অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

ঋতুস্ৰাৱৰ সমন্বয়

ঋতুস্ৰাৱৰ সমন্বয় (Menstrual synchrony), যাক মেকক্লিনটক প্ৰভাৱ বা ৱেলেছলি প্ৰভাৱ বুলিও কোৱা হয়, হৈছে এক প্ৰতিদ্বন্দ্বিতামূলক প্ৰক্ৰিয়া য'ত যিসকল মহিলাই ওচৰা-ওচৰিকৈ বা একেলগে থাকিবলৈ আৰম্ভ কৰে তেওঁলোকে তেওঁলোকৰ ঋতুচক্ৰৰ আৰম্ভণিৰ ক্ষেত্ৰত পূৰ্বৰ পৃথককৈ থকাৰ তুলনাত অধিক সমন্বয়ৰ অভিজ্ঞতা লাভ কৰে।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৫৭৩ শব্দ · ৩ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

ঋতুস্ৰাৱৰ সমন্বয় (Menstrual synchrony), যাক মেকক্লিনটক প্ৰভাৱ ১ বা ৱেলেছলি প্ৰভাৱ বুলিও কোৱা হয়,২ হৈছে এক প্ৰতিদ্বন্দ্বিতামূলক প্ৰক্ৰিয়া য'ত যিসকল মহিলাই ওচৰা-ওচৰিকৈ বা একেলগে থাকিবলৈ আৰম্ভ কৰে তেওঁলোকে তেওঁলোকৰ ঋতুচক্ৰৰ আৰম্ভণিৰ ক্ষেত্ৰত পূৰ্বৰ পৃথককৈ থকাৰ তুলনাত অধিক সমন্বয়ৰ অভিজ্ঞতা লাভ কৰে। "উদাহৰণস্বৰূপে, গ্ৰীষ্মৰ আৰম্ভণিতে সাতগৰাকী মহিলা লাইফগাৰ্ডৰ আৰম্ভণিৰ বিতৰণ ভিন্ন-ভিন্ন হৈ আছিল, কিন্তু ৩ মাহ একেলগে কটোৱাৰ পিছত প্ৰতিগৰাকীৰ এই সাতটা চক্ৰৰ আৰম্ভণি ৪ দিনৰ ভিতৰত কমি যায়।" ৩

১৯৭১ চনত নেচাৰত প্ৰকাশিত মাৰ্থা মেকক্লিনটকৰ গৱেষণা পত্ৰত কোৱা হৈছে যে ঋতুচক্ৰৰ সমন্বয় ঘটে যেতিয়া দুগৰাকী বা তাতকৈ অধিক মহিলাৰ ঋতুচক্ৰৰ আৰম্ভণি আগৰ তুলনাত সময়ৰ লগে লগে কেইবামাহো একেলগে ওচৰ চাপি যায়।৩

প্ৰাৰম্ভিক অধ্যয়নৰ পিছত মেকক্লিনটকৰ অধ্যয়নকে ধৰি ঋতুস্ৰাৱৰ সমন্বয়ৰ ৰিপৰ্ট দিয়া অধ্যয়নত পদ্ধতিগত ত্ৰুটিৰ কথা উল্লেখ কৰি কেইবাখনো গৱেষণা পত্ৰ প্ৰকাশ কৰা হৈছিল। ইয়াৰ উপৰিও আন আন গৱেষণা প্ৰকাশ পাইছিল যিয়ে সমন্বয় বিচাৰি উলিয়াব পৰা নাছিল। প্ৰস্তাৱিত ব্যৱস্থাসমূহেও বৈজ্ঞানিক সমালোচনা লাভ কৰিছে। ২০০৬ আৰু ২০১৩ চনৰ পৰ্যালোচনাৰ সিদ্ধান্ত অনুসৰি ঋতুস্ৰাৱৰ সমন্বয় সম্ভৱতঃ নাই।৪৫৬৭

অৱলোকন

মাৰ্থা মেকক্লিনটকৰ মূল অধ্যয়ন

মাৰ্থা মেকক্লিণ্টকে আমেৰিকাৰ মেছাচুচেটছৰ মহিলা লিবাৰেল আৰ্টচ কলেজ ৱেলেছলি কলেজৰ ছাত্ৰীবাসত একেলগে বাস কৰা মহিলাসকলৰ মাজত ঋতুস্ৰাৱৰ সমন্বয়ৰ ওপৰত প্ৰথম অধ্যয়ন প্ৰকাশ কৰিছিল।

প্ৰস্তাৱিত কাৰণসমূহ

মেকক্লিনটকে অনুমান কৰিছিল যে ফেৰ'মনে ঋতুচক্ৰৰ সমন্বয়ৰ সৃষ্টি কৰিব পাৰে।৩৮ অৱশ্যে এই প্ৰস্তাৱত চান্দ্ৰ মাহ পৰ্যায়ৰ সৈতেও সমন্বয় থাকিব পাৰে বুলি উল্লেখ কৰিছিল।৭

মেকক্লিনটকৰ ফলাফলৰ প্ৰতিলিপি কৰাৰ প্ৰচেষ্টা

কোনো বৈজ্ঞানিক প্ৰমাণে চান্দ্ৰ মাহৰ অনুমানক সমৰ্থন নকৰে, ইয়াৰোপৰি ফেৰ'মন ব্যৱস্থাৰ ওপৰতো সন্দেহ কৰা হৈছে।৭৯

বৈজ্ঞান ভিত্তিক সাহিত্যত ঋতুস্ৰাৱৰ সমন্বয়ৰ উল্লেখ কৰা প্ৰাৰম্ভিক অধ্যয়নসমূহ প্ৰকাশ হ'বলৈ আৰম্ভ কৰাৰ পিছত আন গৱেষকসকলে ঋতুস্ৰাৱৰ সমন্বয় বিচাৰি পোৱাত ব্যৰ্থ হোৱাৰ কথা উল্লেখ কৰিবলৈ আৰম্ভ কৰে।১০১১

এই অধ্যয়নসমূহৰ পিছত প্ৰাৰম্ভিক অধ্যয়নত ব্যৱহৃত পদ্ধতিসমূহৰ সমালোচনা কৰা হয়, যিয়ে যুক্তি আগবঢ়াই যে, ব্যৱহৃত পদ্ধতিসমূহৰ পক্ষপাতিত্বই ঋতুস্ৰাৱৰ সমন্বয়ক এটা কৃত্ৰিমতা হিচাপে উপস্থাপন কৰে।১২১৩১৪১৫

এই পদ্ধতিগত সমালোচনাৰ কিছুমানৰ প্ৰতি লক্ষ্য ৰাখি শেহতীয়া অধ্যয়নসমূহে ঋতুস্ৰাৱৰ সমন্বয় বিচাৰি উলিয়াব পৰা নাই।১২৫৪

পৰিভাষা

এই অৱস্থাটোক বুজাবলৈ ব্যৱহাৰ কৰা সমন্বয় শব্দটো বিভ্ৰান্তিকৰ বুলি যুক্তি দিয়া হৈছে কাৰণ কোনো অধ্যয়নে কেতিয়াও ঋতুচক্ৰ কঠোৰভাৱে সামঞ্জস্যপূৰ্ণ হোৱা বুলি পোৱা নাই, তথাপিও ঋতুচক্ৰৰ সমন্বয়ক সময়ৰ লগে লগে ইটোৱে সিটোৰ ওচৰ চাপি অহাৰ পৰিঘটনাক বুজাবলৈ ব্যৱহাৰ কৰা হয়।১২

অনুমানৰ অৱস্থা

২০১৩ চনত ঋতুস্ৰাৱৰ সমন্বয়ৰ এক পদ্ধতিগত পৰ্যালোচনাত হেৰিছ আৰু ভিট্জথামে এই সিদ্ধান্তত উপনীত হয়, "এম এছ ঋতুস্ৰাৱৰ সমন্বয় চেন্সু ষ্ট্ৰিক্টোৰ অভিজ্ঞতাভিত্তিক প্ৰমাণৰ অভাৱৰ বাবে এই ধাৰণাটো গ্ৰহণ কৰাতকৈ অধিক ব্যাপক ভাৱে সন্দেহ থকা উচিত যেন লাগে" (পৃষ্ঠা ২৩৮ –২৩৯)।৭

সমন্বয়ৰ অভিজ্ঞতা এনে এক গাণিতিক সত্যৰ ফল হ'ব পাৰে যে বিভিন্ন কম্পাঙ্ক ঋতুচক্ৰসমূহ সময়ৰ লগে লগে বাৰে বাৰে অভিসৰণ আৰু বিচ্ছিন্ন হয় যিটো নেকি সমন্বয়ৰ প্ৰক্ৰিয়াৰ বাবে নহয়,৫ আৰু আকস্মিকভাৱে এনে ওপৰা-উপৰি হোৱাৰ সম্ভাৱনা অধিক।১২

বিৱৰ্তনশীল দৃষ্টিভংগী

ঋতুস্ৰাৱৰ সমন্বয় অভিযোজিত হ'ব নে নহয় সেই সম্পৰ্কে গৱেষকসকলৰ মাজত মতভেদ আছে।৭৮১২ মেকক্লিণ্টকে মত প্ৰকাশ কৰিছে যে ঋতুস্ৰাৱৰ সমন্বয় অভিযোজিত নহ'বও পাৰে বৰঞ্চ এপিফেন'মেননেল হ'ব পাৰে, যাৰ কোনো জৈৱিক প্ৰমাণ পোৱা হোৱা নাই।৮ অভিযোজিত কাৰ্য্যৰ ধাৰণা কৰাসকলে আগবঢ়োৱা এটা যুক্তি হ’ল যে- ঋতুস্ৰাৱৰ সমন্বয় প্ৰজনন সমন্বয়ৰ খুব বেছি সাধাৰণ পৰিঘটনাৰ এটা বিশেষ দিশহে, যিটো বন্যপ্ৰাণীৰ জনসংখ্যা অধ্যয়ন কৰা পৰিৱেশবিদসকলৰ বাবে এটা পৰিচিত পৰিঘটনা। ঋতুভিত্তিক হওক, জোৱাৰ-ভাটাৰ বা চন্দ্ৰৰ হওক, প্ৰজনন সমন্বয় এটা তুলনামূলকভাৱে সাধাৰণ ব্যৱস্থা যাৰ জৰিয়তে সহ-চক্ৰীয় স্ত্ৰীলিংগই স্থানীয় প্ৰজনন ব্যৱস্থাত অন্তৰ্ভুক্ত পুঙৰ সংখ্যা বৃদ্ধি কৰিব পাৰে।

ইয়াৰ বিপৰীতে এইটো যুক্তি দিয়া হৈছে যে যদিহে বহুসংখ্যক স্ত্ৰীলিংগৰ ঋতু চক্ৰৰ সমন্বয়ৰ সংখ্যা বেছি হয় তেন্তে তেওঁলোকে উচ্চমানৰ পুৰুষৰ বাবে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব; উচ্চমানৰ সংগীৰ বাবে স্ত্ৰী-স্ত্ৰীৰ মাজত প্ৰতিযোগিতা আৰম্ভ হ'ব আৰু তাৰ ফলত স্বাস্থ্যৰ অৱনতি ঘটিব। এনে ক্ষেত্ৰত নিৰ্বাচন সমন্বয় এৰাই চলাৰ অনুকূল হ'ব লাগে।১৬ নিয়াণ্ডাৰথেলৰ প্ৰজনন কৌশলক আধুনিক হোমো চেপিয়েন্সৰ পৰা পৃথক কৰা বিচ্ছিন্ন জলবায়ু ব্যৱস্থাসমূহ শেহতীয়াকৈ এই শব্দৰে বিশ্লেষণ কৰা হৈছে।১৭

বিৱৰ্তনৰ অতীতলৈ ঘূৰি চালে জৈৱিক ক্ষমতাৰ এটা সম্ভাৱ্য অভিযোজিত ভিত্তি হ'ব প্ৰজননৰ লেবেলিং কৰা: প্ৰাইমেটৰ মাজত যিকোনো প্ৰাকৃতিক ঘড়ীৰ সৈতে সমন্বয়ৰ ফলত আলফা মতাৰ বাবে একাধিক মাইকীৰ সৈতে উৰ্বৰ যৌন সম্পৰ্কক একচেটিয়া কৰাটো কঠিন হৈ পৰে।১৮১৯২০২১২২ এইটো বৰ্তমানৰ নন-ষ্ট'ৰে চিকাৰী-সংগ্ৰাহক সমাজৰ আকৰ্ষণীয় লিংগ সমতাবাদৰ সৈতে সামঞ্জস্যপূৰ্ণ হ'ব। ২৩

একেলগে বাস কৰাসকলে প্ৰকৃততে তেওঁলোকৰ ঋতুচক্ৰৰ সমন্বয় সাধন কৰে নেকি এই প্ৰশ্নটোৱে জনপ্ৰিয় সংবাদ মাধ্যমতো চৰ্চা লাভ কৰিছে।১২৪২৫২৬২৭

পৌৰাণিক কল্পনা আৰু পৰম্পৰা

at=fig. 105 }}</ref>
at=fig. 105 }}</ref>ছবি: Altg20April2nd · CC BY-SA 3.0

ঋতুস্ৰাৱৰ বহল মহাজাগতিক ছন্দৰ সৈতে মিল আছে – বা আদৰ্শগতভাৱে হ’ব লাগে – এই ধাৰণাটো সমগ্ৰ বিশ্বৰ পৰম্পৰাগত সম্প্ৰদায়ৰ এক 'মিথ' আৰু আচাৰ-অনুষ্ঠানৰ কেন্দ্ৰীয় অন্যতম দৃঢ় ধাৰণা।

ষ্ট্ৰিং প্ৰথমে বাকিংহাম বে'ৰ ওচৰৰ মুডাৱাত ৱাৱালিক চিষ্টাৰ দুগৰাকীয়ে বনাইছিল.... ভগ্নী কেইগৰাকীয়ে ভৰি দুখন বহলকৈ মেলি ইজনীয়ে সিজনীৰ ফালে চাই বহিছিল, আৰু সেই সময়তে দুয়োজনীৰ ঋতুস্ৰাৱ আৰম্ভ হৈছিল... প্ৰত্যেকেই পৰস্পৰৰ ঋতুস্ৰাৱৰ তেজৰে গোলকৈ জাল সদৃশ চিত্ৰ অংকন কৰি পিছত তেওঁলোকে ডিঙিত সেই তেজ লগায়।২৮

কালাহাৰীৰ! কুং চিকাৰী-সংগ্ৰাহকসকলে বিশ্বাস কৰে যে "যদি কোনো মহিলাই আন এগৰাকী মহিলাৰ ভৰিত ঋতুস্ৰাৱৰ তেজৰ লেখ-জোখ দেখা পায় বা আনকি আন এগৰাকী মহিলাৰ মাহেকীয়া আৰম্ভ হৈছে বুলিও কোৱা হয়, তেন্তে তেওঁৰ ঋতুস্ৰাৱ আৰম্ভ হ'ব।।" ২৯ উত্তৰ-পশ্চিম কেলিফৰ্ণিয়াৰ ইউৰক জনগোষ্ঠীৰ মাজত এটা নৃতাত্ত্বিক অধ্যয়নৰ মতে, "এখন ঘৰৰ যৌৱন প্ৰাপ্ত মহিলাৰ যিসকল গৰ্ভৱতী নাছিল, তেওঁলোকৰ সকলোৰে একে সময়তে ঋতুস্ৰাৱ হৈছিল...।" ৩০

তেখেতে কৈছিল যে তেওঁক ঋতুস্ৰাৱৰ নিয়মৰ নিৰ্দেশনা দিছিল তেওঁৰ মাতৃৰ ফালৰ জেঠায়েক আৰু আইতাকে, সেইসময়ত তেওঁলোক সুপৰিচিত, ৰক্ষণশীল ইউৰোক মহিলা আছিল.... যুৱতীগৰাকীৰ মতে, পুৰণি গাঁ‌ৱলীয়া জীৱনত সকলো ঘৰৰে যৌৱন প্ৰাপ্ত গৰ্ভৱতী নহোৱা মহিলাসকলৰ একে সময়তে ঋতুস্ৰাৱ হৈছিল, যিটো সময় চন্দ্ৰই নিৰ্ধাৰণ কৰিছিল বুলি তেওঁলোকে বিশ্বাস কৰিছিল; আৰু এই মহিলাসকলে এই সময়ত একেলগে গা ধোৱাৰ এক নিয়ম পালন কৰিছিল... যদি কোনো মহিলাৰ চন্দ্ৰ আৰু ঘৰৰ আন মহিলাসকলৰ সৈতে সমন্বয়ৰ অন্তৰ ঘটে, তেন্তে তেওঁ 'চন্দ্ৰৰ পোহৰত বহি চন্দ্ৰৰ সৈতে কথা পাতি, সুধি তেওঁৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ পুনৰ এই সমন্বয়ৰ মাজত সোমাব লাগিব। '৩১

বৈজ্ঞানিক বিৱৰণ

ঋতুস্ৰাৱৰ সমন্বয়ৰ পৰিঘটনা হ'ল দুগৰাকী বা তাতকৈ অধিক মহিলাৰ ঋতুচক্ৰ আৰম্ভ হোৱা সময়ৰ ঘনিষ্ঠতা।৩ ঋতুচক্ৰ আৰম্ভ হোৱাৰ অৰ্থত এই পৰিঘটনা অৱশ্যে প্ৰকৃততে সমন্বয় নহয়। 'ঋতুচক্ৰৰ সমন্বয়' অভিধাটো এতিয়াও হয়তো বিভ্ৰান্তিকৰভাৱে ব্যৱহাৰ হৈ আহিছে।১২ মাৰ্থা মেকক্লিনটকে ঋতুস্ৰাৱৰ সমন্বয়ৰ ওপৰত কৰা অধ্যয়ন, প্ৰথম প্ৰকাশিত অধ্যয়ন। তেওঁৰ প্ৰতিবেদনত ৱেলেছলি কলেজৰ ছাত্ৰাবাসত বাস কৰা স্নাতক মহিলাসকলৰ ঋতুস্ৰাৱৰ সমন্বয়ৰ বিষয়ে বিতংভাৱে উল্লেখ কৰা হৈছে।৩ তেতিয়াৰ পৰাই তেওঁৰ তথ্যৰ প্ৰতিলিপি কৰাৰ চেষ্টা কৰা হৈছে আৰু সমন্বয় কি পৰিস্থিতিত ঘটে,(যদি আছে) সেইটো নিৰ্ণয় কৰাৰ চেষ্টা কৰা হৈছে। তেওঁৰ কামৰ পিছত ঋতুস্ৰাৱৰ সমন্বয়ৰ ৰিপৰ্ট দিয়া অধ্যয়নসমূহে৩২৩৩৩৪৩৫৩৬৩৭৩৮৩৯ আৰু অন্যান্য অধ্যয়নসমূহে সমন্বয় বিচাৰি নাপালে।১২১০১১৫৪৪০৪১৪২৪৩৪৪

এইদৰে ১৯৮০ চনৰ পৰা ২০০০ চনৰ মাজভাগলৈকে কেইবাটাও অধ্যয়ন প্ৰকাশ পাইছিল, য’ত কলেজীয়া মহিলাসকলৰ ঋতুস্ৰাৱৰ সমন্বয়ৰ প্ৰতিলিপিকৰণৰ চেষ্টা কৰা হৈছিল, ঋতুস্ৰাৱৰ সমন্বয়ৰ পৰিস্থিতি নিৰ্ণয় কৰা হৈছিল আৰু এই অধ্যয়নসমূহ প্ৰকাশ পোৱাৰ লগে লগে উত্থাপিত হোৱা পদ্ধতিগত বিষয়সমূহৰ সমাধান কৰা হৈছিল।

তথ্যসূত্ৰ

  1. ↑ Gosline, Anna. (December 7, 2007). Do Women Who Live Together Menstruate Together?. Scientific American
  2. ↑ Sapolsky, Robert M. (2017). Behave: the biology of humans at our best and worst. পৃ. 11. ISBN 9780735222786
  3. ↑ McClintock, M. K. (1971). Menstrual Synchrony and Suppression. Nature. পৃ. 244–5
  4. ↑ Ziomkiewicz, Anna. (2006). Menstrual synchrony: Fact or artifact?. Human Nature. পৃ. 419–32
  5. ↑ Yang, Zhengwei; Schank, Jeffrey C. (2006). Women do not synchronize their menstrual cycles. Human Nature. পৃ. 433–47
  6. ↑ Schrank, Jeffrey C. (2006). Do human menstrual-cycle pheromones exist?. Human Nature. পৃ. 448–70
  7. ↑ Harris, Amy L.; Vitzthum, Virginia J. (2013). Darwin's Legacy: An Evolutionary View of Women's Reproductive and Sexual Functioning. Journal of Sex Research. পৃ. 207–46
  8. ↑ McClintock, MK. (1998). Whither menstrual synchrony?. Annual Review of Sex Research. পৃ. 77–95
  9. ↑ Strassmann, B. I. (1999). Menstrual synchrony pheromones: Cause for doubt. Human Reproduction. পৃ. 579–80
  10. ↑ Wilson, H; Kiefhaber, S; Gravel, V. (1991). Two studies of menstrual synchrony: Negative results. Psychoneuroendocrinology. পৃ. 353–9
  11. ↑ Trevathan, Wenda R.; Burleson, Mary H.; Gregory, W.Larry. (1993). No evidence for menstrual synchrony in lesbian couples. Psychoneuroendocrinology. পৃ. 425–35
  12. ↑ Strassmann, Beverly I. (February 1997). The Biology of Menstruation in Homo Sapiens: Total Lifetime Menses, Fecundity, and Nonsynchrony in a Natural-Fertility Population. Current Anthropology. পৃ. 123–129
  13. ↑ Wilson, H. (1992). A critical review of menstrual synchrony research. Psychoneuroendocrinology. পৃ. 565–91
  14. ↑ Schank, Jeffrey C. (2000). Menstrual-cycle variability and measurement: Further cause for doubt. Psychoneuroendocrinology. পৃ. 837–47
  15. ↑ Schank, Jeffrey C. (2001). Menstrual-cycle synchrony: Problems and new directions for research. Journal of Comparative Psychology. পৃ. 3–15
  16. ↑ Schank, Jeffrey C, Nonlinear Dynamics, Psychology, and Life Sciences (2004, 8(2):147–176
  17. ↑ Power, Camilla; Sommer, Volker; Watts, Ian. (2013). The Seasonality Thermostat: Female Reproductive Synchrony and Male Behavior in Monkeys, Neanderthals, and Modern Humans. PaleoAnthropology. পৃ. 33–60
  18. ↑ Turke, P. W. (1984). Effects of ovulatory concealment and synchrony on protohominid mating systems and parental roles. Ethology and Sociobiology. পৃ. 33–44
  19. ↑ Turke, P. W. 1988. Concealed ovulation, menstrual synchrony and paternal investment. in E. Filsinger (ed.), Biosocial Perspectives on the Family. Newbury Park, CA: Sage, pp. 119-136
  20. ↑ Ostner, J; Nunn, C. L.; Schülke, O. (2008). Female reproductive synchrony predicts skewed paternity across primates. Behavioral Ecology. পৃ. 1150–1158
  21. ↑ Carnes, L. M.; Nunn, C. L.; Lewis, R. J. (2011). Effects of the Distribution of Female Primates on the Number of Males. PLOS ONE. পৃ. e19853
  22. ↑ Power, C.; Sommer, V.; Watts, I. (2013). The Seasonality Thermostat: Female reproductive synchrony and male behaviour in monkeys, Neanderthals and modern humans. PaleoAnthropology. পৃ. 33–60
  23. ↑ Dyble, M.; Salali, G. D.; Chaudhary, N. (2015). Sex equality can explain the unique social structure of hunter-gatherer bands. Science. পৃ. 796–798
  24. ↑ Hall, Harriet. (Sep 6, 2011). Menstrual Synchrony: Do Girls Who Go Together Flow Together?. Science-Based Medicine
  25. ↑ MacLeod, Nadia. Menstrual Synchrony
  26. ↑ Adams, Cecil. (2002-12-20). Does menstrual synchrony really exist?. The Straight Dope
  27. ↑ O'connor, Anaha. (2008). The Claim: Menstrual Cycles Can Synchronize Over Time. The New York Times
  28. ↑ McCarthy, F. D. (1960). Records of the American-Australian Scientific Expedition in Arnhem Land. Anthropology and Nutrition 2. Melbourne University Press. পৃ. 415–513 [466]
  29. ↑ Shostak, M. (1983). Nisa. The life and words of a! Kung woman. Penguin. পৃ. 68
  30. ↑ Buckley, Thomas. (1982). Menstruation and the power of Yurok women: Methods in cultural reconstruction. American Ethnologist. পৃ. 47–60
  31. ↑ Buckley, T. (1988). Blood Magic: The anthropology of menstruation. University of California Press. পৃ. 187–209 [190–1]
  32. ↑ Graham, C.A.; McGrew, W.C. (1980). Menstrual synchrony in female undergraduates living on a coeducational campus. Psychoneuroendocrinology. পৃ. 245–52
  33. ↑ Quadagno, David M.; Shubeita, Huda E.; Deck, Joanne. (1981). Influence of male social contacts, exercise and all-female living conditions on the menstrual cycle. Psychoneuroendocrinology. পৃ. 239–44
  34. ↑ Weller, A; Weller, L. (1992). Menstrual synchrony in female couples. Psychoneuroendocrinology. পৃ. 171–7
  35. ↑ Weller, Leonard; Weller, Aron. (1993). Multiple influences on menstrual synchrony: Kibbutz roommates, their best friends, and their mothers. American Journal of Human Biology. পৃ. 173–9
  36. ↑ Weller, Aron; Weller, Leonard. (1993). Menstrual synchrony between mothers and daughters and between roommates. Physiology & Behavior. পৃ. 943–9
  37. ↑ Weller, Aron; Weller, Leonard. (1997). Menstrual synchrony under optimal conditions: Bedouin families. Journal of Comparative Psychology. পৃ. 143–51
  38. ↑ Weller, Leonard; Weller, Aron; Roizman, Shoshana. (1999). Human menstrual synchrony in families and among close friends: Examining the importance of mutual exposure. Journal of Comparative Psychology. পৃ. 261–8
  39. ↑ Weller, Leonard; Weller, Aron; Koresh-Kamin, Hagit. (1999). Menstrual synchrony in a sample of working women. Psychoneuroendocrinology. পৃ. 449–59
  40. ↑ Jarett, L. (1984). Psychosocial and biological influences on menstruation: Synchrony, cycle length, and regularity. Psychoneuroendocrinology. পৃ. 21–8
  41. ↑ Cepický, P.; Mandys, F.; Hlavicka, L. (December 1996). Absence of menstrual cycle synchronization in mentally affected women living in a social welfare institute. Homeostasis in Health and Disease. পৃ. 249–52
  42. ↑ Weller, Aron; Weller, Leonard. (1995). Examination of menstrual synchrony among women basketball players. Psychoneuroendocrinology. পৃ. 613–22
  43. ↑ Weller, Aron; Weller, Leonard. (1995). The impact of social interaction factors on menstrual synchrony in the workplace. Psychoneuroendocrinology. পৃ. 21–31
  44. ↑ Weller, Aron; Weller, Leonard. (1998). Prolonged and very intensive contact may not be conducive to menstrual synchrony. Psychoneuroendocrinology. পৃ. 19–32

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঋতুস্ৰাৱৰ সমন্বয়” প্ৰবন্ধৰ সংশোধন ৬৩১৯৩২ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।