| বৃত্তৰ পৰিসৰ টাউ ব্যাসাৰ্ধৰ সমান | |
| সংখ্যা পদ্ধতি</center> | ⟨\pi⟩ ৰ মান নিৰ্ণয় |
|---|---|
| দ্বৈত | |
| দশমিক | ৬.২৮৩১৮৫.... |
| ষোৰশক | |
| সাংখ্যিক আসন্নমান | |
| অবিৰত ভগ্নাংশ | |
| ত্ৰিকোণমিতি |
টাউ (τ) এটি অপৰিমেয় সংখ্যা। টাউৰ মূল্য কোনো কোনোৱে π/২ বুলি গণ্য কৰে আৰু কোনো কোনোৱে ২π বুলি।
ব্যৱহাৰৰ ইতিহাস
চন ১৯৫৮ত এল্বাৰ্ট ইগলে প্ৰথমবাৰৰ বাবে পাইৰ সলনি টাউ ব্যৱহাৰ কৰাৰ কথা প্ৰস্তাৱিত কৰিছিল। তেওঁ এই প্ৰস্তাৱ দিছিল গাণিতিক সূত্ৰসমূহ সৰলীকৃত কৰিবলৈ। তেওঁ টাউৰ মূল্য পাইৰ আধা হ'ব লাগে বুলি কৈছিল।১ পিচে প্ৰায় অন্য গণিতজ্ঞ আৰু লেখকে টাউৰ মূল্য বেলেগ বুলি কয়। অনেকে টাউৰ মূল্য ৬.২৮৩১৮৫....=২π বুলি গণ্য কৰে। এই মূল্য এটি পাকত ৰেডিয়ানৰ সংখ্যা, ই বৃত্তৰ পৰিধিক ব্যাসাৰ্ধৰে ভাগ কৰি পোৱা মূল্য।২৩৪ টাউৰ এই মূল্য অধিক 'প্ৰাকৃতিক' আৰু ই বহুতো গাণিতিক সূত্ৰক সৰলীকৃত কৰে।
ব্যৱহাৰ
- ডিভিজৰ ফাংচন, যাৰ বাবে d বা σ0ও ব্যৱহাৰ কৰা হয়
- স্বৰ্ণ অনুপাতত (৬.২8৮৩....), যদিও ফাই (φ) অধিক ব্যৱহৃত
- ষ্টেটিষ্টিক্সত কেণ্ডাল টাউ ৰেংক কৰিলেচন ক'এফিচিয়েণ্ট
- ষ্টকাষ্টিক প্ৰক্ৰিয়াত সময় ৰখোৱা
- বৃত্তৰ পৰিসৰ আৰু ব্যাসাৰ্ধৰ অনুপাত
- নাম্বাৰ থিয়'ৰিত টাউ ফাংচন আদি
সামাজিক গুৰুত্ব
প্ৰতি বছৰে জুন মাহৰ ২৮ তাৰিখে টাউ দিবস উৎযাপন কৰা হয়। সেই দিনটোত অনেকে "পাইৰ দুগুন" ভক্ষণ কৰে।৫ পিচে মূল সুঁতিৰ গণিতত এতিয়াও টাউৰ ব্যৱহাৰ কম।৬
তথ্যসূত্ৰ
- ↑ Eagle, Albert. (1958). The Elliptic Functions as They Should be: An Account, with Applications, of the Functions in a New Canonical Form. Galloway and Porter, Ltd. পৃ. ix
- ↑ Abbott, Stephen. (April 2012). My Conversion to Tauism. Math Horizons. পৃ. 34
- ↑ Palais, Robert. (2001). Is Wrong!. The Mathematical Intelligencer. পৃ. 7–8
- ↑ এবট, ষ্টিফেনৰ 'মাই কনভাৰ্জন টু টাউইজম', মেথ হৰাইজন্স
- ↑ Tau Day: Why you should eat twice the pie – Light Years – CNN.com Blogs
- ↑ (2011-06-30). Life of pi in no danger – Experts cold-shoulder campaign to replace with tau. Telegraph India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টাউ (সংখ্যা)” প্ৰবন্ধৰ সংশোধন ৬০৪০৭১ (২ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।