অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

জেম্‌ছ ৱেব স্পে’চ টেলিস্কোপ

জেম্‌ছ ৱেব স্পে’চ টেলিস্কোপ (James Webb Space Telescope, JWST, জেম্‌ছ ৱেব মহাকাশ দূৰবীন) হৈছে ইউৰোপীয় মহাকাশ সংস্থা (ESA) আৰু কানাডিয়ান স্পে’চ এজেঞ্চী (CSA)ৰ অৱদানৰ সৈতে নাছাৰ দ্বাৰা নিৰ্মিত এক বিশাল মহাকাশ দূৰবীক্ষণ যন্ত্ৰ।

হালনাগাদ: ৫ ফেব্ৰুৱাৰী ২০২৬ ৩০২ শব্দ · ২ মিনিট সংগৃহীত ৬২
সংশোধনৰ পৰামৰ্শ

জেম্‌ছ ৱেব স্পে’চ টেলিস্কোপ (James Webb Space Telescope, JWST, জেম্‌ছ ৱেব মহাকাশ দূৰবীন) হৈছে ইউৰোপীয় মহাকাশ সংস্থা (ESA) আৰু কানাডিয়ান স্পে’চ এজেঞ্চী (CSA)ৰ অৱদানৰ সৈতে নাছাৰ দ্বাৰা নিৰ্মিত এক বিশাল মহাকাশ দূৰবীক্ষণ যন্ত্ৰ। জ্যোতিৰ্বিজ্ঞানত নাছাৰ ফ্লেগশ্বিপ মিছন হিচাপে হাবল মহাকাশ দূৰবীনক সফলতাৰে প্ৰতিষ্ঠাপন কৰিবলৈ ইয়াক পৰিকল্পনা কৰা হৈছে।১২

এই মহাকাশ দূৰবীনটো এৰিয়ান ফ্লাইত ভিএ২৫৬-ৰ সহায়ত ২০২১ চনৰ ২৫ ডিচেম্বৰত উৎক্ষেপন কৰা হয়। ইয়াক হাবলতকৈ উন্নত ইনফ্ৰাৰেড ৰিজলিউশ্যন আৰু সংবেদনশীলতা প্ৰদান কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে আৰু ই জ্যোতিৰ্বিজ্ঞান আৰু বিশ্বতত্ত্বৰ ক্ষেত্ৰখনক পূৰ্বতকৈ অধিক বিস্তৃত পৰিসৰত অনুসন্ধান কৰিবলৈ সক্ষম কৰি তুলিব। এই দূৰবীনৰ সহায়ত বিশ্বব্ৰহ্মাণ্ডৰ কিছুমান অতি দূৰৱৰ্তী ঘটনা আৰু বস্তু, যেনে— প্ৰথম তাৰকাৰাজ্যৰ সৃষ্টি আৰু সম্ভাৱ্য বসবাসযোগ্য বহিঃগ্ৰহৰ বায়ুমণ্ডলৰ বিতং তথ্য-সংগ্ৰহ আদি অধ্যয়ন কৰিবলৈ সক্ষম হ’ব।

দূৰবীক্ষণ যন্ত্ৰটোৰ দৰ্শন উপাদান প্ৰাথমিক দাপোণখন সোণৰ প্ৰলেপ দিয়া বেৰিলিয়ামৰ ১৮টা ষড়ভুজাকৃতিৰ দাপোণ-খণ্ডৰে গঠিত। এই দাপোণখনৰ ব্যাস হৈছে ৬.৫ মিটাৰ (২১ ফুট) আৰু এই দাপোণখন হাবল দূৰবীনৰ দাপোণখনতকৈ (২.৪ মিটাৰ (৭ ফুট ১০ ইঞ্চি)) যথেষ্ট ডাঙৰ। হাবল দূৰবীনে ওচৰৰ অতিবেঙুনীয়া, দৃশ্যমান, আৰু অৱলোহিত ৰশ্মিৰ (০.১ৰ পৰা ১ μm) বৰ্ণালী পৰ্যবেক্ষণ কৰিব পাৰিছিল, আনহাতে এই দূৰবীনে নিম্ন কম্পনাংক পৰিসৰৰ দীঘল-তৰংগদৈৰ্ঘ্যৰ দৃশ্যমান পোহৰৰ পৰা মধ্য-অৱলোহিত ৰশ্মিৰ (০.৬ৰ পৰা ২৮.৩ μm) বৰ্ণালী পৰ্যবেক্ষণ কৰিব পাৰিব। ইয়াৰ ফলত ই হাবলে পৰ্যবেক্ষণ কৰিব নোৱাৰা উচ্চ ৰঙা অপসাৰিত (redshift) বস্তুও পৰ্যবেক্ষণ কৰিবলৈ সক্ষম হ’ব। কোনো বাধা নোপোৱাকৈ অৱলোহিত ৰশ্মি পৰ্যবেক্ষণ কৰিবলৈ দূৰবীনটো অতি ঠাণ্ডাত ৰাখিব লাগিব, সেয়েহে ইয়াক পৃথিৱীৰ পৰা প্ৰায় ১.৫ নিযুত কিলোমিটাৰ (৯,৩০,০০০ মাইল) দূৰৰ সূৰ্য-পৃথিৱী “এল2 লাগ্ৰেঞ্জ বিন্দু” (L2 Lagrange point)ৰ ওচৰৰ মহাকাশত স্থাপন কৰা হৈছে, এই দূৰত্ব চন্দ্ৰ আৰু পৃথিৱীৰ দূৰত্বৰ প্ৰায় তিনিগুণ। ছিলিকন আৰু এলুমিনিয়ামৰ আৱৰণযুক্ত কাপ্টনেৰে নিৰ্মিত এখন ডাঙৰ ছানশ্বিল্ডে (sunshield) ইয়াৰ আইনা আৰু অন্য সঁজুলিবোৰৰ উষ্ণতা ৫০ কেলভিন (−২২৩° চেলচিয়াছ; −৩৩৭° ফাৰেণহাইট)ৰ তলত ৰাখিব।

এই দূৰবীনটোৰ নাম ১৯৬১ চনৰ পৰা ১৯৬৮ চনলৈ নাছাৰ প্ৰশাসক পদত থকা আৰু এপ’ল’ কাৰ্যসূচীত এক অবিচ্ছেদ্য ভূমিকা পালন কৰা৩৪ বিজ্ঞানী জেম্‌ছ ই. ৱেবৰ (James E. Webb)৫ নামেৰে নামকৰণ কৰা হৈছে।

তথ্যসূত্ৰ

  1. ↑ About the James Webb Space Telescope
  2. ↑ How does the Webb Contrast with Hubble?. NASA
  3. ↑ ESA JWST Timeline
  4. ↑ During, John. The James Webb Space Telescope. NASA
  5. ↑ Witze, Alexndra. (23 July 2021). NASA investigates renaming James Webb telescope after anti-LGBT+ claims. Some astronomers argue the flagship observatory – successor to the Hubble Space Telescope – will memorialize discrimination. Others are waiting for more evidence.. Nature. পৃ. 15–16

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জেম্‌ছ ৱেব স্পে’চ টেলিস্কোপ” প্ৰবন্ধৰ সংশোধন ৫৭৪২৮৮ (৫ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।