অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

পচন সাৰ

পচন সাৰ (Compost) হৈছে জৈব-পদাৰ্থক (organic material) প্ৰাকৃতিক ভাৱে বিঘটন (biodegradation) ঘটাই প্ৰস্তুত কৰা এবিধ জৈবিক সাৰ। জৈবিক পদ্ধতিৰে কৰা কৃষিকাৰ্য্যৰ ই এটা মুখ্য অংগ।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৪০৮ শব্দ · ২ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ
ঘৰুৱা পচন সাৰ তৈয়াৰ কৰা পাত্ৰ
ঘৰুৱা পচন সাৰ তৈয়াৰ কৰা পাত্ৰছবি: Red58bill · CC BY 3.0

পচন সাৰ (Compost) হৈছে জৈব-পদাৰ্থক (organic material) প্ৰাকৃতিক ভাৱে বিঘটন (biodegradation) ঘটাই প্ৰস্তুত কৰা এবিধ জৈবিক সাৰ। জৈবিক পদ্ধতিৰে কৰা কৃষিকাৰ্য্যৰ ই এটা মুখ্য অংগ। সাধাৰণ ভাৱে বিভিন্ন জৈবিক পদাৰ্থক (যেনে 'সেউজীয়া আবৰ্জনা' - গছপাত, ৰন্ধাঘৰৰ পেলনীয়া শাক-পাচলিৰ টুকুৰা আদি) পানীৰ সহযোগত এসপ্তাৰপৰা কেইবামাহলৈকো পচাই হিউমাছলৈ (humus) ৰূপান্তৰিত হ'বলৈ দি সহজতে পচন সাৰ প্ৰস্তুত কৰিব পাৰি। আধুনিক ব্যৱস্থিত প্ৰক্ৰিয়াত ইয়াক কেইবাটাও পৰ্য্যায়ত নিয়ন্ত্ৰিত ভাবে পানী, বায়ু, কাৰ্বন, বিভিন্ন নাইট্ৰজেন যুক্ত উপাদান আদি যোগান ধৰি তৈয়াৰ কৰা হয়। ইয়াৰ লগতে সোনকালে পচিবৰ বাবে কেঁচু, ভেঁকুৰ, বেক্টেৰীয়া আদি বিভিন্ন জৈব বিঘটক যোগ কৰি মাজে মাজে তল ওপৰ কৰি থকা হয়। মিশ্ৰণত থকা বায়ৱীয় (aerobic) বা অবায়ৱিক (enaerobic) বেক্টেৰীয়াই আবৰ্জনাবোক তাপ, কাৰ্বন ডাই অক্সাইড, এম'নিয়া আদিলৈ ৰূপান্তৰ কৰে। এম'নিয়াখিনি পাচৰ পৰ্য্যায়ত 'নাইট্ৰাইট' আৰু 'নাইট্ৰেট'লৈ পৰিবৰ্তিত হৈ উদ্ভিদৰ পোষক পদাৰ্থলৈ হিচাবে পৃথিৱীৰ নাইট্ৰজেন চক্ৰত (nitrogen cycle) ভাগ লয়। ইয়াক 'নাইট্ৰিফিকেশ্যন' বোলে।

পচন সাৰত বিভিন্ন পোষক তত্ত্ব থাকিব বা যোগ দিয়া হ'ব পাৰে। খেতিৰ মাটি প্ৰস্তুত কাৰক (soil conditioner), মাটিত হিউমাছ, হিউমিক এচিড, বিভিন্ন পোষক দ্ৰব্য আদি বিভিন্ন কামৰ উপৰিও ইয়াক মাটিত প্ৰাকৃতিক কীটনাশক (natural conditioner) যোগ কৰিবলৈও ব্যৱহাৰ কৰিব পাৰি। পৰিবেশ তন্ত্ৰৰ(ecosystem) হানি নঘটোৱাকৈ মাটিৰ ক্ষয়ীভৱন ৰোধ কৰা, দ মাটি পূৰন কৰা আদি কাৰ্য্যতো ইয়াক ব্যৱহাৰ কৰিব পাৰি।

পচন সামগ্ৰীক 'অবায়ৱিয় পাচন' (anaerobic digestion) হ'বলৈ দিলে ই জৈৱ গেছ (biogas) নিৰ্গত কৰে। বৈকল্পিক তথা প্ৰকৃতিমুখী (eco friendly) ইন্ধন হিচাপে জৈৱ গেছ আজিকালি পৃথিৱীৰ বিভিন্ন স্থানত জনপ্ৰিয় হোৱা দেখা গৈছে।

উপাদান সমূহ

চিলিৰ এস্কোলা বাৰেলেছত ঘৰুৱা পচন সাৰৰ পিপা
চিলিৰ এস্কোলা বাৰেলেছত ঘৰুৱা পচন সাৰৰ পিপাছবি: Diego Grez at English Wikipedia · Public domain

পাচক জীৱাণুবিলাকক ভালদৰে কাম কৰিবলৈ তলত দিয়া চাৰিটা প্ৰমুখ উপাদান হৈছে:

  • কাৰ্বন: বীজাণুবোৰৰ পাচন ক্ৰিয়াত কাৰ্বনৰ জৈৱিক দহনৰ ফলত তাপ উৎপন্ন হয়।১ বেছি কাৰ্বনযুক্ত পদাৰ্থবোৰ দেখাত মুগা বৰণীয়া আৰু শুকান হয়।
  • নাইট্ৰ'জেন: অধিক জীৱাণুৰ সৃষ্টি হোৱাৰ বাবে অনুকূল পৰিবেশৰ সৃষ্টি কৰে। বেছি নাইট্ৰজেন যুক্ত উপাদানবোৰ সেউজীয়া আৰু সেমেকা হয়।২
  • অম্লজান: কাৰ্বনৰ দহনৰ বাবে।
  • পানী: উপযুক্ত পৰিমাণত পানী প্ৰয়োগ কৰি এনেৰ'বিক অৱস্থাৰ সৃষ্টি কৰে।
এক পচন সাৰৰ স্তূপত থকা সামগ্ৰী
এক পচন সাৰৰ স্তূপত থকা সামগ্ৰীছবি: Ksd5 · CC0

ওপৰোক্ত উপাদান সমূহ নিৰ্দিষ্ট অনুপাতত প্ৰয়োগ কৰিলে উপকাৰী বেক্টেৰীয়াবোৰে পোষক দ্ৰব্যসমূহৰ লগত দ্ৰুত বিক্ৰিয়া কৰিবলৈ অনুকূল পৰিবেশৰ সৃষ্টি হয়। ইয়াৰ ফলত জাবৰখিনিৰ উষ্ণতা বৃদ্ধি পোৱাৰ লগতে পানীও(বাষ্প) নিৰ্গত হয় আৰু অক্সিজেনৰ পৰিমাণো কমি যায়। এই ঘাটি হোৱা অক্সিজেনখিনি যোগান দিবলৈ মাজে মাজে মিশ্ৰণটো লৰাই দিয়াৰ প্ৰয়োজন হয়। ই যিমানেও বেছি গৰম হ'ব (১৩৫°-১৬০° ফাৰেণহাইট/৫০° - ৭০° চেলচিয়াচ) তাক আৰু অধিক পানী আৰু বায়ুৰ প্ৰয়োজন হ'ব। পানী আৰু বায়ুৰ মাত্ৰাৰ এক নিৰ্দিষ্ট পৰিমাণতকৈ বেছি হ'লেও বিক্ৰিয়াৰ হাৰ কমি যায়। তদুপৰি অধিক মাত্ৰাত কাৰ্বন বা কম মাত্ৰাত নাইট্ৰজেন পালেও বিক্ৰিয়াৰ হাৰ কমি যায়।

কাৰ্বন আৰু নাইট্ৰ'জেনৰ ৩০:১ অনুপাতত সকলোতকৈ ভাল পাচন পোৱা যায়। প্ৰায় সকলো প্ৰাণী আৰু উদ্ভিদৰৰ শৰীৰতে কাৰ্বন আৰু নাইট্ৰজেন পোৱা যায় যদিও এই অনুপাত উৎস অনুসৰি বেলেগ বেলেগ হয়।৩

তথ্যসূত্ৰ

  1. ↑ আৰ্কাইভ কপি
  2. ↑ Materials for composting - University of Illinois extension, retrieval date: 3/12/2009
  3. ↑ Klickitat County WA, USA Compost Mix Calculator

সম্পৰ্কিত শ্ৰেণী

কৃষি বিজ্ঞান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পচন সাৰ” প্ৰবন্ধৰ সংশোধন ৩৮১৬৫৬ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।