিমাংশত অৱস্থিত।৩গুৱাহাটীৰ পৰা ৯২ কিলোমিটাৰ, নলবাৰীৰ পৰা ২০ কিলোমিটাৰ, আৰু টিহু নগৰৰ পৰা ৩ কিলোমিটাৰ দূৰত মাখিবাহা গাঁও অৱস্থিত।
চাৰিসীমা
- উত্তৰে টিহু
- পূৱে হাৰিভাংগা গাঁও
- দক্ষিণে ভোজকুছি গাঁও
- পশ্চিমে কঁঠালমূঢ়া গাঁও
অৰ্থনীতি
গাঁওখনৰ এচাম লোক কৃষি কাৰ্যৰ লগত জড়িত যদিও চৰকাৰী-বেচৰকাৰী চাকৰি, ব্যৱসায়, ক্ষুদ্ৰ উদ্যোগ ইত্যাদিত এই গাঁৱৰ অধিকাংশ লোকেই জড়িত। বিভিন্ন ক্ষেত্ৰৰ আত্মসহায়ক গোটসমূহেও মাখিবাহা গাঁৱৰ অৰ্থনৈতিক বুনিয়াদী সবলীকৰণত অৰিহনা যোগাইছে।
যাতায়াত ব্যৱস্থা
স্থলপথ
- গুৱাহাটীৰ পৰা হাজো-নলবাৰী হৈ চামতা আৰু সাহপুৰ আৰু হাৰিভাঙাৰ মাজেৰে গড়কাপ্টানী পকী পথ।
- গুৱাহাটীৰ পৰা হাজো-নলবাৰী হৈ মোহন বজাৰ, কৈঠালকুছি, হাৰিভাঙাৰ মাজেৰে গড়কাপ্টানী পকী পথ।
- গুৱাহাটিৰ পৰা বাইহাটা-ৰঙিয়া হৈ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে টিহু চ’কলৈ আৰু টিহুৰ চ’কৰ পৰা টিহু নগৰৰ মাজেৰে গড়্কাপ্টানী পকী পথ।
ৰেল সেৱা
মাখিবাহা গাঁৱৰ নিকটৱৰ্তী ৰেল ষ্টেচন হৈছে টিহু। দূৰত্ব প্ৰায় ৩ কিলোমিটাৰ।
উৎসৱ
টাই-আহোম জনগোষ্ঠীৰ ৰাজত্বকালৰ পৰা সংস্কৃতিৰ পথাৰখন শুৱনি কৰা ভালেখিনি সমল মাখিবাহাত মজুত থকাৰ তথ্য পোৱা যায়। অসমীয়া সমাজত প্ৰচলিত বিভিন্ন ধৰ্মীয় আৰু পৰম্পৰাগতভাৱে চলি অহা অনুষ্ঠান এই গাঁৱত এতিয়াও উলহ-মালহেৰে উদযাপন কৰা হয়। ইয়াৰ ভিতৰত বিহু, ভঠেলী, বুদ্ধ পূৰ্ণিমা, দূৰ্গাপূজা, লক্ষীপূজা, কালী-পূজা, ভেকুলী বিয়া, জন্মাষ্টমী, মহাপুৰুষৰ জন্ম আৰু তিৰোভাৱ তিথি, নন্দোৎসৱ, পচঁতি, মনসাপূজা, শশীৰাতি, দেৱালী, মোহোহো, কাতি মহীয়া নাম, সৰস্বতী পূজা, দেউল, সভা আদি উল্লেখযোগ্য।
মাখিবাহা গাঁৱত ভাইৰা, ওজাপালি, বায়ন, পুতলা নাচ, থিয়নাম, নাগাৰানাম, সংকীৰ্ত্তন, নাট্যকলা আদি কলাতো এই গাঁৱৰ এক সুকীয়া পৰিচয় আছে। ঢুলীয়া আৰু কালীয়া পৰিবেশ্য কলাৰ দল যদিও আজি মাখিবাহাত নাই, তথাপি এই দিশবোৰৰ লগত এসময়ত মাখিবাহাৰ এচাম ব্যক্তি ড়িত থকাৰ ইতিহাস আছে।
শিল্পকলা
চিত্ৰাঙ্কন, ভাস্কৰ্য্য কলা আদিত মাখিবাহাৰ শিল্পিসকলে নিজৰ পাৰদৰ্শিতা জগতৰ সম্মুখত দাঙি ধৰিবলৈ সক্ষম হৈছিল। মাখিবাহাৰ পণ্ডিতে সাচিঁপাত লিখিছিল। মাখিবাহাৰ জ্যোতিষীয়ে অংকন কৰা দৃষ্টিনন্দন সোঁৱৰণীয়ে আজিও সকলোকে অভিভূত কৰে। মৃন্ময় আৰু কুহিলা শিল্পৰ অপূৰ্ব সৃশটিৰে মাখিবাহাৰ চিত্ৰশিল্পী আদ্য শৰ্মা, ভূতনাথ শৰ্মা, গংগা হালৈ, কল্প হালৈ, মণিকান্ত শৰ্মাই মাখিবাহাৰ গৌৰৱ কঢ়িয়াইছে। মাখিবাহাৰ পুতলা নাচ শিল্পৰ দ্বাৰা নাৰায়ণ ডেকা, লংকেশ্বৰ বৰ্মন, ধীৰেন ঠাকুৰীয়াই বিশ্বৰ দৰবাৰলৈ মাখিবাহাৰ নাম কঢ়িয়াই আনিছে। মাখিবাহা গাঁৱৰ স্বৰ্ণশিল্পী সকলে নিপুণ শিল্পী প্ৰাণৰ পৰিচয় দি আহিছে। এই গাঁৱৰ শিপিনীসকলে তাঁতত বোৱা ফুলাম অসমৰ গামোচা, মেখেলা-চাদৰ আৰু বিভিন্ন বস্ত্ৰই দেশৰ তথা বিদেশৰ পৰা সুনাম কঢ়িৱাবলৈ সক্ষম হৈছে।
নৱজাগৰণৰ তাত্ত্বক জ্ঞান নাথাকিলেও সুদূৰ অতীততে মাখিবাহাত ধূপকাঠীৰ উদ্যোগ, ৰাহ উদ্যোগ, গৰুগাড়ীৰ চকা বনোৱা উদ্যোগ, আদিয়ে সাৰ পাই উঠিছিল।
ক্ৰীড়া
মাখিবাহা গাঁও ক্ৰীড়াৰ ৰণাংগন। এই অঞ্চলৰ প্ৰয়াত তৰুণ দত্ত সমগ্ৰ টিহু অঞ্চলৰ এজন সুদক্ষ খেলুৱৈ আছিল। ঠিক তেনেদৰে সতীশ হালৈ, ৰণজিৎ শৰ্মা, পবিন দত্ত, মহেশ শৰ্মা আদি খেলুৱৈসলে মাখিবাহাৰ ক্ৰীড়াক্ষেত্ৰখন উজলাই ৰাখিছিল।প্ৰতিবছৰে তৰুণ দত্তৰ নামত চলন্ত ফুটবল খেল অনুস্থিত কৰা হয় ৷ এই ফুটবল খেল ইতিমধ্যে সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰিছে ৷
সাহিত্য-সংস্কৃতি
ওঠৰ শতিকাতে মাখিবাহাৰ সু-সন্তান লক্ষ্মীনাৰায়ণ চৌধুৰীয়ে ‘গুৰু মোকে দয়া নাচাৰিবা’ লোকগীত ৰচনা কৰি মাখিবাহাৰ সুকুমাৰ কলাৰ যুগমীয়া চানেকী সৃষ্টি কৰিছল। অসমৰ সংস্কৃতিৰ পথাৰখনৰ প্ৰখ্যাত সংগীত শিল্পী কমল নাৰায়ণ চৌধুৰী মাখিবাহাৰ গৌৰৱ। ২০১২ ইংৰাজী চনত ডিৱাই ৩৬৫ টি ভি চেনেলে চলোৱা এক সমীক্ষাত বিগত ১০০ বছৰৰ ১০ টা অসমীয়া শ্ৰেষ্ঠ গীতৰ ভিতৰত কমল নাৰায়ণ চৌধুৰীয়ে কণ্ঠদান কৰা ‘পৰজনমত শুভ লগনত’ গীতটোও অন্তৰ্ভূক্ত হৈছে। নমিতা ভট্টাচাৰ্য, যুগব্ৰতা দত্ত, বন্দনা দত্ত মাখিবাহা গাঁৱলৈ গৌৰৱ কঢ়িয়াই অনা একো একোগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী। মাখিবাহা নিবাসী প্ৰয়াত শিবেন্দ্ৰ মোহন শৰ্মা আছিল এই অঞ্চলৰ এগৰাকী বিশিষ্ট সংগীত সাধক।
নাট্য কলাটো মাখিবাহাৰ এক সুকীয়া পৰিচয় আছে। চলচিত্ৰ, অনাতাঁৰ, দূৰদৰ্শন আৰু মঞ্চ জগতৰ বলিশট অভিনেতা তথা নাট পৰিচালক হেম ভট্টাচাৰ্য্য, গুৰুজী শীবেন্দ্ৰ মোহন শৰ্মা আদিৰ লগত নাট্যকলাত উৎসাহী এচাম ব্যক্তিয়ে মাখিবাহাৰ নাট্যকলাক এক নতুন ৰূপ প্ৰদান ক্ৰিছে। মকুন্দ থিয়েটাৰ, জয় জোৱান জয় কিশাণ যাত্ৰা পাৰ্টী, গোপীনাথ নাট্য সমাজ আদিয়ে নাট্য সমাজত এক সুকীয়া স্থান দখল কৰিছে। শশী ভট্ট, থানেশ্বৰ শৰ্মা, অতুল ভট্টাচাৰ্য্য, মকুল শৰ্মা, নৱ কুমাৰ শৰ্মা, গোপাল শৰ্মা আদি আজন্ম নাট্য শিল্পীসকলে বিভিন্ন দিশত মাখিবাহা অঞ্চলৰ নাট্যআন্দোলনৰ গুৰি বঠা ধৰি আহিছে।
শিক্ষা
আনুমানিক পোন্ধৰ শতিকাতেই মাখিবাহাত শৈক্ষিক পৰিৱেশ সৃষ্টি হোৱাৰ প্ৰমাণ পোৱা যায়। পোন্ধৰ শতিকাতে আৰম্ভ হোৱা শৈক্ষিক পৰিৱেশৰ আলোকেৰে আলোকিত এই অঞ্চলটোৱে আজিও শৈক্ষিক জগতত জয়যাত্ৰা অব্যহত ৰাখিছে। গৌৰ্ৱোজ্জল শৈক্ষিক ইতিহাসে এই অঞ্চলৰ বৌদ্ধিক উত্তৰণৰ পথ প্ৰশস্ত কৰি তোলাত সহায়ক হৈছে।
শিক্ষানুষ্ঠান
বৰ্তমান মাখিবাহা গাঁৱত ১৫ খন প্ৰাথমিক বিদ্যালয়, বিজ্ঞান আৰু কলা শাখা থকা এখন উচতৰ মাধ্যমিক বিদ্যালয় (মাখিবাহা উচ্চতৰ মাধ্যমিক বিদ্যালয়), এখন বালিকা উচ্চ মাধ্যমিক বিদ্যালয়, এখন অমনজুৰীপ্ৰাপ্ত উচ্চ মাধ্যমিক বিদ্যালয়, সৰ্বভাৰতীয় শিক্ষা সংস্থা বিদ্যাভাৰতীৰ তত্বাৱধানত এখন সৰস্বতী শিশু নিকেতন, এখন জাতীয় বিদ্যালয় আৰু বি কে এছ মটৰ দ্ৰাইভিং স্কুল নামেৰে চৰকাৰী পঞ্জীয়নভুক্ত এখন কাৰিকৰী শিক্ষানুষ্ঠান আছে। এই শিক্ষানুষ্ঠানবোৰত শিক্ষা লাভ কৰি সাহিত্য-সংস্কৃতি, কলা, কাৰিকৰী বিজ্ঞান, চিকিৎসা বিজ্ঞান, আদি বিভিন্ন ক্ষেত্ৰত বুৎপত্তি অৰ্জন কৰি মাখিবাহাৰ এচাম সু সন্তানে মাখিবাহা গাঁৱৰ নাম উজলাই তুলিছে।
চিকিৎসা
চিকিৎসা সেৱাত মাখিবাহাৰ এক সুনাম ৰজাঘৰীয়া দিনৰ পৰাই প্ৰবাহমান হৈ আছে। মাখিবাহা গাঁৱত চলি থকা বহু পুৰণি চিকিৎসা এতিয়াও সমাদৃত। আহোমৰ ৰাজত্যকালতে মাখিবাহাৰ ভট্টাচাৰ্য্য পৰিয়ালে আগবঢ়োৱা প্ৰসূতি চিকিৎসা সেৱাই ৰজাঘৰীয়া স্বীকৃতি লাভ কৰিছিল। ইয়াৰ বাবে এই পৰিয়ালে ৰজাঘৰৰ পৰা তাম্ৰপত্ৰ লাভ কৰিছিল। দূৰ অতীতত আৰম্ভ হোৱা হোমিঅ চিকিৎসা পদ্ধতি মাখিবাহাৰ এক প্ৰচলিত চিকিৎসা পদ্ধতি। পৰৱৰ্তী সময়ত আধুনিক শিক্ষা ব্যৱস্থাৰে শিক্ষিত হৈ ডাঃ মথুৰামোহন ভট্টাচাৰ্য্য, ডাঃ দেৱীচৰণ চৌধুৰী, ডাঃ নৰেন দত্ত, ডাঃঅঞ্জন ভট্টাচাৰ্য্য আৰু কেইবাজনো চিকিৎসকে চিকিৎসা বিজ্ঞানলৈ যুগমীয়া সেৱা আগবঢ়াই মাখিবাহাৰ সুনাম বঢ়াইছে।
অন্যান্য অনুষ্ঠান
মাখিবাহা গ্ৰামোন্নয়ন সমিতি
মাখিবাহা গ্ৰামোন্নয়ন সমিতিয়ে বৃহত্তৰ মাখিবাহাৰ উন্নয়নৰ কাম-কাজ তদাৰক কৰে। ১৯৮৪ খ্ৰীঃত মাখিবাহা গ্ৰামোন্নয়ন সমিতিয়ে ইয়াৰ সংবিধানখন ৰচনা কৰে। বৰ মাখিবাহা, ক্ষুদ্ৰ মাখিবাহা আৰু শাক্তিপাৰা নামৰ তিনিখন ৰাজহ গাঁও আৰু জলখানা গাঁৱৰ কিয়দাংশ মিলি বৃহত্তৰ মাখিবাহা গ্ৰামোন্নয়ন সমিতি গঠন হৈছে। ২১ টা সৰু-বৰ চুবুৰী আৰু নতুনকৈ অন্তৰ্ভুক্ত হোৱা কেইটামান পৰিয়ালেৰে গঠিত এই গাঁৱখনৰ চাৰিটা লাট চাৰিজন গাঁওবুঢ়াই তদাৰক কৰে। প্ৰতি চুবুৰীৰ ৫০ টা পৰিয়ালৰ পৰা নিৰ্বাচিত হৈ অহা ৫০ জন কাৰ্যকৰী সদস্য আৰু ৭ জন নিৰ্বাচিত পৰামৰ্শদাতাৰ দ্বাৰা মাখিবাহা গ্ৰামোন্নয়ন সমিতিৰ কাৰ্যকৰী সমিতি গঠন কৰা হয়। ইয়াৰ উপৰি সভা মহোৎসৱ সু-পৰিচালনাৰ বাবে মাখিবাহা সভাৰ সময়ত আৰু কিছু সমাজ সচেতক ব্যক্তিক অন্তৰ্ভুক্ত কৰি সমিতিৰ কলেবৰ বৃদ্ধি কৰা হয়। মাখিবাহাবাসী ৰাইজে গাঁৱখনৰ বিভিন্ন দিশত উন্নয়নৰ বাবে যদিও বিভিন্ন অনুষ্ঠান গঢ়ি তুলিছে, মাখিবাহা গ্ৰামোন্নয়ন সমিতিয়ে হৈছে গাঁৱখনৰ মূল চালিকা শক্তি।
মাখিবাহা সভা
গাঁৱখনক এক সুকীয়া স্বীকৃতি প্ৰদান কৰা মাখিবাহা সভা মহোৎসৱ অসমৰ সকলোৰে জ্ঞাত এক বৃহৎ উৎসৱ। নামবৰভাগ পৰগণাৰ চৌধুৰী লক্ষীনাৰায়ণৰ পুণ্য তিথিত তেখেতৰ পুত্ৰ গৌৰীনাৰায়ণ চৌধুৰীয়ে ১৮৩৫ খ্ৰীঃত এই সভা মহোৎৱৰ পাতনি মেলিছিল। পিছত আনুমানিক ১৯৩৫ খ্ৰীঃত তেখেতৰ পৰিনাতি বলিনাৰায়ণ চৌধুৰীয়ে এই সভাৰ দায়িত্ব চৌধুৰীপাৰা চুবুৰীক অৰ্পণ কৰে। ১৯৪৭ খ্ৰীঃত চৌধুৰীপাৰা চুবুৰীয়ে এই সভাৰ দায়িত্ব মাখিবাহা ৰাইজক ন্যস্ত কৰে। গৌৰীনাৰায়ণ চৌধুৰীয়ে এই সভা পাতিছিল ফাগুন মাহৰ শুক্লা প্ৰতিপদ তিথিত। সেই পৰম্পৰাকে আধাৰ হিচাপে লৈ, মাখিবাহাবাসী ৰাইজে প্ৰতিবছৰে শুক্লা প্ৰতিপদ তিথিত হোম-যজ্ঞ, নাম-কীৰ্তন, ভাগৱত পাঠ আদি ধৰ্মীয় ৰীতিৰ লগতে অসমীয়া সমাজৰ সংস্কৃতি-সাহিত্যৰ বিভিন্ন দিশৰ বৰ্ণাঢ্য কাৰ্য্যসূচীৰে এই সভা মহোৎসৱ উদযাপন কৰে৷৪
তথ্যসূত্ৰ
- ↑ A little about Tihu (pt). www.viewvillage.in
- ↑ ২০১৩ ইংৰাজী চনৰ মাখিবাহা সভা মহোৎসৱৰ সম্পাদকীয় প্ৰতিবেদন
- ↑ indiamapia.com/Nalbari/Makhibaha.html
- ↑ (9 February 2020). মাখিবাহা সভা মহোৎসৱ উপলক্ষে সংবাদমেল. janambhumi.in
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাখিবাহা” প্ৰবন্ধৰ সংশোধন ৩৯৯৯৬৩ (১ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।