অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

কাকৈঢোৰা

কাকৈঢোৰা (Painted Stork; বৈজ্ঞানিক নাম: Mycteria leucocephala) এবিধ পানী যুঁৱলিত দেখা পোৱা চৰাই। হিমালয়ৰ পাদদেশৰ দক্ষিণ এছিয়া আৰু দক্ষিণ-পূব এছিয়াত এই চৰাই দেখা পোৱা যায়। অসমতো চৰাই বিধ পোৱা যায়। তৰাং পানীত দল বান্ধি থাকে। আধাখোলা ঠোঁট পানীত ডুবাই ৰাখি ইফাল-সিফাল কৰি থাকে।

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৫ ১৬৮ শব্দ · ১ মিনিট সংগৃহীত ৬৩
সংশোধনৰ পৰামৰ্শ

কাকৈঢোৰা (Painted Stork; বৈজ্ঞানিক নাম: Mycteria leucocephala) এবিধ পানী যুঁৱলিত দেখা পোৱা চৰাই। হিমালয়ৰ পাদদেশৰ দক্ষিণ এছিয়া আৰু দক্ষিণ-পূব এছিয়াত এই চৰাই দেখা পোৱা যায়। অসমতো চৰাই বিধ পোৱা যায়। তৰাং পানীত দল বান্ধি থাকে। আধাখোলা ঠোঁট পানীত ডুবাই ৰাখি ইফাল-সিফাল কৰি থাকে। মাছ পালেই ঠোঁটেৰে ধৰি লয়। পানীৰে অহাযোৱা কৰোঁতে ঠেঙেৰে খেদালি থাকে, আৰু লুকাই থকা মাছ ওপৰলৈ উঠি আহে। দল বান্ধি গছত বাঁহ সাজে। এইবিধ চৰাইৰ প্ৰব্ৰজন নহয়। খাদ্যৰ সন্ধানতো বৰ বেছি দূৰলৈ নাযায়।

বৰ্ণনা

কাকৈঢোৰা ওখই প্ৰায় ১০০ চেণ্টিমিটাৰ মান হয়। উজ্জ্বল বগা বৰণৰ চৰাইবিধৰ ঠোঁটটৌ অকণমান বেঁকা আৰু হালধীয়া। মুখখনৰো ৰঙো গুলপীয়া, হালধীয়া থকা। ডেউকা দুখন বগা, কিন্তু মাজত সেউজীয়াৰ নিচিনা ক'লা জিলিকি থাকে। বুকুৰ মাজেৰে ক'লা ৰঙ আছে। মতা-মাইকী দুয়োবিধেই দেখাত একেই। ফিছাত উজ্জ্বল গুল’পীয়া ৰঙৰ পাখি থাকে। দেখাত ৰঙ লগাই থোৱাৰ নিচিনা লাগে বাবেই ইংৰাজীত ইয়াক painted stork বুলি কোৱা হয়।

জুলাই-আগষ্ট মাহত ওখ গছৰ ফেৰেঙনিত ঘাঁহ-পাত আৰু গছৰ ঠাল গোটাই গোটোং কৰি বাহ সাজে। বাহত ৩-টাৰপৰা ৫-টালৈকে কণী পোৱা যায়। বাহ সজা আৰু উমনি দিয়া কামটো মতা-মাইকী উভয়ে মিলামিছাকৈ কৰে।

বাহৰ কাষতে পূৰ্ণবয়স্ক কাকৈঢোৰাৰ দল, স্থান: উপালাপাড়ু, ভাৰত
বাহৰ কাষতে পূৰ্ণবয়স্ক কাকৈঢোৰাৰ দল, স্থান: উপালাপাড়ু, ভাৰতছবি: J.M.Garg · CC BY-SA 4.0

সম্পৰ্কিত শ্ৰেণী

সাৰেংঅসমৰ চৰাই

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাকৈঢোৰা” প্ৰবন্ধৰ সংশোধন ৫৪০৬২১ (৩০ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।