উত্তৰৰ বগা-গালৰ হলৌ বান্দৰ (Northern white-cheeked gibbon; বৈজ্ঞানিক নামঃ Nomascus leucogenys) হৈছে দক্ষিণ পূব এছিয়াৰ স্থানীয় হলৌ বান্দৰৰ এক সংকটাপন্ন প্ৰজাতি।
দক্ষিণৰ বগা-গালৰ হলৌ বান্দৰ (নমাস্কাছ ছিকি)ৰ সৈতে ইয়াৰ ঘনিষ্ঠ সম্পৰ্ক আছে; পূৰ্বতে ইয়াক সমগোত্ৰীয় বুলি গণ্য কৰা হৈছিল। দুয়োটা প্ৰজাতিৰ মাইকীবোৰ দেখাত প্ৰায় পৃথক কৰিব নোৱাৰা বিধৰ।১
এন. লিউক'জেনিছৰ জিনম ২০১১ চনত ক্ৰমৱদ্ধ আৰু প্ৰকাশিত হৈছিল।

বৰ্ণনা

উত্তৰৰ বগা-গালৰ হলৌ বান্দৰবোৰ লৈংগিক দ্বিৰূপী, মতা আৰু মাইকীৰ ৰং বেলেগ বেলেগ হয় আৰু মতাবোৰ অলপ ডাঙৰ হয়। মতাৰ সমগ্ৰ শৰীৰত ক'লা নোম থাকে আৰু কেৱল গালত স্পষ্ট বগা দাগ থাকে; লগতে মূৰত মুকুটৰ নিচিনা চুলিৰ এক বিশেষ টোপোলা আৰু এক নোমহীন ছাল থাকে। মাইকীবিলাকৰ ৰং ৰঙচুৱা বৰণৰ হয়, মূৰত খোপা নাথাকে,আৰু মুকুটৰ নিচিনা চুলিৰ পৰা ডিঙিৰ পিছফাললৈকে ক'লা বা গাঢ় বাদামী ৰঙৰ নোম থাকে। গড় ওজন ৭.৫ কিলোগ্ৰাম (১৭ পাউণ্ড) হয় বুলি জানিব পৰা গৈছে যদিও ই কেৱল কম সংখ্যক বন্য হলৌৰ ওপৰত আধাৰিত তথ্যহে, আনহাতে বন্দী অৱস্থাত থকা হলৌবোৰক ডাঙৰ যেন লাগে।২
একে গণৰ আন হলৌ বান্দৰৰ প্ৰজাতিৰ দৰেই মতা আৰু মাইকী উভয়ৰে বাহুবোৰ অস্বাভাৱিকভাৱে দীঘল, আগভৰি দুখন পিছভৰিৰ তুলনাত ১.২ৰ পৰা ১.৪ গুণ দীঘল হয়। এইবোৰ অধিক পেশীবহুল, গধুৰ ঊৰু আৰু কান্ধে ইহঁতৰ অধিক শাৰীৰিক শক্তি থকাৰ ইংগিত দিয়ে।৩ প্ৰাপ্তবয়স্কবোৰে গছত ওলমি থকাৰ সময়ত আগভৰিক অগ্ৰাধিকাৰ দিয়া দেখা যায়, প্ৰত্যেকেই সোঁ বা বাওঁ ভৰি সমানভাৱে ব্যৱহাৰ কৰিব পাৰে।৪
এই প্ৰজাতিটো দক্ষিণৰ বগা-গালৰ হলৌ বান্দৰৰ সৈতে সাদৃশ্যপূৰ্ণ, কিন্তু ইয়াৰ শৰীৰৰ নোম অলপ দীঘল আৰু কণ্ঠস্বৰত সূক্ষ্ম পাৰ্থক্য আছে। উত্তৰৰ বগা-গালৰ হলৌ বান্দৰৰ গালত থকা বগা দাগৰ আকৃতিৰ দ্বাৰাও মতাবোৰক পৃথক কৰিব পাৰি, উত্তৰৰ বগা-গালৰ হলৌ বান্দৰৰ বগা দাগে কাণৰ ওপৰৰ সীমা স্পৰ্শ কৰে কিন্তু মুখৰ কোণবোৰ স্পৰ্শ নকৰে; আনহাতে দক্ষিণ বগা-গালৰ হলৌ বান্দৰৰ কাণৰ কেৱল আধাহে পায়গৈ আৰু ওঁঠযোৰ সম্পূৰ্ণৰূপে আগুৰি থাকে।২
মতা আৰু মাইকী উভয়েই সিহঁতৰ বুকুৰ ওপৰৰ ভাগ, নিতম্ব আৰু গোৰোহাৰ চাৰিওফালে থকা গ্ৰন্থিৰ পৰা ৰঙা-বাদামী ৰঙৰ স্ৰাৱ উৎপন্ন কৰাৰ খবৰ পোৱা গৈছে। অৱশ্যে, এক্সিলা আৰু বুকুৰ পৰা ওলোৱা ঘামৰ নমুনাবোৰত আন বহুতো প্ৰজাতিৰ বন মানুহতকৈ উত্তৰৰ বগা-গালৰ হলৌ বান্দৰত ষ্টেৰইডৰ স্তৰ কম থাকে, যিয়ে ইংগিত দিয়ে যে এই প্ৰজাতিৰ প্ৰাণীবিধৰ ঘ্ৰাণ সংকেত সিহঁতৰ নিকট-আত্মীয়ত প্ৰজাতিতকৈ কম গুৰুত্বপূৰ্ণ।২
বিতৰণ আৰু বাসস্থান
বৰ্তমান উত্তৰৰ বগা-গালৰ হলৌ বান্দৰ কেৱল উত্তৰ ভিয়েটনাম আৰু উত্তৰ লাওছতহে পোৱা যায়। পূৰ্বতে ইহঁতক দক্ষিণ চীনৰ ইউনান প্ৰদেশতো পোৱা গৈছিল, ২০০৮ চনত তাৰ পৰা বিলুপ্ত হোৱাৰ পথত বুলি জানিব পৰা গৈছে।৫ ২০১৩ চনত চীনত ইয়াক বিলুপ্ত হোৱা বুলি নিশ্চিত কৰা হৈছিল।৬
লাওছত ২০১৯ চনত নাম এট-ফো লুই ৰাষ্ট্ৰীয় সুৰক্ষিত অঞ্চলত এই প্ৰজাতিৰ হলৌ বান্দৰৰ ৫৭টা পৰিয়াল থকা বুলি অনুমান কৰা হৈছিল।৭
ভিয়েটনামত, লাওছৰ সীমান্তৰ ওচৰৰ উত্তৰ ভিয়েটনামৰ নেঘন প্ৰদেশৰ পু মাত ৰাষ্ট্ৰীয় উদ্যানত কমেও ২২টা এন. লিউক'জেনিছৰ পৰিয়াল থকা বুলি নিশ্চিত কৰা হৈছিল। ৬৪টা পৰিয়ালত ১৮২টা সদস্যৰ আন এদল এইবিধ হলৌ ২০২০ চনত ভিয়েটনামৰ থান হোয়া প্ৰদেশৰ জুৱান লিয়েন প্ৰাকৃতিক সংৰক্ষিত অঞ্চলত থকা বুলি প্ৰকৃতি সংৰক্ষণ আৰু উন্নয়ন কেন্দ্ৰৰ দ্বাৰা দুবছৰীয়া হলৌ বান্দৰ নিৰীক্ষণ কাৰ্যসূচীৰ জৰিয়তে নিশ্চিত কৰা হৈছিল। ২০১১ চনত ৪১টা পৰিয়ালত ১২৭টা হলৌ থকাৰ কথা বেচলাইন তথ্যৰ পৰা জানিব পৰা গৈছে, এয়া এক উল্লেখযোগ্য বৃদ্ধি।
বৰ্তমানলৈকে এইবিধ হলৌৰ কোনো উপ-প্ৰজাতি চিনাক্ত কৰা হোৱা নাই যদিও দক্ষিণৰ বগা-গালৰ হলৌ বান্দৰক পূৰ্বতে এন. লিউকোজেনিছ ৰ উপ-প্ৰজাতিৰ বুলি গণ্য কৰা হৈছিল। হলৌৱে ২০০ৰ পৰা ১,৬৫০ মিটাৰ (৬৬০ আৰু ৫,৪১০ ফুট ) উচ্চতাৰ ভিতৰৰ প্ৰাথমিক চিৰসেউজ উপ-ক্ৰান্তীয় বনাঞ্চলত বাস কৰে।২
আচৰণ আৰু খাদ্যাভ্যাস
উত্তৰৰ বগা-গালৰ হলৌ বান্দৰ অভ্যাসত উদ্ভিদজাত, ই প্ৰধানকৈ তৃণভোজী, গছৰ পাত, কুঁহি আৰু ফুলৰ লগতে মুখ্যতঃ ফল খায়। অৱশ্যে, সিহঁতৰ আহাৰৰ ১০% পোক-পতংগ আৰু অন্যান্য সৰু সৰু জীৱ হ'ব পাৰে। সিহঁত সাধাৰণতে ছজনলৈকে সামাজিকভাৱে দলৱদ্ধৰূপত বাস কৰে। পৰিয়াল একোটা বেছি দূৰলৈকে নাযায় আৰু সিহঁতে নিজা এলেকাত বিশ্বাস কৰে। উত্তৰৰ বগা-গালৰ হলৌ বান্দৰ দিবাচৰ আৰু প্ৰায়ে ইটোৱে-সিটোক জোৰেৰে আলিঙ্গন কৰি ৰাতিটো ওখ ডালবোৰত শুই থাকে।২ আচৰণগত অধ্যয়নে দেখুৱাইছে যে সিহঁতে আইনাত আত্ম-চিনাক্তকৰণ কৰিবলৈ সক্ষম।৮
উত্তৰ বগা গালৰ গিবনৰ মাত গিবনে উৎপন্ন কৰা মাতবোৰৰ ভিতৰত আটাইতকৈ জটিল, আৰু মতা আৰু মাইকীৰ মাতৰ মাজত যথেষ্ট পাৰ্থক্য আছে। আটাইতকৈ স্বকীয় আহ্বান হ’ল মতা-মাইকীৰ যুটিৰ অংশ হিচাপে কৰা চিঞৰ-বাখৰ। এইবোৰৰ আৰম্ভণিতে মাইকী হলৌজনীয়েে ১৫ৰ পৰা ৩০টা নোটৰ ধাৰাবাহিকতা বৰ্ধিত পিচৰ সৈতে কৰে, তাৰ পিছত মতা হলৌৰ জটিল চিঞৰৰ কম্পনাঙ্ক স্বৰধ্বনি দ্ৰুত পৰিৱৰ্তনৰ সৈত কৰে। ২০ ছেকেণ্ডতকৈও কম সময়ৰ এই চক্ৰটো তাৰ পিছত পাঁচৰ পৰা ১৭ মিনিটলৈকে তীব্ৰতা বৃদ্ধিৰে পুনৰাবৃত্তি হয়।২ ঘনিষ্ঠ সম্পৰ্কীয় দক্ষিণৰ প্ৰজাতিবোৰত এনে যুগলতা ভোৰভোৰাই থকাহে বেছিকৈ দেখা যায়, আৰু আপাত দৃষ্টিত কেৱল ৰ’দঘাই দিনতহে কৰে।৯ বন্দী অধ্যয়নত যিবোৰ মতা আৰু মাইকী হলৌৱে একেলগে দ্বৈত সংগীত গায়, সেইবোৰৰ সঘনাই সংগমৰ সম্ভাৱনা বেছি, ইয়াৰ পৰা বুজা যায় যে ই যোৰ-বন্ধনত মূল ভূমিকা ল’ব পাৰে।১০
একে ধৰণৰ চিঞৰ কেতিয়াবা উভয় লিংগৰ দ্বাৰা এককভাৱে কৰা হয়, আৰু কিশোৰ-কিশোৰীবোৰে কেতিয়াবা তাত যোগদান কৰি এক সম্পূৰ্ণ 'কোৰাছ' সৃষ্টি কৰে। ডুৱেট আৰু একক ডাঙৰ চিঞৰৰ উপৰিও পুৰুষে তেওঁলোকৰ গুলাৰ চেক আৰু চুটি একক ন'টেৰে বুমিং শব্দ কৰিব পাৰে।২
প্ৰজনন
উত্তৰৰ বগা-গালৰ হলৌ বান্দৰ একগামী আৰু দীৰ্ঘস্থায়ীযোৰ বান্ধোনেৰে পৰিয়াল পাতি থাকে। ঋতুচক্ৰ গড়ে ২২ দিন আৰু গৰ্ভাৱস্থা ২০০ৰ পৰা ২১২ দিনলৈকে থাকে বুলি জানিব পৰা গৈছে।১১২
জন্মৰ সময়ত উভয় লিঙ্গৰ হলৌ বান্দৰ হালধীয়া-খৈৰ ৰঙৰ নোমেৰে আবৃত হৈ থাকে আৰু গড় ওজন ৪৮০ গ্ৰাম (১৮ আউন্স) হয়।১২ প্ৰায় এবছৰ বয়সৰ পিছত, উভয় লিংগৰ হলৌৰে নোমবোৰ ক'লা ৰঙলৈ সলনি হয়, গালত পাতল দাগ থাকে, লৈংগিক দ্বিৰূপী প্ৰাপ্তবয়স্কৰ নোম কেৱল চাৰি বা পাঁচ বছৰ বয়সত উপনীত হ'লেহে বৃদ্ধি পায়। এই সময়ছোৱাত কিশোৰবোৰে মাতিবলৈ আৰম্ভ কৰে আৰু কিশোৰীবোৰে মাইকী হলৌৰ মাত আৰম্ভ কৰে আৰু নিয়মিতভাৱে খেলাধূলাত লিপ্ত হয়।১৩
উত্তৰৰ বগা-গালৰ হলৌ বান্দৰ সাত বা আঠ বছৰত প্ৰজননৰ বাবে পৰিপক্বতা লাভ কৰে আৰু কমেও ২৮ বছৰ বয়সলৈকে বনত জীয়াই থাকে।২
তথ্যসূত্ৰ
- ↑ Geissmann. (December 1995). Gibbon systematics and species identification. International Zoo News. পৃ. 472
- ↑ Harding, L.E. (2012). 'Nomascus leucogenys (Primates: Hylobatidae). Mammalian Species''. পৃ. 1–15
- ↑ Zihlman, A.L. (2011). Anatomical contributions to hylobatid taxonomy and adaptation. International Journal of Primatology. পৃ. 865–877
- ↑ Barker, M.K. (2008). Gibbon hand preference studies at the Endangered Primate Rescue Center, Vietnam. Vietnamese Journal of Primatology. পৃ. 41–45
- ↑ Fan, P.F.; Huo, S. (2009). The northern white-cheeked gibbon (Nomascus leucogenys) is on the edge of extinction in China. Gibbon Journal. পৃ. 44–52
- ↑ Fan; Fei, Han-Lan; Luo, Ai-Dong. (January 2014). Ecological extinction of the Critically Endangered northern white-cheeked gibbon Nomascus leucogenys in China. Oryx. পৃ. 52–55
- ↑ Syxaiyakhamthor; Ngoprasert, Dusit; Asensio, Norberto. (2019). Identifying priority areas for the conservation of the Critically Endangered northern white-cheeked gibbon Nomascus leucogenys in northern Lao. Oryx. পৃ. 767–775
- ↑ Ujhelyi, M. (2000). Observations on the behavior of gibbons (Hylobates leucogenys, H. gabriellae, and H. lar) in the presence of mirrors. Journal of Comparative Psychology. পৃ. 253–262
- ↑ Ha, N.M. (2007). Survey for southern white-cheeked gibbons (Nomascus leucogenys siki) in Dak Rong Nature Reserve, Quang Tri Province, Vietnam. Vietnamese Journal of Primatology. পৃ. 61–66
- ↑ Dooley, H.; Judge, D. (2007). Vocal responses of captive gibbon groups to a mate change in a pair of white-cheeked gibbons (Nomascus leucogenys). Folia Primatologica. পৃ. 228–239
- ↑ Lukas, K.E. (2002). Longitudinal study of delayed reproductive success in a pair of white-cheeked gibbons (Hylobates leucogenys). Zoo Biology. পৃ. 413–434
- ↑ Giessmann, T.; Ordeldinger, M. (1995). Neonatal weight in gibbons (Hylobates spp.). American Journal of Primatology. পৃ. 179–189
- ↑ Burns, B.L. (2011). Social dynamics modify behavioural development in captive white-cheeked (Nomascus leucogenys) and silvery (Hylobates moloch) gibbons. Primates. পৃ. 271–277
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উত্তৰৰ বগা-গালৰ হলৌ বান্দৰ” প্ৰবন্ধৰ সংশোধন ৬২৪২১০ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।