অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

চাবোন

চাবোন এবিধ পৰিষ্কাৰক ৰাসায়নিক দ্ৰব্য। ইয়াৰ বুৰঞ্জী অতি প্ৰাচীন। খৃষ্টপূৰ্ব ২৮০০ চনৰ বেবিলন সভ্যতাৰ দিনৰ পৰা চাবোন মানুহৰ উপযোগী হৈ থকাৰ প্ৰমাণ পোৱা গৈছে। তেতিয়া ইয়াক বনোৱা হৈছিল জন্তুৰ চৰ্বিক ছাঁইৰ সৈতে উতলাই।

হালনাগাদ: ২৬ ফেব্ৰুৱাৰী ২০২৬ ৪২২ শব্দ · ২ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

চাবোন এবিধ পৰিষ্কাৰক ৰাসায়নিক দ্ৰব্য। ইয়াৰ বুৰঞ্জী অতি প্ৰাচীন। খৃষ্টপূৰ্ব ২৮০০ চনৰ বেবিলন সভ্যতাৰ দিনৰ পৰা চাবোন মানুহৰ উপযোগী হৈ থকাৰ প্ৰমাণ পোৱা গৈছে।১ তেতিয়া ইয়াক বনোৱা হৈছিল জন্তুৰ চৰ্বিক ছাঁইৰ সৈতে উতলাই। খৃষ্টপূৰ্ব ২২০০চনত জন্তুৰ চৰ্বিৰ সলনি কেচিয়া গছৰ তেলক পানী আৰু খাৰৰ সৈতে মিহলাই সিজাই চাবোন বনোৱা পদ্ধতিৰ আৰম্ভ হ'ল। খৃষ্টপূৰ্ব ৫৫৬-৫৩৯ চনত বেবিলন সভ্যতাৰ শেষ সম্ৰাট নবোনিডাচৰ দিনত চাইপ্ৰাচ তেল, চিচামি তেল আৰু ছাইৰ দ্বাৰা তৈয়াৰী চাবোন দাসীবিলাকক শিলৰ আচবাব পৰিষ্কাৰ কৰিবলৈ ব্যৱহাৰ কৰিব দিয়া হৈছিল।২

নামকৰণ (etymology)

ইংৰাজী চো'প (soap) শব্দটো লেটিন SAPO চেপোৰ পৰা উদ্ভৱ হৈছে। খৃষ্টপূৰ্ব ৩১২ চনৰ পৰা প্ৰচলিত এটি কাহিনী অনুসৰি ৰোমানসকলে চেপো পৰ্বতত নানা জন্তু উৎসৰ্গা কৰিছিল। মুকলি জুইত জন্তুৰ মাংস সিজাওঁতে চৰ্বিবিলাক জুইত পৰি ছাইৰ সৈতে মিহলি হৈছিল। বৰষুণৰ পানীৰ সৈতে সেই ছাই উটি গৈ টিবাৰ নৈৰ পলসৰ সৈতে মিলি গৈছিল। ৰোমান মহিলাসকলে সেই পলস মাটি ব্যৱহাৰ কৰিছিল অনায়াসে শৰীৰ পৰিষ্কাৰ আৰু উজ্জ্বল কৰিবলৈ। ইয়াৰ পিছত দিন বাগৰিল।

ইতিহাস

১৯২২ চনৰ এখন আলোচনীত পালম'লিভ চাবোনৰ এক বিজ্ঞাপন
১৯২২ চনৰ এখন আলোচনীত পালম'লিভ চাবোনৰ এক বিজ্ঞাপনছবি: Public domain

অষ্টম শতিকাত ইটালী, স্পেইন, ফ্ৰান্স আৰু জাৰ্মানী চাবোন নিৰ্মাতা হিচাবে বিখ্যাত হৈ উঠিল। ১২শতিকাত ব্ৰিটেইনত চাবোন নিৰ্মাণ আৰম্ভ হ'ল। ১৬শতিকাত ইউৰোপ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত চাবোনৰ প্ৰচলন আৰম্ভ হ'ল। ১৭৮৯ চনত প্ৰথম পাৰদৰ্শী Transp চাবোন লণ্ডনত নিৰ্মাণ হ'ল। ১৮৭৯ চনত প্ৰক্টাৰ এণ্ড গেম্বল কোম্পানীয়ে হাতি দাঁতৰ নিচিনা বগাচাবোন তৈয়াৰ কৰি উলিয়ালে। ১৮৯৫ চনত ব্ৰিটিছ লিভাৰ কোম্পানীয়ে “লাইফবয়” নামেৰে চাবোন বজাৰত মেলি দিলে। ইয়াৰ মাজতে ১৮৬৫ চনত ৱিলিয়াম চেফাৰ্ড নামৰ এজন ব্যক্তিয়ে জুলিয়া চাবোন উলিয়াৰ বাবে পেটেণ্ট সত্ত্ব লাভ কৰে। আমাৰ চিনাকি “কলগেট” টুথপেষ্ট ১৮৭৭ চনত বজাৰলৈ আহে। সেই একে কোম্পানীয়ে ১৮৯৮ চনত পাম তেল আৰু অলিভ তেলক মিলাই বনোৱা “পালমোলিভ” চাবোনৰ উৎপাদন আৰম্ভ কৰে।৩ জাৰ্মানীৰ প্ৰক্টাৰ এণ্ড গেম্বল কোম্পানীয়ে ১৯১৬ চনত "কাচকেড" নামেৰে চিনথেটিক ডিটাৰজেণ্ট বনাবলৈ লয়। ১৯৩০ চনত আমেৰিকাই ঘৰুৱা ব্যৱহাৰৰ উপযোগী ডিটাৰেণ্ট চাবোন বনাবলৈ ধৰে। দ্বিতীয় শতিকাত বিখ্যাত গ্ৰীক চিকিৎসক গেলনে মানৱ জাতিক চাবোনৰ উপযোগিতা সম্পৰ্কে অৱগত কৰায়। পোনতে মহঙা হোৱা বাবে ইয়াৰ ব্যৱহাৰ ধনীবৰ্গৰ মাজতে সীমিত আছিল যদিও কালক্ৰমত ই সুলভ মূল্যৰ হৈ পৰাত বিশ্বৰ সৰ্বত্ৰে সকলো শ্ৰেনীৰ লোকৰ জীৱনৰ এৰাব নোৱৰা সাৰথি হৈ পৰিল।

ৰসায়ন

ৰসায়ন শাস্ত্ৰৰ মতে চাবোন হ'ল এবিধ ফেটি এচিডৰ নিমখ।৪ বনস্পতি বা জন্তুৰ চৰ্বিৰ তেল হ'ল এবিধ ট্ৰাইগ্লিচাৰাইড (৩বিধ ফেটি এচিড আৰু এটা গ্লিচাৰলৰ মিশ্ৰণ)।৫ ইয়াক যেতিয়া খাৰুৱা (এলকেলি) পদাৰ্থৰে (সাধাৰণতঃ ছ'ডিয়াম/পটাছিয়াম হাইড্ৰক্সাইড) -অৰ বিক্ৰিয়া কৰোৱা হয় (Saponification - চোপনিফিকেচন ক্ৰিয়া বোলে)- ফেটি এচিডে এলকেলিৰ লগ লাগি চাবোন ৰ সৃষ্টি কৰে। বাইপ্ৰডাক্ট হিচাবে ওলায় গ্লিচাৰিন।৫

চাবোনৰ কাৰ্য

চাবোনত জীৱানুসমূহ বা আন মলিয়ন তত্ত্বসমূহ লাগি আমাৰ শৰীৰৰ পৰা আতৰ হয়। এই ক্ৰিয়াক চাৰফেক্টেণ্ট ক্ৰিয়া (Surfactant action) বোলে।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Willcox, Michael. (2000). Poucher's Perfumes, Cosmetics and Soaps. Kluwer Academic Publishers. পৃ. 453. ISBN 0-7514-0479-9
  2. ↑ Noted in Martin Levey. (1958). Gypsum, salt and soda in ancient Mesopotamian chemical technology. Isis. পৃ. 336–342 (341)
  3. ↑ Colgate-Palmolive Company History: Creating Bright Smiles for 200 Years. Colgate-Palmolive Company
  4. ↑ IUPAC. "IUPAC Gold Book – soap" Compendium of Chemical Terminology, 2nd ed. (the "Gold Book"). Compiled by A. D. McNaught and A. Wilkinson. Blackwell Scientific Publications, Oxford (1997). XML on-line corrected version: created by M. Nic, J. Jirat, B. Kosata; updates compiled by A. Jenkins. ISBN 0-9678550-9-8. . Accessed 2010-08-09
  5. ↑ Cavitch, Susan Miller. The Natural Soap Book. Storey Publishing, 1994 ISBN 0-88266-888-9

সম্পৰ্কিত শ্ৰেণী

ৰসায়ন বিজ্ঞানপ্ৰসাধন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চাবোন” প্ৰবন্ধৰ সংশোধন ৫৮২৪১৫ (২৬ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।