অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

ভয়েজাৰ ১

ভয়েজাৰ ১ হৈছে নাছাই সৌৰজগতৰ বহিৰাংশৰ গ্ৰহকেইটা অধ্যয়নৰ উদ্দেশ্যে প্ৰেৰণ কৰা এখন মহাকাশযান। ১৯৭৭ চনৰ ৫ চেপ্টেম্বৰত এই যানখন উৎক্ষেপণ কৰা হৈছিল। নাছাই সৌৰজগতৰ বহিৰাংশ অধ্যয়নৰ বাবে "ভয়েজাৰ প্ৰগ্ৰেম" নামৰ যি পৰিকল্পনা হাতত লৈছিল, ভয়েজাৰ ১ মহাকাশযানখনো ইয়াৰ অন্যতম অংশ।

হালনাগাদ: ১ নৱেম্বৰ ২০২৬ ২৬৪ শব্দ · ১ মিনিট সংগৃহীত ৫৬
সংশোধনৰ পৰামৰ্শ

ভয়েজাৰ ১ হৈছে নাছাই সৌৰজগতৰ বহিৰাংশৰ গ্ৰহকেইটা অধ্যয়নৰ উদ্দেশ্যে প্ৰেৰণ কৰা এখন মহাকাশযান। ১৯৭৭ চনৰ ৫ চেপ্টেম্বৰত এই যানখন উৎক্ষেপণ কৰা হৈছিল। নাছাই সৌৰজগতৰ বহিৰাংশ অধ্যয়নৰ বাবে "ভয়েজাৰ প্ৰগ্ৰেম" নামৰ যি পৰিকল্পনা হাতত লৈছিল, ভয়েজাৰ ১ মহাকাশযানখনো ইয়াৰ অন্যতম অংশ। "ভয়েজাৰ প্ৰগ্ৰেম" ৰ অধীনৰ প্ৰথমখন মহাকাশযান আছিল ভয়েজাৰ ২, যিখন ভয়েজাৰ ১ উৎক্ষেপণৰ মাত্ৰ ১৬ দিন আগেয়ে উৎক্ষেপণ কৰা হৈছিল। ভয়েজাৰ ১ৰ মূল বিশেষত্বটোৱে হৈছে যে এইখন আজিৰ দিনত পৃথিৱীৰ পৰা আটাইতকৈ দূৰত থকা মহাকাশযান। উৎক্ষেপণৰ দিন ধৰি যোৱা ৪০ বছৰতকৈও অধিক সময় এই মহাকাশযানখন নিৰন্তৰ চলনক্ষম হৈ আছে আৰু পৃথিৱীৰ পৰা ক্ৰমান্বয়ে আঁতৰি গৈ আছে। নাছাৰ 'ডিপ স্পেচ নেটৱৰ্ক'ৰ সহায়ত এতিয়াও ভয়েজাৰ ১ ৰ লগত বিজ্ঞানীসকলে সংযোগ ৰাখিছে।

সম্পৰ্কিত শ্ৰেণী

মহাকাশযান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভয়েজাৰ ১” প্ৰবন্ধৰ সংশোধন ৩৮২২৭৯ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।