অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

এছীয় দীঘল-নেজীয়া নিগনি

এছীয় দীঘল-নেজীয়া নিগনি বা Asiatic long-tailed climbing mouse (Vandeleuria oleracea) দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াত পোৱা কৃন্তক প্ৰাণীৰ এক প্ৰজাতি। ই Ixodes চিকৰাই কৰা ভাইৰেল ৰোগ ক্যাচানুৰ ফৰেষ্ট ডিজিজ (Kyasanur Forest disease) বিয়পায়।

হালনাগাদ: ৭ আগষ্ট ২০২৬ ২৭৮ শব্দ · ২ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

এছীয় দীঘল-নেজীয়া নিগনি বা Asiatic long-tailed climbing mouse (Vandeleuria oleracea) দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াত পোৱা কৃন্তক প্ৰাণীৰ এক প্ৰজাতি।১ ই Ixodes চিকৰাই কৰা ভাইৰেল ৰোগ ক্যাচানুৰ ফৰেষ্ট ডিজিজ (Kyasanur Forest disease) বিয়পায়।২ শেহতীয়াকৈ ভাৰতৰ প্ৰকৃতি সংগঠন 'আৰণ্যক'ৰ গৱেষক সৌৰভ গুপ্তা আৰু জয়ন্ত ৰয়ৰ নেতৃত্বত ক্ষেত্ৰ অধ্যয়ন কৰা এটা দলে কাৰ্বি আংলং জিলাৰ ৰংতাৰা গাঁৱত এই নিগনিবিধৰ উপস্থিতি প্ৰত্যক্ষ কৰে আৰু এই ঠাই এনে নিগনি অসমত পোৱা দ্বিতীয় আৱাসিক অঞ্চলৰূপে পৰিগণিত হয়।৩ ইয়াৰ আগতে। কাৰ্বি ভাষাত নিগনিবিধক জুকিক্‌চ' (Jukikso) বোলে। ইয়াৰ আগতে ১৯৬১ চনতে কামৰূপ জিলাৰ অংগৰখাতা গাঁৱত প্ৰথমবাৰৰ বাবে অসমত এই এছীয় দীঘল-নেজীয়া নিগনি দেখিবলৈ পোৱা গৈছিল।

বিৱৰণ

ইয়াৰ মূৰ আৰু গাৰ দৈৰ্ঘ্য ৭–৯ ছেণ্টিমিটাৰ। নেজডাল ১০–১২ ছে:মি: দীঘল। শৰীৰৰ ওপৰৰ অংশ ৰঙচুৱা মুগা আৰু কাষলৈ পাতল হালধীয়া বৰণৰ। শৰীৰৰ তলৰ অংশ পাতল মুগা বগা। নেজডাল দীঘল, মিহি আৰু শীৰ্ষত নোম নোহোৱা। পাছৰ ভৰি দুখন আপেক্ষিকভাৱে ডাঙৰ; বাহিৰলৈ ওলোৱা আঙুলিত হাতোৰাৰ সলনি নখ আছে।

অতিৰিক্ত পঠন

  • Prakash, K. L.; Aswathanarayana, N. V. (1976). Chromosome complexity in the Indian long-tailed tree mouse. The Journal of Heredity. পৃ. 249–250
  • Raman, R.; Sharma, T. (1976). Unique multiple sex chromosomes of the tree mouse Vandeleuria o. Oleracea: Identification of X1 and X2. Heredity. পৃ. 435–439
  • Sreenivasan, M. A.; Bhat, H. R. (1976). Susceptibility of Vandeleuria oleracea Bennet, 1832 (Rodentia, Muridae) to experimental infection with Kyasanur forest disease virus. The Indian Journal of Medical Research. পৃ. 568–572
  • Callahan, R.; Meade, C.; Todaro, G. J. (1979). Isolation of an endogenous type C virus related to the infectious primate type C viruses from the Asian rodent Vandeleuria oleracea. Journal of Virology. পৃ. 124–131
  • Gropp, A.; Markwong, A.; Marshall, J. (1972). Robertsonian Chromosomal Variation in the Longtailed Tree Mouse (Vandeleuria). Journal of Zoological Systematics and Evolutionary Research. পৃ. 210–214

তথ্যসূত্ৰ

  1. ↑ Aplin, K.; Molur, S. (2017). Vandeleuria oleracea. পৃ. e.T22845A22430846
  2. ↑ Jameson, J. Larry. (2018). Harrison's Principles of Internal Medicine, Twentieth Edition. McGraw Hill Education. পৃ. 1492. ISBN 978-1259644030
  3. ↑ Gupta et al, Sourav. (2023). New locality record of the Asiatic Long-tailed Climbing Mouse Vandeleuria oleracea from Kohora River Basin, Assam, India. Jounal of threatened taxa. পৃ. 23917

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এছীয় দীঘল-নেজীয়া নিগনি” প্ৰবন্ধৰ সংশোধন ৬২৪৮৬১ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।