তামুলপুৰ অসমৰ বাক্সা জিলা জিলাৰ এটা মহকুমা। চৈধ্যটা জাতি-জনগোষ্ঠীৰে পৰিপূৰ্ণ তামুলপুৰ মহকুমাটি ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলত অৱস্থিত। বাক্সা জিলাৰ সদৰ মুছলপুৰৰ পৰা তামুলপুৰৰ দূৰত্ব ৭৩ কিলোমিটাৰ।১
ইতিহাস
২০০৩ চনৰ ফেব্ৰুৱাৰীত স্বাক্ষৰিত বি টি চি চুক্তিমতে অসমত চাৰিখন জিলা- কোকৰাঝাৰ, বাক্সা জিলা, চিৰাং আৰু ওদালগুৰিৰে বড়োলেণ্ড স্বায়ত্ত্ব শাসিত অঞ্চল স্থাপিত হয়। বৰপেটা, নলবাৰী, কামৰূপ আৰু দৰং জিলাৰ অংশৰে বাক্সা জিলাৰ সৃষ্টি কৰা হয়।২ আৰু তামুলপুৰক সদৰ হিচাপে লৈ তামুলপুৰ আৰু গোৰেশ্বৰ ৰাজহ চক্ৰ সামৰি তামুলপুৰ মহকুমা গঠন কৰা হয়।৩
নাম উৎপত্তি
তামুলপুৰ নামৰ উৎপত্তি সন্দৰ্ভত এডৱাৰ্ড এলবাৰ্ট গেইটৰ বৰ্ণনাত ১৮৬৪-৬৬ চনত ইংৰাজ আৰু ভূটীয়া সকলৰ মাজত হোৱা ৰণৰ বৰ্ণনা আছে। গেইটৰ মতে সেই সময়ত দেৱানগিৰি অঞ্চলত ভয়ংকৰ অভিযান চলিছিল আৰু গুৱাহাটীৰ পৰা কৰ্ণেল কেম্বল ছাহাবে ছটা কোম্পানী লৈ আগুৱাই আহি নামনিৰ সমতল ভূমিত তম্বু তৰি ছাউনী পাতিছিল। কিন্তু ভূটীয়াসকলে নিশাৰ শিবিৰ আক্ৰমণ কৰি ইংৰাজৰ তম্বুবোৰ পুৰি পেলাইছিল। তম্বু পুৰি দিয়া বাবে ঠাইখিনি তম্বুপোৰা-তাম্বোলপুৰ-তামুলপুৰ হোৱা বুলি মত পোষণ কৰা হয়।৩
ভৌগোলিক অৱস্থিতি
তামুলপুৰ হিমালয়ৰ পাদদেশত অৱস্থিত ভাৰত-ভূটান সীমান্তৱৰ্তী এক অঞ্চল। ভূটানৰ পৰা বৈ অহা মটঙা আদি নদী তামুলপুৰ মাজমজিয়াৰে বৈ গৈ নামনিত নোনা নাম লৈ বৰলীয়া নদীত মিলিত হৈ ব্ৰহ্মপুত্ৰত বিলীন হৈছে।৩
জন গাঁথনি
তামুলপুৰ মহকুমাটো অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা), বড়ো জনগোষ্ঠী, ৰাভা জনগোষ্ঠী, আদিবাসী, বঙালী ভাষা, নেপালী ভাষা অদিকে ধৰি প্ৰায় চৈধ্যটা জাতি-জনজাতিৰে পৰিপূৰ্ণ। এই মহকুমাটোৰ ভিতৰত সৰ্বমুঠ ২৮৬খন গাঁও আছে।১
বহিঃ সংযোগ
তথ্যসূত্ৰ
- ↑ Baksa district
- ↑ Law, Gwillim. (2011-09-25). Districts of India. Statoids
- ↑ উৎপল ডেকা. (১ মাৰ্চ, ২০১৯). তামুলপুৰ এতিয়াও সমস্যাৰে ভৰপূৰ. দৈনিক অসম. পৃ. ১৩
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তামুলপুৰ মহকুমা” প্ৰবন্ধৰ সংশোধন ৩৯৯৯৯৮ (১ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।