নাৰীবাদী নৃতত্ত্ব (Feminist anthropology) হৈছে নৃতত্ত্বৰ চাৰি ক্ষেত্ৰৰ দৃষ্টিভংগীৰ ওপৰত প্ৰতিষ্ঠিত৷ সেইকেইটা হৈছে: প্ৰত্নতাত্ত্বিক, জৈৱিক, সাংস্কৃতিক, আৰু ভাষিক। ই নাৰীবাদী তত্ত্বৰ অন্তৰ্দৃষ্টি ব্যৱহাৰ কৰি গৱেষণাৰ তথ্য, নৃতত্ত্ববিদ্যাৰ নিযুক্তি পদ্ধতি আৰু জ্ঞানৰ বিদ্বান উৎপাদনক ৰূপান্তৰিত কৰিব বিচাৰে।১একে সময়তে নাৰীবাদী নৃতত্ত্বই ইউৰোপ আৰু আমেৰিকাত বিকশিত হোৱা অত্যাৱশ্যকীয় নাৰীবাদী তত্ত্বক প্ৰত্যাহ্বান জনায়। নাৰীবাদীসকলে সাংস্কৃতিক নৃতত্ত্বৰ আৰম্ভণিৰে পৰাই চৰ্চা কৰিছিল যদিও ১৯৭০ চনতহে নাৰীবাদী নৃতত্ত্বক নৃতত্ত্বৰ উপশাখা হিচাপে ইয়াক আনুষ্ঠানিকভাৱে স্বীকৃতি দিয়া হয়। তেতিয়াৰ পৰাই ই আমেৰিকান এণ্ট্ৰ’প’লজিকেল এছ’চিয়েশ্যনৰ নিজা উপখণ্ড – এছ’চিয়েশ্যন ফৰ ফেমিনিষ্ট এণ্ট্ৰ’প’লজী – আৰু নিজাকৈ প্ৰকাশন ফেমিনিষ্ট এণ্ট্ৰ’প’লজী প্ৰস্তুত কৰে। তেওঁলোকৰ পূৰ্বৰ আলোচনী ভইচ এতিয়া বন্ধ হৈ পৰিছে।
ইতিহাস
১৯৭০ চনৰ পৰা আৰম্ভ হোৱা তিনিটা ঐতিহাসিক পৰ্যায়ৰ মাজেৰে নাৰীবাদী নৃতত্ত্বৰ সূচনা হৈছে৷ সেইকেইটা হৈছে: নাৰীৰ নৃতত্ত্ব, লিংগৰ নৃতত্ত্ব আৰু শেষত নাৰীবাদী নৃতত্ত্ব।২
এই ঐতিহাসিক পৰ্যায়সমূহৰ আগতে নাৰীবাদী নৃতত্ত্ববিদসকলে তেওঁলোকৰ বংশাৱলী ১৯ শতিকাৰ শেষৰ ফালে অনুসৰণ কৰে।৩ আৰ্মিনি প্লেট স্মিথ, এলিছ কানিংহাম ফ্লেচাৰ, মাটিল্ডা কক্স ষ্টিভেনছন, ফ্ৰান্সিছ ডেন্সম'ৰ—এই মহিলাসকলৰ বহুতেই আছিল স্ব-শিক্ষিত নৃতত্ত্ববিদ আৰু ২০ শতিকাৰ প্ৰান্তত এই শাখাটোৰ পেছাদাৰীকৰণৰ ফলত তেওঁলোকৰ সাফল্য ম্লান হৈ পৰিছিল আৰু ঐতিহ্য মচ খাই গৈছিল।৪ প্ৰাথমিক মহিলা নৃতত্ত্ববিদসকলৰ ভিতৰত বিশিষ্ট আছিল ‘পেছাদাৰী’ পুৰুষ নৃতত্ত্ববিদৰ পত্নী, যাৰ কিছুসংখ্যকে অনুবাদক আৰু লিপিবদ্ধকৰণবিদ হিচাপে স্বামীৰ গৱেষণাত সহায় কৰিছিল। উদাহৰণস্বৰূপে মাৰ্জেৰী উলফে তেওঁৰ স্বামীৰ ক্ষেত্ৰভিত্তিক কামৰ সময়ত উত্তৰ টাইৱানলৈ অনুসৰণ কৰা অভিজ্ঞতাৰ আধাৰত তেওঁৰ ক্লাছিক নৃতাত্ত্বিক "দ্য হাউচ অৱ লিম" লিখিছিল।৫
আজি নাৰীবাদী নৃতত্ত্ব লিংগ নৃতত্ত্বৰ পৰা ওলাই আহি নাৰী শৰীৰৰ অধ্যয়নক সামৰি লৈছে কাৰণ ই সাংস্কৃতিক, চিকিৎসা, অৰ্থনৈতিক আৰু অন্যান্য শক্তিৰ লগত মুখামুখি হৈছে।৬ ইয়াৰ উপৰি নাৰীবাদী নৃতত্ত্ব ভৌতিক নৃতত্ত্ব, ভাষিক নৃতত্ত্ব, আৰু পুৰাতত্ত্বলৈ সম্প্ৰসাৰণৰ ঘটাৰ লগতে সাংস্কৃতিক অধ্যয়ন, ইতিহাস, সাহিত্য আৰু জাতিগত অধ্যয়নৰ লগতো জড়িত হৈ পৰিছে৷
নাৰীবাদী পুৰাতত্ত্ব বা প্ৰত্নতত্ত্ব
শেহতীয়াকৈ পুৰাতত্ত্বৰ নাৰীবাদীসকলে পুৰাতত্ত্ববিদসকলৰ সামাজিক জীৱনৰ ওপৰত বিদ্বান গৱেষণাৰ জৰিয়তে "ক্ষেত্ৰভিত্তিক কাম"ৰ সময়ত যৌন নিৰ্যাতনৰ বিষয়টোৰ সন্মুখীন হ'বলৈ আৰম্ভ কৰিছে।৭ জৈৱ পুৰাতত্ত্ববিদ, প্ৰাইমেট'লজিষ্ট আৰু অন্যান্য উপক্ষেত্ৰৰ বাবে মুকলি জৈৱ নৃতত্ত্ব ক্ষেত্ৰ অভিজ্ঞতাৰ ভিত্তিত ৱেব জৰীপে প্ৰকাশ কৰিছে যে ক্ষেত্ৰভিত্তিক কামৰ সময়ত ১৯% মহিলাক যৌন নিৰ্যাতন চলোৱা হয়৷ আনহাতে ইয়াৰে ৫৯% নৃতত্ত্ববিদ (পুৰুষ আৰু মহিলা উভয়ে) যৌন নিৰ্যাতনৰ সন্মুখীন হয়।৮
নাৰীবাদৰ সৈতে সম্পৰ্ক
শৈক্ষিক নাৰীবাদৰ অন্যান্য সূত্ৰৰ সৈতে নাৰীবাদী নৃতত্ত্বৰ সম্পৰ্ক অস্বস্তিকৰ। হেনৰিটা মূৰে যুক্তি দিছিল যে নৃতত্ত্ববিদ্যাৰ অনুসন্ধানত বিশ্লেষণাত্মক শ্ৰেণী হিচাপে থিয় দিব পৰাকৈ "নাৰী"ৰ ধাৰণাটো অপৰ্যাপ্তভাৱে সাৰ্বজনীন৷ তেওঁ কৈছিল যে 'নাৰী'ৰ ধাৰণাটো কিছুমান সংস্কৃতিৰ বাবে নিৰ্দিষ্ট আছিল, আৰু মানৱীয় প্ৰেক্ষাপটত ই সাৰ্বজনীন নহয়। নৃতত্ত্ববিদ মিচেল ৰোছাল্ডোৱে লিখিছে যে কিছুমান নাৰীবাদীৰ ক্ষেত্ৰত এনেধৰণৰ যুক্তিয়ে পুৰুষ আৰু মহিলাৰ মাজৰ সম্পৰ্কৰ বিষয়ে তেওঁলোকৰ বুজাবুজিৰ এটা মূল নীতিৰ বিৰোধিতা কৰিছিল।৯ সমসাময়িক নাৰীবাদী নৃতত্ত্ববিদ মেৰিলিন ষ্ট্ৰেথাৰ্নে যুক্তি আগবঢ়ায় যে পাৰ্থক্যক মচি পেলাব বিচৰাতকৈ ইয়াৰ সৈতে মোকাবিলা কৰিবলগীয়া নৃতত্ত্ব এই মতানৈক্যৰ ফলত ক্ষতিগ্ৰস্ত হোৱাটো বাধ্যতামূলক নহয়৷ কিন্তু তথাপিও নাৰীবাদী নৃতত্ত্ব প্ৰতিৰোধৰ সন্মুখীন হোৱাটো লক্ষ্য কৰা হৈছে।</ref>১০
তথ্যসূত্ৰ
- ↑ Brodkin, Karen; Morgen, Sandra; Hutchinson, Janis. (2011). Anthropology as White Public Space. American Anthropologist. পৃ. 545–556
- ↑ Lewin, Ellen. (2006). Feminist anthropology: a reader. Blackwell. ISBN 978-1405101967
- ↑ Parezo, Nancy. (1993). Hidden scholars: women anthropologists and the Native American Southwest. University of New Mexico Press. ISBN 978-0826314284
- ↑ Gacs, Ute D.; Kahn, Aisha; McIntyre, Jerrie. (1989). Women anthropologists: selected biographies. University of Illinois Press. ISBN 978-0252060847
- ↑ Rofel, Lisa. (September 2003). The outsider within: Margery Wolf and feminist anthropology. American Anthropologist. পৃ. 596–604
- ↑ Visweswaran, Kamala. (October 1997). Histories of feminist ethnography. Annual Review of Anthropology. পৃ. 591–621
- ↑ Clancy, Kate. I had no power to say that s not okay: Reports of harassment and abuse in the field. scientificamerican.com
- ↑ Muckle, Robert. A Can of Worms Worth Opening. www.anthropology-news.org
- ↑ Rosaldo, M.Z. (1980). The Use and Abuse of Anthropology: Reflections on Feminism and Cross-Cultural Understanding. Signs. পৃ. 389–417
- ↑ Strathern, Marilyn. (Winter 1987). An awkward relationship: The case of feminism and anthropology. Signs: Journal of Women in Culture and Society. পৃ. 276–292
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নাৰীবাদী নৃতত্ত্ব” প্ৰবন্ধৰ সংশোধন ৬৩২৬১০ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।