অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

গোলাপী জামু

গোলাপী জামু (Rose-apple) দক্ষিণ-পূব এছিয়াত উৎপত্তি হোৱা লগতে পৃথিৱীৰ বিভিন্ন ঠাইত বহুলভাৱে পোৱা এবিধ উদ্ভিদ, ইয়াক অলংকাৰিক আৰু ফলমূলৰ গছ হিচাপে জনা যায়।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৪৪৩ শব্দ · ২ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

গোলাপী জামু (Rose-apple) দক্ষিণ-পূব এছিয়াত উৎপত্তি হোৱা লগতে পৃথিৱীৰ বিভিন্ন ঠাইত বহুলভাৱে পোৱা এবিধ উদ্ভিদ, ইয়াক অলংকাৰিক আৰু ফলমূলৰ গছ হিচাপে জনা যায়।১

বিৱৰণ

গোলাপী জামু এবিধ সৰুৰ পৰা মজলীয়া আকাৰৰ চিৰসেউজ জোপোহা গছ, সাধাৰণতে ৩ মিটাৰৰ পৰা ১৫ মিটাৰ (১০–৪৯ ফুট) উচ্চতা পৰ্যন্ত বৃদ্ধি পায়। ইয়াৰ ডাল-পাত বেছিভাগ তলৰ অংশৰ পৰাই ওলায়। পাত আৰু কুঁহিপাত মসৃণ (লোমবিহীন) হয়। গছৰ ছাল গাঢ় বাদামী ৰঙৰ যদিও যথেষ্ট মসৃণ আৰু তাত বিশেষ খাঁজ বা উঁচু-নিচা নাথাকে। পাতবোৰৰ আকৃতি ২–৪ ছেণ্টিমিটাৰ বহল আৰু ১০–২০ ছেণ্টিমিটাৰ দীঘল। পাতৰ আগভাগ সূচালো, তলভাগ কিউনিয়েট (পাচলি সদৃশ সংকীৰ্ণ) আৰু পাতৰ ডাঁটি অতি সৰু বা প্ৰায় নাথাকেই। নতুনকৈ ওলোৱা পাতবোৰ উজ্জ্বল ৰঙা হয়, কিন্তু পূৰ্ণবয়স্ক হ’লে গাঢ়, চকচকীয়া সেউজীয়া ৰং ধাৰণ কৰে। ফুলবোৰ ডালৰ আগভাগত সৰু থুপত ফুলে। ফুলৰ ৰং বগা বা সেউজীয়া-বগা হয়। দীঘল আৰু অসংখ্য পুংকেশৰৰ বাবে ফুলবোৰৰ ব্যাস প্ৰায় ৫–৮ ছেণ্টিমিটাৰ (২–৩¼ ইঞ্চি) হয়। নাতিশীতোষ্ণ অঞ্চলত এই গছ সাধাৰণতে গ্ৰীষ্মকালত ফুলে।

চিত্ৰমালা

ফলটোৰ আকৃতি মধুৰি আম দৰে হয়। আচলতে, ইয়াৰ বাহ্যিক ৰূপ মধুৰি আম সৈতে ইমানেই মিল যে যিসকলে এই ফলৰ সৈতে পৰিচিত নহয়, তেওঁলোকে প্ৰথম দৃষ্টিত মধুৰি আম বুলি ভুল কৰিব পাৰে। কিন্তু ইয়াৰ সুগন্ধ, সোৱাদ আৰু গঠন মধুৰি আম পৰা পৃথক। আৰু মধুৰি আমৰ জেলীৰ দৰে কলাত অসংখ্য সৰু আৰু কঠিন গুটি নাথাকে; তাৰ বিপৰীতে, গোলাপী জামুৰ ফলত সাধাৰণতে ১ বা ২টা ডাঙৰ, কোমল আবৰণবিহীন গুটি থাকে, যাৰ ব্যাস প্ৰায় ১ ছেণ্টিমিটাৰ। পকিলে এই গুটিবোৰ ফলৰ ভিতৰৰ অলপ তুলাৰ দৰে ফোপোলা গহ্বৰত ঢিলা অৱস্থাত থাকে। ফলটো জোকাৰি গুটিবোৰৰ শব্দ শুনিলে ই পকিল নে নাই তাৰ কিছু আভাস পোৱা যায়। ফলৰ ছাল পাতল আৰু মোমৰ দৰে মসৃণ। কিছুমানে ইয়াৰ ফুল সুগন্ধিযুক্ত বুলি বৰ্ণনা কৰিছে, যদিও এই বৈশিষ্ট্য সকলো ক্ষেত্ৰতে একে নহ'বও পাৰে। কিন্তু পকা ফলটোৰ এক তীব্ৰ আৰু মনোমোহা ফুলৰ দৰে সুগন্ধ থাকে। সেইবাবেই ইয়াৰ ইংৰাজী সাধাৰণ নামসমূহৰ ভিতৰত ৰোজ এপল(Rose Apple)২ আৰু পোমাৰোজা (Pomarrosa) আদি নাম প্ৰচলিত।

বিবিধতা

পৃথিৱীৰ বিভিন্ন ঠাইত গোলাপী জামু(ৰোজ এপ্‌ল)ৰ বহুতো জাত পোৱা যায়, যাৰ ভিতৰত কোনো বিশেষ বৈশিষ্ট্য নথকা বনৰীয়া গছো আছে। থাইলেণ্ডত সৰ্বাধিক খেতি কৰা জাতটোৰ ফল সাধাৰণতে শেঁতা সেউজীয়া ৰঙৰ হয়। মালয়েছিয়াৰ জাতসমূহৰ ফলৰ বাকলি সাধাৰণতে ৰঙা হয়। বহু অঞ্চলত ফলবোৰ শেঁতা হালধীয়া ৰঙৰ হয় আৰু কেতিয়াবা সামান্য গোলাপী আভাও দেখা যায়। ফলৰ বাকলি পাতল আৰু মোমজাতীয়। ফলৰ ভিতৰত থকা ফোপোলা অংশত অতি কম পৰিমাণৰ নৰম তুলাসদৃশ পদাৰ্থ থাকে, যাৰ বিশেষ গুৰুত্ব নাই। ফলটো খৰখৰীয়া আৰু ৰসাল। ইয়াৰ সোৱাদ এক বিশেষ ধৰণৰ, যাৰ বাবে কিছুমানে ইয়াক কল্পনাপ্ৰসূতভাৱে এইদৰে বৰ্ণনা কৰে— “নাচপতি (Nashi ) আৰু কেপচিকাম (bell pepper) সংমিশ্ৰণৰ দৰে সোৱাদ, য’ত অতি মৃদু গোলাপৰ সুগন্ধ থাকে আৰু শেষত সামান্য তিতা অনুভূতি ৰৈ যায়।”

সাহিত্যত গোলাপী জামু

অসমীয়া সাহিত্যত এইবিধ ফলৰ এক বিশেষ স্থান আছে। জ্ঞানপীঠ বঁটা বিজয়ী কবি নীলমণি ফুকন (কনিষ্ঠ)ৰ গোলাপী জামুৰ লগ্ন নামৰ এখন কবিতা পুথিও আছে। সংকলন খনত থকা এটা কবিতাত কবিয়ে লিখিছে হে হৃদয়ৰ ভগা ডালত ওলমি থকা /গোলাপী জামুৰ লগ্ন! ৩

তথ্যসূত্ৰ

  1. ↑ Janick, Jules. Paull, Robert E. The Encyclopedia of Fruit & Nuts. Publisher: CABI 2008
  2. ↑ Hargreaves, Dorothy; Hargreaves, Bob. (1964). Tropical Trees of Hawaii. Hargreaves. পৃ. 54
  3. ↑ ফুকন নীলমণি. (২০২১). নীলমণি ফুকনৰ সম্পূৰ্ণ কবিতা. আঁক-বাক. পৃ. ৬৭. ISBN 978-93-82726-09-8

সম্পৰ্কিত শ্ৰেণী

ফল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গোলাপী জামু” প্ৰবন্ধৰ সংশোধন ৬৩২৪১৯ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।