অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

দয়া

দয়া (Kindness) হ'ল বিনিময়ত প্ৰশংসা বা পুৰস্কাৰ আশা নকৰি‍ উদাৰতা, বিবেচনা, আনক সহায় কৰা, আনৰ প্ৰতি চিন্তা কৰা আদি গুণৰ বৈশিষ্ট্যপূৰ্ণ এক প্ৰকাৰৰ আচৰণ৷ ই দৰ্শন, ধৰ্ম, মনোবিজ্ঞান আদিৰ আগ্ৰহৰ বিষয়। ইয়াক নিজৰ বা আন মানুহৰ প্ৰতি নিৰ্দেশিত কৰিব পাৰি, আৰু একাধিক ভিন্ন প্ৰজাতি আৰু সংস্কৃতিত ই উপস্থিত।

হালনাগাদ: ২৭ আগষ্ট ২০২৬ ২৩৭ শব্দ · ১ মিনিট সংগৃহীত ৬৫
সংশোধনৰ পৰামৰ্শ

দয়া (Kindness) হ'ল বিনিময়ত প্ৰশংসা বা পুৰস্কাৰ আশা নকৰি‍ উদাৰতা, বিবেচনা, আনক সহায় কৰা, আনৰ প্ৰতি চিন্তা কৰা আদি গুণৰ বৈশিষ্ট্যপূৰ্ণ এক প্ৰকাৰৰ আচৰণ৷ ই দৰ্শন, ধৰ্ম, মনোবিজ্ঞান আদিৰ আগ্ৰহৰ বিষয়।

ইয়াক নিজৰ বা আন মানুহৰ প্ৰতি নিৰ্দেশিত কৰিব পাৰি, আৰু একাধিক ভিন্ন প্ৰজাতি আৰু সংস্কৃতিত ই উপস্থিত।

ইতিহাস

ইংৰাজীত kindness শব্দটো প্ৰায় ১৩০০ চনৰ পৰাই ব্যৱহাৰ হৈ আহিছে‍ যদিও ১৪ শতিকাৰ শেষৰ ফালে শব্দটোৰ অৰ্থ বৰ্তমানৰ অৰ্থলৈ বিকশিত হয়।১

সমাজত

মানুহৰ সংগী বাছনিৰ অধ্যয়নত দেখা গৈছে যে পুৰুষ আৰু মহিলা উভয়েই নিজৰ সম্ভাৱ্য সংগীৰ মাজত থকা দয়াক মূল্য দিয়ে, লগতে বুদ্ধিমত্তা, শাৰীৰিক চেহেৰা, আকৰ্ষণীয়তা আৰু বয়সকো মূল্য দিয়ে।

মনোবিজ্ঞানত

ইয়েল বিশ্ববিদ্যালয়ৰ অধ্যয়নত কেঁচুৱাৰ সৈতে খেলা-ধূলা কৰি এই সিদ্ধান্ত লোৱা হৈছিল যে দয়া মানুহৰ অন্তৰ্নিহিত এক মানসিক গুণ৷২ শিশুকালত সহানুভূতিৰ শিপাৰ বিষয়েও একেধৰণৰ অধ্যয়ন কৰা হৈছে৩ – জীৱনৰ প্ৰথম মাহত মটৰ মিৰ’ৰিঙৰ বিকাশ ঘটে,৪ আৰু ইয়াৰ ফলত (অনুকূলভাৱে) শিশুৱে বিপদত পৰা সমনীয়াৰ প্ৰতি দেখুওৱা চিন্তাৰ সৃষ্টি হয়৷৫

বাৰ্বাৰা টেইলৰ আৰু এডাম ফিলিপছে প্ৰাপ্তবয়স্কৰ দয়াত প্ৰয়োজনীয় বাস্তৱবাদ উপাদানটোৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল, লগতে "প্ৰকৃত দয়াই মানুহক ইয়াক কৰাৰ ক্ষেত্ৰত সলনি কৰাৰ ধৰণ, প্ৰায়ে অভাৱনীয় ধৰণৰ হয়"।

দয়া শিক্ষা

দয়া কৰাটো বেছিভাগ সময়তে পিতৃ-মাতৃয়ে শিশুক শিকাই আৰু ইয়াক পৰ্যবেক্ষণ আৰু কিছু প্ৰত্যক্ষ শিক্ষাৰ জৰিয়তে শিকে। অধ্যয়নত দেখা গৈছে যে কাৰ্যসূচী আৰু হস্তক্ষেপৰ জৰিয়তে জীৱনৰ প্ৰথম ২০ বছৰত দয়াক শিকাব আৰু উৎসাহিত কৰিব পাৰি।৬ অধিক অধ্যয়নে দেখুৱাইছে যে দয়াৰ হস্তক্ষেপে কৃতজ্ঞতা শিকোৱাৰ দৰে তুলনামূলক ফলাফলৰ সৈতে মংগল উন্নতিত সহায় কৰিব পাৰে।৭ একেধৰণৰ তথ্যই দেখুৱাইছে যে সাংগঠনিক পৰ্যায়ৰ দয়াৰ শিক্ষাই কলেজত প্ৰাপ্তবয়স্কসকলৰ মংগল উন্নতি কৰিব পাৰে।৮

তথ্যসূত্ৰ

  1. ↑ kindness. Online Etymology Dictionary
  2. ↑ (May 5, 2010). Can Babies Tell Right From Wrong?, Babies at Yale University's Infant Cognition Center respond to "naughty" and "nice" puppets. New York Times (TimesVideo)
  3. ↑ Goleman, Daniel. (1989-03-28). Researchers Trace Empathy's Roots to Infancy. New York Times. পৃ. C1
  4. ↑ Goleman, Daniel. (1996). Emotional Intelligence. Bloomsbury. পৃ. 98–99
  5. ↑ Phillips, Adam; Taylor, Barbara. (2009). On Kindness
  6. ↑ Malti, Tina. (2021-09-03). Kindness: a perspective from developmental psychology. European Journal of Developmental Psychology. পৃ. 629–657
  7. ↑ Datu, Jesus Alfonso D.; Valdez, Jana Patricia M.; McInerney, Dennis M. (May 2022). The effects of gratitude and kindness on life satisfaction, positive emotions, negative emotions, and COVID-19 anxiety: An online pilot experimental study. Applied Psychology: Health and Well-Being. পৃ. 347–361
  8. ↑ Datu, Jesus Alfonso D.; Lin, Xunyi. (June 2022). The Mental Health Benefits of kind University Climate: Perception of Kindness at University Relates to Longitudinal Increases in Well-Being. Applied Research in Quality of Life. পৃ. 1663–1680

সম্পৰ্কিত শ্ৰেণী

মনোবিজ্ঞান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দয়া” প্ৰবন্ধৰ সংশোধন ৬৩২৮৬৭ (২৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।