অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

বেণ্ডৱাগন প্ৰভাৱ

বেণ্ডৱাগন প্ৰভাৱ হৈছে এটা বিশেষ প্ৰপঞ্চ। কোনো এটা বিশেষ সিদ্ধান্ত, ধাৰণা অথবা বিশ্বাসত পতিয়ন যোৱা মানুহৰ সংখ্যাটো বেছি হোৱাৰ লগে লগে সেইবোৰৰ গ্ৰহণযোগ্যতাৰ হাৰো বৃদ্ধি পাবলৈ ধৰে।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৩৬১ শব্দ · ২ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

বেণ্ডৱাগন প্ৰভাৱ হৈছে এটা বিশেষ প্ৰপঞ্চ। কোনো এটা বিশেষ সিদ্ধান্ত, ধাৰণা অথবা বিশ্বাসত পতিয়ন যোৱা মানুহৰ সংখ্যাটো বেছি হোৱাৰ লগে লগে সেইবোৰৰ গ্ৰহণযোগ্যতাৰ হাৰো বৃদ্ধি পাবলৈ ধৰে। অৰ্থাৎ, ধাৰণা নাইবা চিন্তা এটাৰ সমৰ্থনত একত্ৰিত হোৱা গোটটোৰ আকাৰ যিমানেই বাঢ়ি যায়, সিমানেই সেই চিন্তাটোৱে ব্যক্তিবিশেষৰ ব্যক্তিগত পৰ্যায়তো গ্ৰহণযোগ্যতাৰ সম্ভাৱিতা বঢ়ায়। বেণ্ডৱাগন প্ৰভাৱৰ বৈশিষ্ট্য এইটোৱেই।১

আন মানুহৰ বিশ্বাস আৰু কৰ্মপদ্ধতিক অনুকৰণ কৰাৰ প্ৰৱণতাটোৰ উৎপত্তি এইকাৰণেই হয় যে সমাজত থকা ব্যক্তি এজনে অইন এজন মানুহৰ পৰা তথ্য সংগ্ৰহ কৰে, অথবা মানুহজনে পোনপটীয়া সন্মতিক অগ্ৰাধিকাৰ দিয়ে। এই দুয়োটা ব্যাখ্যায়েই "সন্মতি"(Conformity)ৰ মনোবৈজ্ঞানিক পৰীক্ষাসমূহত প্ৰমাণ হিচাপে ব্যৱহৃত হৈছে। উদাহৰণস্বৰূপে "সামাজিক চাপ" ব্যৱহাৰ কৰি এ'ছৰ সন্মতিৰ পৰীক্ষাটো (Asch conformity experiments) ব্যাখ্যা কৰা হৈছিল।২আৰু "তথ্য"ক ব্যৱহাৰ কৰা হৈছিল ''চেৰিফৰ স্ব-গতিজ পৰীক্ষা"টো সম্পন্ন কৰিবলৈ।৩

এই ধাৰণাটোৰ মতে, এটা বিশেষ পণ্য বা প্ৰপঞ্চ বা মতবাদৰ ক্ৰমবৰ্ধমান জনপ্ৰিয়তাই অধিকসংখ্যক লোকক "বেণ্ডৱাগন"ত উঠিবলৈ (অৰ্থাৎ সমৰ্থিত চিন্তাটোক গ্ৰহণ কৰিবলৈ) উৎসাহিত কৰে। সমাজত "ফেশ্বন ট্ৰেণ্ড"ৰ সৃষ্টি কিয় হয়, সেইয়া আমি বেণ্ডৱাগেন প্ৰভাৱৰ দ্বাৰা বুজিব পাৰোঁ।৪

অইন মানুহৰ পৰা আহৰণ কৰা তথ্যৰ ভিত্তিত যেতিয়া ব্যক্তিবিশেষে যুক্তিসংগত নিৰ্বাচন(Choice)কৰে, তেতিয়া সেইসকল ব্যক্তিৰ বাবে এটা তথ্য-প্ৰপাত(Information Cascade)তাৎক্ষণিকভাৱে গঢ়ি উঠে, য'ত তেওঁলোকে ব্যক্তিগত সংকেতবোৰ পৰিহাৰ কৰিব পৰা অথবা অইন মানুহৰ আচৰণবোৰ অনুসৰণ কৰাৰ সিদ্ধান্তটো ল'ব পাৰে। এইটো প্ৰস্তাৱ আগবঢ়াইছে অৰ্থনীতিবিদসকলে।৫ আচৰণবোৰ কিয় ঠুনুকা-এই কৌতূহল তথ্য-প্ৰপাতৰ দ্বাৰা ব্যাখ্যা কৰিব পাৰি। কাৰণ মানুহে বুজে-যে তেওঁলোকে খুব কম তথ্যৰ লগতহে পৰিচিত। পৰিণতিস্বৰূপে, ফেশ্বন বা ধাৰাবোৰ সহজতেই গঢ় লৈ উঠে আৰু নিমিষতে বিচ্যুতও হয়। এনেধৰণৰ তথ্যজনিত প্ৰভাৱবোৰক ৰাজনৈতিক বেণ্ডৱাগনত প্ৰয়োগ কৰা হয়।৬

উৎপত্তি

বেণ্ডৱাগনৰ সংজ্ঞাটো আহিছে এখন বিশেষ মালবাহী ট্ৰাকৰ পৰা; যিয়ে এটা যাত্ৰা, চাৰ্কাচ বা অন্যান্য মনোৰঞ্জনধৰ্মী কাৰ্যসূচীৰ সময়ত এটা বেণ্ড বা দলক কঢ়িয়াই নিয়ে।৭"বেণ্ডৱাগনত উঠি লোৱা" (jump on the bandwagon) শীৰ্ষক ব্যাকাংশটি পোনপ্ৰথমবাৰৰ ব্যৱহৃত হৈছিল ১৮৪৮ চনত, আমেৰিকাৰ ৰাজনৈতিক ক্ষেত্ৰত- যেতিয়া সেইসময়ৰ এজন বিখ্যাত চাৰ্কাচৰ বিদূষক ডেন ৰাইচে নিজৰ বেণ্ডৱাগন আৰু তাৰ সংগীতৰ জৰিয়তে নিজৰ ৰাজনৈতিক আত্মপ্ৰকাশৰ অভিযানটোক চৰ্চাৰ মাজলৈ আনিব বিচাৰিছিল। তেওঁৰ অভিযানটো সফলতাৰ দিশে ধাৱমান হোৱাৰ লগে লগে বাকীসকল ৰাজনীতিবিদেও ডেন ৰাইচৰ সফলতা-প্ৰাপ্তিৰ লগত সংঘবদ্ধ হ'বলৈ বেণ্ডৱাগনত এটা আসন যোগাৰ কৰিবলৈ তৎপৰতা দেখুৱালে। পৰৱৰ্তী সময়ত, ১৯০০ চনত, উইলিয়াম জেনিংগছ ব্ৰায়ানৰ ৰাষ্ট্ৰপতিৰ প্ৰচাৰ-অভিযানৰ সময়ত বেণ্ডৱাগনৰ জৰিয়তে প্ৰচাৰ কৰাটো এটা বৈশিষ্ট্যৰ নিচিনা হৈ পৰিল।৮ তাৰ লগতে, "jump on the bandwagon" শব্দটোক মৰ্যাদাহানিকৰ ভাষা হিচাপে চিহ্নিত কৰা হ'ল। যাৰ অৰ্থ হ'ল-সম্পৰ্ক স্থাপন কৰা মানুহজনৰ বিশেষ একো সম্ভেদ নোলোৱাকৈয়ে তেওঁৰ সফলতাৰ লগত জড়িত হৈ পৰা।

তথ্যসূত্ৰ

  1. ↑ Colman, Andrew. (2003). Oxford Dictionary of Psychology. Oxford University Press. পৃ. 77. ISBN 0-19-280632-7
  2. ↑ Asch, S. E. (1955). Opinions and social pressure. Scientific American. পৃ. 31–35
  3. ↑ Sherif, M. (1936). The psychology of social norms. Harper Collins
  4. ↑ D. Stephen Long; Nancy Ruth Fox. (2007). Calculated Futures: Theology, Ethics, and Economics. Baylor University Press. পৃ. 56. ISBN 978-1-60258-014-5
  5. ↑ Bikhchandani, Sushil; Hirshleifer, David; Welch, Ivo. (1992). A Theory of Fads, Fashion, Custom, and Cultural Change as Informational Cascades. Journal of Political Economy. পৃ. 992–1026
  6. ↑ Lohmann, S. (1994). The Dynamics of Informational Cascades: The Monday Demonstrations in Leipzig, East Germany, 1989-91. World Politics. পৃ. 42–101
  7. ↑ Bandwagon
  8. ↑ Bandwagon Effect

সম্পৰ্কিত শ্ৰেণী

মনোবিজ্ঞানবোধগত পক্ষপাতিতা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বেণ্ডৱাগন প্ৰভাৱ” প্ৰবন্ধৰ সংশোধন ৬৩২০৩৩ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।