অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

উহোলকা-শিৰোকি লু প্ৰাচীন বিচ অৰণ্য

উহোলকা-শিৰোকি লু (ইংৰাজী: Uholka-Shyrokyi Luh primeval beech forest) নামৰ সুৰক্ষা প্ৰাপ্ত বনাঞ্চলখন ইউক্ৰেইনৰ ট্ৰান্সকাৰ্পেথিয়ান অঞ্চলত অৱস্থিত আৰু ই কাৰ্পেথিয়ান বায়োস্ফিয়াৰ ৰিজাৰ্ভৰ অন্তৰ্গত। ৮৮০০ হেক্টৰ ক্ষেত্ৰফলেৰে ই সমগ্ৰ বিশ্বৰ ভিতৰতে আটাইতকৈ ডাঙৰ প্ৰাচীন বিচ অৰণ্য।

হালনাগাদ: ১৭ আগষ্ট ২০২৬ ৪৩০ শব্দ · ২ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

উহোলকা-শিৰোকি লু (ইংৰাজী ভাষা: Uholka-Shyrokyi Luh primeval beech forest) নামৰ সুৰক্ষা প্ৰাপ্ত বনাঞ্চলখন ইউক্ৰেইনৰ ট্ৰান্সকাৰ্পেথিয়ান অঞ্চলত অৱস্থিত আৰু ই কাৰ্পেথিয়ান বায়োস্ফিয়াৰ ৰিজাৰ্ভৰ অন্তৰ্গত। ৮৮০০ হেক্টৰ ক্ষেত্ৰফলেৰে ই সমগ্ৰ বিশ্বৰ ভিতৰতে আটাইতকৈ ডাঙৰ প্ৰাচীন বিচ অৰণ্য।১ ১৯২০ চনৰপৰাই এই অৰণ্যৰ কিছু অংশ সুৰক্ষিত কৰা হৈছে। ১৯৯২ চনত উহোলকা-শিৰোকি লু প্ৰাচীন বিচ অৰণ্যক ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হয়। পৰৱৰ্তী সময়ত (২০০৭ আৰু ২০১১ চনত) ইউৰোপৰ আন কেইবাখনো প্ৰাচীন আৰু পুৰণি বিচ অৰণ্যকো ইউনেস্ক'বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাৰ্পেথিয়ান আৰু ইউৰোপৰ অন্যান্য অঞ্চলৰ প্ৰাচীন আৰু পুৰণি বিচ অৰণ্যৰ অন্তৰ্ভুক্ত কৰা হয়।২

এখন প্ৰাচীন বিচ অৰণ্য হিচাপে উহোলকা-শিৰোকি লু গৱেষণাৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰবিন্দু।৩ ২০০১ চনত চুইছ-ইউক্ৰেনীয় গৱেষণা প্ৰকল্পৰ অংশ হিচাপে মালা উহোলকাত এটা ১০ হেক্টৰ (২০০ x ৫০০ মিটাৰ) আয়তনৰ গৱেষণা নমুনা প্লট স্থাপন কৰা হৈছিল আৰু ২০১০ চনত প্ৰাচীন অৰণ্যখনৰ এটা সম্পূৰ্ণ পৰিসংখ্যাগত জৰীপ চলোৱা হৈছিল।৪ যিকোনো পৰিৱৰ্তন ধৰা পেলাবলৈ ২০১৯ চনত পৰৱৰ্তী জৰীপৰ পৰিকল্পনা কৰা হৈছে।

২০১০ চনৰ বন জৰীপৰ ফলাফল

এই বন জৰীপ ১০,৩০০ হেক্টৰ বনভূমিত কৰা হৈছিল, যাৰ ভিতৰত ৮,৮০০ হেক্টৰ প্ৰাচীন অৰণ্য। বাকী অংশ প্ৰাকৃতিক অৰণ্য বুলি গণ্য কৰা হয়। ক্ষেত্ৰভিত্তিক কামৰ সময়ত প্ৰতিটো ৫০০ বৰ্গমিটাৰ এলেকাৰ ৩১৪টা নমুনা প্লট জৰীপ কৰা হৈছিল। প্ৰতিটো প্লটৰ ভিতৰত বুকুৰ উচ্চতাত ৬ চেমি আৰু তাতকৈ অধিক ব্যাস (DBH) থকা সকলো গছ জোখ-মাখ কৰা হৈছিল। জুখি চোৱা মুঠ ৬,৭৭৯জোপা গছৰ ৯৭%ই আছিল ইউৰোপীয় বিচ (Fagus sylvatica L.)। আটাইতকৈ পুৰণি বিচ গছবোৰৰ বয়স আছিল প্ৰায় ৫০০ বছৰ। আটাইকৈ ডাঙৰ গছজোপা আছিল ১৫০ চেমি ব্যাসৰ এখন ৱিচ এল্ম (Ulmus glabra Huds.), আনহাতে আটাইকৈ ডাঙৰ বিচ গছজোপাৰ ব্যাস আছিল ১৪০ চেমি। প্ৰতি হেক্টৰত ১০জোপাকৈ বিচ গছৰ ব্যাস কমেও ৮০ চেমি আছিল। জীৱন্ত গছৰ সংখ্যা আছিল প্ৰতি হেক্টৰত ৪৩৫ জোপা, যাৰ ভূমি কালি ৩৬.৬ বৰ্গমিটাৰ/হেক্টৰ আৰু আয়তন ৫৮২ ঘনমিটাৰ/হেক্টৰ আছিল। ইয়াৰ উপৰি থিয় হৈ থকা আৰু মাটিত পৰি থকা মৰা কাঠৰ আয়তন আছিল ১৬৩ ঘনমিটাৰ/হেক্টৰ। এই অৰণ্যৰ উলম্ব গঠন মূলতঃ তিনিটা স্তৰেৰে গঠিত আছিল। অৰণ্যৰ ওপৰৰ আৱৰণৰ বেছিভাগ খালী থিয়েই আছিল একোজোপা ডাঙৰ গছৰ ডাল-পাততকৈ ডাঙৰ নাছিল। ৪

পৰিস্থিতি তন্ত্ৰ পৰ্যটন

উহোলকা-শিৰোকি লু প্ৰাচীন বিচ অৰণ্যৰ দৰ্শনাৰ্থীসকলৰ বাবে দুটা পৰিস্থিতি তন্ত্ৰ পদযাত্ৰাৰ পথ তৈয়াৰ কৰা হৈছে: ১. মালা উহোলকাৰ প্ৰাচীন বিচ অৰণ্যৰ মাজেৰে (The Mala Uholka hiking trail): এই পথটোৱে দৰ্শনাৰ্থীসকলক ইউক্ৰেনীয় কাৰ্পেথিয়ান পৰ্বতমালাৰ আটাইতকৈ দীঘল কাৰ্ষ্ট গুহা ড্ৰুজবা আৰু এক ধেনুভেৰীয়া চূণশিলৰ গঠন কাৰ্ষ্টোভী মিষ্টলৈ লৈ যায়। ২. ভেলীকা উহোলকাৰ প্ৰাচীন বিচ অৰণ্যৰ মাজেৰে (The Velyka Uholka hiking trail): এই পথটোৱে দৰ্শনাৰ্থীসকলক মোলোচনীয় কামিন নামৰ এক কাৰ্ষ্ট গুহালৈ লৈ যায়, য’ত ভালুক চিকাৰ সংস্কৃতিৰ অন্তৰ্গত পুৰাতন প্ৰস্তৰ যুগৰ মানুহে বসবাস কৰিছিল।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Brändli. (2003). Urwälder im Zentrum Europas. Ein Naturführer durch das Karpaten-Biosphärenreservat in der Ukraine.. Haupt: Bern, Stuttgart, Wien. পৃ. 192. ISBN 3-258-06695-7
  2. ↑ Ancient and Primeval Beech Forests of the Carpathians and Other Regions of Europe
  3. ↑ Kooperation in der Waldforschung zwischen der WSL und der Ukraine
  4. ↑ Commarmot. (2013). Inventory of the Largest Primeval Beech Forest in Europe. A Swiss-Ukrainian Scientific Adventure. Birmensdorf, Swiss Federal Research Institute WSL; L’viv, Ukrainian National Forestry University; Rakhiv, Carpathian Biosphere Reserve. পৃ. 69. ISBN 978-3-905621-53-2

সম্পৰ্কিত শ্ৰেণী

ইউক্ৰেইনৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উহোলকা-শিৰোকি লু প্ৰাচীন বিচ অৰণ্য” প্ৰবন্ধৰ সংশোধন ৬২৮২৬২ (১৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।