অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

ধঁপাত

ধঁপাত হৈছে ধঁপাত গছৰ পাত সংৰক্ষণ কৰি তৈয়াৰ কৰা এক প্ৰকাৰৰ দ্ৰব্য। ধঁপাত গছৰ আদি নিবাস উত্তৰ আৰু দক্ষিণ আমেৰিকা। ধঁপাত গছৰ শুকান পাতক ধঁপাত বোলা হয়। ধঁপাত গছ ১২-১৮ ইঞ্চি ওখ হয়। ধঁপাত এবিধ নিচাজাতীয় পদাৰ্থ। ধঁপাত চিগাৰেট, বিড়ি, চুৰট, হোকা, আদি বিভিন্ন পদ্ধতিৰ দ্বাৰা ধুমপান কৰা হয়।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৬ ২৬৫ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

ধঁপাত হৈছে ধঁপাত গছৰ পাত সংৰক্ষণ কৰি তৈয়াৰ কৰা এক প্ৰকাৰৰ দ্ৰব্য। ধঁপাত গছৰ আদি নিবাস উত্তৰ আৰু দক্ষিণ আমেৰিকা। ধঁপাত গছৰ শুকান পাতক ধঁপাত বোলা হয়। ধঁপাত গছ ১২-১৮ ইঞ্চি ওখ হয়। ধঁপাত এবিধ নিচাজাতীয় পদাৰ্থ। ধঁপাত চিগাৰেট, বিড়ি, চুৰট, হোকা, আদি বিভিন্ন পদ্ধতিৰ দ্বাৰা ধুমপান কৰা হয়। ধুমপানৰ উপৰিও ধঁপাত বিভিন্ন প্ৰকাৰে সেৱন কৰা হয়, যেনে চোবাই (জৰ্দা, ছাদা, হিচাপে পান বা তামোলৰ লগত খোৱা হয়), ওঠৰ ফাঁকত গুঁজি (যেনে খৈনি), বা নাকত ভৰাই (নসি)।

ধঁপাতৰ মূল নিচাজাতীয় উপাদান হৈছে নিক'টিন। নিক'টিন এক প্ৰকাৰৰ স্নায়ুবিষ (নিউৰ'টক্সিন), যি এক ধৰণৰ এচিটাইলক'লিন সংগ্ৰাহকৰ ওপৰত কাৰ্য কৰে। কিন্তু ধঁপাতৰ ধোৱাত নিক'টিনৰ বাদেও নানা কেঞ্চাৰসৃষ্টিকাৰী পদাৰ্থ থাকে, যেনে বেঞ্জ'পাইৰিণ ইত্যাদি বহুচক্ৰী এৰ'মেটিক যৌগ। ধঁপাত অত্যন্ত বিষাক্ত পদাৰ্থ, এটা চিগাৰেটত যিমানখিনি ধঁপাত থাকে, সেইখিনি যদি প্ৰত্যক্ষভাৱে শৰীৰত প্ৰৱেশ কৰে, তেন্তে দ্ৰুত মৃত্যু অনিবাৰ্য। ধুমপানৰ ফলত ধীৰে ধীৰে আয়ু কমি আহি থাকে। কেৱল কৰ্কট ৰোগৰ প্ৰৱণতাই নহয়, ইয়াক হৃদৰোগৰ কাৰক বুলি গণ্য কৰা হয়।

নামকৰণ

ধঁপাতৰ ইংৰাজী ‘Tobacco’ শব্দটো স্পেনিছ "tabaco" শব্দৰ পৰা আহৰণ কৰা হৈছে।১ ইয়াক, ১৪১০ চনলৈকে এক ধৰণৰ স্পেনিছ আৰু ইটালিয়ান শব্দ ঔষধি উদ্ভিদ বুজাবলৈ ব্যৱহাৰ কৰা হৈছিল। ২

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ World Association of International Studies, Stanford University
  2. ↑ Online Etymological Dictionary

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ধঁপাত” প্ৰবন্ধৰ সংশোধন ৬৩৯৮৯১ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।