অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

আলোক-বৰ্ষ

এক আলোক-বৰ্ষ বা পোহৰ-বৰ্ষ (ইংৰাজীত Light-year বা light year, চমুকৈ: ly) মহাজাগতিক দূৰত্ব সূচিত কৰা এটা একক। ই প্ৰায় ৯ লাখ কোটি কিলোমিটাৰ (বা প্ৰায় ৬ লাখ কোটি মাইলৰ সমান)। আন্তঃৰাষ্ট্ৰীয় জ্যোতিৰ্বিজ্ঞান সংস্থা (IAU)-ৰ মতে, এক আলোক বৰ্ষ হৈছে এক জুলিয়ান বৰ্ষত পোহৰে অতিক্ৰম কৰিব পৰা দূৰত্ব।

হালনাগাদ: ২০ জুন ২০২৫ ২২৫ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

এক আলোক-বৰ্ষ বা পোহৰ-বৰ্ষ (ইংৰাজীত Light-year বা light year, চমুকৈ: ly)১ মহাজাগতিক দূৰত্ব সূচিত কৰা এটা একক। ই প্ৰায় ৯ লাখ কোটি কিলোমিটাৰ (বা প্ৰায় ৬ লাখ কোটি মাইলৰ সমান)। আন্তঃৰাষ্ট্ৰীয় জ্যোতিৰ্বিজ্ঞান সংস্থা (IAU)-ৰ মতে, এক আলোক বৰ্ষ হৈছে এক জুলিয়ান বৰ্ষত পোহৰে অতিক্ৰম কৰিব পৰা দূৰত্ব।২ যিহেতু ইয়াত বৰ্ষ শব্দটো সোমাই আছে, সেয়ে বহুসময়ত আলোক-বৰ্ষক সময়ৰ একক বুলি ভুল কৰা হয়।

জনপ্ৰিয় বিজ্ঞান লেখা(পত্ৰিকা) সমূহত, তাৰকাপুঞ্জৰ মাজৰ দূৰত্ব বা ইহঁতৰ তৰাবোৰৰ মাজৰ দূৰত্ব প্ৰকাশ কৰিবলৈ সাধাৰণভাৱে আলোক-বৰ্ষ ব্যৱহাৰ কৰা হয়, ই অৱ্শ্যে মানক বৈজ্ঞানিক একক নহয়। পেচাদাৰী জ্যোতিৰ্বিদ্যাত ব্যৱহাৰ কৰা দূৰত্বৰ একক হৈছে পাৰছেক, (সংকেত: pc, এক পাৰছেক প্ৰায় ৩.২৬ আলোক-বৰ্ষৰ সমান)। ১ পাৰছেক হৈছে, ১ জ্যোতিৰ্বৈজ্ঞানিক একক দৈৰ্ঘৰ এডাল ৰেখাৰ দুইমূৰৰ পৰা টনা আন দূডাল ৰেখাই য’ত এক আৰ্ক-ছেকেণ্ড কোণ কৰি মিলিত হ’ব, সিমান দূৰত্ব।২

সংজ্ঞা

IAUৰ মতে এক-আলোক বৰ্ষ হৈছে, জুলিয়ান বৰ্ষ (৩৬৫.২৫ দিন) আৰু পোহৰৰ বেগ (২৯৯৭৯২৪৫৮ মি/ছে)ৰ পূৰণফল।৩ ১৯৮৪ চনৰ পৰা ব্যৱহাৰ হৈ অহা জ্যোতিৰ্বিজ্ঞানৰ ধ্ৰুৱ সংখ্যা প্ৰণালীত এই দুটা মান অন্তৰ্ভুক্ত হৈ আহিছে।৪ ইয়াৰ পৰা তলৰ একক পৰিৱৰ্তন সমূহ কৰিব পাৰি, আলোক-বৰ্ষৰ বাবে আন্তঃৰাষ্ট্ৰীয় ভাৱে স্বীকৃত সংক্ষিপ্ত ৰূপ হৈছে, "l.y."৫৬).

rowspan=5 valign=top|১ আলোক-বৰ্ষ= ৯৪৬০৭৩০৪৭২৫৮০৮০০ মিটাৰ (সঠিকভাৱে)
≈ ৯.৪৬১ পেটামিটাৰ
≈ ৫.৮৭৮৬২৫ লাখ-কোটি মাইল
≈ ৬৩২৪১.০৭৭ জ্যোতিৰ্বৈজ্ঞানিক একক
≈ ০.৩০৬৬০১ পাৰছেক্‌

ব্যৱহাৰ

আলোক-বৰ্ষত দূৰত্ব লিখা তৰাসমূহৰ ভিতৰত সেইবোৰ তৰা থাকে যিবোৰ একেখন সাধাৰণ ক্ষেত্ৰৰ যেনে, একোটা সৰ্পিল বাহু বা গ্ল’বুলাৰ ক্লাষ্টাৰত থাকে। একোখন তাৰকাৰাজ্য‍ৰ ব্যাস কেইবাশৰ পৰা কেইবা হাজাৰ আলোক-বৰ্ষ হ’ব পাৰে, আৰু এখন তাৰকাৰাজ্যৰ পৰা কাষৰ আন এখনলৈ দূৰত্ব কেইবা নিযুত আলোক-বৰ্ষ হ’ব পাৰে। অতি বেছি দূৰত্বৰ মাহাজাগতিক ক্ষেত্ৰ যেনে, ক’ছাৰ (Quasar) বা চ’লান বৃহত্‍ প্ৰাচীৰ (Solan Great Wall)ৰ দূৰত্ব কেইবা শত-কোটি আলোক বৰ্ষ হ’ব পাৰে।

+দূৰত্বৰ মাত্ৰাৰ তালিকাস্কেল (ly)মানবিৱৰণ
১০−৯৪০.৪×১০−৯চন্দ্ৰৰ পৃষ্ঠত প্ৰতিফলিত হোৱা সূৰ্যৰ পোহৰ প্ৰায় ৩,৫০,০০০-৪,০০,০০০ কিলোমিটাৰ অতিক্ৰম কৰি আহি পৃথিৱী পাবলৈ প্ৰায় ১.২-১.৩ছে মান সময় লাগে।
১০−৬১৫.৮×১০−৬এক জ্যোতিৰ্বৈজ্ঞানিক একক (পৃথিৱীৰ পৰা সূৰ্য্যলৈ দূৰত্ব), পোহৰক এই দূৰত্ব অতিক্ৰম কৰিবলৈ প্ৰায় ৪৯৯ছে (৮.৩২ মিনিট) লাগে।৭
১২৭×১০−৬পৃথিৱীৰ পৰা ১২০ কোটি কিলোমিটাৰ দূৰত থকা শণিৰ উপগ্ৰহ টাইটানত ইউৰোপীয় মহাকাশ সংস্থাৰ হাইজেন প্ৰ’বে ২০০৫ চনত অৱতৰণ কৰে, ই টাইটানৰ ছবি পৃথিৱীলৈ প্ৰেৰণ কৰি আছে।
১০−৩২.০৪×১০−৩ভয়েজাৰ ১ পৃথিৱীৰ পৰা প্ৰেৰণ কৰা আৰু বৰ্তমান পৃথিৱীৰ পৰা সকলোতকৈ দূৰত থকা মহাকাশযান, ই বৰ্তমান প্ৰায় ১৮ আলোক ঘণ্টা দূৰত আছে, ৮ এক আলোক-বৰ্ষ দূৰত্ব অতিক্ৰম কৰিবলৈ ইয়াক প্ৰায় ১৭,৫০০ বছৰ লাগিব, ইয়াৰ বৰ্তমান বেগ সূৰ্য্যৰ সাপেক্ষে প্ৰায় ১৭ কিমি/ছে। ২০১৩ চনৰ ১২ চেপ্টেম্বৰত, নাছাই ঘোষণা কৰে যে ভয়েজাৰে ২০১২ৰ ২৫ আগষ্টত আন্তঃতাৰকীয় মাধ্যম (intersteller medium)ত প্ৰৱেশ কৰিছে। সৌৰজগতৰ সীমা অতিক্ৰম কৰি পাৰ হৈ যোৱা ভয়েজাৰ প্ৰথম মানৱনিৰ্মিত বস্তু।৯
১০০১.৬×১০−০উৰ্ট মেঘৰ ব্যাস প্ৰায় ২ আলোক-বৰ্ষ, ইয়াৰ অন্তৰভাগৰ সীমা প্ৰায়, আৰু বৰ্হিসীমা প্ৰায়।
২.০×১০−০সূৰ্য্যৰ মহাকৰ্ষণ শক্তিৰ প্ৰভাৱৰ সৰ্বোচ্চ মাত্ৰা হিল গোলক )। এই দূৰত্ব পাৰ হৈ গ’লে বৰ্হি সৌৰজাগতিক আন্তঃতাৰকীৰ মহাকৰ্ষণ শক্তিৰ প্ৰভাৱ পোৱা যাব।
৪.২২×১০−০সূৰ্য্যক বাদ দি আমাৰ নিকটতম তৰা প্ৰক্সিমা চেন্টাউৰি, আমাৰ পৰা প্ৰায় ৪.২২ আলোক-বৰ্ষ দূৰত্বত অৱস্থিত।১০১১
৮.৬০×১০−০এই দূৰত্বত থকা Sirius ৰাতিৰ আকাশৰ সকলোতকৈ উজ্জ্বল তৰা, ই সূৰ্য্যতকৈ দুগুণ অধিক ভৰযুক্ত আৰু ২৫ গুণ অধিক উজ্জ্বল তৰা।
১১.৯০×১০−০HD 10700 e, সোৰজগতৰ বাহিৰৰ বাসপোযোগী গ্ৰহ, ই পৃথিৱীতকৈ প্ৰায় ৬.৬ গুণ ডাঙৰ।১২১৩
২০.৫×১০−০Gliese 581, কেইবাটাও দৈত্যকায় গ্ৰহৰ সৈতে থকা এটা ৰঙা বাউনা।
৩১০×১০−০Canopus, আকাশত দেখা দ্বিতীয় উজ্জ্বল তৰা, এটা টাইপ-এফ অতিকায় আৰু অতি উজ্জ্বল তৰা (চুপাৰ-জায়েন্ত)। ইয়াৰ উজ্জ্বলতা সূৰ্য্যতকৈ প্ৰায় ১৫,০০০ গুণ বেছি।
১০৩২৬×১০৩আমাৰ তাৰকাৰাজ্য হাতীপটিৰ কেন্দ্ৰ প্ৰায় আমাৰ পৰা প্ৰায় ২৬,০০০ আলোক বৰ্ষ দূৰত।১৪১৫
১০০×১০৩হাতীপটিৰ ব্যাস প্ৰায় ১,০০,০০০ আলোক-বৰ্ষ।
১৬৫×১০৩R136a1, Large Magellanic Cloudত থকা প্ৰায়বোৰ তৰাই সূৰ্য্যতকৈ ৮৭ লাখ গুণে অধিক উজ্জ্বল।
১০৬২.৫×১০৬চুবুৰীয়া তাৰকাৰাজ্য এণ্ড্ৰ’মেডাৰ দূৰত্ব প্ৰায় ২৫ লাখ আলোক বৰ্ষ।
৩×১০৬ত্ৰায়েংগুলাম তাৰকাৰাজ্য প্ৰায় ৩০ লাখ আলোক-বৰ্ষ দূৰত, ই খালী চকুৰে দেখা পোৱা সৰ্বোচ্চ দূৰত্বত থকা বস্তু।
৫৯×১০৬নিকটম বহত্‍ তাৰকাৰাজ্যপুঞ্জ কন্যাৰাশি-পুঞ্জ (Virgo Cluster)ৰ দূৰত্ব প্ৰায় ৫.৯ কোটি আলোক বৰ্ষ।
১৫০×১০৬ - ২৫০×১০৬দা গ্ৰেইট এট্ৰেক্টৰ প্ৰায় ১৫ৰ পৰা ২৫কোটি আলোক-বৰ্ষৰ মাজৰ কোনো দূৰত্বত অৱস্থিত।
১০৯১.২×১০৯চ’লান বৃহত্‍ প্ৰাচীৰ প্ৰায় এশ কোটি আলোক-বৰ্ষ দূৰত্বত অৱ্স্থিত।
২.৪×১০৯এই দূৰত্বত অৱস্থিত 3C 273, হৈছে সকলোতকৈ উজ্জ্বলতম ক’ছাৰ।
৪৫.৭×১০৯The Comoving distance from the Earth to the edge of the visible universe is about 45.7 gigalight-years in any direction; this is the comoving Radius of the Observable universe. This is larger than the Age of the universe dictated by the Cosmic background radiation; see size of the universe: misconceptions for why this is possible.

তথ্যসূত্ৰ

  1. ↑ ISO 80000-3, Quantities and Units - Space and Time
  2. ↑ International Astronomical Union. Measuring the Universe: The IAU and Astronomical Units
  3. ↑ মিটাৰৰ সংজ্ঞা মতে, পোহৰৰ বেগ সঠিকভাৱে ২৯৯৭৯২৪৫৮ মি/ছে।
  4. ↑ "Selected Astronomical Constants " in Astronomical Almanac, p. 6
  5. ↑ ISO 80000-3:2006 Quantities and Units - Space and Time
  6. ↑ IEEE/ASTM SI 10-2010, American National Standard for Metric Practice
  7. ↑ IERS Conventions (2003)
  8. ↑ WHERE ARE THE VOYAGERS?
  9. ↑ NASA Spacecraft Embarks on Historic Journey Into Interstellar Space
  10. ↑ NASA. Cosmic Distance Scales - The Nearest Star
  11. ↑ Encyclopedia of Astrobiology, Astronomy, and Spaceflight
  12. ↑ (19 December 2012). Tau Ceti's planets nearest around single, Sun-like star. BBC News
  13. ↑ "Signals embedded in the radial velocity noise — Periodic variations in the τ Ceti velocities" M. Tuomi, H. R. A. Jones, J. S. Jenkins, C. G. Tinney, R. P. Butler, S. S. Vogt, J. R. Barnes, R. A. Wittenmyer, S. O’Toole, J. Horner, J. Bailey, B. D. Carter, D. J. Wright, G. S. Salter, and D. Pinfield of various of University of Hertfordshire, Centre for Astrophysics Research, Science and Technology Research Institute, College Lane, AL10 9AB, Hatfield, UK University of Turku, Tuorla Observatory, Department of Physics and Astronomy, V¨ais¨al¨antie 20, FI-21500, Piikki¨o, Finland Departamento de Astronomıa, Universidad de Chile, Camino del Observatorio 1515, Las Condes, Santiago, Chile; School of Physics, University of New South Wales, 2052, Sydney, Australia, Australian Centre for Astrobiology (ibid) Department of Terrestri
  14. ↑ Eisenhauer, F.; Schdel, R.; Genzel, R. (2003). A Geometric Determination of the Distance to the Galactic Center. The Astrophysical Journal. পৃ. L121
  15. ↑ McNamara, D. H.; Madsen, J. B.; Barnes, J. (2000). The Distance to the Galactic Center. Publications of the Astronomical Society of the Pacific. পৃ. 202

সম্পৰ্কিত শ্ৰেণী

জ্যোতিৰ্পদাৰ্থ বিজ্ঞানজোখ-মাখৰ এককপোহৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আলোক-বৰ্ষ” প্ৰবন্ধৰ সংশোধন ৫১৯৪৪৬ (২০ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।