অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

অন্ধকাৰ ত্ৰয়ী

অন্ধকাৰ ত্ৰয়ী(Dark Triad) হৈছে ব্যক্তিত্বৰ এক মানসিক তত্ত্ব, যাক প্ৰথমবাৰৰ বাবে ডেলৰয় এল পলহাছ আৰু কেভিন এম উইলিয়ামছে ২০০২ চনত প্ৰকাশ কৰিছিল, অন্ধকাৰ ত্ৰয়ীয়ে তিনিটা উল্লেখযোগ্যভাৱে আপত্তিজনক, কিন্তু অ-ৰোগজনিত ব্যক্তিত্বৰ প্ৰকাৰৰ বৰ্ণনা কৰে: কপটতা (Machiavellianism), আত্মমুগ্ধতা(sub-clinical…

হালনাগাদ: ৭ আগষ্ট ২০২৬ ১৮২ শব্দ · ১ মিনিট সংগৃহীত ৬২
সংশোধনৰ পৰামৰ্শ

অন্ধকাৰ ত্ৰয়ী(Dark Triad) হৈছে ব্যক্তিত্বৰ এক মানসিক তত্ত্ব, যাক প্ৰথমবাৰৰ বাবে ডেলৰয় এল পলহাছ আৰু কেভিন এম উইলিয়ামছে ২০০২ চনত প্ৰকাশ কৰিছিল,১ অন্ধকাৰ ত্ৰয়ীয়ে তিনিটা উল্লেখযোগ্যভাৱে আপত্তিজনক, কিন্তু অ-ৰোগজনিত ব্যক্তিত্বৰ প্ৰকাৰৰ বৰ্ণনা কৰে: কপটতা (Machiavellianism), আত্মমুগ্ধতা(sub-clinical narcissism,) আৰু মনোৰোগ (sub-clinical psychopathy)।২৩৪৫ ব্যক্তিত্বৰ এই প্ৰকাৰকেইটাক অন্ধকাৰ বুলি কোৱাৰ কাৰণটো হৈছে: প্ৰত্যেকটো বৈশিষ্ট্যই কু-অভিপ্ৰায়ৰ কেতবোৰ গুণ আছে।২৬৭৮

আত্মমুগ্ধতা বা নাৰ্চিছিজমৰ বৈশিষ্ট্য হৈছে অহংকাৰ, সহানুভূতিৰ অভাৱ আৰু আড়ম্বৰপূৰ্ণ উচ্চতা।৯

কপটতা বা মেকিয়াভেলিয়ানবাদৰ বৈশিষ্ট্য হৈছে আনৰ লগত হেতালি খেলা আৰু শোষণ কৰা, নৈতিকতাৰ অনুপস্থিতি, আৱেগহীন নিৰ্মমতা আৰু উচ্চ মাত্ৰাৰ স্বাৰ্থ।১০

মনোৰোগ বা ছাইকোপেথিৰ বৈশিষ্ট্য হৈছে নিৰন্তৰ অসামাজিক আচৰণ, স্বাৰ্থপৰতা, নিৰ্মম আৱেগবিহীনতা (CU),১১ আৰু অনুশোচনাহীনতা।১২

এই বৈশিষ্ট্যসমূহৰ উচ্চ নম্বৰে পৰিসংখ্যাগতভাৱে এজন ব্যক্তিৰ অপৰাধ সংঘটিত কৰাৰ সম্ভাৱনা বৃদ্ধি কৰে, সামাজিক দুখৰ সৃষ্টি কৰে আৰু সংগঠনসমূহৰ বাবে গুৰুতৰ সমস্যাৰ সৃষ্টি কৰে, বিশেষকৈ যদিহে তেওঁলোক নেতৃত্বৰ পদত থাকে।১৩ ইয়াৰ উপৰিও তেওঁলোকে কম দয়ালু, সন্মত, সহানুভূতিশীল, নিজৰ জীৱনত সন্তুষ্ট আৰু নিজকে আৰু আনক ভাল বুলি বিশ্বাস কৰাৰ সম্ভাৱনাও কম।১৪

এটা কাৰক বিশ্লেষণে দেখুৱাইছে যে বিগ ফাইভ ব্যক্তিত্বৰ বৈশিষ্ট্যৰ ভিতৰত কম সন্মতিয়ে অন্ধকাৰ ত্ৰয়ীৰ লগত আটাইতকৈ শক্তিশালী সম্পৰ্ক বৰ্তাই ৰাখে৷ আনহাতে নিউৰ'টিচিজম আৰু বিবেকৰ অভাৱ ডাৰ্ক ট্ৰাইডৰ কিছুমান সদস্যৰ সৈতে জড়িত আছিল।১০সন্মততা আৰু ডাৰ্ক ট্ৰাইডে বিকাশৰ সম্পৰ্কিত পৰিৱৰ্তন দেখুৱাইছে।১৫

তথ্যসূত্ৰ

  1. ↑ Dark Triad. Psychology Today United Kingdom
  2. ↑ Paulhus, Delroy L; Williams, Kevin M. (December 2002). The Dark Triad of personality: Narcissism, Machiavellianism, and Psychopathy. Journal of Research in Personality. পৃ. 556–563
  3. ↑ Regoli, Robert M.; Hewitt, John D.; DeLisi, Matt. (2011). Delinquency in Society: The Essentials. Jones & Bartlett Learning. পৃ. 99. ISBN 978-0-7637-7790-6
  4. ↑ Campbell, W. Keith; Miller, Joshua D. (2011). The Handbook of Narcissism and Narcissistic Personality Disorder: Theoretical Approaches, Empirical Findings, and Treatments. John Wiley & Sons. পৃ. 154. ISBN 978-1-118-02924-4
  5. ↑ Leary, Mark R.; Hoyle, Rick H. (2009). Handbook of individual differences in social behavior. Guilford Press. পৃ. 100. ISBN 978-1-59385-647-2
  6. ↑ Chamorro-Premuzic, Tomas; von Stumm, Sophie; Furnham, Adrian. (2011). The Wiley-Blackwell Handbook of Individual Differences. John Wiley & Sons. পৃ. 527. ISBN 978-1-4443-4310-6
  7. ↑ Horowitz, Leonard M.; Strack, Stephen. (2010). Handbook of Interpersonal Psychology: Theory, Research, Assessment and Therapeutic Interventions. John Wiley & Sons. পৃ. 252–55. ISBN 978-0-470-88103-3
  8. ↑ Lacey, David. (2009). Managing the Human Factor in Information Security: How to Win Over Staff and Influence Business Managers. John Wiley & Sons. পৃ. 248. ISBN 978-0-470-72199-5
  9. ↑ Kohut, Heinz. (1977). The Restoration of the Self. International Universities Press. ISBN 978-0-8236-5810-7
  10. ↑ Jakobwitz, Sharon; Egan, Vincent. (January 2006). The dark triad and normal personality traits. Personality and Individual Differences. Elsevier. পৃ. 331–339
  11. ↑ Frick, Paul J.; White, Stuart F. (April 2008). Research Review: The importance of callous-unemotional traits for developmental models of aggressive and antisocial behavior. Journal of Child Psychology and Psychiatry. Wiley-Blackwell. পৃ. 359–375
  12. ↑ Skeem, Jennifer L.; Polaschek, Devon L. L.; Patrick, Christopher J. (15 December 2011). Psychopathic Personality. Psychological Science in the Public Interest. SAGE Publications. পৃ. 95–162
  13. ↑ O'Boyle Jr, Ernest H.; Forsynth, Donelson R.; Banks, George C. (2012). A Meta-Analysis of the Dark Triad and Work Behavior: A Social Exchange Perspective. Applied Psychology. পৃ. 557–579
  14. ↑ Kaufman, Scott Barry; Yaden, David Bryce; Hyde, Elizabeth. (12 March 2019). The Light vs. Dark Triad of Personality: Contrasting Two Very Different Profiles of Human Nature. Frontiers in Psychology. পৃ. 467
  15. ↑ Klimstra, Theo A.; Jeronimus, Bertus F.; Sijtsema, Jelle J. (April 2020). The unfolding dark side: Age trends in dark personality features. Journal of Research in Personality. পৃ. 103915

সম্পৰ্কিত শ্ৰেণী

মনোবিজ্ঞান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অন্ধকাৰ ত্ৰয়ী” প্ৰবন্ধৰ সংশোধন ৬২৪৯২০ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।