অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

ইৰানৰ বন্যপ্ৰাণী

ইৰানৰ বন্যপ্ৰাণী (wildlife of Iran) য়ে ইয়াত থকা উদ্ভিদ আৰু প্ৰাণী উভয়কে সামৰি লয়। ইৰাণৰ অন্যতম বিখ্যাত প্ৰাণী হৈছে সংকটজনকভাৱে বিপন্ন এছিয়াটিক চিতা। ইয়াৰ বৈজ্ঞানিক নাম হ'ল Acinonyx jubatus venaticus,এই এছিয়াটিক চিতা আজি কেৱল ইৰাণতে জীয়াই আছে।

হালনাগাদ: ৯ জুন ২০২৬ ৬৫৩ শব্দ · ৪ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

ইৰানৰ বন্যপ্ৰাণী (wildlife of Iran) য়ে ইয়াত থকা উদ্ভিদ আৰু প্ৰাণী উভয়কে সামৰি লয়। ইৰাণৰ অন্যতম বিখ্যাত প্ৰাণী হৈছে সংকটজনকভাৱে বিপন্ন এছিয়াটিক চিতা। ইয়াৰ বৈজ্ঞানিক নাম হ'ল Acinonyx jubatus venaticus,এই এছিয়াটিক চিতা আজি কেৱল ইৰাণতে জীয়াই আছে। ১ আন এটা উল্লেখযোগ্য প্ৰজাতি হৈছে ইৰাণৰ গ্ৰাউণ্ড জে চৰাই বৈজ্ঞানিক নাম হ'ল Podoces pleskei। এয়া হ'ল ইৰাণৰ একমাত্ৰ স্থানীয় চৰাই।

ইতিহাস

ইৰাণৰ প্ৰাণীজগতৰ বৰ্ণনা চতুৰ্দশ শতিকাত হামদাল্লাহ মুস্তাৱফীয়ে কৰিছিল। ১৮ আৰু ১৯ শতিকাত চেমুৱেল গটলিব গ্মেলিন আৰু এডৱাৰ্ড মেনেট্ৰিছে কেছপিয়ান সাগৰ অঞ্চল আৰু টালিছ পৰ্বতমালা ভ্ৰমণ কৰি কেছপিয়ান প্ৰাণীৰ নথিভুক্ত কৰে। তেওঁলোকৰ পিছত ১৯ শতিকাত ফিলিপো ডি ফিলিপি, উইলিয়াম থমাছ ব্লেনফৰ্ড, নিকোলাই জাৰুডনীকে ধৰি আন কেইবাজনো প্ৰকৃতিবিদ; তেওঁলোকে স্তন্যপায়ী, চৰাই, সৰীসৃপ, উভচৰ আৰু মাছৰ প্ৰজাতিৰ নথিভুক্ত কৰিছিল। এস্কাণ্ডাৰ ফিৰৌজৰ "The Complete Fauna of Iran" নামৰ গ্ৰন্থখনত দেশখনৰ বিভিন্ন পৰিৱেশ তন্ত্ৰত পোৱা বহুতো প্ৰজাতিৰ নথিভুক্ত কৰা হৈছে। ২

উদ্ভিদজগত

দেশৰ এক দশমাংশতকৈও অধিক অঞ্চল বনাঞ্চলৰদ্বাৰা আবৃত। কেছপিয়ান সাগৰৰপৰা ওপৰলৈ উঠি অহা পাহাৰীয়া অঞ্চলৰ ঢালত আটাইতকৈ ডাঙৰ অৰণ্যসমূহ অৱস্থিত, য’ত ওক, এছ গছ(Ash tree), এলম, চাইপ্ৰেছ আৰু অন্যান্য মূল্যৱান গছ প্ৰচুৰ পৰিমাণে গজে। মূল মালভূমিত আটাইতকৈ পানীৰে ভৰি থকা পাহাৰৰ ঢালত বনৰীয়া জোপোহা ওক গছৰ অঞ্চল পোৱা যায় আৰু গাঁৱৰ মানুহে ফলৰ বাগিছাৰ লগতে প্লেন গছ, পপলাৰ, উইলো, আখৰোট, বিচ, মেপেল আৰু মালবেৰী গছ ৰোপণ কৰে। বসন্ত কালত বনৰীয়া মাটিৰপৰা বনৰীয়া গছ-গছনি ওলাই আহি জীৱ-জন্তুৰ বাবে খাদ্যৰ যোগান ধৰে যদিও গ্ৰীষ্মকালীন ৰ’দে জ্বলাই দিয়ে। এফ এ অ’ৰ এক প্ৰতিৱেদন অনুসৰি ইৰাণৰ মূলপ্ৰকাৰৰ বনাঞ্চল আৰু ইয়াৰ নিজ নিজ আকাৰ তলত দিয়া ধৰণৰ। ৩

  • উত্তৰ জিলাসমূহৰ কাস্পিয়ান অৰণ্য (৩৩,০০০ কিলোমিটাৰ বৰ্গফুট)
  • উত্তৰ-পূব জিলাসমূহৰ চূণশিলৰ পাহাৰীয়া অৰণ্য (জুনিপেৰাছৰ অৰণ্য, ১৩,০০০ কিলোমিটাৰ বৰ্গফুট)
  • পূব, দক্ষিণ আৰু দক্ষিণ-পূব জিলাৰ পিষ্টাচিঅ' বনাঞ্চল (২৬,০০০ কিলোমিটাৰ বৰ্গফুট)
  • মধ্য আৰু পশ্চিম জিলাৰ ওক গছৰ অৰণ্য (১ লাখ কিলোমিটাৰ বৰ্গফুট)
  • দেশৰ মধ্য আৰু উত্তৰ-পূব অংশৰ দষ্ট-ই কাৱিৰ জিলাৰ জোপোহা (১০,০০০ কিলোমিটাৰ বৰ্গক্ষেত্ৰ)অৰণ্য
  • হাৰা অৰণ্যৰ দৰে দক্ষিণ উপকূলৰ উপ-গ্ৰীষ্মমণ্ডলীয় অৰণ্য (৫,০০০ কিলোমিটাৰ বৰ্গফুট)।
ইৰানৰ হাৰা অৰণ্য
ইৰানৰ হাৰা অৰণ্যছবি: Ninara · CC BY 2.0

প্ৰাণীজগত

ইৰাণৰ চাবাহাৰত থকা মগৰ কুম্ভ্ৰীৰ
ইৰাণৰ চাবাহাৰত থকা মগৰ কুম্ভ্ৰীৰছবি: Hadi Karimi · CC BY 3.0
সোণালী শিয়াল (কেনিছ অৰেয়াছ )
সোণালী শিয়াল (কেনিছ অৰেয়াছ )ছবি: CC BY-SA 3.0

ইৰাণৰ জীৱিত প্ৰাণীসমূহৰ ভিতৰত ৩৪টা বাদুলীৰ প্ৰজাতি, ভাৰতীয় ধূসৰ নেউল, ভাৰতীয় সৰু নেউল, সোণালী শিয়াল, ভাৰতীয় পহু, শিয়াল, হায়েনা, নাহৰফুটুকী বাঘ, ইউৰেছিয়ান লিন্সক বা বনমেকুৰী জাতীয় প্লাণী, বাদামী ভালুক আৰু এছিয়ান ক'লা ভালুক আদি দেখা যায়।২খুৰাযুক্ত স্তন্যপ্ৰায়ী প্ৰাণীসমূহৰ প্ৰজাতিৰ ভিতৰত বনৰীয়া গাহৰি, ইউৰিয়াল, আৰ্মেনিয়ান মফ্লন, ৰঙা হৰিণ আৰু গ'ইটাৰেড গজেল আদি অন্তৰ্ভুক্ত।৪

বিপন্ন

এছিয়াটিক চিতা
এছিয়াটিক চিতাছবি: Erfan Kouchari · CC BY 4.0
পাৰ্চিয়ান ফেল' ডিয়েৰ
পাৰ্চিয়ান ফেল' ডিয়েৰছবি: Eyal Bartov · CC BY-SA 3.0
পাৰ্চিয়ান অনাগাৰ বা পাৰ্চিয়ান গাধ
পাৰ্চিয়ান অনাগাৰ বা পাৰ্চিয়ান গাধছবি: Rufus46 · CC BY-SA 3.0

২০০১ চনলৈকে ইৰাণত ২০টা স্তন্যপায়ী প্ৰজাতি আৰু ১৪টা চৰাইৰ প্ৰজাতি বিলুপ্তিৰ পথত আছিল। ইৰাণৰ বিপন্ন প্ৰজাতিসমূহৰ ভিতৰত বেলুচিস্তান ভালুক, এছিয়াটিক নাহৰফুটুকী বাঘ, কাস্পিয়ান ছিল, পাৰ্চী গজেল, চাইবেৰিয়ান বগলী, হকছবিল কাছ, সেউজীয়া কাছ,মধ্য এছিয়াৰ ফেটী সাপ (অক্সাছ কব্ৰা), লেটিফি ভাইপাৰ, ডুগং, পেন্থেৰা পাৰ্ডাছ টুলিয়ানা, কাস্পিয়ান সাগৰীয় পহু, আৰু ডলফিন আদি উল্লেখযোগ্য। ইৰাণৰ কমেও ৭৪টা প্ৰজাতিৰ বন্যপ্ৰাণী আই ইউ চি এনৰ ৰঙা তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে, যিয়ে দেশখনৰ জৈৱ-বৈচিত্ৰ্যৰ প্ৰতি ভয়াবহ ভাবুকিৰ ইংগিত দিয়ে। মজলিছে (সংসদ) বন্যপ্ৰাণীৰ প্ৰতি অৱজ্ঞা প্ৰদৰ্শন কৰি বিভিন্ন আইন-কানুন প্ৰণয়ন কৰিছে, যেনে- পৰিৱেশ বিভাগৰ জড়িততা নোহোৱাকৈ উদ্যোগ আৰু খনি মন্ত্ৰ্যালয়ক খনন চলাবলৈ অনুমতি দিয়া আইন; ৰাষ্ট্ৰীয় উন্নয়নমূলক প্ৰকল্পৰ ডাঙৰ অনুমোদন দিয়াৰ সময়ত বন্যপ্ৰাণীৰ বাসস্থানৰ ওপৰত ইয়াৰ প্ৰভাৱৰ বিষয়ে বিস্তৃত অধ্যয়নৰ প্ৰয়োজন নোহোৱাৰ বাবেও তেওঁলোকে গাফিলতি দেখুৱাইছে।৫ নাহৰফুটুকীটোৰ মূল ৰেঞ্জটো বেজোয়াৰ আইবেক্সৰ ৰেঞ্জৰ সৈতে মিল খায়, যিটো সমগ্ৰ আলবৰ্জ আৰু জাগ্ৰছ পৰ্বতমালাৰ লগতে ইৰাণৰ মালভূমিৰ ভিতৰৰ সৰু সৰু পৰ্বতমালাতো পোৱা যায়। বাসস্থান ধ্বংস, প্ৰাকৃতিক চিকাৰৰ অভাৱ, জনসংখ্যা খণ্ডিত হোৱাৰ বাবে নাহৰফুটুকীৰ জনসংখ্যা যথেষ্ট হ্ৰাস পাইছে। বেজোয়াৰ আইবেক্সৰ উপৰি ইৰাণত বনৰীয়া ভেড়া, গাহৰি, হৰিণ, ঘৰচীয়া গৰু আদিও নাহৰফুটুকীৰ চিকাৰৰ ভিতৰত অন্যতম। ৬

বিলুপ্ত হৈ যোৱা প্ৰাণী

  • হিমযুগৰ পাছৰ পৰ্য্যায়ত ইৰাণৰ স্থানীয়ভাৱে থকা গুহা হায়েনা (ৱাজমেহ গুহাৰ দৰে স্থানত পোৱা জীৱাশ্মৰদ্বাৰা প্ৰমাণিত) অজ্ঞাত তাৰিখত বিলুপ্ত হৈছিল।৭
  • হিমযুগৰ শেষত ইৰাণৰ স্থানীয়ভাৱে থকা চিকুণ নাকৰ গঁড়টো অজ্ঞাত তাৰিখত বিলুপ্ত হৈছিল।৭
  • ইউৰোপীয় বন্য গাধ; ইৰাণত ইয়াৰ প্ৰাচীন অভিলেখ খ্ৰীষ্টপূৰ্ব ২য় সহস্ৰাব্দৰপৰা।৮
  • ছিৰিয়াৰ হাতী প্ৰজাতিয়ে দক্ষিণ ইৰাণত ঘূৰি ফুৰিছিল, আৰু তাত প্ৰাচীন কালত বিলুপ্ত হৈছিল।৯
  • এছিয়াটিক সিংহৰ ৰেকৰ্ড কেৱল ইৰাণৰ খোজেস্তান আৰু ফাৰ্চ প্ৰদেশতহে পোৱা যায়। ১৯৫৭ চনত ইয়াক শেষবাৰৰ বাবে ডেজ নদী উপত্যকাত দেখা গৈছিল।১০ ১৯৭০ চনত আৰ্জান ৰাষ্ট্ৰীয় উদ্যানক পুনৰ প্ৰৱৰ্তনৰ স্থান হিচাপে গণ্য কৰা হয়।৪২
  • ১৯৬০ চনৰ আগতে কাস্পিয়ান সাগৰৰ আশে-পাশে থকা উত্তৰ অঞ্চল আৰু ছোভিয়েট ছ’চিয়েলিষ্ট ৰিপাব্লিকৰ ট্ৰেন্সককেচিয়ান আৰু তুৰ্কেষ্টান অঞ্চলত কেছপিয়ান বাঘ পোৱা গৈছিল। ইৰাণত এই বাঘটো শেষবাৰৰ বাবে দেখা পোৱা গৈছিল ১৯৫৮ চনত গোলেষ্টান ৰাষ্ট্ৰীয় উদ্যানত। ১১৪২

গ্ৰন্থতালিকা

  • Rechinger, Karl Heinz, et al. (1963–2015). Flora Iranica. 181 parts. Graz: Akademische Druck- u. Verlagsanstalt.

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Jowkar, H.; Hunter, L.; Ziaie, H. (2008). Acinonyx jubatus ssp. venaticus
  2. ↑ Firouz, E. (2005). The Complete Fauna of Iran. I. B. Tauris. ISBN 978-1-85043-946-2
  3. ↑ Unasylva – Vol. 8, No. 2. Food and Agriculture Organization
  4. ↑ Humphreys, P.; Kahrom, E. (1999). Lion and Gazelle: The Mammals and Birds of Iran. Images Publishing. ISBN 0-9513977-6-1
  5. ↑ 74 Iranian wildlife species red-listed by Environment Department. Payvand
  6. ↑ Sanei, A., Zakaria, M., Hermidas, S. (2011). "Prey composition in the Persian leopard distribution range in Iran" . Asia Life Sciences Supplement. 7: 19–30
  7. ↑ Mashkour, M.; Monchot, H.; Trinkaus, E. (2009). Carnivores and their prey in the Wezmeh Cave (Kermanshah, Iran): a Late Pleistocene refuge in the Zagros. International Journal of Osteoarchaeology. পৃ. 678–694
  8. ↑ Özkan, M.; Gürün, K.; Yüncü, E. (2024). The first complete genome of the extinct European wild ass (Equus hemionus hydruntinus). Molecular Ecology
  9. ↑ Choudhury, A.; Lahiri Choudhury, D.K.; Desai, A. (2008). Elephas maximus
  10. ↑ Khosravifard, S.; Niamir, A. (2016). The lair of the lion in Iran. Cat News. পৃ. 14–17
  11. ↑ Geptner, V. G.; Sludskij, A. A. (1992). Mlekopitajuščie Sovetskogo Soiuza. Moskva: Vysšaia Škola. Smithsonian Institution and the National Science Foundation. পৃ. 95–202

সম্পৰ্কিত শ্ৰেণী

বন্যপ্ৰাণীইৰান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইৰানৰ বন্যপ্ৰাণী” প্ৰবন্ধৰ সংশোধন ৬১১৫৭৫ (৯ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।