জাপানীজ মেপল (palmate maple) ১ বা মসৃণ জাপানীজ মেপল বা এচাৰ পালমেটাম জাপান, কোৰিয়া, চীন, পূব মংগোলিয়া আৰু দক্ষিণ-পূব ৰাছিয়াৰ স্থানীয় উদ্ভিদৰ এক প্ৰজাতি। এই মেপলৰ বহুতো ভিন ভিন জাত নিৰ্বাচন কৰা হৈছে আৰু ইয়াৰ দৃষ্টিনন্দন ৰূপ, পাতৰ আকৃতি আৰু দৰ্শনীয় ৰঙৰ বাবে সমগ্ৰ বিশ্বতে ইয়াৰ খেতি কৰা হয়।২
বিৱৰণ
এচাৰ পালমেটাম পৰ্ণপাতী, গুল্মজাতীয় বা সৰু বৃক্ষৰ দৰে ৬-১০ মিটাৰ (২০-৩৩ ফুট) পৰ্যন্ত উচ্চতাৰ হ'ব পাৰে। অৱশ্যে বৰ কম পৰিমাণে পৰিপক্ব অৱস্থাত ই ১৬ মিটাৰ (৫২ ফুট) দৈৰ্ঘ্যৰ আৰু ৪.৫ to ১০ মিটাৰ (১৫-৩৩ ফুট) প্ৰস্থৰ হ'ব পাৰে।৩ প্ৰায়ে ছাঁয়াময় বনাঞ্চলত গছৰ তলত এই মেপলবিধ গজি উঠে। মাটিৰ ওচৰত গছজোপাৰ একাধিক ডাল সংযোগ হ’ব পাৰে। বিশেষকৈ পৰিপক্ব অৱস্থাত ইয়াৰ শীৰ্ষ ভাগটোৱে প্ৰায়ে গম্বুজৰ দৰে ৰূপ লয়।৪ পাতবোৰ হৈছে দীঘল আৰু বহল, আৰু পাঁচটা শিৰযুক্ত। ফুলবোৰ সৰু সৰু দণ্ডত উৎপন্ন হয়। একোপাহ ফুলৰ পাঁচটা ৰঙা বা বেঙুনীয়া ৰঙৰ চুপহি আৰু পাঁচটা বগা ৰঙৰ পাহি থাকে। এচাৰ পালমেটাম আৰু অনুৰূপ প্ৰজাতিৰ বীজবোৰ অংকুৰিত হ'বলৈ স্তৰীয়কৰণৰ (stratification) প্ৰয়োজন হয়।৪৫
জাপানীজ মেপলে আনকি প্ৰাকৃতিকভাৱেও যথেষ্ট জিনীয় তাৰতম্য প্ৰদৰ্শন কৰে। একেজোপা মাতৃ গছৰ পুলিবোৰতো সাধাৰণতে পাতৰ আকাৰ, আকৃতি আৰু ৰঙৰ দৰে বৈশিষ্ট্যৰ পাৰ্থক্য দেখা যায়। গছৰ সামগ্ৰিক ৰূপ উলম্বৰ পৰা হাওলি পৰালৈকে ভিন্ন প্ৰকাৰৰ হ’ব পাৰে। ৪
জাপানীজ মেপলৰ তিনিটা উপপ্ৰজাতিয়ে স্বীকৃতি লাভ কৰিছে।৪৫
কৃষি আৰু ব্যৱহাৰ

জাপানত শতিকাজুৰি আৰু বিশ্বৰ নাতিশীতোষ্ণ অঞ্চলসমূহত ১৮০০ চন মানৰ পৰাই জাপানীজ মেপলৰ খেতি কৰি অহা হৈছে।৪ ১৮২১ চনত প্ৰথমবাৰৰ বাবে এই গছৰ নমুনা ব্ৰিটেইনত উপস্থিত হয়।
জাপান, কোৰিয়া আৰু চীনত পোৱা মেপলৰ পৰা জাপানী উদ্যান শস্যবিদসকলে দীৰ্ঘদিন ধৰি বিভিন্ন প্ৰজাতিৰ সৃষ্টি কৰি আহিছে। এইসমূহ বনছাই৬ অনুৰাগীসকলৰ মাজত জনপ্ৰিয় আৰু ই দীৰ্ঘদিন ধৰি শিল্পৰ বিষয় হিচাপে পৰিগণিত হৈ আহিছে।
জাপানীজ মেপলৰ ডাল আৰু পাতৰ পৰা তৈয়াৰী ঔষধ চীনৰ পৰম্পৰাগত চিকিৎসাত ব্যৱহাৰ কৰা হয়।৭
তথ্যসূত্ৰ
- ↑ (2015). English Names for Korean Native Plants. Korea National Arboretum. পৃ. 334. ISBN 978-89-97450-98-5
- ↑ Philips, Roger (1979)
- ↑ Japanese maple. The Morton Arboretum
- ↑ van Gelderen, C.J. & van Gelderen, D.M. (1999)
- ↑ Rushforth, K. (1999)
- ↑ D'Cruz, Mark. Acer palmatum Bonsai Care Guide. Ma-Ke Bonsai
- ↑ Acer palmatum Thunb.. School of Chinese Medicine database. Hong Kong Baptist University
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এচাৰ পালমেটাম” প্ৰবন্ধৰ সংশোধন ৩৯২৫৫২ (১৯ নৱেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।