অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

পদাৰ্থ বিজ্ঞানৰ ইতিহাস

দৰ্শনৰ পৰা ক্ৰমাৎ বিজ্ঞানৰ বিভিন্ন ভাগ সমূহ উৎপত্তি হোৱাৰ সময়ত পদাৰ্থ বিজ্ঞান (ফিজিক্স) শব্দটোৱে প্ৰাকৃতিক দৰ্শন বুজাইছিল, অৰ্থাৎ এই বিষয়ত প্ৰকৃতিয়ে কেনেদৰে কাম কৰে তাৰ বিষয়ে অধ্যয়ন কৰা হৈছিল।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২১ ৫১০ শব্দ · ৩ মিনিট সংগৃহীত ৬২
সংশোধনৰ পৰামৰ্শ

দৰ্শনৰ পৰা ক্ৰমাৎ বিজ্ঞানৰ বিভিন্ন ভাগ সমূহ উৎপত্তি হোৱাৰ সময়ত পদাৰ্থ বিজ্ঞান (ফিজিক্স) শব্দটোৱে প্ৰাকৃতিক দৰ্শন বুজাইছিল, অৰ্থাৎ এই বিষয়ত প্ৰকৃতিয়ে কেনেদৰে কাম কৰে তাৰ বিষয়ে অধ্যয়ন কৰা হৈছিল।

প্ৰাচীন ইতিহাস

জ্যোতিৰ্বিজ্ঞান, আলোক বিজ্ঞান আৰু বলবিজ্ঞানেই হৈছে পদাৰ্থ বিজ্ঞানৰ প্ৰাচীনতম ভাগ, জ্যামিতিৰ অধ্যয়নৰ সময়ত গাণিতিকভাবে এই তিনি ভাগক একত্ৰীকৰণ কৰা হয়, বেবীলনীয় আৰু গ্ৰীচ লিখকসমূহ যেনে, আৰ্কিমিডিছ আৰু টলেমিৰ দিনৰ পৰা গণিতৰ বিকাশ আৰম্ভ হয়। সেই সময়তে ফিজিক্স বোলা দৰ্শনৰ ভাগটোত বিভিন্ন পৰিঘটনাৰ ব্যাখ্যা দিয়া আৰম্ভ হয় আৰু এৰিষ্ট'টলৰ দিনত এই ভাগটোৰ যুগান্তকাৰী বিকাশ হয়।

গ্ৰীচৰ সভ্যতাৰ প্ৰাচীন যুগত (৬৫০খৃ:পূ: – ৪৮০খৃ:পূ:) ছক্ৰেটিছৰ পূৰ্বৰ দাৰ্শনিক সকলে প্ৰকৃতিৰ বিভিন্ন সত্যসমূহক আৱিষ্কাৰ কৰা আৰম্ভ কৰে, খৃষ্ট পূৰ্ব ৬ - ৭ শতিকাত প্ৰকৃতি সম্পৰ্কে প্ৰচলিত অতিপ্ৰাকৃতিক, অলৌকিক বা ধৰ্মীয় ধাৰণাসমূহক দাৰ্শনিক "থেলাচে" বিজ্ঞানৰ যুক্তিৰে প্ৰত্যাহবান জনাই আৰু গ্ৰহণ কৰিবৰ বাবে অস্বীকাৰ কৰে, ইয়াৰ বাবে পৰৱৰ্তী কালত "থেলাচ"ক "বিজ্ঞানৰ পিতৃ" বোলা হয়, থেলাচে যুক্তি দিয়ে যে প্ৰতিটো পৰিঘটনাৰ অন্তৰালত এক প্ৰাকৃতিক কাৰক লুকাই থাকে।১ খৃষ্ট পূৰ্ব ৫ম শতিকাত লুচিপাচে পৰমাণুবাদৰ ধাৰণা আগবঢ়াই, পৰমাণুবাদৰ মতে সকলোবোৰ বস্তু কিছুমান অবিভাজ্য আৰু অক্ষয় কণাৰে গঠিত, এই কণাবোৰক পৰমাণু বোলা হয়, পাছত এই মতবাদৰ ডেমক্ৰিটাচে ব্যাখ্যা আগবঢ়াই।

(৩৮৪–৩২২ খৃ:পূ:)]]

প্লেটোৰ শিষ্য এৰিষ্ট'টল (৩৮৪ -৩২২ খৃ:পূ:) এ প্ৰথমে মতপোষণ কৰে যে প্ৰাকৃতিক পৰিঘটনাবোৰৰ সূক্ষ্ম পৰ্যবেক্ষণেই এনে পৰিঘটনাৰ বাবে দায়ী প্ৰাকৃতিৰ সূত্ৰসমূহৰ আৱিষ্কাৰত প্ৰধান ভূমিকা ল’ব পাৰে, গ্ৰীচৰ প্ৰাচীন হেলেনীষ্টিয় সভ্যতা (Hellenistic civilization)ৰ সময়ত (খৃ: পূ: ৬ষ্ঠ, ৫ম, ৪ৰ্থ শতাব্দী) প্ৰাকৃতিক দৰ্শনৰ বিকাশ আৰম্ভ হয়, আৰু ই এক ৰোমাঞ্চকৰ আৰু ধাৰাবাহিক অধ্যয়নৰ বিষয় হৈ পৰে।

প্ৰাচীন গ্ৰীচ সভ্যতাৰ আদিভাগতে পৃথিৱী যে গোলাকাৰ সেয়া সকলোৰে মাজত জনাজাত হৈ পৰিছিল। আৰু প্ৰায় ২৪০ খৃ:পূ: মানত এৰাট’চথেন্সে (খৃ:পূ: ২৭৬-১৯৪) সঠিকভাবে পৃথিৱীৰ পৰিসীমা নিৰ্ণয় কৰাত সফল হয়। এৰিষ্ট'টলৰ জ্যামিতিক দৃষ্টিভংগীৰ বিপৰীতে এৰিষ্টাৰকাচ (খৃ:পূ: ৩১০-১৯৪)এ পৃথিৱীৰ পৰিৱৰ্তে সূৰ্যক কেন্দ্ৰত ৰাখি সৌৰজগতৰ এক সহজ সৌৰকেন্দ্ৰিক বৰ্ণনা আগবঢ়ালে, এৰিষ্টাৰকাচৰ সৌৰকেন্দ্ৰিক ধাৰণাৰ আন এক বিশ্বাসী চেলেকাচে পৃথিৱীয়ে নিজৰ অক্ষৰ চাৰিওফালে ঘূৰে বুলি যুক্তি আগবঢ়াই, যদিও কালৰ সোঁতত তেওঁ আগবঢ়োৱা যুক্তিসমূহ হেৰাই যায়, অৱশ্যে প্লুটাৰ্কৰ মতে চেলেকাচেই প্ৰথম সৌৰকেন্দ্ৰিক ধাৰণাৰ প্ৰৱৰ্তক।

খৃ:পূ: ৩য় শতিকাত গ্ৰীক গণিতজ্ঞ আৰ্কিমিডিছে পদাৰ্থ বিদ্যাৰ হাইড্ৰ’ষ্টেটিকচ আৰু ষ্টেটিকচ (স্থিৰ হৈ থকা বস্তুৰ বিজ্ঞান) শাখা দূটাৰ সূত্ৰপাত কৰে, পানীত ওপঙা বস্তুৰ ওপৰত তেওঁ অধ্যয়ন কৰি খৃ:পূ: ২৫০ মানত বিখ্যাত প্লাবিতাৰ সূত্ৰ আৱিষ্কাৰ কৰে, ইয়াক আৰ্কিমিডিছৰ সূত্ৰও বোলা হয়। সেই সময়ৰ জ্যোতিৰ্বিদ টলেমিয়ে লিখা আলগামেষ্ট নামৰ জ্যোতিৰ্বিদ্যাৰ পুথি তাৰ বহু পাছৰ বিজ্ঞানৰ বাবে আধাৰস্বৰূপ হোৱা দেখা যায়।

কালৰ গতিত প্ৰাচীন কালত একত্ৰিত হোৱা জ্ঞানপুঞ্জ ক্ৰমাৎ হেৰাই যায়। জনপ্ৰিয় চিন্তাবিদসকলৰো সৰহ সংখ্যক কামেই এতিয়া পোৱা নায়ায়। হিপাৰকাচে লিখি যোৱা ১৪খন কিতাপৰ এখনো মূল কিতাপ এতিয়া পোৱা নাযায়, এৰিষ্ট'টলৰ ১৫০ খনৰো অধিক বিখ্যাত কৰ্মৰাজীৰ প্ৰায় ৩০খনহে পোৱা যায়, তদুপৰি এৰিষ্ট'টলৰ শ্ৰেণীত দিয়া টোকাৰ দৰে আন কিছুমান নথি পোৱা যায়। ইছলামীয় খালিফা সকলে এই সময়ৰ বহুবোৰ কৰ্মৰাজী গোটাই লৈ আৰবীয় ভাষালৈ অনুবাদ কৰে। অল-কিণ্ডি, অল-ফৰাবী, অভিচিনা, এভেৰুচ আদিৰ দৰে ইছলামীয় দাৰ্শনিক সকলে গ্ৰীক কৰ্মৰাজীক নিজৰ ধৰণেৰে পুনঃব্যাখ্যা কৰে। ইবন অল-হাথিম আৰু আবু ৰিহান বিৰুণিৰ২৩ অৱদানো মন কৰিবলগীয়া, তেওঁলোকে পশ্চিম ইউৰোপত ৰ’জাৰ বেকেন আৰু ৱিটেল’ৰ দৰে শিক্ষাবিদৰ অধীনত গ্ৰহণ কৰিছিল।

১২শ শতাব্দীত আৰবীয় ভাষাৰ পৰা লেটিনলৈ পুৰণি কৰ্মৰাজী সমূহ অনুবাদ হোৱাৰ লগে লগে এইবোৰৰ সম্পৰ্কে পশ্চিমীয়া দেশসমূহত সজাগতা বৃদ্ধি পায়। তেওঁলোকে ইছলামীয় আৰু ইহুদী ধৰ্মবিশ্বাসক সামৰি লৈ নকৈ কৰা ব্যাখ্যাই, মধ্যযুগৰ দাৰ্শনিকসকলৰ (যেনে থ’মাচ একুইনাচ আদি) ওপৰত গভীৰ প্ৰভাৱ বিস্তাৰ কৰা দেখা গ’ল।

সময়ৰেখা

নামজীৱনকালঅৱদান
এৰিষ্ট'টলখৃ:পূ:৩৮৪–৩২২Physicae Auscultationes
আৰ্কিমিডিছখৃ:পূ:২৮৭–২১২ওপঙা বস্তুৰ অধ্যয়ন
টলেমি৯০–১৬৮Almagest, Geography, Apotelesmatika
আলহাজেন৯৬৫–১০৪০Book of Optics
ক’পাৰনিকাচ১৪৭৩–১৫৪৩১৫৪৩ চনত মহাকাশৰ গোলকীয় বস্তু সমূহৰ আৱৰ্তনৰ অধ্যয়ন
গেলিলি১৫৬৪–১৬৪২১৬৩২ চনত Dialogue Concerning the Two Chief World Systems
ডেচকাৰ্টচ১৫৯৬–১৬৫০১৬৪১ চনত Meditations on First Philosophy
নিউটন১৬৪৩–১৭২৭১৬৮৭ চনত Mathematical Principles of Natural Philosophy
ফেৰাডে১৭৯১–১৮৬৭১৮৩৯, ১৮৪৪, Experimental Researches in Electricity, খণ্ড ১ আৰু ২
মেক্সৱেল১৮৩১–১৮৭৯১৮৭৩ চনত: Treatise on Electricity and Magnetism
আইনষ্টাইন১৮৭৯–১৯৫৫১৯০৫ চনত গতিশীল বস্তুৰ বিদ্যুত চুম্বকত্বৰ অধ্যয়ন

তথ্যসূত্ৰ

  1. ↑ চিংগাৰ, চি.. A Short History of Science to the 19th century. ষ্ট্ৰীটাৰ প্ৰেচ, ২০০৮. পৃ ৩৫
  2. ↑ গ্লিক লাইভচে’ ৱালিচ
  3. ↑ Mariam Rozhanskaya and I. S. Levinova (1996), "Statics", p. 642, in Rashed Morelon 1996, পৃ. 614–642

সম্পৰ্কিত শ্ৰেণী

পদাৰ্থ বিজ্ঞান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পদাৰ্থ বিজ্ঞানৰ ইতিহাস” প্ৰবন্ধৰ সংশোধন ২৯৯৯১৪ (২৩ ছেপ্তেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।