EMD GT46PAC একপ্ৰকাৰৰ ডিজেল-বৈদ্যুতিক যাত্ৰীবাহী ৰেলৰ ইঞ্জিন। মূল-চালিকা এটি ডিজেল ইঞ্জিনে চলোৱা পৰিৱৰ্তী বিদ্যুতাধাৰ (AC Alternator or generator) ৰ পৰা পোৱা পৰিৱৰ্তী বিদ্যুত-প্ৰবাহৰ (AC) দ্বাৰা চালিত উভমুখী বৈদ্যুতিক মটৰে (AC Motor) ইয়াক গতিশীল কৰি তোলে। ইয়াক প্ৰথমে জেনেৰেল মটৰ্চৰ ইলেক্ট্ৰমটিভ ডিভিজনে ১ নিৰ্মাণ কৰি উলিয়াইছিল আৰু তাহাঁতৰ অনুজ্ঞা-পত্ৰৰ আধাৰত বৰ্তমানে বাৰানসীস্থিত (Diesel Locomotive Works; DLW) কাৰখানাত ভাৰতীয় ৰে’লৰ বাবে এনে ৰেলৰ ইঞ্জিন নিৰ্মাণ কৰি থকা হৈছে। এই ইঞ্জিনটো দৰাচলতে মালবাহী ৰেলৰ ইঞ্জিন EMD GT46MAC ৰ যাত্ৰীবাহী সংস্কৰণ মাথোঁ। এই ৰেল ইঞ্জিনত ১৬টা চিলিণ্ডাৰযুক্ত 16-710G3B ডিজেল ইঞ্জিন ব্যৱহৃত হৈছে যি সৰ্বোচ্চ ৯০৪ RPM (Revolutions Per Minute) গতিৰে ঘূৰিব পাৰে।
ভিন্নতা
এই WDP ( Wide-gauge Diesel Passenger) ৰেল ইঞ্জিনসমূহৰ তিনিটা প্ৰকাৰ দেখা যায় - মূল ৪,০০০ অশ্বশক্তিযুক্ত WDP-4, ৪,৫০০ অশ্বশক্তিযুক্ত WDP-4B আৰু ৪,৫০০ অশ্বশক্তিযুক্ত WDP-4D। প্ৰথম দুই প্ৰকাৰ এক চালক-কক্ষযুক্ত আৰু তৃতীয় প্ৰকাৰ দ্বৈত চালক-কক্ষযুক্ত।
ইঞ্জিনসমূহৰ ক্ৰমিক নম্বৰ
ভাৰতীয় ৰেলত পোনতে এই ইঞ্জিনসমূহৰ ক্ৰমিক সংখ্যা ২০০০০ৰ পৰা আৰম্ভ হৈ ২০১০৩লৈকে বিস্তাৰিত আছিল। ২০১০৩ ৰ পাচত নতুন ইঞ্জিনসমূহৰ নম্বৰ ৪০০০১ ৰ পৰা আৰম্ভ হৈছে কিয়নো ২০১০৩ৰ পিছৰ ক্ৰমিক নম্বৰ সমূহ (Wide-gauge DC Goods) WCG-2 মালবাহী ৰেলৰ বৈদ্যুতিক-ইঞ্জিন সমূহৰ লগত একাকাৰ হোৱাৰ উপক্ৰম হৈছিল। ইঞ্জিন ক্ৰমিকসংখ্যা ২০০০০-২০০৪৬, ২০০৪৮-২০০৭৪, ২০০৭৬-২০১০২ মূল WDP-4 আৰ্হিত আৰু ইঞ্জিন ক্ৰমিকসংখ্যা ২০০৪৭ আৰু ২০০৭৫ WDP-4B আৰ্হিত নিৰ্মিত।২ ইঞ্জিন ক্ৰমিকসংখ্যা ২০১০৩, ৪০০০১-৪০০১৩, ৪০০১৫-৪০০২৫, ৪০০২৭-৪০০৮৫ WDP-4B আৰ্হিত নিৰ্মিত। ইঞ্জিন ক্ৰমিকসংখ্যা ৪০০১৪ আৰু ৪০০২৬ WDP-4D আৰ্হিত নিৰ্মাণ কৰা হৈছিল আৰু পৰৱৰ্তী সময়ত ৪০০৮৬ অগ্ৰৱৰ্তী ইঞ্জিনসমূহ WDP-4D আৰ্হিৰ।
পৰাক্ৰম
WDP-4 ৰেল ইঞ্জিন একোটাই ২৪টা ডবাৰ ৰেল এখন ১১০-১২০ কি.মি./ঘণ্টা (৬৮–৭৫ মাইল/ঘণ্টা) বেগেৰে টানিব পাৰে। পৰীক্ষামূলক চালনৰ সময়ত ৮টা ডবাযুক্ত ৰেল একোখন এই ইঞ্জিনে ১৬০ কি.মি./ঘণ্টা (৯৯ মাইল/ঘণ্টা) বেগত টনাও পৰিলক্ষিত হৈছিল।৩


অন্যান্য তথ্য
WDP-4 ইঞ্জিনসমূহ দ্বৈতদিশত সঞ্চাৰণক্ষম আৰু প্ৰায়ে দীঘল অংশ আগত ৰাখি চলাব লগা হয়। ৮-চকাৰ WDP-4 ইঞ্জিনসমূহৰ চকা-বিন্যাস Bo1-1Bo যাৰ প্ৰতিদাল অক্ষদণ্ডক পৃথকে পৃথকে চাৰিটা ট্ৰেকশ্যন মটৰে কাৰ্যক্ষম কৰি তোলে। এতিয়াৰ ১২-চকাৰ WDP-4B আৰু WDP-4D ইঞ্জিনসমূহ Co-Co চকা-বিন্যাসেৰে সজ্জিত যাৰ প্ৰতিদাল অক্ষদণ্ডক পৃথকে পৃথকে ৬টা ট্ৰেকশ্যন মটৰে কাৰ্যক্ষম কৰি তোলে। লংহুড সমুখদিশত ৰাখি চলাওতে চালকৰ দৃষ্টি বাধিত হোৱা কেতবোৰ ঘটনাৰ পৰিপেক্ষিতত (পুষ্পক এক্সপ্ৰেছৰ চালকে চিগনেল পাৰ হৈ যোৱা ঘটনা উল্লেখযোগ্য৪) WDP-4B আৰ্হিৰ ইঞ্জিনত দ্বৈত-চালককক্ষৰ ব্যৱস্থা কৰা হৈছে। নতুন ইঞ্জিনসমূহত চালককক্ষসমূহ পূৰ্বতকৈ কিছু বহলো কৰা হৈছে। ইয়াৰ বাদে WDP4B আৰু WDP4D শ্ৰেণীৰ বাকী গঠন প্ৰায় একে।
ৰাজধানী আৰু শতাব্দী শ্ৰেণীৰ ৰেলত ব্যৱহৃত কিছুসংখ্যক WDP-4B/WDP-4D ইঞ্জিনত ইনভাৰ্টাৰযুক্ত হে'ড-এণ্ড পাৱাৰ ইউনিটৰ ব্যৱস্থা কৰি জেনেৰেটৰ ডবাৰ অবিহনে ডবাত বিদ্যুতৰ যোগান ধৰিব পৰাৰ ব্যৱস্থা কৰা হৈছে।৫
২ ষ্ট্ৰ'ক ডিজেল ইঞ্জিনযুক্ত এই ৰেল ইঞ্জিনসমূহ যথেষ্ট কম ইন্ধন-ব্যয়ী আৰু কম ধোঁৱা এৰা বিধৰ। উচ্চ আন্তঃঘূৰ্ণনত এই শ্ৰেণীৰ ইঞ্জিনৰ পৰা উৰাজাহাজৰদৰে এক বিশেষ চিনাকী গোঁ-গোঁৱনি শব্দ নিৰ্গত হয়।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “EMD GT46PAC” প্ৰবন্ধৰ সংশোধন ৫২৪৯৪৩ (১৮ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।