শ্বেত ৰক্ত কণিকা বা শ্বেত ৰক্ত কোষ, যাক লিউক’ছাইটছ বুলিও কোৱা হয়, হৈছে সংক্ৰমণ আৰু বাহ্যিক আক্ৰমণকাৰীৰ (বীজাণু) পৰা দেহক ৰক্ষা কৰা প্ৰতিৰোধ তন্ত্ৰৰ কিছুমান কোষ। সকলো শ্বেত ৰক্ত কোষ মেৰু মজ্জাত থকা হিমেট'পেটিক ষ্টীম ছেল নামৰ এবিধ বহু ক্ষমতাসম্পন্ন কোষৰ পৰা সৃষ্টি হয়। তেজ আৰু লসিকা তন্ত্ৰকে ধৰি দেহৰ সকলো অংগতে শ্বেত ৰক্ত কোষ পোৱা যায়।১
শ্বেত ৰক্ত কোষবোৰৰ কোষ কেন্দ্ৰই ইহঁতক অন্য ৰক্ত কোষ, লোহিত ৰক্ত কোষ আৰু অনুচক্ৰিকাৰ পৰা পৃথক কৰে। কিছুমান শ্বেতৰক্তকণিকাৰ কোষপ্ৰৰস দানাযুক্ত (Granular) আৰু আন কিছুমান দানাবিহীন(Agranular)। শ্বেত ৰক্ত কোষ প্ৰধানকৈ পাঁচ প্ৰকাৰৰ: নিউট্ৰ’ফিল, ইয়’ছিন’ফিল (acidophilus), বেছ’ফিল, লিম্ফ’চাইট, আৰু মন’চাইট।২ গাঁথনিক আৰু কাৰ্যভিত্তিক বৈশিষ্ট্যৰ ওপৰত নিৰ্ভৰ কৰি এই ভাগসমূহ কৰা হৈছে। মন’চাইট আৰু নিউট্ৰ’ফিলবোৰ বীজাণুধ্বংসকাৰী কোষ। ইয়াৰোপৰি কিছুমান উপ-বিভাগো আছে, যেনে লিম্ফ’চাইটৰ উপ-বিভাগ সমূহ হৈছে: বি কোষ, টি কোষ, আৰু এন.কে. কোষ।
তেজত লিউক’চাইটৰ পৰিমাণ গণনাৰ দ্বাৰা প্ৰায়ে ৰোগ নিৰ্ধাৰণ কৰা হয়। সেয়ে সম্পূৰ্ণ ৰক্তকোষৰ গণনাত শ্বেত ৰক্ত কোষৰ গণনা (WBC count) এটা অতি প্ৰয়োজনীয় উপাদান। সাধাৰণ শ্বেত ৰক্ত কোষৰ হিচাপ হৈছে ৪ × ১০৯/লিটাৰৰ পৰা ১.১ × ১০১০/লিটাৰৰ ভিতৰত। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সাধাৰণতে প্ৰতি মাইক্ৰ’লিটাৰ তেজত ৪,০০০ৰ পৰা ১১,০০০ শ্বেত ৰক্ত কোষ থকা বুলি প্ৰকাশিত হৈছে।৩ এজন স্বাস্থ্যবান পূৰ্ণবয়স্ক পুৰুষৰ মুঠ তেজৰ আয়তনৰ প্ৰায় ১% হৈছে শ্বেত ৰক্ত কোষ,৪ যিটো তুলনামূলকভাবে লোহিত ৰক্ত কোষতকৈ (৪০% ৰ পৰা ৪৫%) নিচেই কম যদিও এই এক শতাংশই স্বাস্থ্যৰ ওপৰত বিশেষ প্ৰভাৱ পেলায়, কিয়নো দেহৰ প্ৰতিৰক্ষা ইহঁতৰ ওপৰতেই নিৰ্ভৰ কৰে। লিউক’চাইটৰ সংখ্যা ইয়াৰ সাধাৰণ স্তৰতকৈ বৃদ্ধি হোৱাক লিউক’চাইট’ছিছ বোলে। ই কেতিয়াবা বিপদজনকো হ’ব পাৰে। লিউক’চাইটৰ সংখ্যা কমি গ’লে তাক লিউক’পেনিয়া বোলে, ই দুৰ্বল প্ৰতিৰক্ষা তন্ত্ৰৰ চিন।
তথ্যসূত্ৰ
- ↑ Maton, D.; Hopkins, J.; McLaughlin, C. W. (1997). Human Biology and Health. Prentice Hall. ISBN 0-13-981176-1
- ↑ LaFleur-Brooks, M. (2008). Exploring Medical Language: A Student-Directed Approach. Mosby Elsevier. পৃ. 398. ISBN 978-0-323-04950-4
- ↑ Vital and Health Statistics Series 11, No. 247 (03/2005)
- ↑ Alberts, B.; Johnson, A.; Lewis, J. (2002). Molecular Biology of the Cell. Garland Science. ISBN 0-8153-4072-9
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্বেত ৰক্ত কণিকা” প্ৰবন্ধৰ সংশোধন ৬৩২৭৯২ (২৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।