গৱেষণা মানে সত্যক আৱিষ্কাৰ কৰা আৰু সত্যৰ অনুসন্ধান কৰা। গৱেষণা মানে একপ্ৰকাৰৰ বৈজ্ঞানিক অনুসন্ধান বা কোনো এটা বিষয় বা সমস্যাৰ অনুসন্ধান। গৱেষণা হৈছে "জ্ঞান ভাণ্ডাৰ বৃদ্ধি কৰিবলৈ কৰা সৃষ্টিশীল আৰু প্ৰণালীবদ্ধ কাম।" ইয়াত প্ৰমাণ সংগ্ৰহ, সত্যতা, অনুসন্ধান, বিচাৰ-বিশ্লেষণ আদি দিশসমূহ জড়িত হৈ থাকে।১ 'গৱেষণা' শব্দটোৰ আভিধানিক অৰ্থ হ'ল 'জ্ঞানান্বেষণ'। 'গৱেষণা' শব্দটোৰ গুৰিতে আছে সংস্কৃত 'গো', 'গব' শব্দ, নাইবা 'গবেষ' ধাতু। 'গম' ধাতুৰ উত্তৰ 'ডো'-প্ৰত্যয় যুক্ত হৈ 'গো' শব্দটো নিষ্পন্ন হৈছে। 'গো' শব্দৰ অৰ্থ, 'গম্যতে অনেন' অৰ্থাৎ যাৰদ্বাৰা যোৱা হয়। ইয়াৰ আৰু বেলেগ বেলেগ অৰ্থ আছে। যেনে- জ্ঞান, গৰু, পৃথিৱী, বাক্য, সৰস্বতী দেবী, মা, জল, চকু ইত্যাদি। সংস্কৃত ব্যাকৰণ অনুযায়ী গমনাৰ্থক ধাতু জ্ঞানাৰ্থত ব্যৱহাৰ হয়। যেনে- অনুধাৱন, অধিগত, অধিগম্য, দুৰধিগম্য শব্দবিলাকৰ অৰ্থ যথাক্ৰমে পৰ্যালোচনা, জ্ঞাত, জ্ঞেয় আৰু দুৰ্জেয়। আমাৰ অসমীয়াত একেটা অৰ্থত অৰ্থাৎ জ্ঞানাৰ্থত 'গম' শব্দটোৰ ব্যৱহাৰ আছে। 'গম পোৱা' অৰ্থ, 'বুজি পোৱা', 'জান পোৱা'। সংস্কৃত 'এষণ' শব্দটোৰ অৰ্থ হৈছে, 'অন্বেষণ'। গতিকে 'গৱেষণা' শব্দটোৰ অৰ্থ হ'ল, 'জ্ঞানান্বেষণ'। এই একেটা অৰ্থতে শব্দটো ইংৰাজীতো ব্যৱহাৰ হয়।২
গৱেষণা কৰ্ম হৈছে কোনো নিৰ্দিষ্ট বিষয়, সমস্যা বা পৰিঘটনাৰ বিষয়ে সুসংগঠিত আৰু বৈজ্ঞানিকভাৱে অনুসন্ধান কৰি নতুন তথ্য, জ্ঞান বা সমাধান উলিয়াবলৈ কৰা এক বৌদ্ধিক প্ৰচেষ্টা। আধুনিক শিক্ষা-ব্যৱস্থা, বিজ্ঞান, প্ৰযুক্তি, সমাজবিজ্ঞান, সাহিত্য, অৰ্থনীতি আৰু চিকিৎসা বিজ্ঞানৰ বিকাশত গৱেষণাৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ। গৱেষণাৰ জৰিয়তে কেৱল নতুন তথ্য আৱিষ্কাৰ কৰাই নহয়, বৰঞ্চ পূৰ্বৰ ধাৰণা আৰু তত্ত্বসমূহৰ সত্যতাও পৰীক্ষা কৰা হয়। গৱেষণা শব্দটোৰ ইংৰাজী প্ৰতিশব্দ হ’ল Research।৩
গৱেষণাৰ সংজ্ঞা
- গৱেষণা শব্দটোৰ অৰ্থ হ’ল বিচৰা বা অনুসন্ধান কৰা।৪ এই অৰ্থত এই সংস্কৃত ভাষা শব্দটোৰ ব্যৱহাৰ ‘ঋকবেদ’ৰ সময়ৰপৰা পোৱা গৈছে। শব্দটো গৱ (গৌ শব্দৰপৰা হোৱা গো- শব্দৰ লগত যুক্ত) শব্দৰপৰা উদ্ভূত। ৫
- গৱেষণা হ’ল জ্ঞানৰ সমৃদ্ধিৰ বাবে কৰা পদ্ধতিগত অনুসন্ধান। ৬৭
- ডি শ্লাৰিংগাৰ আৰু এম্ ষ্টিফেনচনৰ মতে- ‘‘ গৱেষণা হ’ল জ্ঞানৰ শুদ্ধতা অথবা জ্ঞান বৃদ্ধিৰ উদ্দেশ্যে হোৱা বিষয়, বস্তু অথবা প্ৰতীক আদিৰ এনে প্ৰয়োগ, য’ত গৱেষণাই কোনো নতুন তত্ত্ব প্ৰণয়ন কৰে অথবা নতুন কলাৰ অনুশীলন কৰে। ৮
- জে. ফ্ৰেন্সিছ ৰুমেলৰ মতে গৱেষণা হ’ল এনে একপ্ৰকাৰৰ প্ৰচেষ্টা, যাৰ জৰিয়তে জ্ঞানৰ আৱিষ্কাৰ, জ্ঞানৰ বিকাশ আৰু জ্ঞানৰ সত্য প্ৰতিপন্ন কৰা হয়। উদ্দেশ্য আৰু গঠনৰ দিশৰপৰা গৱেষণাৰ গোটেই প্ৰক্ৰিয়াটোৱেই হ’ল সত্যান্বেষণৰ প্ৰক্ৰিয়া। ৯
গৱেষণাৰ লক্ষ্য/উদ্দেশ্য
গৱেষণাৰ লক্ষ্য হ’ল কোনো এটা বিষয় সম্পৰ্কে গভীৰভাৱে অধ্যয়ন কৰি নতুন তথ্য উদ্ঘাটন কৰা, পূৰ্বৰ তথ্য বিশ্লেষণ কৰা আৰু কোনো সমস্যা বা প্ৰশ্নৰ যথাযথ উত্তৰ বিচৰা। ইয়াৰ জৰিয়তে জ্ঞানৰ বিস্তাৰ ঘটে আৰু বিষয়টোৰ বিষয়ে স্পষ্ট ধাৰণা লাভ কৰা যায়। গৱেষণাৰ প্ৰাথমিক উদ্দেশ্যবোৰ হৈছে মানৱ জ্ঞানৰ উন্নতিৰ বাবে পদ্ধতি আৰু প্ৰণালীৰ নথি-পত্ৰ, আৱিষ্কাৰ, ব্যাখ্যা, আৰু বিকাশ। বহুতো গৱেষক সন্মত যে বৈজ্ঞানিক গৱেষণাৰ লক্ষ্যবোৰ হৈছে: বিৱৰণ, পূৰ্বানুমান, ব্যাখ্যা, আৰু প্ৰয়োগ। এয়াই হৈছে গৱেষণাৰ মূল সংজ্ঞা। ১০কিছুমান ব্যক্তিয়ে লক্ষ্যৰ তালিকাত নিয়ন্ত্ৰণ আৰু প্ৰয়োগো যোগ দিয়ে।১১ নগেন শইকীয়াই ‘গৱেষণা-পদ্ধতি-পৰিচয়’১২ গ্ৰন্থত গৱেষণা কাৰ্যৰ উদ্দেশ্য সম্পৰ্কে উল্লেখ কৰিছে এনেদৰে-
- গৃহীত বিষয়টো সম্পৰ্কে কোনো অনুসন্ধান হোৱা নাই।
- বিষয়টো সম্পৰ্কে ব্যৱহৃত তথ্য-পাতিখিনি পৰ্যাপ্ত বা শুদ্ধ নহয়।
- বিষয়টো সম্পৰ্কে গৃহীত বা প্ৰচলিত সিদ্ধান্ত শুদ্ধ নহয়।
- পূৰ্ৱৱতীসকলে কৰা কাম আৰু গ্ৰহণ কৰা দৃষ্ঠিভঙ্গী দোষমুক্ত নহয়।
- যিহেতু বিষয়টো সম্পৰ্কে এতিয়ালৈকে গ্ৰহণ কৰা তত্ত্ব, তথ্য, আৰু সিদ্ধান্ত শুদ্ধ আৰু সত্য বুলি প্ৰত্যয় যাব পৰা নাই।
- বিষয়টোৱে নতুন অন্বেষণ বা অনুসন্ধানৰ দাবী কৰে।
গৱেষণাৰ প্ৰকাৰ
মূল গৱেষণা, যাক প্ৰাথমিক গৱেষণা বুলিও কোৱা হয়, হৈছে গৱেষণা যি কেৱল গৱেষণাৰ বিষয়ত আগৰ প্ৰকাশনৰ সাৰাংশ, সমীক্ষা বা সংশ্লেষণৰ ওপৰত আধাৰিত নহয়। এই সামগ্ৰীটো প্ৰাথমিক-উৎস চৰিত্ৰৰ। মূল গৱেষণাৰ উদ্দেশ্য হৈছে চলিত জ্ঞানক এক নতুন ৰূপত উপস্থাপন কৰাৰ সলনি নতুন জ্ঞান প্ৰস্তুত কৰা। ১৩১৪ মূল গৱেষণাই কেইবাটাও ৰূপ ল'ব পাৰে, ই বিষয় বা ক্ষেত্ৰৰ ওপৰত নিৰ্ভৰ কৰে। পৰীক্ষামূলক কামত সাধাৰণতে প্ৰত্যক্ষ বা পৰোক্ষ পৰ্যৱেক্ষণ অন্তৰ্ভুক্ত কৰা হয়। যেনে পৰীক্ষাগাৰত পৰীক্ষা বা পৰীক্ষাৰ সংহতিৰ পদ্ধতি, ফলাফল, আৰু উপসংহাৰ নথিভুক্ত কৰে, বা পূৰ্বৱৰ্তী ফলাফলবোৰৰ এক নতুন ব্যাখ্যা প্ৰদান কৰে। বিশ্লেষণাত্মক কামত, সাধাৰণতে কিছুমান নতুন (উদাহৰণ স্বৰূপে) গাণিতিক ফলাফল উৎপন্ন হয়, বা চলিত সমস্যা এটাৰ সমাধান বিচাৰিবলৈ এক নতুন উপায় ওলিওৱা হয়॥ কিছুমান বিষয়ত যʼত এনে ধৰণৰ পৰীক্ষা-নিৰীক্ষা বা বিশ্লেষণ নাথাকে,এজন গৱেষকৰ কামৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰি সাম্প্ৰতিক পৰিস্থিতিক পুনৰ ব্যাখ্যা কৰা হয়।১৫ এটা গৱেষণাৰ মৌলিকতাৰ পৰিমাণ আৰু সাধাৰণতে সহকৰ্মী সমীক্ষাৰ (peer review) জৰিয়তে বৈজ্ঞানিক আলোচনীত প্ৰবন্ধবোৰৰ প্ৰকাশ হয়।১৬
বৈজ্ঞানিক গৱেষণা হৈছে তথ্য সংগ্ৰহ কৰা আৰু কৌতূহল গুছোৱাৰ এক প্ৰণালীবদ্ধ উপায়। এই গৱেষণাই পৃথিৱীত ঘটি থকাকিছু প্ৰকৃতি আৰু গুণাগুণৰ ব্যাখ্যাৰ বাবে বৈজ্ঞানিক তথ্য আৰু তত্ত্ব প্ৰদান কৰে। বৈজ্ঞানিক গৱেষণা ৰাজহুৱা কৰ্তৃপক্ষ বা সংগঠন বা আৰু ব্যক্তিগত গোটৰদ্বাৰা পুঁজি যোগান ধৰা হয়, যাৰ ভিতৰত আছে বহুতো কোম্পানী। বৈজ্ঞানিক গৱেষণাক তেওঁলোকৰ শৈক্ষিক আৰু প্ৰয়োগ শাখা অনুসৰি বিভিন্ন শ্ৰেণীবিভাজনত বিভক্ত কৰিব পাৰি। নগেন শইকীয়াৰ মতে গৱেষণাৰ প্ৰকাৰভেদ এনেধৰণৰ-১২
- পৰিচয়মূলক (Introductory)
- ঐতিহাসিক (Historical)
- বিশ্লেষণাত্মক (Analytical)
- সমীক্ষাত্মক (Critical)
- তুলনামূলক (Comparative)
- সমাজতত্ত্বমূলক (Sociological)
গৱেষণাৰ বৈশিষ্ট্য
- গৱেষণা হৈছে বৈজ্ঞানিক, তথ্যনিৰ্ভৰ, বিশ্লেষণাত্মক, বস্তুগত আৰু নতুন জ্ঞানৰ অনুসন্ধানমূলক এক শৃংখলাবদ্ধ প্ৰক্ৰিয়া।
- গৱেষণা হৈছে এটা মৌলিক কৰ্ম।
- এটা নিৰ্দিষ্ট বিষয়ক কেন্দ্ৰ কৰি গৱেষণা কাৰ্য পৰিচালিত কৰা হয়।
- কোনো বিশেষ দৰ্শন,দৃষ্টিভংগী বা মতবাদৰদ্বাৰা প্ৰভাবিত নোহোৱাকৈ গৱেষণা কাৰ্যত আত্মনিয়োগ কৰিব লাগে।
- গৱেষণা যিহেতু এটা বৈজ্ঞানিক পদ্ধতি গতিকে তাৰ মূল ভিত্তি হল যুক্তি।
তদুপৰি গৱেষণাৰ আন কেতবোৰ বৈশিষ্ট্যৰ কথা উল্লেখ কৰিব পাৰি। সেই সমূহ হ’ল-
- বৈজ্ঞানিক পদ্ধতিভিত্তিক — গৱেষণা এক নিৰ্দিষ্ট আৰু সুসংগঠিত পদ্ধতিৰে সমাপন কৰা হয়।
- তথ্যনিৰ্ভৰ — গৱেষণাত তথ্য আৰু প্ৰমাণৰ ওপৰত গুৰুত্ব দিয়া হয়।
- বিশ্লেষণাত্মক — সংগ্ৰহ কৰা তথ্য বিশ্লেষণ কৰি নিৰ্দিষ্ট সিদ্ধান্ত লোৱা হয়।
- বস্তুগত— ব্যক্তিগত মতামতৰ সলনি বাস্তৱ আৰু সত্য তথ্যক প্ৰাধান্য দিয়া হয়।
- নতুন জ্ঞানৰ অনুসন্ধান — গৱেষণাৰ জৰিয়তে নতুন তথ্য বা ধাৰণাৰ উদ্ঘাটন কৰা হয়।
- পদ্ধতিগত আৰু শৃংখলাবদ্ধ — আৰম্ভণিৰপৰা শেষলৈ এটা শৃংখলাবদ্ধ ধাৰণাত কাম কৰা হয়।
গৱেষণাৰ স্তৰ
গৱেষণা কাৰ্যত আগবাঢ়োতে এটা নিৰ্দিষ্ট পৰিকাঠামৰ মাজেৰে আগবাঢ়িব লাগে। নগেন শইকীয়াৰ এই সম্পৰ্কত কৰা শ্ৰেণী বিভাজন এনেধৰণৰ-১২
- বিষয়-নিৰ্বাচন
- তথ্য-সংগ্ৰহ
- তথ্য-বিন্যাস আৰু আঁচনি প্ৰস্তুতকৰণ
- তথ্য-বিশ্লেষণ
- তথ্য-চূড়ান্তকৰণ
- তথ্যৰ পুনৰ মূল্যায়ন আৰু আঁচনি চূড়ান্তকৰণ
- গ্ৰন্থ প্ৰণয়ন
গৱেষক
যিজনে গৱেষণা কৰে, তেওঁক গৱেষক বুলি কোৱা হয়।২ ‘গৱেষক’ শব্দটো “গৱেষণা”ৰপৰা আহিছে। গৱেষণা মানে হৈছে নতুন জ্ঞান সন্ধান কৰা, সত্য উদ্ঘাটন কৰা, বা ইতিমধ্যে থকা জ্ঞানক গভীৰভাৱে বিশ্লেষণ কৰা। সেই অনুসাৰে গৱেষক হ’ল সেই ব্যক্তি যিয়ে কোনো বিষয়ৰ ওপৰত পদ্ধতিগতভাৱে অধ্যয়ন, অনুসন্ধান আৰু বিশ্লেষণ কৰি নতুন তথ্য, ধাৰণা বা সত্য উন্মোচন কৰে। গৱেষক হ'বলৈ গ'লে তেওঁৰ কেইবাটাও গুণ থাকিব লাগিব। গৱেষক মানে— নতুন জ্ঞানৰ সন্ধান কৰা ব্যক্তি বা বৈজ্ঞানিক বা পদ্ধতিগতভাৱে তথ্য সংগ্ৰহ কৰি বিশ্লেষণ কৰা ব্যক্তি বা সমাজ, সাহিত্য, বিজ্ঞান, ইতিহাস আদি ক্ষেত্ৰত নতুন চিন্তা আগবঢ়োৱা ব্যক্তি। গৱেষকসকলে বিদ্যালয়, বিশ্ববিদ্যালয়, গৱেষণা প্ৰতিষ্ঠান, বা ব্যক্তিগতভাৱেও কাম কৰিব পাৰে।
- গৱেষক এজন নিষ্ঠাৱান কৰ্মযোগী হ'ব লাগিব। গৱেষকজনৰ ভিতৰত গভীৰ একাগ্ৰতা, ধৈৰ্য আৰু কঠোৰ পৰিশ্ৰম কৰাৰ মানসিকতা থাকিব লাগিব। গৱেষণা কোনো সৰল কাম নহয়; ইয়াত বহু সময় ব্যয়, পুনঃপুন চেষ্টা, ব্যৰ্থতা আৰু সংশোধনৰ মাজেৰে আগবাঢ়িব লাগে।২
- গৱেষকক হ'ব লাগিব স্থিতপ্ৰজ্ঞ। যিজন ব্যক্তি সুখ-দুখ, সম্পদ-বিপদ, ৰাগ-বোষ, ৰোগ-শোক সকলো অৱস্থাতে অবিচল তেওঁকেই স্থিতপ্ৰজ্ঞ বুলি কোৱা হয়।
- গৱেষক সত্যবাদী হ'ব লাগিব। তেওঁ সঁচা কথা স্পষ্টকৈ ক'ব লাগিব। জাতি, উপজাতি, ধৰ্ম, ভাষা, সাহিত্য, সংস্কৃতি, ইতিহাস, ৰাজনীতি, সমাজনীতি ইত্যাদি বিষয়ত প্ৰামাণ্য তথ্য আৰু অভ্ৰান্ত যুক্তি দি নিজৰ অভিমত দাঙি ধৰিব লাগিব। কেতিয়াবা ৰাজনৈতিক, সামাজিক হেঁচাত পৰি জীৱন সংকটৰ ভয়ত মতামত প্ৰকাশত বাধা আহিব পাৰে আৰু তাৰ কাৰণে এটা জটিল পৰিস্থিতিৰো উদ্ভৱ হ'ব পাৰে। তথাপি নিৰ্ভীকভাবে তেওঁ নিজৰ মত দাঙি ধৰিব লাগিব; নহ'লে পিছত গৱেষক বিৰূপ সমালোচনাৰ সন্মুখীন হ'ব লাগিব, গৱেষণা কৰ্ম নিষ্ফল হৈ পৰিব।
- গৱেষক সৎ (honest) হ'ব লাগিব। কোনো উৎসৰপৰা তথ্য সংগ্ৰহ কৰিলে, কোনো মানুহৰ অভিমত গ্ৰহণ কৰিলে তাৰ কাৰণে কৃতজ্ঞতা স্বীকাৰ কৰিব লাগিব। নহ'লে গৱেষকৰ এই বৃত্তিক চৌৰ্যবৃত্তি/কুন্তীলক বৃত্তি (Plagiarism) বুলি কোৱা হ'ব।২
- গৱেষকজন নিজৰ বিষয়ত সম্পূৰ্ণ মনোনিৱেশ কৰা উচিত। অৰ্ধহৃদয়ে গৱেষণা কৰিলে সত্য উদ্ঘাটন সম্ভৱ নহয়। এজন গৱেষকে নিয়মিত অধ্যয়ন, তথ্য সংগ্ৰহ, বিশ্লেষণ আদি কাম শৃংখলাবদ্ধভাৱে কৰি যাব লাগে। বহু সময়ত গৱেষণাৰ ফল তৎক্ষণাৎ পোৱা নাযায়। তেনে অৱস্থাতো গৱেষকে ধৈৰ্য ধৰি অবিৰত চেষ্টা কৰি থাকিব লাগে। নিষ্ঠাৱান গৱেষক কেতিয়াও মিছা তথ্য বা নকল ব্যৱহাৰ নকৰে; তেওঁ নিজৰ কৰ্মৰ প্ৰতি দায়বদ্ধ থাকে।
গৱেষণাৰ আঁচনিসাৰ
আঁচনিসাৰখন হ'ল কৰিবলগীয়া গৱেষণাৰ এক পৰিকল্পনা বা ৰূপৰেখা। তাত গৱেষণীয় বিষয়টো উপস্থাপন কৰিব লাগিব, তাৰ লক্ষ্য-উদ্দেশ্য পৰিষ্কাৰ কৰিব লাগিব আৰু অধ্যয়নৰ পদ্ধতি তথা সম্ভাৱ্য উৎস সম্পৰ্কত এটা আভাস দিব লাগিব। কিছুমান প্ৰতিষ্ঠানে গৱেষণা আঁচনিসাৰখনত কি কি কথা থাকিব লাগে সেই কথা নিৰ্দিষ্ট কৰিও দিয়ে। আনহাতে এই আঁচনিসাৰখন এইবাবেই প্ৰয়োজনীয় যে এইখনেই আচলতে গৱেষকজনক বাট দেখুৱায়, তেওঁ বিভ্ৰান্তিত পৰিলে মীমাংসা দিয়ে আৰু তেওঁৰ অনুসন্ধানৰ চৰ্ত আৰু পৰিসীমা সম্পৰ্কে তেওঁক সজাগ কৰি ৰাখে। সেয়েহে বেছিভাগ গৱেষকেই যদিও গোজামিল দি আঁচনিসাৰ এখন দাখিল কৰে, আচলতে সকলো দিশ চালি-জাৰি চাই গৱেষণাৰ তত্ত্বৰপৰা অনুমাণিক সময়লৈকে সকলো কথা বিবেচনা কৰিহে 'আঁচনিসাৰ'খন প্ৰস্তুত কৰা উচিত।১৭
গৱেষণা-আঁচনিসাৰ এখনত প্ৰতিফলিত হ'বলগীয়া মূল কথাকেইটা হ'ল-
- বিষয়-বস্তু উপস্থাপন বা আলোচ্য সমস্যা
- গৱেষণাৰ লক্ষ্য
- পূৰ্বকৃত অধ্যয়নৰ সমীক্ষা
- প্ৰমেয়
- অধ্যায় বিভাজন (সম্ভাৱ্য)/সম্ভাৱ্য অধ্যায় বিভাজন
- ক্ষেত্ৰ অধ্যয়নৰ পৰিকল্পনা/পূৰ্বাভাস
- পদ্ধতি
- উৎস
- সংশ্লিষ্ট গৱেষণা গ্ৰন্থৰ সম্ভাৱ্য তালিকা
অসমীয়া ভাষাত প্ৰাপ্ত গৱেষণামূলক গ্ৰন্থ
- মহেন্দ্ৰ বৰাৰ 'গৱেষণাৰ প্ৰণালী তত্ত্ব', বনলতা, ১৯৯২
- নগেন শইকীয়াৰ 'গৱেষণা পদ্ধতি পৰিচয়' কৌস্তুভ প্ৰকাশন, ১৯৯৬
- নিখিলেশ পুৰুকাইত আৰু হীৰেন গোহাঁইৰ ‘প্ৰবন্ধ সাহিত্য আৰু গৱেষণা গ্ৰন্থৰ ৰচনা পদ্ধতি, জিজ্ঞাস প্ৰকাশন,অক্টোবৰ, ২০০৪
- দিলীপ বৰাৰ ‘গৱেষণা পদ্ধতিঃ সিদ্ধান্ত আৰু বিতৰ্ক, ৰেখা প্ৰকাশন, ২০১৭
- পল্লৱী ডেকা বুজৰবৰুৱাৰ 'গৱেষণাৰ পদ্ধতিবিজ্ঞান' বনলতা, ২০১৭
- ৰঞ্জন কলিতাৰ 'গৱেষকৰ হাতপুথি’, বান্ধৱ, ২০১৪
তথ্যসূত্ৰ
- ↑ OECD. (2015). Frascati Manual. The Measurement of Scientific, Technological and Innovation Activities. ISBN 978-9264238800
- ↑ নিখিলেশ পুৰকাইত. (২০০৪). প্ৰবন্ধ সাহিত্য আৰু গৱেষণা গ্ৰন্থৰ ৰচনা পদ্ধতি. জিজ্ঞাস প্ৰকাশন. পৃ. ২৬
- ↑ https://www.questionpro.com
- ↑ Researcher. Cambridge Dictionary
- ↑ গৱেষণাৰ পদ্ধতি পৰিচয়, নগেন শইকীয়া, কৌস্তুভ প্ৰকাশন,চতুৰ্থ সংস্কৰণ, ২০১০, পৃষ্ঠা-১
- ↑ Monier-Monier Willams, A Sanskrit English Dictionary, 1979 Print, p.3
- ↑ গৱেষণাৰ পদ্ধতি পৰিচয়, নগেন শইকীয়া, কৌস্তুভ প্ৰকাশন,চতুৰ্থ সংস্কৰণ, ২০১০, পৃষ্ঠা-১
- ↑ গৱেষণাৰ পদ্ধতি বিজ্ঞান, পল্লৱী ডেকা বুজৰবৰুৱা, বনলতা, প্ৰথম সংস্কৰণ, ২০১৭, পৃষ্ঠা-১২
- ↑ Methodology of Research in Education, Sidhu, Kulbir Sing, Sterling Publishars Pvt. Ltd. pp.2-3
- ↑ MANUAL ON GOOD PRACTICES IN EXTENSION RESEARCH & EVALUATION, file:///Users/Jonali/Downloads/MANUAL-GoodPracticesinExtnResEvln-L.pdf
- ↑ psychcentral.com/blog/understanding-research-met
- ↑ নগেন শইকীয়া. (২০১০). গৱেষণা পদ্ধতি-পৰিচয় গ্ৰন্থ. কৌস্তুভ প্ৰকাশন. পৃ. ৪
- ↑ What is Original Research? Original research is considered a primary source. Thomas G. Carpenter Library, University of North Florida
- ↑ Rozakis, Laurie. (2007). Schaum's Quick Guide to Writing Great Research Papers. McGraw Hill Professional. ISBN 978-0071511223
- ↑ Singh, Michael; Li, Bingyi. (6 October 2009). Early career researcher originality: Engaging Richard Florida's international competition for creative workers. Centre for Educational Research, University of Western Sydney. পৃ. 2
- ↑ Callaham, Michael; Wears, Robert; Weber, Ellen L. (2002). Journal Prestige, Publication Bias, and Other Characteristics Associated With Citation of Published Studies in Peer-Reviewed Journals. JAMA. পৃ. 2847–50
- ↑ দিলীপ বৰা. গৱেষণা পদ্ধতি বিতৰ্ক আৰু সিদ্ধান্ত. ৰেখা প্ৰকাশন. পৃ. ৫০
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গৱেষণা” প্ৰবন্ধৰ সংশোধন ৬২৪১৬৯ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।