তেজ সঞ্চালনৰ সময়ত ৰক্তবাহী নলীকাৰ বেৰত সৃষ্টি হোৱা চাপকেই ৰক্তচাপ (Blood Pressure) বোলা হয়। শিৰাবোৰে হৃদয়ৰ পৰা পাম্প কৰা বা ঠেলি পঠিওঁৱা তেজবোৰ টিছু আৰু আন অংগলৈ কঢ়িয়াই নিয়ে। হৃদয়ে শিৰাবোৰেৰে তেজ ঠেলি পঠিয়াওঁতে শিৰাবোৰে তেজ প্ৰবহন কৰাৰ প্ৰতিক্ৰিয়াৰ ফলতে ৰক্তচাপৰ সৃষ্টি হয়।
এজন ব্যক্তিৰ ৰক্তচাপ প্ৰকুঞ্চন/অনুশিথিলন (ছিষ্ট'লিক/ডায়াষ্ট'লিক) ৰক্তচাপৰ হিচাপত প্ৰকাশ কৰা হয়। উদাহৰণস্বৰূপে, ১২০/৮০। ছিষ্ট'লিক ৰক্তচাপে (উচ্চতম সংখ্যা) হৃদয়ে তেজ পাম্প কৰি পঠিয়াওঁতে শিৰাৰ ওপৰত পৰা চাপ বুজায়। ডায়াষ্ট'লিক ৰক্তচাপে (নিম্নতম সংখ্যা) দুবাৰ পাম্প কৰাৰ মাজৰ সময়খিনিত শিৰাৰ ওপৰত থকা চাপৰ পৰিমাণ বুজায়। হৃদয়ে তেজ পাম্প কৰাৰ সময়ত ৰক্তচাপ সদায় বেছি থাকে।
এজন স্বাস্থ্যৱান লোকৰ ছিষ্ট'লিক ৰক্তচাপ ৯০ৰ পৰা ১২০ মিলিলিটাৰ পাৰাস্তম্ভৰ ভিতৰত থাকে (mm Hg)। স্বাভাৱিক ডায়াষ্ট'লিক ৰক্তচাপ ৬০ৰ পৰা ৮০ মিলিলিটাৰ পাৰাস্তম্ভৰ ভিতৰত থাকে। বৰ্তমান নিৰ্ণিত দিকদৰ্শণ মতে স্বাভাৱিক ৰক্তচাপ ১২০/৮০তকৈ কম থকা উচিত।
নিম্ন ৰক্তচাপ

নিম্ন ৰক্তচাপত (হাইপ’টেনচন) অতি কম পৰিমাণৰ তেজ শিৰাৰে প্ৰৱাহিত হোৱাৰ ফলত কিছুমান লক্ষণ আৰু উপসৰ্গই দেখা দিয়ে। তেজ প্ৰৱাহৰ পৰিমাণ অতি কম হোৱাৰ ফলত শৰীৰৰ গুৰুত্বপূৰ্ণ অংগ, যেনে মগজু, হৃদয়, কিডনী আদিলৈ অম্লজান আৰু পুষ্টিৰ যোগান কমি যায়। ইয়াৰ ফলত উক্ত অংগবোৰে উপযুক্তভাৱে কাম-কাজ কৰিব নোৱাৰে আৰু স্থায়ী ক্ষতি হ’ব পাৰে।
উচ্চ ৰক্তচাপ আৰু নিম্ন ৰক্তচাপৰ নিৰ্ণয় তেজ কমকৈ পৰিবাহিত হোৱাৰ ফলত হোৱা লক্ষণ আৰু উপসৰ্গৰ ভিত্তিত কৰা হয়- প্ৰকৃত ৰক্তচাপৰ সংখ্যাগত জোখৰ পৰীক্ষাৰ দ্বাৰা নহয়। কোনো ব্যক্তিৰ যদি ৰক্তচাপ ৯০/৫০ থাকে আৰু নিম্ন ৰক্তচাপ ধৰণৰ লক্ষণ বা উপসৰ্গ দেখা নাযায়, তেন্তে নিম্ন ৰক্তচাপ নাই বুলি ধৰা হয়। আকৌ, কোনো স্বাভাৱিকভাৱে উচ্চ ৰক্তচাপ থকা লোকৰ যদি ৰক্তচাপ ১০০/৬০ লৈ নামে তেন্তে নিম্ন ৰক্তচাপৰ লক্ষণে দেখা দিয়ে।
মূৰ ঘূৰোৱা, অৱশ লগা আদিবোৰ নিম্ন ৰক্তচাপৰ বাবে হোৱা লক্ষণ। ইয়াক অৰ্থষ্টেটিক হাইপ’টেনচনো বোলা হয়। স্বাভাৱিক ব্যক্তিয়ে ঠিয় হৈ থকাৰ ফলত হোৱা নিম্ন ৰক্তচাপ কমিব পাৰে। কৰনেৰী ধমনীলৈ তেজ প্ৰৱাহিত কৰিব পৰাকৈ যদি ৰক্তচাপ নাথাকে তেন্তে ব্যক্তিৰ বুকুৰ বিষ হ’ব পাৰে বা হৃদযন্ত্ৰ বিকলো হ’ব পাৰে। কিডনীলৈ পৰ্য্যাপ্ত পৰিমাণৰ তেজ চলাচল নকৰিলে কিডনীয়ে শৰীৰৰ বৰ্জিত পদাৰ্থবোৰ আতঁৰাব নোৱাৰে। উদাহৰণস্বৰূপে, ইউৰিয়া আৰু ক্ৰিয়েটিনিল। ফলত এইবোৰৰ মাত্ৰা তেজত বৃদ্ধি পায়। কিডনি, যকৃত, হাওঁফাওঁ, হৃদয় আৰু মগজুৰ দৰে গুৰুত্বপূৰ্ণ অংগবোৰলৈ প্ৰয়োজনীয় তেজ প্ৰৱাহিত নোহোৱাৰ ফলত ঘনাই শ্বাস বন্ধ হ’ব পাৰে। ই কেতিয়াবা প্ৰাণঘাটিও হৈ পৰিব পাৰে।
উচ্চ ৰক্তচাপ
তেজৰ চাপ ১৩০/৮০তকৈ অধিক হ’লে উচ্চ ৰক্তচাপ বুলি ধৰা হয়। উচ্চ ৰক্তচাপ বা হাইপাৰটেনচন মানে ধমনীত উচ্চচাপৰ সৃষ্টি হোৱা। উচ্চ ৰক্তচাপে অত্যধিক মানসিক চাপ নুবুজায়। অৱশ্যে আবেগিক চাপ আৰু হেঁচাই ক্ষণস্থায়ীভাৱে ৰক্তচাপ বৃদ্ধি কৰিব পাৰে। স্বাভাৱিক ৰক্তচাপ ১২০/৮০; ১২০/৮০ আৰু ১৩৯/৮৯ৰ মাজৰ ৰক্তচাপক প্ৰাক-হাইপাৰটেনচন বোলা হয়। আৰু ১৪০/৯০ বা ইয়াতকৈ বেছি হ’লে উচ্চ ৰক্তচাপ হয়। উচ্চ ৰক্তচাপৰ ফলত হৃদয়, বৃক্ক আদিত ৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। ধমনীবোৰ টান হৈ পৰিব পাৰে, চকু আৰু মগজুৰ ক্ষতি হ'ব পাৰে। উচ্চ ৰক্তচাপ নিৰ্ণয়ৰ বাবে সময়ে সময়ে পৰীক্ষা কৰাটো অতি প্ৰয়োজনীয় কথা। ইয়াৰ ফলত ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখি হ'ব পৰা আন জটিলতাবোৰৰ পৰা আতঁৰি থাকিব পৰা যায়।
তথ্য সংগ্ৰহ
- আইএনডিজি দল।
অধিক পঢ়ক
- Pickering TG, Hall JE, Appel LJ, Falkner BE, Graves J, Hill MN, Jones DW, Kurtz T, Sheps SG, Roccella EJ; Hall; Appel. (2005). Recommendations for blood pressure measurement in humans and experimental animals: Part 1: blood pressure measurement in humans: a statement for professionals from the Subcommittee of Professional and Public Education of the American Heart Association Council on High Blood Pressure Research. Hypertension. পৃ. 142–61
বাহ্যিক সংযোগ
- Blood Pressure Association (UK)
- About High Blood Pressure, American Heart Association
- Control of Blood Pressure, Toronto General Hospital
- Blood Pressure Chart, Vaughn's Summaries
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰক্তচাপ” প্ৰবন্ধৰ সংশোধন ৩১৩০৭৯ (৭ ফেব্ৰুৱাৰী ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।