অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

আদ্যপ্ৰাণী

আদ্যপ্ৰাণী বা প্ৰ'ট'জ'ৱা হৈছে এককোষী সংকোষকেন্দ্ৰীৰ বাবে ব্যৱহাৰ কৰা এটা সাধাৰণ নাম। এই জীৱবোৰ স্ব−জীৱি নাইবা পৰজীৱি, যিবোৰে জৈৱ পদাৰ্থ যেনে অন্য সুক্ষ্মজীৱ বা জৈৱ কলা আৰু অৱশেষ আহাৰ হিচাপে গ্ৰহণ কৰি জীয়াই থাকে।

হালনাগাদ: ৭ আগষ্ট ২০২৬ ৪৭১ শব্দ · ৩ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

আদ্যপ্ৰাণী বা প্ৰ'ট'জ'ৱা হৈছে এককোষী সংকোষকেন্দ্ৰীৰ বাবে ব্যৱহাৰ কৰা এটা সাধাৰণ নাম। এই জীৱবোৰ স্ব−জীৱি নাইবা পৰজীৱি, যিবোৰে জৈৱ পদাৰ্থ যেনে অন্য সুক্ষ্মজীৱ বা জৈৱ কলা আৰু অৱশেষ আহাৰ হিচাপে গ্ৰহণ কৰি জীয়াই থাকে।১২ ঐতিহাসিকভাৱে আদ্যপ্ৰাণীবোৰ, "এককোষী প্ৰাণী" বুলি গণ্য কৰা হৈছিল, কাৰণ ইহঁতৰ স্বভাৱ প্ৰাণীৰ দৰে, আৰু উদ্ভিদ বা অন্য প্ৰায়বোৰ শেলাইৰ দৰে ইহঁতৰ কোষ বেৰ নাথাকে।৩৪ আদিতে ইহঁতক প্ৰাণী বুলি গণ্য কৰা হৈছিল বৰ্তমান যদিও বৰ্তমান ই বৈধ নহয়। বৰ্তমান মুক্তভাৱে জীয়াই থকা পৰপোষী এককোষী জীৱৰ চিনাক্তকৰণত আদ্যপ্ৰাণী শব্দটো ব্যৱহাৰ কৰা হয়।

কিছুমান জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজনত, প্ৰ'ট'জ'ৱা এক উচ্চ-পৰ্যায়ৰ বৰ্গীয় গোট। ১৮১৮ চনত প্ৰথম চিনাক্তকৰণত ইয়াক বৰ্গীকৰণৰ শ্ৰেণী হিচাপে ৰখা হৈছিল, কিন্তু পৰৱৰ্তী সময়ৰ শ্ৰেণীবিভাজনত ইয়াক পৰ্ব, উপৰাজ্য আৰু জগতৰ দৰে উচ্চ স্থানত স্থান দিয়া হয়। থমাছ কেভেলিয়াৰ-স্মিথ আৰু তেঁওৰ সহযোগীসকলে প্ৰস্তাৱ কৰা শ্ৰেণীবিভাজনত ইয়াক ১৯৮১ চনৰ পৰা এক জগৎ হিচাপে স্থান দিছিল।৫৬৭ ২০১৫ চনত ৰুজেৰ’ আৰু তেঁওৰ সহযোগীসকলে প্ৰস্তাৱ কৰা সাত−ৰাজ্য পদ্ধতিত প্ৰ'ট'জ'ৱাৰ অন্তৰ্গত বিভাগবোৰ হৈছে: ইউগ্লেন'জ'ৱা, এমিব'জ'ৱা, মেটাম'নাডা, চোৱান'জ'ৱা ছেন্সো কেভেলিয়াৰ-স্মিথ, ল'ক'জ'ৱা, পেৰক'ল'জ'ৱা, মাইক্ৰ'স্পৰিডিয়া আৰু ছালক'জ'ৱা। উল্লেখ্য যে, এই ৰাজ্যত পৰম্পৰাগতভাৱে প্ৰ'ট'জ'ৱাত স্থান দিয়া চিলিয়েট, ডাইন'ফ্লেজেলেট, ফ'ৰমিনিফেৰা, আৰু পৰজীৱি এপিকমপ্লেক্সান্স আদিক বাদ দিয়া হৈছে, এইবোৰক ক্ৰ'মিষ্টা নামৰ অন্য এক ৰাজ্যত অন্তৰ্ভূক্ত কৰা হৈছে। এই পদ্ধতিৰ সংজ্ঞামতে, প্ৰ'ট'জ'ৱা ৰাজ্য প্ৰকৃততে এক প্ৰাকৃতিক গোট বা ক্লেড নহয়, কিন্তু ই এটা পেৰাফাইলেটিক গোট বা বিৱৰ্তিত পৰ্যায় (evolutionary grade), যাৰ পৰা ভেঁকুৰ, প্ৰাণী আৰু ক্ৰ'মিষ্টাৰ সদস্যবোৰ বিৱৰ্তিত হৈছে বুলি ভবা হয়।

বৈশিষ্ট

আকাৰ

পাৰম্পৰিকভাৱে আদ্যপ্ৰাণী বুলি কোৱা জীৱবোৰ ১ মাইক্ৰ'মিটাৰৰ পৰা কেইবা মিলি মিটাৰলৈকে হ'ব পাৰে।৮ ডাঙৰ আকাৰৰ আদ্যপ্ৰাণী বোৰৰ ভিতৰত এককোষী জেন'ফাইঅ'ফ'ৰ (xenophyophores)ৰ কোষৰ ব্যাস ২০ ছেমি পৰ্যন্ত হয়।৯

চিলিয়াযুক্ত ''Spirostomum ambiguum'' ৩ মিমিৰলৈকে দীঘল হয়।
চিলিয়াযুক্ত Spirostomum ambiguum ৩ মিমিৰলৈকে দীঘল হয়।ছবি: CC BY-SA 4.0
SpeciesCell typeSize in micrometres
Plasmodium falciparumমেলেৰিয়া Parasite, trophozoite phase১০1-2
Massisteria voersifree-living Cercozoan amoeboid১১2.3–3
Bodo saltansfree living kinetoplastid flagellate১২5-8
Plasmodium falciparumমেলেৰিয়া parasite, gametocyte phase১৩7-14
Trypanosoma cruziparasitic kinetoplastid, Chagas disease১৪14-24
Entamoeba histolyticaparasitic Amoebozoan১৫15–60
Balantidium coliparasitic ciliate১৬50-100
Paramecium caudatumfree-living ciliate১৭120-330
Amoeba proteusfree-living amoebozoan১৮220–760
Noctiluca scintillansfree-living Dinoflagellate১৯700–2000
Syringammina fragilissimaForaminiferan amoeboid৯up to

বাসস্থান

আদ্যপ্ৰাণী সমূহ অলুনীয়া, ক্ষাৰকীয় আৰু লুনীয়া পানীৰ লগতে মাটি আৰু মছৰ দৰে অন্য সেমেকা পৰিৱেশত,২০ আৰু অতিলুনীয়া হ্ৰদ আৰু উপহ্ৰদত বাস কৰে।২১ সকলো আদ্যপ্ৰাণীকে এক সেমেকা পৰিৱেশৰ প্ৰয়োজন হয়; যদিও কিছুমান চিষ্ট (resting cysts) তৈয়াৰ কৰি বহু দীঘলীয়া সময়লৈকে শুকান পৰিৱেশত বাস কৰিব পাৰে।

পোষণ

সকলো আদ্যপ্ৰাণী পৰপোষী, অন্য জীৱৰ সম্পূৰ্ণৰূপে ভক্ষণ কৰি, সিহঁতৰ জৈৱ পদাৰ্থ নাইবা বৰ্জনীয় পদাৰ্থ শোষণ কৰি পোষণ লাভ কৰে।

চলন

চিলিয়া, ফ্ৰেজেলা নাইবা কুটপদৰ দ্বাৰা চলাচল কৰে, কিছুমানে চলাচল কৰিব নোৱাৰে।

পেলিকল

উদ্ভিদ, শেলাই আৰু ভেঁকুৰৰ দৰে আদ্যপ্ৰাণীৰ কোষত কোষবেৰ নাথাকে। ইহঁতৰ কোষৰ চাৰিওফালে পেলিকল নামৰ এখন জটিল আৱৰণী থাকে। ই ইহঁতৰ কোষক সুৰক্ষা প্ৰদান কৰে। সকলো আদ্যপ্ৰাণীৰো পেলিকল নাথাকে।২২

চিলিয়াযুক্ত ''Dileptus viridis''ৰ চিষ্ট।
চিলিয়াযুক্ত Dileptus viridisৰ চিষ্ট।ছবি: Deuterostome · CC BY-SA 4.0

জীৱন চক্ৰ

পৰজীৱি ''Toxoplasma gondii''ৰ জীৱন চক্ৰ
পৰজীৱি Toxoplasma gondiiৰ জীৱন চক্ৰছবি: LadyofHats · Public domain

কিছুমান আদ্যপ্ৰাণীৰ দুটা পৰ্যায়ৰ জীৱন চক্ৰ থাকে। সেমেকা পৰিৱেশত সাধাৰণ ভাৱে জীয়াই থাকে আৰু গৰম তথা শুকান পৰিৱেশত চিষ্টৰ ৰূপত থাকে।

তথ্যসূত্ৰ

  1. ↑ Panno, Joseph. (14 May 2014). The Cell: Evolution of the First Organism. Infobase Publishing. ISBN 9780816067367
  2. ↑ Bertrand, Jean-Claude; Caumette, Pierre; Lebaron, Philippe. (2015-01-26). Environmental Microbiology: Fundamentals and Applications: Microbial Ecology. Springer. ISBN 9789401791182
  3. ↑ Madigan, Michael T. (2012). Brock Biology of Microorganisms. Benjamin Cummings. ISBN 9780321649638
  4. ↑ Yaeger, Robert G. (1996). Protozoa: Structure, Classification, Growth, and Development. NCBI. ISBN 9780963117212
  5. ↑ Cavalier-Smith, Thomas. (1981). Eukaryote kingdoms: seven or nine?. Bio Systems. পৃ. 461–481
  6. ↑ Cavalier-Smith, Thomas. (December 1993). Kingdom protozoa and its 18 phyla. Microbiological Reviews. পৃ. 953–994
  7. ↑ Cavalier-Smith, Thomas. (23 June 2010). Kingdoms Protozoa and Chromista and the eozoan root of the eukaryotic tree. Biology Letters. পৃ. 342–345
  8. ↑ Singleton, Paul; Sainsbury, Diana. (2001). Dictionary of microbiology and molecular biology. Wiley. ISBN 9780471941507
  9. ↑ Gooday, A.J.; Aranda da Silva, A. P.; Pawlowski, J. (1 December 2011). Xenophyophores (Rhizaria, Foraminifera) from the Nazaré Canyon (Portuguese margin, NE Atlantic). Deep-Sea Research Part II: Topical Studies in Oceanography. পৃ. 2401–2419
  10. ↑ Ghaffar, Abdul. Blood and Tissue Protozoa. Microbiology and Immunology On-Line
  11. ↑ Mylnikov, Alexander P.; Weber, Felix; Jürgens, Klaus. (August 2015). Massisteria marina has a sister: Massisteria voersi sp. nov., a rare species isolated from coastal waters of the Baltic Sea. European Journal of Protistology. পৃ. 299–310
  12. ↑ Mitchell, Gary C.; Baker, J. H.; Sleigh, M. A. (1 May 1988). Feeding of a freshwater flagellate, Bodo saltans, on diverse bacteria. The Journal of Protozoology. পৃ. 219–222
  13. ↑ Ghaffar, Abdul. Blood and tissue Protozoa. Microbiology and Immunology On-Line
  14. ↑ Trypanosoma brucei. parasite.org.au
  15. ↑ Microscopy of Entamoeba histolytica. msu.edu
  16. ↑ Lehman, Don. Diagnostic parasitology. University of Delaware
  17. ↑ Taylor, Bruce. Paramecium caudatum. Encyclopedia of Life
  18. ↑ Amoeba proteus · Microworld. www.arcella.nl
  19. ↑ (2011-11-30). Noctiluca scintillans. University of Tasmania, Australia
  20. ↑ Sheehan, Kathy B. (2005). Seen and Unseen: Discovering the Microbes of Yellowstone. Falcon. ISBN 9780762730933
  21. ↑ Post, F. J.; Borowitzka, L. J.; Borowitzka, M. A. (1983-09-01). The protozoa of a Western Australian hypersaline lagoon. Hydrobiologia. পৃ. 95–113
  22. ↑ Protozoa in biological research

সম্পৰ্কিত শ্ৰেণী

বৈজ্ঞানিক শ্ৰেণীবিন্যাস

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আদ্যপ্ৰাণী” প্ৰবন্ধৰ সংশোধন ৬২৪৫৯৩ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।