অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

অস্তিত্বৰ সংকট

অস্তিত্বৰ সংকট (অস্তিত্বৰ ভীতি হিচাপেও জনা যায়; Existential crisis) ব্যক্তিবিশেষৰ জীৱনৰ কিছুমান মুহূৰ্ত যেতিয়া তেওঁ নিজৰ জীৱনৰ অৰ্থ, উদ্দেশ্য আৰু মূল্য সম্পৰ্কে সন্দিগ্ধ হৈ উঠে আৰু এই মননসমূহৰ যোগেদি ঋণাত্মকভাৱে প্ৰভাৱান্বিত হয়।

হালনাগাদ: ২৬ ডিচেম্বৰ ২০২৩ ২৭৩ শব্দ · ২ মিনিট সংগৃহীত ৬৭
সংশোধনৰ পৰামৰ্শ

অস্তিত্বৰ সংকট (অস্তিত্বৰ ভীতি হিচাপেও জনা যায়; Existential crisis) ব্যক্তিবিশেষৰ জীৱনৰ কিছুমান মুহূৰ্ত যেতিয়া তেওঁ নিজৰ জীৱনৰ অৰ্থ, উদ্দেশ্য আৰু মূল্য সম্পৰ্কে সন্দিগ্ধ হৈ উঠে আৰু এই মননসমূহৰ যোগেদি ঋণাত্মকভাৱে প্ৰভাৱান্বিত হয়।১ সৰ্বসাধাৰণতে এনেধৰণৰ চিন্তা হতাশগ্ৰস্ততাৰ বা অৱধাৰিতভাৱে জীৱনৰ অভীষ্ট সম্পৰ্কে ঋণাত্মক জল্পনা, যেনে জীৱনৰ সমস্ত প্ৰয়াসৰ সাৰশূন্যতা (উদাহৰণস্বৰূপে, "এদিনাখন যদি মই বিস্মৃ হৈ যাওঁ, এই সকলোবোৰ কামৰ প্ৰয়োজন কি?")-ৰ সৈতে সংযুক্ত হৈ থাকে; অৱশ্যে ই আৱশ্যক নহয়। মানৱ জীৱনৰ অস্তিত্বৰ অৰ্থ আৰু উদ্দেশ্য সম্পৰ্কীয় এই আস্পদ "অস্তিত্ববাদ"ৰ দৰ্শনমূলক পৰম্পৰাৰ এক মুখ্য আলোচ্য বিষয়।

বৰ্ণনা

অস্তিত্বৰ সংকট ব্যক্তিবিশেষৰ জীৱনত কোনো বিশেষ পৰিঘটনাৰ জৰিয়তে উদ্ভুত হ'ব পাৰে। এইসমূহৰ ভিতৰত মনোগত যন্ত্ৰণা, বিবাহ, বিচ্ছেদ, গুৰুতৰ ক্ষতি, কোনো আপোনজনৰ বিয়োগ, কোনো জীৱন সংকটদায়িনী ঘটনা, নতুন প্ৰেমসংগী, মানসিক উত্তেজনাকাৰী ঔষধ বা ড্ৰাগছৰ ব্যৱহাৰ, প্ৰাপ্তবয়স্ক কিশোৰ-কিশোৰীৰ গৃহত্যাগ, জীৱনৰ কিছুমান বিশেষ বয়সৰ প্ৰাপ্তি (১৮ বছৰ, ৪০ বছৰ প্ৰাপ্তি ইত্যাদি) উল্লেখনীয়। অস্তিত্বৰ সংকটে জীৱনৰ নশ্বৰতা সম্পৰ্কে সচৰাচৰভাৱেই ভুক্তভোগীৰ অন্তৰ্দৃষ্টিৰ উদ্ৰেক কৰে আৰু এইদৰে ই মনস্তাত্বিক অৱদমন (psychological repression)-ৰ সূচনা কৰে। অস্তিত্বৰ সংকটৰ সৈতে উদ্বিগ্নতা আৰু হতাশগ্ৰস্ততাৰ বহুখিনি সাদৃশ্য আছে।২

ব্যক্তিবিশেষৰ জীৱনৰ সংকটবিশেষত যেতিয়া তেওঁ‌ অনুধাৱন কৰে যে তেওঁ নিজে বাছি লোৱা বিকল্পৰ মাজেদিয়েই সদায় নিজৰ জীৱনক সংজ্ঞায়িত কৰিব লাগিব, সেই পৰিস্থিতিক অস্তিত্ববাদী দৰ্শনৰ ব্যাখ্যাত "অস্তিত্বৰ সংকট" হিচাপে আখ্যায়িত কৰা হয়। যেতিয়া ব্যক্তিবিশেষে স্বীকাৰ কৰি লয় যে আনকি কোনো বিশেষ কৰ্মৰ পৰা আঁতৰি থকা বা কোনো বিকল্পৰ প্ৰতি সন্মতি নিবৃত্তিৰ সিদ্ধান্তও যে একধৰণৰ জীৱন বিকল্পই, তেতিয়া অস্তিত্বৰ সংকটৰ উদ্ৰেক হয়। অন্যাৰ্থত, মানৱজাতি স্বতন্ত্ৰতাৰে "দণ্ডিত"।৩

পৰিচালনা

Peter Wessel Zapffe নামৰ নৰ'ৱেৰ দাৰ্শনিক আৰু নাস্তিবাদ আৰু অ-নশ্বৰতাৰ প্ৰবক্তাগৰাকীয়ে তেওঁৰ The Last Messiah শীৰ্ষক নিবন্ধৰ জৰিয়তে প্ৰকাশ কৰিছিল যে, তেওঁৰ বিশ্বাস অনুসৰি সকলো সচেতন জীৱই অস্তিত্বৰ সম্পৰ্কে উদাসীনতা আৰু অসংগতাৰ সংশয়ৰ সৈতে মোকাবিলা কৰিবলৈ চাৰিধৰণৰ উপায় অৱলম্বন কৰে। এইসমূহ হৈছে — anchoring, isolation, distraction, আৰু sublimation।৪

তথ্যসূত্ৰ

  1. ↑ Richard K. James. Crisis intervention strategies
  2. ↑ admin. (2020-09-03). Existential Crisis - What You Need to Know, Definition, Meaning, Symptom. Addiction Now · Substance Abuse, Drug Addiction and Recovery News Source
  3. ↑ Flynn, Thomas. Jean-Paul Sartre. Stanford Encyclopedia of Philosophy
  4. ↑ Zapffe, Peter Wessel, The Last Messiah. Philosophy Now

সম্পৰ্কিত শ্ৰেণী

মনোবিজ্ঞান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অস্তিত্বৰ সংকট” প্ৰবন্ধৰ সংশোধন ৩৯৯১০৪ (২৬ ডিচেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।