বিজ্ঞান
গণিত, পদাৰ্থ, ৰসায়ন, জীৱবিজ্ঞান আৰু মহাকাশ · ৬০৩ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
অ'পেক
অ'পেক (Organization of the Petroleum Exporting Countries, সংক্ষেপে OPEC) হৈছে খনিজ তৈল ৰপ্তানিৰ সৈতে জড়িত দেশসমূহৰ এক আন্তঃৰাষ্ট্ৰীয় সংগঠন। এই সংগঠনটোৰ উদ্দেশ্য হৈছে সদস্য ৰাষ্ট্ৰসমূহৰ খনিজ তৈল নীতি সমন্বয় কৰা আৰু বিশ্ব তেল বজাৰত স্থিতিশীলতা ৰক্ষা কৰা।
-
অণুৰাষ্ট্ৰ
অণুৰাষ্ট্ৰ বা মাইক্ৰ’ষ্টেট হ’ল এনে এক ৰাজনৈতিক সত্তা, যাৰ সদস্যসকলে নিজকে কোনো স্বতন্ত্ৰ জাতি বা সাৰ্বভৌম ৰাষ্ট্ৰৰ বুলি দাবী কৰে, কিন্তু বিশ্ব চৰকাৰ বা প্ৰধান আন্তৰ্জাতিক সংগঠনৰ আইনী স্বীকৃতি নাপায়। বেছিভাগেই ভৌগোলিকভাৱে অতি সৰু, এক বৰ্গফুটৰ পৰা পাঁচ লাখ বৰ্গমাইলৰ আকাৰৰ।
-
অপৰাধী মনোবিজ্ঞান
অপৰাধী মনোবিজ্ঞান (Criminal Psychology),বা অপৰাধমূলক মনোবিজ্ঞান হৈছে অপৰাধী আৰু সন্দেহযুক্ত লোকৰ মতামত, চিন্তা, উদ্দেশ্য, কাৰ্য্য আৰু প্ৰতিক্ৰিয়াৰ অধ্যয়ন। ই অপৰাধ বিজ্ঞান আৰু প্ৰয়োগ মনোবিজ্ঞানৰ এটা উপক্ষেত্ৰ।
-
অভাৰট'ন খিৰিকী
অভাৰটন খিৰিকী (Overton Window) হৈছে এটা নিৰ্দিষ্ট সময়ত মূলসুঁতিৰ জনসাধাৰণৰ বাবে ৰাজনৈতিকভাৱে গ্ৰহণযোগ্য নীতিৰ পৰিসৰ। ইয়াক বক্তৃতাৰ খিৰিকী বুলিও জনা যায়।
-
অভিযান্ত্ৰিক মনোবিজ্ঞান
অভিযান্ত্ৰিক মনোবিজ্ঞান (Engineering psychology) হৈছে মানৱ আচৰণ আৰু সামৰ্থ্যৰ বিজ্ঞান, যিটো ব্যৱস্থা আৰু প্ৰযুক্তিৰ ডিজাইন আৰু পৰিচালনাত প্ৰয়োগ কৰা হয়।
-
অৱকলনীয় সমীকৰণ
অৱকলনীয় সমীকৰণ'(অৱভেদ্য সমীকৰণ) হৈছে গণিতৰ এনে এটা সমীকৰণ যিয়ে এটা বা ততোধিক অজ্ঞাত ফলন আৰু ইয়াৰ ব্যুৎপত্তিসমূহৰ সম্পৰ্ক ৰাখে। প্ৰয়োগত ফলনসমূহে সাধাৰণতে ভৌতিক পৰিমাণক প্ৰতিনিধিত্ব কৰে, ব্যুৎপত্তিসমূহে ইয়াৰ পৰিৱৰ্তনৰ হাৰক প্ৰতিনিধিত্ব কৰে আৰু অৱভেদ্য সমীকৰণে দুয়োটাৰ মাজৰ সম্পৰ্ক সংজ্ঞায়িত কৰে।
-
অৱলোহিত ৰশ্মি
অৱলোহিত ৰশ্মি হৈছে দৃশ্যমান পোহৰতকৈ দীৰ্ঘ তৰঙ্গদৈৰ্ঘ্যৰ বিদ্যুৎ চুম্বকীয় বিকিৰণ। এই বিকিৰণ সাধাৰণত মানুহৰ বাবে অদৃশ্য, যদিও কিছুমান বিশেষ পৰিস্থিতিত দৃশ্যমান। অৱলোহিত ৰশ্মিৰ তৰঙ্গ দৈৰ্ঘ্যৰ সীমা ১ মাইক্ৰ'মিটাৰৰ পৰা ১ মিলিমিটাৰ পৰ্যন্ত বিস্তৃত।
-
আৰব লীগ
আৰব লীগ (Arab League, جامعة الدول العربية Jāmiʿat ad-Duwal al-ʿArabiyya) হৈছে আৰব ৰাষ্ট্ৰসমূহৰ মাজত ৰাজনৈতিক, অৰ্থনৈতিক, সাংস্কৃতিক আৰু সামৰিক সহযোগিতা বৃদ্ধিৰ উদ্দেশ্যে গঠিত এখন আঞ্চলিক আন্তঃৰাষ্ট্ৰীয় সংস্থা। এই সংগঠনটো ১৯৪৫ চনৰ ২২ মাৰ্চ তাৰিখে চাৰিচাৰত প্ৰতিষ্ঠা কৰা হয়।
-
আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ, অসম
আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদৰ দ্বাৰা প্ৰতিষ্ঠা কৰা এক প্ৰকল্প। ইয়াৰ দ্বাৰা ব্লক পৰ্যাযত বিভিন্ন বিদ্যালয়সমূহৰ মাজত বিজ্ঞান প্ৰযুক্তিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে কেন্দ্ৰৰ দ্বাৰা বিভিন্ন কাৰ্যসূচী লোৱা হয়। বৰ্তমানে অসমত ২১৯ টা আৰ্যভট্ট কেন্দ্ৰ আছে।
-
ইউনেস্কোৰ প্ৰতিনিধিত্বমূলক ৰচনাৰ সংগ্ৰহ
ইউনেস্কোৰ প্ৰতিনিধিত্বমূলক ৰচনাৰ সংগ্ৰহ (বা ইউনেস্কোৰ প্ৰতিনিধিত্বমূলক ৰচনাৰ তালিকা UNESCO Collection of Representative Works) আছিল ইউনেস্কোৰ অনুবাদ প্ৰকল্প আৰু এই প্ৰকল্পটো ১৯৪৮ চনৰ পৰা প্ৰায় ২০০৫ চনলৈকে প্ৰায় ৫৭ বছৰ ধৰি সক্ৰিয় আছিল।
-
ইণ্ডিয়ান ৰিজিয়নেল নেভিগেচন চেটেলাইট চিষ্টেম
ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO)-ৰ দ্বাৰা বিকশিত আৰু ভাৰত চৰকাৰৰ দ্বাৰা সম্পূৰ্ণভাৱে নিয়ন্ত্ৰিত ইণ্ডিয়ান ৰিজিয়নেল নেভিগেচন চেটেলাইট চিষ্টেম (IRNSS) হৈছে এক স্বয়ংক্ৰিয় কৃত্ৰিম উপগ্ৰহ ভিত্তিক নেভিগেচন চিষ্টেম।
-
ইথ’লজী
ইথ’লজী Ethology হৈছে অমানৱীয় প্ৰাণীৰ আচৰণৰ বিষয়ে অধ্যয়ন কৰা প্ৰাণীবিজ্ঞানৰ এটা শাখা। ইয়াৰ বৈজ্ঞানিক শিপা চাৰ্লছ ডাৰউইন আৰু ১৯ শতিকাৰ শেষৰ ফালে আৰু ২০ শতিকাৰ আৰম্ভণিৰ আমেৰিকা আৰু জাৰ্মান পক্ষীবিজ্ঞানীসকলৰ কামৰ পৰা, য'ত চাৰ্লছ অ' হুইটমেন, অস্কাৰ হাইনৰোথ, ৱালেছ ক্ৰেগ আদিও আছিল।
-
ইৰানৰ পানী মাফিয়া
ইৰানৰ পানী মাফিয়া (Water Mafia in Iran) (পাৰ্চী ভাষাত مافیای آب) শব্দটো চৰকাৰী বিষয়া, ঠিকাদাৰ আৰু নিৰাপত্তা সংস্থাৰ অনানুষ্ঠানিক, শক্তিশালী আৰু দুৰ্নীতিগ্ৰস্ত নেটৱৰ্কক বুজাবলৈ ব্যৱহাৰ কৰা হয় যিয়ে ইৰাণৰ জলসম্পদ নিয়ন্ত্ৰণ কৰি নিজৰ ব্যক্তিগত আৰু ৰাজনৈতিক স্বাৰ্থৰ সেৱা কৰে।
-
ইৰানৰ পৰিবেশৰ সমস্যা
ইৰানৰ পৰিবেশৰ সমস্যা ইৰাণ হ'ল বিশ্বৰ অন্যতম বৃহৎ আৰু ঘন জনবসতিপূৰ্ণ দেশ, ইয়াৰ আয়তন প্ৰায় ১৭ লাখ বৰ্গ কিলোমিটাৰ আৰু জনসংখ্যা ৯ কোটি ১৫ লাখ। ১৯৬৬ চনৰপৰা ইৰাণত জনসংখ্যাৰ অপৰিসীম বৃদ্ধি হৈছে, প্ৰথম অৱস্থাত ২৫,৭৮১,০৯০ জন লোকৰ সংখ্যা আৰু ২০১০ চনত মুঠ জনসংখ্যা ৭৫,৩৩০,০০০ হৈছিল।
-
উত্তৰ পূব মহাকাশ প্ৰয়োগ কেন্দ্ৰ
উত্তৰ পূব মহাকাশ প্ৰয়োগ কেন্দ্ৰ হৈছে ভাৰত চৰকাৰৰ মহাকাশ বিভাগ আৰু উত্তৰ-পূব পৰিষদৰ যৌথ উদ্যোগত ২০০০ চনৰ ছেপ্টেম্বৰ মাহত মেঘালয়ৰ উমিয়ামত স্থাপন কৰা এটা আঞ্চলিক মহাকাশ কেন্দ্ৰ।
-
উদ্বেগজনিত ব্যাধিগ্ৰস্ত প্ৰখ্যাত ব্যক্তিসকলৰ তালিকা
বিভিন্ন উৎসৰ দ্বাৰা প্ৰক্ষেপিত তথ্যৰ পৰা দেখা যায় যে, পৃথিৱীৰ বহু প্ৰখ্যাত ব্যক্তিৰ উদ্বেগজনিত ব্যাধি কোনো ৰূপত আছিল বা আছে। তেনে প্ৰখ্যাত ব্যক্তিসকলৰ বহুজনে নিজস্ব ব্যাধিৰ ৰূপ ৰাজহুৱাও কৰিছে।
-
উদ্ভিদ ৰোগবিজ্ঞান
উদ্ভিদ ৰোগবিজ্ঞান (Plant pathology) বা ফাইটʼপেথ’লজী হৈছে ৰোগজনক (সংক্ৰামক জীৱ) আৰু পৰিৱেশীয় অৱস্থা (শাৰীৰিক কাৰক)ৰ দ্বাৰা সৃষ্ট, উদ্ভিদৰ ৰোগসমূহৰ বৈজ্ঞানিক অধ্যয়ন।
-
উপ্চেলাইট
উপ্চেলাইট মেগনেছিয়াম কাৰ্বনেটৰ এটা অনাৰ্দ্ৰ (ইংৰাজী: anhydrous) ৰূপ। ২০১৩ চনৰ জুলাই মাহত এই পদাৰ্থবিদৰ প্ৰথম সম্ভেদ প্ৰকাশিত হৈছিল। প্ৰতি গ্ৰামত ৮০০ মিটাৰ² পৃষ্ঠকালিসম্পন্ন উপ্চেলাইট এতিয়ালৈকে আৱিস্কৃত সকলো এলকালি আৰ্থ মেটেল কাৰ্বনেট(ইংৰাজী:alkali earth metal carbonate)ৰ ভিতৰত সৰ্বোচ্চ…
-
এণ্ড্ৰমেডা হাতীপটি
এণ্ড্ৰমেডা হাতীপটি (ইংৰাজী: Andromeda Galaxy; শুনক: /ænˈdrɒmɪdə/) আমাৰ হাতীপটি 'মিল্কি ৱে'ৰ আটাইতকৈ ওচৰত অৱস্থিত এক বিশাল সৰ্পিল হাতীপটি। ইয়াক জ্যোতিৰ্বিজ্ঞানৰ কেটেলগত মেছিয়া ৩১ বা M31 আৰু NGC 224 বুলিও জনা যায়। পৃথিৱীৰ পৰা ই প্ৰায় ২৫ লাখ পোহৰ বছৰ দূৰত অৱস্থিত।
-
এনাস্থেচিয়া এৱাৰনেচ
এনাস্থেচিয়া এৱাৰনে'চ বা আন্ইণ্টেডে'ড্ ইনট্ৰা-অ'পাৰেটিভ এৱাৰনে'চ (Anesthesia awareness/unintended intra-operative awareness) হৈছে অস্ত্ৰোপ্ৰচাৰৰ সময়ত ৰোগীক চেতনাবিহীন কৰিবলৈ প্ৰয়োগ কৰা সাধাৰণ সংজ্ঞাহীনতা বা বিষয় দৰব প্ৰয়োজনতকৈ কমকৈ প্ৰয়োগ কৰাৰ ফলত সৃষ্টি হোৱা ৰোগীৰ এক অৱস্থা।
-
এবাকাছ
এবাকাছ (Abacus) বা গাণনিক বাকচ হ'ল পাটিগাণিতিক গণনা সম্পাদনৰ এটা প্ৰাচীন যন্ত্ৰ। ইয়াত এটি কাঠৰ ফ্ৰেমত কিছুমান তাৰ লগোৱা থাকে। তাৰত লগাই ৰখা গুটি উপৰলৈ তললৈ দি গণনা কৰা হয়। ফ্ৰেমত গুটি সমূহ শৃংখলাৰে লগোৱা থাকে গুটি সমূহৰ মাজত এডাল দণ্ড থাকে যি গুটিসমূহক দুইভাগত ভাগ কৰে।
-
এল নিনয়'–দক্ষিণ দোলন
এল নিনো–দক্ষিণ দোলন (ENSO) হৈছে গ্ৰীষ্মমণ্ডলীয় প্ৰশান্ত মহাসাগৰৰ ওপৰত বতাহ আৰু সাগৰৰ পৃষ্ঠৰ উষ্ণতাৰ তাৰতম্যৰ পৰা উদ্ভৱ হোৱা এক বিশ্বব্যাপী জলবায়ুৰ পৰিঘটনা। এই ভিন্নতাসমূহৰ এটা অনিয়মিত আৰ্হি থাকে যদিও চক্ৰাকাৰ ৰূপৰ কিছু আভাস পোৱা যায়। ENSO-ৰ সময় আৰু তীব্ৰতা পূৰ্বানুমানযোগ্য নহয়।
-
কপাৰনিকাচ বিপ্লৱ
কপাৰনিকাচ বিপ্লৱ আছিল মহাবিশ্বক বিশ্বব্ৰহ্মাণ্ডৰ কেন্দ্ৰত পৃথিৱী স্থবিৰ বুলি বৰ্ণনা কৰা আকাশৰ টলেমিক আৰ্হিৰ পৰা সৌৰজগতৰ কেন্দ্ৰত সূৰ্য্য থকা সূৰ্য্যকেন্দ্ৰিক আৰ্হিলৈ পৰিৱৰ্তন।
-
কাইথেলী অংক
কাইথেলী অংক হৈছে প্ৰাচীন কায়স্থসকলে ভাষাৰ সুষমা যুক্ত কৰি সৃষ্টি কৰা পাটীগণিতীয় কিছুমান সাঁথৰ, আৰু সংখ্যা বা তেনে বিষয়-বস্তু প্ৰকাশৰ কিছুমান শাব্দিক কৌশল। নামনি অসমৰ কামৰূপত ওঠৰ শতিকাত কায়স্থ কুলৰ লোকসকলৰ মাজত সংখ্যাজড়িত সাঁথৰ কিছুমানৰ প্ৰচলন আছিল।
-
কোৱাণ্টাম ডট্
কোৱাণ্টাম ডট (Quantum dot) এনে এক বিশেষ আকাৰত থকা পদাৰ্থ (প্ৰধানতঃ অৰ্ধপৰিবাহী) য’ত এক্সাইট’ন (exciton) (এযোৰ ইলেক্ট্ৰন আৰু হ’ল) তিনিওটা দিশৰ পৰাই আৱদ্ধ হৈ থাকে। এই কোৱাণ্টাম ডটবোৰৰ ধৰ্ম সেই পদাৰ্থবিধৰ আনবিক অবস্থা আৰু স্থূল অৱস্থাৰ ধৰ্মৰ মাজত থাকে।
-
ক্ৰান্তীয় ঘূৰ্ণীবতাহ
ক্ৰান্তীয় ঘূৰ্ণীবতাহ বা গ্ৰীষ্মমণ্ডলীয় ঘূৰ্ণীবতাহ হৈছে কম চাপৰ অঞ্চল, বন্ধ নিম্নস্তৰৰ বায়ুমণ্ডলীয় পৰিসঞ্চালন, প্ৰচণ্ড বতাহ, প্ৰচণ্ড বৰষুণ আৰু ধুমুহাৰ সৃষ্টি কৰা এক সৰ্পিল ধুমুহা ব্যৱস্থা।
-
খাদ্য বিজ্ঞান
খাদ্য বিজ্ঞান হৈছে খাদ্যৰ মৌলিক বিজ্ঞান আৰু প্ৰয়োগিক বিজ্ঞান-ইয়াৰ পৰিসৰ কৃষি বিজ্ঞান আৰ্দ্ৰ পুষ্টি বিজ্ঞানৰ সৈতে অতিৰিক্তভাৱে আৰম্ভ হয় আৰু খাদ্য সুৰক্ষা আৰু ফুড প্ৰচেছিংৰ বৈজ্ঞানিক দিশবোৰৰ মাজেৰে আগবাঢ়ি যায়, যি খাদ্য প্ৰযুক্তি বিকাশক অৱগত কৰে। খাদ্য বিজ্ঞানে একাধিক বৈজ্ঞানিক শাখাক একত্ৰিত কৰে।
-
গাণিতিক জীৱবিজ্ঞান
সাম্প্ৰতিক কালত জীৱবিজ্ঞানৰ গৱেষণা আৰু আৱিষ্কাৰৰ দিশত অতি ক্ষিপ্ৰ বিকাশ পৰিলক্ষিত হৈছে। বোধহয় ‘মানৱ বংশগতি-সূত্ৰ আঁচনি’ (Human Genome Project)-ৰ সফল পৰিসমাপ্তি একবিংশ শতিকাত বিজ্ঞানৰ এতিয়ালৈকে আটাইতকৈ উল্লেখযোগ্য আৰু গুৰুত্বপূৰ্ণ সাফল্য।
-
গাণিতিক পৰিপক্বতা
গাণিতিক পৰিপক্বতা (Mathematical maturity) ৰ দ্বাৰা সততে গণিতজ্ঞসকলৰ চিন্তা কৰা, কাৰ্য সম্পন্ন কৰা আৰু চিন্তাৰাজি প্ৰকাশ কৰাৰ ধৰণৰ পৰম দক্ষতাক বুজোৱা হয়। ই হৈছে গাণিতিক অভিজ্ঞতা আৰু অন্তৰ্দৃষ্টিৰ সংমিলনৰ সম্পৰ্কিত, যিটো প্ৰত্যক্ষভাৱে শিকাব নোৱাৰি।
-
গীতা ভেংকটৰমণ
গীতা ভেংকটৰমণ (Geetha Venkataraman, জন্ম: ২৯ আগষ্ট ১৯৬৭) এগৰাকী ভাৰতীয় মহিলা গণিতজ্ঞ। গীতা ভেংকটৰমণ বৰ্তমান দিল্লী বিশ্ববিদ্যালয়ৰ "স্কুল অব লিবাৰেল ষ্টাডিজ"ৰ এগৰাকী গণিতৰ অধ্যাপক। ইয়াৰ পূৰ্বে তেওঁ ১৯৯৩ চনৰ ছেপ্তেম্বৰৰ পৰা ২০১০ চনলৈ চেইণ্ট ষ্টিফেন্স কলেজ, দিল্লীৰ গণিত বিভাগত অধ্যাপনা কৰিছিল।