অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

তেজস্ক্ৰিয়তা

তেজস্ক্ৰিয়তা হৈছে এক অনিয়মিত পৰমাণু নিউক্লিয়াছৰ পৰা বিকিৰণৰ জৰিয়তে শক্তি হ্ৰাস হোৱাৰ প্ৰক্ৰিয়া। যিকোনো বস্তু য'ত অস্থিৰ নিউক্লিয়াছ থাকে তাক তেজস্ক্ৰীয় বুলি কোৱা হয়। ক্ষয়ৰ সৰ্বাধিক সচৰাচৰ ধৰণ তিনিটা হৈছে আলফা ক্ষয়, বিটা ক্ষয়, আৰু গামা ক্ষয়।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ২২৯ শব্দ · ১ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

তেজস্ক্ৰিয়তা হৈছে এক অনিয়মিত পৰমাণু নিউক্লিয়াছৰ পৰা বিকিৰণৰ জৰিয়তে শক্তি হ্ৰাস হোৱাৰ প্ৰক্ৰিয়া। যিকোনো বস্তু য'ত অস্থিৰ নিউক্লিয়াছ থাকে তাক তেজস্ক্ৰীয় বুলি কোৱা হয়। ক্ষয়ৰ সৰ্বাধিক সচৰাচৰ ধৰণ তিনিটা হৈছে আলফা ক্ষয়, বিটা ক্ষয়, আৰু গামা ক্ষয়। বেটা ক্ষয়ৰ কাৰক হৈছে দুৰ্বল বল, আৰু আন দুভয়ে বিদ্যুৎচুম্বকীয় বল আৰু নিউক্লিয়াৰ বলৰ দ্বাৰা নিয়ন্ত্ৰিত হয়।১

তেজস্ক্ৰীয় ক্ষয় হৈছে এক পৰিসংখ্যাগত অনিয়মিত প্ৰক্ৰিয়া, বিশেষকৈ পৃথকে পৃথকে পৰমাণুৰ ক্ষেত্ৰত। কুৱাণ্টাম মেকানিক্স অনুসৰি, এটা নিৰ্দিষ্ট পৰমাণু কেতিয়া ক্ষয় হ'ব সেয়া আগতীয়াকৈ কোৱা সম্ভৱ নহয়।২৩৪ যদিও পৃথকে পৰমাণুৰ ক্ষয় আগতীয়াকৈ ভৱিষ্যদ্বাণী কৰিব নোৱাৰি, একেধৰণৰ বিপুল পৰিমাণৰ পৰমাণুৰ ক্ষেত্ৰত গড় ক্ষয়ৰ হাৰ এক ক্ষয় ধ্ৰুৱাংক বা অৰ্ধ-আয়ু হিচাপে প্ৰকাশ কৰিব পাৰি। তেজস্ক্ৰীয় পৰমাণুবোৰৰ অৰ্ধ-আয়ু এক বিস্তৃত পৰিসৰত হয়: প্ৰায় তত্‍ক্ষণাতৰ পৰা বিশ্বব্ৰহ্মাণ্ডৰ বয়সতকৈ বহু দীঘলীয়ালৈকে।

ক্ষয় হোৱা নিউক্লিয়াছটোকে কোৱা হয় পাৰেণ্ট ৰেডিঅ'নিউক্লাইড (বা পাৰেণ্ট আইছ’টপ) আৰু ক্ষয়ৰ ফলত উৎপন্ন হয় এটাতকৈ কম শক্তিসম্পন্ন ডটাৰ নিউক্লাইড। গামা ক্ষয় বা অভ্যন্তৰীণ পৰিৱৰ্তন বাদে, এই ক্ষয়সমূহ নিউক্লিয়াৰ ৰূপান্তৰ হয়, য’ত প্ৰ'টন বা নিউট্ৰনৰ (বা উভয়ৰ) সংখ্যা সলনি হয়। যেতিয়া প্ৰ'টনৰ সংখ্যা সলনি হয়, তেতিয়া এটি নতুন ৰাসায়নিক মৌলৰ সৃষ্টি হয়।

পৃথিৱীত ২৮টা প্ৰাকৃতিকভাৱে পোৱা ৰাসায়নিক মৌল তেজস্ক্ৰীয়, যাৰ ভিতৰত ৩৫টা ৰেডিঅ'নিউক্লাইড আছে (সাতটা মৌলত দুটা ৰেডিঅ'নিউক্লাইড থাকে), যিবোৰ সৌৰজগত গঠনৰ আগৰ পৰা অৱস্থিত। এই ৩৫টাক প্ৰাক-আদি ৰেডিঅ'নিউক্লাইড (primordial radionuclides) বুলি কোৱা হয়। ইউৰেনিয়াম, থৰিয়াম আদি সুপৰিচিত উদাহৰণ, আৰু ইয়াৰ উপৰিও পটাচিয়াম-৪০ যেনেকুৱা দীৰ্ঘ-আয়ুযুক্ত ৰেডিঅ'আইছ’টপসমূহো অন্তৰ্ভুক্ত। এইবোৰৰ ভিতৰত যিবোৰ ডাঙৰ প্ৰাক-আদি ৰেডিঅ'নিউক্লাইড আছে সেয়া চাৰিটা ক্ষয় শৃংখলাৰ অন্যতম অংশ।

তথ্যসূত্ৰ

  1. ↑ Radioactivity: Weak Forces. Radioactivity. EDP Sciences
  2. ↑ Stabin, Michael G. (2007). Radiation Protection and Dosimetry: An Introduction to Health Physics. Springer. ISBN 978-0-387-49982-6
  3. ↑ Best, Lara; Rodrigues, George; Velker, Vikram. (2013). Radiation Oncology Primer and Review. Demos Medical Publishing. ISBN 978-1-62070-004-4
  4. ↑ Loveland, W.; Morrissey, D.; Seaborg, G.T. (2006). Modern Nuclear Chemistry. Wiley-Interscience. পৃ. 57. ISBN 978-0-471-11532-8

সম্পৰ্কিত শ্ৰেণী

বিজ্ঞান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তেজস্ক্ৰিয়তা” প্ৰবন্ধৰ সংশোধন ৬৩২৬৫৩ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।