অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

তৰল পদাৰ্থ

জুলীয়া বা তৰল হৈছে পদাৰ্থৰ চাৰিবিধ ধ্ৰুপদী অৱস্থাৰ এটা (আন তিনিটা হৈছে প্লাজমা, কঠিন আৰু গেছীয়)। ইয়াৰ নিৰ্দিষ্ট আয়তন থাকিলেও কোনো নিৰ্দিষ্ট আকাৰ নাথাকে। ই ৰাসায়নিক বান্ধনীৰে সংযুক্ত অণু বা পৰমাণুৰে গঠিত। পানী পৃথিৱীৰ এক সহজলভ্য জুলীয়া পদাৰ্থ।

হালনাগাদ: ৩০ আগষ্ট ২০২২ ২২২ শব্দ · ১ মিনিট সংগৃহীত ৬১
সংশোধনৰ পৰামৰ্শ

জুলীয়া বা তৰল হৈছে পদাৰ্থৰ চাৰিবিধ ধ্ৰুপদী অৱস্থাৰ এটা (আন তিনিটা হৈছে প্লাজমা, কঠিন আৰু গেছীয়)। ইয়াৰ নিৰ্দিষ্ট আয়তন থাকিলেও কোনো নিৰ্দিষ্ট আকাৰ নাথাকে। ই ৰাসায়নিক বান্ধনীৰে সংযুক্ত অণু বা পৰমাণুৰে গঠিত। পানী পৃথিৱীৰ এক সহজলভ্য জুলীয়া পদাৰ্থ। গেছৰ দৰে জুলীয়া পদাৰ্থও প্ৰবাহীত হ'ব পাৰে আৰু যি পাত্ৰত থোৱা যায় তাৰ আকাৰ ল'ব পাৰে। গেছৰ বিপৰীতে, এটি জুলীয়া পদাৰ্থই পাত্ৰৰ প্ৰতিতো স্থান পূৰণ নকৰে, আৰু এক মোটামুটি ধ্ৰুবক ঘনত্ব ৰক্ষা কৰি চলে। এই ঘনত্ব গোটা পদাৰ্থৰ দৰে প্ৰায় একে হ'লেও গেছতকৈ অনেক বেছি। কিছুমান জুলীয়া পদাৰ্থক সংকুচিত কৰিব পৰা যায়, আৰু কিছুমানক কৰিব পৰা নাযায়।

জুলীয়া পদাৰ্থৰ এটা প্ৰধান ধৰ্ম হৈছে পৃষ্ঠটান, ইয়াৰ বাবেই তৰল পদাৰ্থই কঠিন পদাৰ্থক তিয়াব পাৰে।

টোপালটোক সাম্যাৱস্থা প্ৰদান কৰে]]

পাতনি

তৰল পদাৰ্থ এবিধ প্ৰবাহী (ফ্লুইড), কঠিন পদাৰ্থৰ বিপৰীতে তৰল পদাৰ্থৰ অণু এটাই লৰ-চৰ কৰিবৰ বাবে যথেষ্ট মুক্তাৱস্থা পায়, তৰল পদাৰ্থৰ অণুসমূহ বান্ধিৰখা অস্থায়ী শক্তিবোৰে ইয়াৰ প্ৰবাহীত হোৱাৰ ক্ষমতা প্ৰদান কৰে, কঠিন পদাৰ্থৰ বেলিকা এই ঘটনা দেখিবলৈ পোৱা নাযায়।

তৰল পদাৰ্থই গেছৰ দৰে প্ৰবাহী পদাৰ্থৰ ধৰ্ম দেখুৱাই, ই বৈ যাব পাৰে, ইয়াক ধাৰণ কৰা পাত্ৰৰ আকাৰ ল’ব পাৰে আৰু বন্ধ পাত্ৰত ৰাখিলে ইয়াৰ ওপৰত প্ৰয়োগ হোৱা চাপ পাত্ৰৰ প্ৰতিখন বেৰত বিতৰণ কৰিব পাৰে। গেছৰ দৰে অৱশ্যে এটা তৰল আন এটাৰ লগত মিহলি হৈ নাযাবও পাৰে, আৰু অতি বেচি চাপ নাপালে গেছৰ দৰে ই সংকোচনশীলো নহয়। এনেবোৰ ধৰ্মই তৰল পদাৰ্থক কিছুমান বিশেষ প্ৰয়োগ যেনে: হাইড্ৰলিকচ আদিৰ বাবে উপযোগী কলি তোলে।

সম্পৰ্কিত শ্ৰেণী

পদাৰ্থৰ অৱস্থা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তৰল পদাৰ্থ” প্ৰবন্ধৰ সংশোধন ৩৩১৯৪৯ (৩০ আগষ্ট ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।