ইথেল কলিন্স ডানহাম (Ethel Collins Dunham; জন্ম: ১৮৮৩–১৯৬৯) এগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰন শিশু ৰোগ বিশেষজ্ঞ আছিল।১ ডানহামে অকালপক্ক শিশু আৰু কেঁচুৱাৰ যত্নৰ ক্ষেত্ৰত বিশেষজ্ঞতা লাভ কৰিছিল আৰু ১৯৩৫ চনত ইউনাইটেড ষ্টেটছ চিলড্ৰেনছ ব্যুৰোৰ শিশু বিকাশ শাখাৰ মুৰব্বী হৈছিল। তেওঁ নৱজাতক শিশুৰ চিকিৎসালয়ত যত্ন লোৱাৰ বাবে ৰাষ্ট্ৰীয় মানদণ্ড নিৰ্ধাৰণ কৰিছিল আৰু চিলড্ৰেনছ ব্যুৰোৰ কৰ্মচাৰীৰ দ্বাৰা নিয়মীয়াকৈ ঘৰুৱা পৰিদৰ্শনৰ জৰিয়তে শিশুৰ স্বাস্থ্যৰ অগ্ৰগতি নিৰীক্ষণ কৰি বৰ্ধিত শিশুৰ স্বাস্থ্যসেৱাৰ পৰিসৰ সম্প্ৰসাৰিত কৰিছিল।
জীৱনী
১৮৮৩ চনত কানেকটিকাটৰ হাৰ্টফ'ৰ্ডত এজন চহকী ইউটিলিটি একজিউকিটিভ চেমুৱেল জি. ডানহাম আৰু এলিচ কলিন্সৰ ঘৰত ইথেল কলিন্স ডানহামৰ জন্ম হৈছিল। ১৯০১ চনত তেওঁ হাইস্কুলৰ শিক্ষা সমাপ্ত কৰে আৰু পৰৱৰ্তী দুবছৰ বৰ্ডিং স্কুলত অতিবাহিত কৰে। কেইবছৰমান ভ্ৰমণ আৰু আজৰি সময়ৰ কাম-কাজত কটোৱাৰ পিছত, তেওঁ চিকিৎসা বিজ্ঞান অধ্যয়ন কৰাৰ সিদ্ধান্ত লয় আৰু হাৰ্টফ'ৰ্ড পাব্লিক হাইস্কুলত পদাৰ্থ বিজ্ঞানৰ শ্ৰেণীত ভৰ্তি হয়। ১৯১৪ চনত তেওঁ ব্ৰাইন মাউৰ কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে আৰু একে বছৰতে তেওঁৰ সংগী মাৰ্থা মে এলিয়টৰ সৈতে জনছ হপকিন্স স্কুল অৱ মেডিচিনত চিকিৎসা বিজ্ঞানৰ প্ৰশিক্ষণ আৰম্ভ কৰে।
ডানহামে জন হাউলেণ্ডৰ অধীনত জনছ হপকিন্স হাস্পতালত শিশু চিকিৎসাৰ ইণ্টাৰ্ণশ্বিপ সম্পূৰ্ণ কৰে আৰু তাৰ পিছত নিউ হেভেন হাস্পতালত (বৰ্তমানৰ য়েল–নিউ হেভেন হাস্পতাল) প্ৰথম মহিলা আৱাসিক চিকিৎসক হিচাপে সেৱা আগবঢ়ায়। তেওঁ য়েল স্কুল অৱ মেডিচিনৰ প্ৰথম মহিলা অধ্যাপিকাসকলৰ ভিতৰত এগৰাকী আছিল।২ ১৯২০ চনত তেওঁক য়েল স্কুল অৱ মেডিচিনত প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হয়, ১৯২৪ চনত সহকাৰী অধ্যাপক আৰু তাৰ পিছত ১৯২৭ চনত সহযোগী ক্লিনিকেল অধ্যাপক পদলৈ পদোন্নতি দিয়া হয়। এই সময়ছোৱাত তেওঁ অকালপক্ক আৰু নৱজাত শিশুৰ স্বাস্থ্যৰ উন্নতিৰ বাবে বিশেষ আগ্ৰহ প্ৰকাশ কৰে। তেওঁ য়েলত বহুতো উদ্ভাৱনৰ সূচনা কৰিছিল, যাৰ ভিতৰত ইণ্টাৰ্ণসকলে যাতে নতুন মাতৃ আৰু তেওঁলোকৰ সন্তানৰ বাবে ঘৰুৱা পৰিদৰ্শন কৰিব পাৰে তাৰ বাবে এখন গাড়ী কিনাৰ ব্যৱস্থাও আছিল। তেওঁ ডিচপেঞ্চাৰী এপইণ্টমেণ্ট প্ৰণালীটোও পুনৰ গঠন কৰিছিল আৰু শিশু চিকিৎসকসকলে যাতে চিকিৎসালয়ৰ নাৰ্ছাৰীত নতুন শিশুৰ যত্ন লোৱাত সহায় কৰিব পাৰে তাৰ বাবে প্ৰসূতি বিভাগৰ মুৰব্বীৰ সৈতে আলোচনা কৰিছিল। ১৯৩৩ চনত তেওঁ আমেৰিকান পেডিয়াট্ৰিক ছচাইটিৰ ওচৰত 'পেৰিনেটেল মৰ্টেলিটি' বা প্ৰসৱকালীন মৃত্যুৰ ওপৰত কৰা গৱেষণা দাখিল কৰে, যিয়ে পৰৱৰ্তী সময়ত তেওঁক ইয়াৰ নৱজাতক অধ্যয়ন সমিতিৰ মুৰব্বী হিচাপে নিযুক্তি দিয়ে।
১৯৩৫ চনত ডানহামক চিলড্ৰেনছ ব্যুৰোৰ শিশু বিকাশ শাখাৰ মুৰব্বী হিচাপে নিযুক্তি দিয়া হয়। মাৰ্থা মে এলিয়টক সহকাৰী মুৰব্বী হিচাপে নিযুক্তি দিয়া হৈছিল। ডানহামৰ প্ৰথম পদক্ষেপ আছিল অকালপক্ক শিশুৰ চিকিৎসাৰ তদন্ত কৰা আৰু নৱজাতকৰ যত্নৰ বাবে ৰাষ্ট্ৰীয় মানদণ্ড স্থাপন কৰা। তেওঁৰ প্ৰথম অধ্যয়নৰ ফলাফলসমূহ ১৯৩৬ চনত প্ৰকাশ পাইছিল আৰু ১৯৪৩ চনত তেওঁৰ নীতি-নিৰ্দেশনাসমূহ "ষ্টেণ্ডাৰ্ডছ এণ্ড ৰিকমেণ্ডেচনছ ফৰ দ্য হস্পিটেল কেয়াৰ অৱ নিউবৰ্ণ ইনফাণ্টছ, ফুল টাৰ্ম এণ্ড প্ৰিমেচিউৰ" হিচাপে প্ৰকাশিত হয়।৩ তেওঁ জনস্বাস্থ্য নাৰ্ছ আৰু চিলড্ৰেনছ ব্যুৰোৰ সমাজকৰ্মীৰ প্ৰচেষ্টাৰ জৰিয়তে চিকিৎসালয়ৰ স্বাস্থ্যসেৱাক নতুন মাতৃসকলৰ ঘৰলৈ লৈ যাবলৈ নতুন কাৰ্যসূচী আৰম্ভ কৰিছিল, যিয়ে নিউয়ৰ্ক হাস্পতালৰ পৰা ডিচচাৰ্জ হোৱাৰ পিছত শিশুসকলৰ অগ্ৰগতি পৰ্যবেক্ষণ কৰিছিল। তেওঁৰ জৰীপৰ ফলাফলে বহুতো স্বাস্থ্য জিলাৰ নীতি আৰু পদ্ধতি গঢ়ি তুলিছিল। ১৯৪৯ চনৰ পৰা ১৯৫১ চনলৈ তেওঁ জেনেভাত বিশ্ব স্বাস্থ্য সংস্থাৰ বাবে বিশেষজ্ঞৰ এটা আন্তঃৰাষ্ট্ৰীয় দলৰ সৈতে অকালপক্ক জন্মৰ সমস্যাৰ বিষয়ে অধ্যয়ন কৰিছিল।
ডানহামে ১৯৫২ চনত অৱসৰ গ্ৰহণ কৰে। ১৯৫৭ চনত আমেৰিকান পেডিয়াট্ৰিক ছচাইটিয়ে তেওঁক তেওঁলোকৰ সৰ্বোচ্চ সন্মান 'জন হাউলেণ্ড বঁটা' প্ৰদান কৰে। ডানহাম এই বঁটা লাভ কৰা প্ৰথমগৰাকী মহিলা শিশু ৰোগ বিশেষজ্ঞ আছিল; তেওঁৰ জীৱন সংগী মাৰ্থা মে এলিয়ট আছিল ১৯৬৭ চনত এই বঁটা পোৱা দ্বিতীয়গৰাকী মহিলা।৪
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Hansen, B. (January 2002). Public careers and private sexuality: some gay and lesbian lives in the history of medicine and public health. Am J Public Health. পৃ. 36–44
- ↑ Faderman, Lillian. (1999). To believe in women: what lesbians have done for America - a history. Houghton Mifflin. পৃ. 299. ISBN 978-0-395-85010-7
- ↑ Dunham, Ethel C.; Crane, Marian Minor. (1943-03-05). Standards and Recommendations for Hospital Care of Newborn Infants: Full-Term and Premature. Bureau Publications. United States Children's Bureau
- ↑ Ethel Collins Dunham. Changing the Face of Medicine. National Library of Medicine
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইথেল কলিন্স ডানহাম” প্ৰবন্ধৰ সংশোধন ৫৮৬১১৫ (৮ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।