অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

যুগ্ম সংখ্যা

যুগ্ম সংখ্যা যুগ্ম সংখ্যা হৈছে এনে কিছুমান বাস্তৱ সংখ্যা যি সমূহক ২ৰে সম্পূৰ্ণকৈ হৰণ কৰিব পাৰি। বা, এককৰ স্থানত ০,২,৪,৬,৮ অংক থকা সংখ্যা বোৰকে যুগ্ম সংখ্যা বোলে। উদাহৰণ স্বৰূপে ১২ এটা যুগ্ম সংখ্যা, কিয়নো ১২ ক ২ ৰে হৰণ কৰিলে কোনো ভাগশেষ নাথাকে। ইয়াৰোপৰি ১২ৰ এককৰ স্থানৰ অংকটো হৈছে ২।

হালনাগাদ: ৫ জুন ২০২০ ১৭৬ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

যুগ্ম সংখ্যা যুগ্ম সংখ্যা হৈছে এনে কিছুমান বাস্তৱ সংখ্যা যি সমূহক ২ৰে সম্পূৰ্ণকৈ হৰণ কৰিব পাৰি।১ বা, এককৰ স্থানত শূন্য,২,৪,৬,৮ সাংখ্যিক অংক থকা সংখ্যা বোৰকে যুগ্ম সংখ্যা বোলে। উদাহৰণ স্বৰূপে ১২ এটা যুগ্ম সংখ্যা, কিয়নো ১২ ক ২ ৰে হৰণ (গণিত) কৰিলে কোনো ভাগশেষ নাথাকে। ইয়াৰোপৰি ১২ৰ এককৰ স্থানৰ অংকটো হৈছে ২। ০(শূন্য)ক যুগ্ম সংখ্যা বুলি কোৱা হয়।২

আন এক সূত্ৰ মতে যুগ্ম সংখ্যা হৈছে n=2k ৰূপত থকা কিছুমান অখণ্ড সংখ্যা, য'ত k হৈছে এটা পূৰ্ণ সংখ্যা।৩ ইয়াত, n = 2k+1 হৈছে এটা অযুগ্ম সংখ্যা। যুগ্ম আৰু অযুগ্ম সংখ্যাৰ সংগ্ৰহ সমূহক তলত দিয়া ধৰণে বুজোৱা বা প্ৰকাশ কৰা হয়-৪

  • যুগ্ম ⟨=\{ 2k: k \in \mathbb{Z} \}⟩
  • অযুগ্ম ⟨=\{ 2k+1: k \in \mathbb{Z} \}⟩

যুগ্ম আৰু অযুগ্ম হোৱাৰ পাতিগণিতীয় নিয়ম

যোগ আৰু বিয়োগৰ ক্ষেত্ৰত

  • যুগ্ম ± যুগ্ম = যুগ্ম;
  • যুগ্ম ± অযুগ্ম = অযুগ্ম;
  • অযুগ্ম ± অযুগ্ম = যুগ্ম;

পূৰণৰ ক্ষেত্ৰত

  • যুগ্ম × যুগ্ম = যুগ্ম;
  • যুগ্ম × অযুগ্ম = যুগ্ম;
  • অযুগ্ম × অযুগ্ম = অযুগ্ম;

হৰণৰ ক্ষেত্ৰত

হৰণৰ ক্ষেত্ৰত যোগ, বিয়োগ আৰু পূৰণৰ দৰে নিয়ম প্ৰযোজ্য নহ'বও পাৰে। কাৰণ দুটা পূৰ্ণ সংখ্যাৰ হৰণফল সদায়ে এটা পূৰ্ণ সংখ্যা নহ'বও পাৰে। উদাহৰণ স্বৰূপে- 1÷4 = 1/4, ইয়াত 1/4 কোনো যুগ্ম বা অযুগ্ম সংখ্যা নহয়।৫

তথ্যসূত্ৰ

  1. ↑ Vijaya, A.V.; Rodriguez, Dora. Figuring Out Mathematics. Pearson Education India. পৃ. 20–21. ISBN 9788131703571
  2. ↑ Bóna, Miklós. (2011). A Walk Through Combinatorics: An Introduction to Enumeration and Graph Theory. World Scientific. পৃ. 178. ISBN 9789814335232
  3. ↑ Bassarear, Tom. (2010). Mathematics for Elementary School Teachers. Cengage Learning. পৃ. 198. ISBN 9780840054630
  4. ↑ Sidebotham, Thomas H. (2003). The A to Z of Mathematics: A Basic Guide. John Wiley & Sons. পৃ. 181. ISBN 9780471461630
  5. ↑ Pólya, George; Tarjan, Robert E.; Woods, Donald R. (2009). Notes on Introductory Combinatorics. Springer. পৃ. 21–22. ISBN 9780817649524

সম্পৰ্কিত শ্ৰেণী

সংখ্যাগণিত

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “যুগ্ম সংখ্যা” প্ৰবন্ধৰ সংশোধন ২৩৬২৮৬ (৫ জুন ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।