অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

ইন্দিৰাণা

ইন্দিৰাণা (Indirana) হৈছে ৰানিক্সালিডে পৰিয়ালৰ এটা ভেকুলী প্ৰজাতি। এই ভেকুলী প্ৰজাতিটো ভাৰতৰ পশ্চিম ঘাটৰ স্থানীয় প্ৰজাতি৷ ইহঁতক কেতিয়াবা ভাৰতীয় ভেকুলী বুলিও সাধাৰণ নামেৰে জনা যায়, আনহাতে ইহঁতৰ পৰিয়ালৰ সদস্যক "ডেও দিয়া ভেকুলী" বুলিও কোৱা হয়।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ২৫৪ শব্দ · ১ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ
Indirana spp.jpg
ছবি: Siddarth prakash · CC BY-SA 4.0

ইন্দিৰাণা (Indirana) হৈছে ৰানিক্সালিডে পৰিয়ালৰ এটা ভেকুলী প্ৰজাতি।১২ এই ভেকুলী প্ৰজাতিটো ভাৰতৰ পশ্চিম ঘাটৰ স্থানীয় প্ৰজাতি৷ ইহঁতক কেতিয়াবা ভাৰতীয় ভেকুলী বুলিও সাধাৰণ নামেৰে জনা যায়,৩ আনহাতে ইহঁতৰ পৰিয়ালৰ সদস্যক "ডেও দিয়া ভেকুলী" বুলিও কোৱা হয়।১৪

ইন্দিৰাণাই ভেকুলীৰ এক প্ৰাচীন প্ৰজাতিক প্ৰতিনিধিত্ব কৰে যিটো প্ৰায় ৫ কোটি বছৰৰ আগতে আন সকলো ভেকুলী প্ৰজাতিৰ পৰা বিচ্ছিন্ন হৈছিল। ইয়াৰ ফলত ইন্দিৰাণা গুণ্ডিয়াক "শীৰ্ষ ১০০ বিৱৰ্তনশীলভাৱে পৃথক আৰু বিশ্বব্যাপী বিপন্ন উভচৰ প্ৰাণী"ৰ অন্যতম হিচাপে স্থান দিয়া হৈছে।৫

বিৱৰণ

ইন্দিৰাণা প্ৰজাতিবোৰ সৰু আৰু চিকুন শৰীৰৰ ভেকুলী৷ সাধাৰণতে পাতৰ আৱৰ্জনা বা নৈৰ ওচৰত ইহঁত পোৱা যায়।৪ লালুকীৰ পিছফালৰ ঠেং আৰু নোমহীন নেজ থাকে, আৰু বিপদৰ পৰা হাত সাৰিবলৈ জপিয়াব পাৰে।৫৬

''ইন্দিৰাণা'' গণৰ এবিধ ভেকুলী।
ইন্দিৰাণা গণৰ এবিধ ভেকুলী।ছবি: Nireekshit · CC BY-SA 3.0

শ্ৰেণীবিভাজন

পৰম্পৰাগত শ্ৰেণীবিভাজনত এই প্ৰজাতিটোক ৰানিডাই (Ranidae) পৰিয়ালৰ উপপৰিয়ালৰ ৰানিক্সালিনে (Ranixalinae)ৰ ভিতৰত নেন'ফ্ৰাইছ (Nannophrys) আৰু নাইক্টিবাট্ৰাকাছ (Nyctibatrachus) গোত্ৰত অন্তৰ্ভুক্ত।৭ ইয়াক ৰেনিক্সালিনেক নাইক্টিবাট্ৰাচিডে পৰিয়ালৰ অন্তৰ্গত ৰখা হৈছে।৮ ডেৰেল আৰ ফ্ৰষ্ট আৰু অন্যান্যই (২০০৬)এ ইহঁতক পেট্ৰ'পেডেটিডে পৰিয়ালৰ অন্তৰ্গত স্থান দিছিল।৯১০

প্ৰজাতি

এতিয়াও ইয়াৰ নতুন নতুন প্ৰজাতি আৱিষ্কাৰ হৈ আছে: ভাৰতৰ গোৱা ৰাজ্যৰ নেত্ৰাৱলী বন্যপ্ৰাণী অভয়াৰণ্যত ইন্দিৰাণা ছালেলকৰী আৱিষ্কাৰ কৰা হৈছিল আৰু ২০১৫ চনৰ জুলাই মাহৰ শেষৰফালে ইয়াৰ বৰ্ণনা কৰা হৈছিল।১১ ইন্দিৰাণা গণৰ অন্তৰ্গত তলত দিয়া প্ৰজাতিসমূহক স্বীকৃতি দিয়া হৈছে:৩

  • ইন্দিৰাণা বেডোমি (গুণ্টাৰ, ১৮৭৬)
  • ইন্দিৰাণা ভদ্ৰাই গৰ্গ আৰু বিজু, ২০১৬
  • ইন্দিৰাণা ব্ৰাচিটাৰ্ছাছ (Günther, 1876)
  • ইন্দিৰাণা চিৰাবাসী পধ্যে, মদক, আৰু দহানুকাৰ, ২০১৪
  • ইন্দিৰাণা duboisi দহানুকাৰ, মোদক, ক্ৰুথা, নামীৰ, পধ্য, আৰু মলুৰ, ২০১৬
  • ইন্দিৰাণা গুণ্ডিয়া (ডুব'ইছ, ১৯৮৬)
  • ইন্দিৰাণা লেইঠি‍ (বৌলেংগাৰ, ১৮৮৮)
  • ইন্দিৰাণা লঙ্গিকাৰচ (ৰাও, ১৯৩৭)
  • ইন্দিৰাণা পৰমাকৰী গৰ্গ আৰু বিজু, ২০১৬
  • ইন্দিৰাণা ছালেলকৰী মোদক, দহানুকাৰ, আৰু পধ্যে, ২০১৫
  • ইন্দিৰাণা সৰোজম্মা দহানুকাৰ, মোদক, ক্ৰুথা, নামীৰ, পধ্য, আৰু মলুৰ, ২০১৬
  • ইন্দিৰাণা চেমিপালমাটা (বৌলেংগাৰ, ১৮৮২)
  • ইন্দিৰাণা টাইচনি‍ দহানুকাৰ, মোদক, ক্ৰুথা, নামীৰ, পধ্য, আৰু মলুৰ, ২০১৬
  • ইন্দিৰাণা যাদেৰা দহানুকাৰ, মোদক, ক্ৰুথা, নামীৰ, পধ্যে, আৰু মলুৰ, ২০১৬

তথ্যসূত্ৰ

  1. ↑ Frost, Darrel R. (2015). Ranixalidae Dubois, 1987. Amphibian Species of the World: an Online Reference. Version 6.0. American Museum of Natural History
  2. ↑ (2015). Ranixalidae. AmphibiaWeb: Information on amphibian biology and conservation. [web application]. Berkeley, California: AmphibiaWeb
  3. ↑ Frost, Darrel R. (2015). Indirana Laurent, 1986. Amphibian Species of the World: an Online Reference. Version 6.0. American Museum of Natural History
  4. ↑ Vitt, Laurie J.; Caldwell, Janalee P. (2014). Herpetology: An Introductory Biology of Amphibians and Reptiles. Academic Press. পৃ. 503
  5. ↑ Gundia Indian Frog (Indirana gundia). EDGE of Existence programme. Zoological Society of London
  6. ↑ Veeranagoudar, D. K.; Radder, R. S.; Shanbhag, B. A. (2009). Jumping behavior of semiterrestrial tadpoles of Indirana beddomii (Günth.): relative importance of tail and body size. Journal of Herpetology. পৃ. 680–684
  7. ↑ George R. Zug; Laurie J. Vitt; Janalee P. Caldwell. (2001). Herpetology: An Introductory Biology of Amphibians and Reptiles. Academic Press. পৃ. 430. ISBN 978-0-12-782622-6
  8. ↑ Ranixalinae. ZipCodeZoo, BayScience Foundation, Inc
  9. ↑ Frost, D. R.; Grant, T.; Faivovich, J. N. (2006). The Amphibian Tree of Life. Bulletin of the American Museum of Natural History. পৃ. 1–291
  10. ↑ Michael F. Barej; Mark-Oliver Rödel; Legrand Nono Gonwouo. (2010). Review of the genus Petropedetes Reichenow, 1874 in Central Africa with the description of three new species (Amphibia: Anura: Petropedetidae). Zootaxa. পৃ. 1–49
  11. ↑ (2015-07-29). Newly discovered frog species named after Goan forest officer. Business Standard. Press Trust of India

সম্পৰ্কিত শ্ৰেণী

সৰীসৃপ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইন্দিৰাণা” প্ৰবন্ধৰ সংশোধন ৬৩০৯৬৫ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।