অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

ছিটা

ছিটা বা প্ৰতিষেধক ছিটা (Vaccine) হৈছে এক ধৰণৰ ৰাসায়নিক যৌগ বা মিশ্ৰণ যি দেহত এণ্টিবডি তৈয়াৰ হোৱা প্ৰক্ৰিয়াক উত্তেজিত কৰি দেহৰ কোনো ৰোগৰ বাবে প্ৰতিৰোধ ক্ষমতা বা অসংক্ৰামতা জন্মাত সহায় কৰে৷ কোনো প্ৰাণীৰ দেহত ৰোগ সৃষ্টিকাৰী ভাইৰাছ, বেক্টেৰিয়া ইত্যাদিৰ জীৱিত (যাৰ ৰোগ সৃষ্টিকাৰী ক্ষমতা শূন্য) বা…

হালনাগাদ: ৩০ অক্টোবৰ ২০২৫ ৩৮১ শব্দ · ২ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

ছিটা বা প্ৰতিষেধক ছিটা (Vaccine) হৈছে এক ধৰণৰ ৰাসায়নিক যৌগ বা মিশ্ৰণ যি দেহত এণ্টিবডি তৈয়াৰ হোৱা প্ৰক্ৰিয়াক উত্তেজিত কৰি দেহৰ কোনো ৰোগৰ বাবে প্ৰতিৰোধ ক্ষমতা বা অসংক্ৰামতা জন্মাত সহায় কৰে৷১ কোনো প্ৰাণীৰ দেহত ৰোগ সৃষ্টিকাৰী ভাইৰাছ, বেক্টেৰিয়া ইত্যাদিৰ জীৱিত (যাৰ ৰোগ সৃষ্টিকাৰী ক্ষমতা শূন্য) বা মৃতদেহ বা কোনো অংশবিশেষৰ পৰা এই ঔষধ প্ৰস্তুত কৰা হয়। ই প্ৰাণীৰ দেহত সেই ভাইৰাছ বা বেক্টেৰিয়াৰ বিৰুদ্ধে প্ৰতিদেহ সৃষ্টি কৰে। কোনো ৰোগৰ ছিটা হল কেবলমাত্ৰ সেই নিৰ্দিষ্ট ৰোগটোৰ বিৰুদ্ধে প্ৰতিৰোধক্ষমতা বৰ্ধনকাৰী ক্ৰিয়া সম্পন্ন জৈব উপাচাৰ যা ছিটাকৰণ। এই ঔষধ ত্বক বেজিৰে ফুটাই দিয়া হয় বা অন্য উপায়ে যেনে খোৱা টোপাল (যেনে পলিঅ' ছিটা বা অৰেল পলিঅ' ভেকছিন) হিচাপে দিয়া হয়। ইয়াত সাধাৰণতে মৃতপ্ৰায় বা মৃত জীবাণু অথবা তাৰ বিষৰ পৰা তৈয়াৰ কৰা ৰোগ সৃষ্টিকাৰী জীবাণু-সদৃশ উপাদান থাকে। দেহে উক্ত উপাদানটোক বহিৰাগত হিচাপে চিনাক্ত কৰে, তাক ধ্বংস কৰে আৰু স্মৃতিত সংৰক্ষণ কৰি অসংক্ৰামতাক উদ্দীপিত কৰে, যাতে পৰবৰ্তী সময়ত দেহ অসংক্ৰাম্য হৈ সেই সমস্ত জীবাণুক খুব সহজে পৰবৰ্তী অনুপ্ৰবেশত চিনাক্ত আৰু ধবংস কৰিব পাৰে।

আবিষ্কাৰ

১৭৯৬ চনত এডৱাৰ্ড জেনাৰে লক্ষ্য কৰে যে গোৱালিনী সকল (cow-maid) বসন্ত (small pox) ৰোগত আক্ৰান্ত নহয়। তেওঁ প্ৰমাণ কৰে গোৱালিনীৰ তেজ গৰুৰ বসন্ত সংক্ৰমিত তেজ আৰু সেই তেজ (ছিটা, inoculation) তেওঁ জেমছ ফিলিপ নামৰ ৮ বছৰ বয়সৰ এজন সুস্থ ল'ৰাক দিয়ে। সামান্য বসন্তৰ উপসৰ্গৰ পিছত সি আকৌ সম্পূৰ্ণ সুস্থ হৈ উঠে আৰু সি বসন্তৰ আক্ৰমণ প্ৰতিৰোধ কৰিবলৈ সক্ষম হয়।

প্ৰকাৰভেদ

ছিটা সাধাৰণতে তিনি প্ৰকাৰৰ-

  1. লাইভ এটিনিউটেড-যেনে-
  • বেক্টেৰিয়াজাত: বি চি জি, প্লেগ, টাইফয়েড আদি।
  • ভাইৰাছজাত আৰু মুখেৰে খোৱা: পলিঅ, পীতজ্বৰ।
  • ৰিকেটছিয়াল-এপিডেমিক টাইফাছ।
  1. মৃত/নিষ্ক্ৰিয়কৃত-
  • বেক্টেৰিয়াল-টাইফয়েড,কলৰা,পাৰটুসিস,
  • ভাইৰাল-ৰেবিছ,হেপাটাইটিছ-বি।
  1. টক্সয়ড - টিটেনাছ,ডিপথেৰিয়া।

উৎপাদন

কেইবাটাও পৰ্যায়ত ছিটা উৎপাদন কৰা হয়। প্ৰথমে, প্ৰতিজনৰ (এণ্টিজেন) সৃষ্টি কৰা হয়। প্ৰাথমিক কোষ, যেনে কুকুৰাৰ কণী বা অবিৰত কোষ ৰেখা যেনে কৰ্ষণ কৰা মানৱ কোষ আদিত ভাইৰাছৰ বংশ বৃদ্ধি কৰা হয়।২ জৈৱ বিক্ৰিয়কত বেক্টেৰিয়াৰ বৃদ্ধি কৰা হয়। সেইদৰে, ইষ্ট, বেক্টেৰিয়া, বা কোস কৰ্ষণত বিকশিত বেক্টেৰিয়া বা ভাইৰাছৰ পৰা প্ৰ'টিন আহৰণ কৰা হয়। এণ্টিজেন সৃষ্টি কৰাৰ পিছত, ইয়াক কোষৰ পৰা পৃথক কৰি আহৰণ হয়। ভাইৰাছবোৰক নিষ্ক্ৰিয় কৰা হয়। আল্টাফিল্টাৰেছন নাইবা কমেট'গ্ৰাফিৰ দ্বাৰা নিষ্কাষিত প্ৰ'টিন বিশুদ্ধ কৰা হয়। শেষত, প্ৰয়োজন অনুসাৰে এডজোভেণ্ট (adjuvant), ষ্টেবিলাইজাৰ (stabilizers), আৰু প্ৰিজাৰভেটিভ (preservatives) যোগ কৰি ছিটা বা ভেকছিন তৈয়াৰ কৰা হয়। এডজোভেণ্টে প্ৰতিজৈৱিকৰ প্ৰতিৰক্ষা শক্তি বৃদ্ধি কৰে, ষ্টেবিলাইজাৰে জীৱনকাল বৃদ্ধি কৰে আৰু প্ৰিজাৰভেটিভে কেইবা বাৰো ব্যৱহাৰ কৰাৰ ক্ষমতা বৃদ্ধি কৰে।৩৪ সংমিশ্ৰ ভেকছিন (Combination vaccines) উৎপাদন কৰাটো অলপ কঠিন, কাৰণ তাত থকা ভিন্ন এণ্টিজেন আৰু অন্য পদাৰ্থৰ লগত বিক্ৰিয়া হব পাৰে।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ www.who.int/topics/vaccines/en/
  2. ↑ Three ways to make a vaccine, in Stein, Rob. (24 November 2009). Vaccine system remains antiquated. The Washington Post
  3. ↑ (2009). Vaccine supply, demand, and policy: a primer. Journal of the American Pharmacists Association. পৃ. e87-99
  4. ↑ Components of a vaccine

সম্পৰ্কিত শ্ৰেণী

চিকিৎসা বিজ্ঞানপ্ৰতিষেধক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছিটা” প্ৰবন্ধৰ সংশোধন ৫৪৬২৪৪ (৩০ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।