অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

সেউজ গৃহ গেছ পৰ্যবেক্ষণ উপগ্ৰহ

সেউজ গৃহ গেছ পৰ্যবেক্ষণ উপগ্ৰহ (GOSAT), ইবুক (জাপানী: いぶき, হেপবাৰ্ন: ইবুকি; অৰ্থাৎ "উশাহ") নামেৰেও জনাজাত, হৈছে পৃথিৱী পৰ্যবেক্ষণ উপগ্ৰহ আৰু সেউজ গৃহ গেছ নিৰীক্ষণৰ বাবে নিবেদিত বিশ্বৰ প্ৰথম উপগ্ৰহ। ই পৃথিৱীৰ বায়ুমণ্ডলৰ ৫৬,০০০ স্থানৰপৰা কাৰ্বন ডাই অক্সাইড আৰু মিথেনৰ ঘনত্ব জুখিব পাৰে।

হালনাগাদ: ৮ জুলাই ২০২৬ ১৫১ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

সেউজ গৃহ গেছ পৰ্যবেক্ষণ উপগ্ৰহ (GOSAT), ইবুক (জাপানী: いぶき, হেপবাৰ্ন: ইবুকি; অৰ্থাৎ "উশাহ"১) নামেৰেও জনাজাত, হৈছে পৃথিৱী পৰ্যবেক্ষণ উপগ্ৰহ আৰু সেউজ গৃহ গেছ নিৰীক্ষণৰ বাবে নিবেদিত বিশ্বৰ প্ৰথম উপগ্ৰহ।২ ই পৃথিৱীৰ বায়ুমণ্ডলৰ ৫৬,০০০ স্থানৰপৰা কাৰ্বন ডাই অক্সাইড আৰু মিথেনৰ ঘনত্ব জুখিব পাৰে।৩ জাপান মহাকাশ অন্বেষণ সংস্থা (JAXA)দ্বাৰা GOSAT বিকশিত কৰা হৈছিল আৰু উৎক্ষেপণ কৰা হৈছিল ২০০৯ চনৰ ২৩ জানুৱাৰীত টানেগাছিমা মহাকাশ কেন্দ্ৰৰপৰা।৩ জাপানৰ পৰিৱেশ মন্ত্ৰ্যালয়, আৰু নেচনেল ইনষ্টিটিউট ফৰ এনভাইৰনমেণ্টেল ষ্টাডিজ (NIES)৪ এ এই তথ্যসমূহ ব্যৱহাৰ কৰি সেউজ গৃহ প্ৰভাৱৰ কাৰণ হোৱা গেছসমূহ অনুসৰণ কৰে আৰু তথ্যসমূহ নাছা আৰু অন্যান্য আন্তঃৰাষ্ট্ৰীয় বৈজ্ঞানিক সংস্থাসমূহৰ সৈতে ভাগ-বতৰা কৰে।২

উৎক্ষেপণ

জাপানৰ প্ৰাথমিক বৃহৎ পৰিসৰৰ ব্যয়যোগ্য উৎক্ষেপণ ব্যৱস্থা H-IIA ব্যৱহাৰ কৰি আন সাতটা পিগিবেক প্ৰ'বৰ সৈতে GOSATক ২০০৯ চনৰ ২৩ জানুৱাৰী UTC তাৰিখে পুৱা ৩:৫৪ বজাত দক্ষিণ জাপানৰ এটা সৰু দ্বীপ Tanegashima ত প্ৰতিকূল বতৰৰ বাবে দুদিনীয়া পলম হোৱাৰ পিছত উৎক্ষেপণ কৰা হয়।৩২ উৰণৰ প্ৰায় ১৬ মিনিটৰ পিছত ইবুক উৎক্ষেপণ ৰকেটৰপৰা পৃথক হোৱাটো নিশ্চিত কৰা হয়।৫

সঁজুলি

JAXA ৰ মতে ইবুক উপগ্ৰহটোত সেউজ গৃহ গেছ পৰ্যবেক্ষণ চেন্সৰ (TANSO-FTS) আৰু TANSO-FTS ৰ পৰিপূৰক ক্লাউড/এৰ’ছল চেন্সৰ (TANSO-CAI) আছে। ইবুকিৰ সেউজ গৃহ গেছ পৰ্যবেক্ষণ সংবেদকে পৰ্যবেক্ষণৰ সঠিকতা বৃদ্ধি কৰিবলৈ অতি ৰঙা বেণ্ডৰ ভিতৰত বহুতো তৰংগদৈৰ্ঘ্য (নিকট অতি ৰঙা অঞ্চল–তাপীয় অতি ৰঙা অঞ্চল) পৰ্যবেক্ষণ কৰে।৫ উপগ্ৰহটোৱে স্পেকট্ৰ’মিটাৰ ব্যৱহাৰ কৰি বিভিন্ন মৌল আৰু যৌগবোৰ কিছুমান বিশেষ ধৰণৰ পোহৰৰ প্ৰতি সঁহাৰিৰ ভিত্তিত জুখিব পাৰে। এই প্ৰযুক্তিয়ে উপগ্ৰহটোক "বায়ুমণ্ডলত সেউজ গৃহ গেছৰ ঘনত্ব অতি উচ্চ ৰিজ'লিউচনত" জুখিব পাৰে।৬

গোছাট-২

সেউজ গৃহ গেছ পৰ্যবেক্ষণকাৰী উপগ্ৰহ-২ টানেগাছিমা মহাকাশ কেন্দ্ৰৰ পৰা এইচ-আই আই এ ৰকেটৰ দ্বাৰা ২০১৮ চনৰ ২৯ অক্টোবৰত উৎক্ষেপণ কৰা হৈছিল।৭

তথ্যসূত্ৰ

  1. ↑ (15 October 2008). 'IBUKI' Chosen as Nickname of the Greenhouse Gases Observing Satellite (GOSAT). JAXA
  2. ↑ (23 January 2009). Japan launches rocket with greenhouse-gas probe. Associated Press
  3. ↑ Fujioka, Chisa. (23 January 2009). Japan launches satellite to monitor greenhouse gases. Reuters
  4. ↑ 国立環境研究所. Nies.go.jp
  5. ↑ Greenhouse gases Observing SATellite "IBUKI"(GOSAT). Japan Aerospace Exploration Agency
  6. ↑ Gerein, Keith. (21 January 2009). Alta. scientists to track greenhouse gases from space. Calgary Herald
  7. ↑ Graham, William. (October 28, 2018). Japanese H-IIA launches GOSAT-2 Earth Observation Satellite launch. nasaspaceflight.com

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সেউজ গৃহ গেছ পৰ্যবেক্ষণ উপগ্ৰহ” প্ৰবন্ধৰ সংশোধন ৬১৬১৫৬ (৮ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।