অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

ইৰানৰ জলবায়ু পৰিবৰ্তন

ইৰানৰ জলবায়ু পৰিৱৰ্তনয়ে পৰিৱেশত বিশেষ প্ৰভাৱ পেলাইছে। মধ্যপ্ৰাচ্য আৰু উত্তৰ আফ্ৰিকা (MENA) অঞ্চলৰ জলবায়ু পৰিৱৰ্তনৰ বাবে আটাইতকৈ সংবেদনশীল দেশসমূহৰ ভিতৰত ইৰাণ অন্যতম।

হালনাগাদ: ২৯ মে’ ২০২৬ ৪৭৮ শব্দ · ৩ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

ইৰানৰ জলবায়ু পৰিৱৰ্তনয়ে পৰিৱেশত বিশেষ প্ৰভাৱ পেলাইছে। মধ্যপ্ৰাচ্য আৰু উত্তৰ আফ্ৰিকা (MENA) অঞ্চলৰ জলবায়ু পৰিৱৰ্তনৰ বাবে আটাইতকৈ সংবেদনশীল দেশসমূহৰ ভিতৰত ইৰান অন্যতম। ইৰাণে বিশ্বৰ সেউজ গৃহ গেছ (GHG) নিৰ্গমনৰ প্ৰায় ১.৮% অৰিহণা যোগায়; GHG নিৰ্গমনৰ ক্ষেত্ৰত ই বিশ্বজুৰি অষ্টম স্থানত আছে, আনহাতে তেল আৰু প্ৰাকৃতিক গেছৰ ওপৰত নিৰ্ভৰশীলতাৰ বাবে ই MENA অৰ্থাৎ মধ্যপ্ৰাচ্য আৰু উত্তৰ আফ্ৰিকা অঞ্চলত প্ৰথম স্থানত আছে। জলবায়ু পৰিৱৰ্তনৰ ফলত বৰষুণৰ পৰিমাণ কমিছে আৰু উষ্ণতা বৃদ্ধি পাইছে; এছিয়াত এতিয়ালৈকে ৰেকৰ্ড কৰা সৰ্বোচ্চ উষ্ণতা আছিল ইৰাণত। ১

দেশখন পানীৰ সংকটৰ সন্মুখীন হৈছে, ইৰাণৰ প্ৰায় ৩৫% লোক পানীৰ অভাৱত ভুগিছে। দ্ৰুত নগৰায়নে এই সমস্যাসমূহ আৰু অধিক ভয়াবহ কৰি তুলিছে, যাৰ ফলত বায়ুৰ গুণাগুণ নিম্নগামী হোৱাৰ লগতে তাপ দ্বীপৰ সৃষ্টি হৈছে।২ পেৰিছ চুক্তি অনুমোদন নকৰা মাত্ৰ তিনিখন দেশৰ ভিতৰত ইৰাণ অন্যতম। ৩

ইৰাণৰ আঞ্চলিক জলবায়ু অতি বৈচিত্ৰ্যময়। দক্ষিণ আৰু পূবৰ গৰম আৰু শুকান মৰুভূমিৰপৰা আৰম্ভ কৰি উত্তৰত কাস্পিয়ান সাগৰৰ উপকূলৰ শীতল আৰু মৃদু পৰিস্থিতি, আৰু দক্ষিণ-পশ্চিমত জাগ্ৰ’ছ অৱবাহিকা আৰু দক্ষিণত উপকূলীয় অঞ্চলৰ নাতিশীতোষ্ণ জলবায়ুলৈকে। এই বৈচিত্ৰ্যৰ ফলত বানপানী, ভূমিস্খলন, খৰাং আদি বিভিন্ন প্ৰাকৃতিক দুৰ্যোগৰ সৃষ্টি হয়।

নিৰ্গমন

ইৰানে তেল আৰু প্ৰাকৃতিক গেছৰ ব্যৱহাৰ আৰু উৎপাদনৰ জৰিয়তে সেউজ গৃহ গেছ নিৰ্গমনত যথেষ্ট অৰিহণা যোগায়।৪ এই সম্পদসমূহে দেশৰ ঘৰুৱা শক্তিৰ প্ৰয়োজনীয়তা পূৰণ কৰাই নহয়, ইয়াৰ ৰপ্তানিৰ এক উল্লেখযোগ্য অংশও বহন কৰে। যিহেতু ইৰাণে পেৰিছ চুক্তি অনুমোদন কৰা নাই, সেয়েহে ই GHG নিৰ্গমনৰ পৰিসংখ্যা প্ৰকাশ কৰা নাই আৰু ইয়াক হ্ৰাস কৰাৰ কোনো প্ৰতিশ্ৰুতিও দিয়া নাই। কিন্তু ২০২২ চনত নিৰ্গমন ৯৫ কোটি টন কাৰ্বনড্ৰাই অক্মাইড সমতুল্য গেছ (CO2eq) নিৰ্গমন কৰা হৈছে বুলি অনুমান কৰা হৈছে, যিটো বিশ্বৰ নিৰ্গমনৰ প্ৰায় ১.৮%।৫ ইৰাণৰ জনসংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি জনমূৰি নিৰ্গমন বিশ্বৰ গড়তকৈ অধিক।

পৰিৱেশৰ ওপৰত প্ৰভাৱ

সময়ৰ লগে লগে ইৰাণত উষ্ণতাৰ পৰিৱৰ্তন
সময়ৰ লগে লগে ইৰাণত উষ্ণতাৰ পৰিৱৰ্তনছবি: Ed Hawkins, University of Reading · CC BY 4.0

ইৰাণৰ জলবায়ু পৰিৱৰ্তনৰ কেইবাটাও সম্ভাৱ্য প্ৰভাৱ পৰিছে। এটা হ’ল গড় উষ্ণতা যথেষ্ট বৃদ্ধি পোৱাৰ আশা কৰা হৈছে; ২০৫০ চনৰ ভিতৰত ইয়াৰ পৰিৱৰ্তন ২.৬ ডিগ্ৰী চেলছিয়াছ হ'ব বুলি অনুমান কৰা হৈছে।৬ এই শতিকাৰ শেষৰফালে এই বৃদ্ধি ৫ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত হ'ব পাৰে।৭ গড় উষ্ণতা বৃদ্ধিৰ সৈতে তাপজনিত মৃত্যু আৰু হৃদৰোগৰ ফলত হোৱা মৃত্যুৰ হাৰ বৃদ্ধিৰ প্ৰত্যক্ষ সম্পৰ্ক আছে। ৮ তদুপৰি তাপমাত্ৰা প্ৰায় ৩০% বৃদ্ধি হোৱাৰ প্ৰকল্প কৰা হৈছে, যাৰ ফলত বৰষুণৰ পৰিমাণো অনুমাণিকভাৱে ৩০% হ্ৰাস পাব। ৬

কৃষিৰ ওপৰত প্ৰভাৱ

ইৰাণৰ কৃষিৰ ওপৰত জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ ইতিমধ্যে স্পষ্ট হৈ পৰিছে। ২০০২ চনৰপৰা কৃষি খণ্ডৰপৰা অহা মুঠ জিডিপিৰ শতাংশ ৯%তকৈও অধিক হ্ৰাস পাইছে। বৰ্তমান ইৰাণত ঘেঁহু খেতি কৰা মূল শস্য, কিয়নো ঘেঁহু উৎপাদন সকলো শস্যৰ প্ৰায় ৬৭%।৯

জল সম্পদ

বৰষুণৰ পৰিৱৰ্তনে ইৰাণত পানীৰ নাটনি হোৱাৰ সম্ভাৱনা আছে, যিয়ে বিশুদ্ধ খোৱাপানীৰ লগতে কৃষিৰ বাবে ব্যৱহাৰ কৰা জলসিঞ্চনৰ পানীৰ যোগানৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে। বৃদ্ধি পোৱা উষ্ণতাৰ লগতে জলসিঞ্চনৰ পানীৰ উপলব্ধতা হ্ৰাস পালে কৃষি উৎপাদন যথেষ্ট কম হ’ব, যাৰ ফলত খাদ্যৰ নাটনি হ’ব। বাৰ্ষিক বৰষুণ হ্ৰাস পোৱাৰ সম্ভাৱনা থকাৰ বিপৰীতে দক্ষিণ দিশত বৰষুণৰ দিনৰ তীব্ৰতা আৰু ঘনত্ব বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত বানপানীৰ সৃষ্টি হ’ব পাৰে ৬ ইতিমধ্যে ইৰাণ বানপানী, ভূমিস্খলন আৰু অন্যান্য প্ৰাকৃতিক দুৰ্যোগৰ আশংকাত ভুগিছে আৰু প্ৰাকৃতিক দুৰ্যোগৰ সম্ভাৱনা ক্ষেত্ৰত ইৰাণ বিশ্বৰ ভিতৰতে ষষ্ঠ স্থানত আছে। ১০

সাগৰৰ জলপৃষ্ঠ বৃদ্ধি

মাক্ৰাণ উপকূল
মাক্ৰাণ উপকূলছবি: Masoud Sheikh'veysi · CC BY 4.0

ইৰাণৰ দক্ষিণ-পূব উপকূল মাক্ৰানৰ অৰ্থনৈতিক আৰু পৰিৱেশৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব আছে। ভূ-ৰূপ, পৰিৱেশ আৰু আৰ্থ-সামাজিক কাৰকৰ ওপৰত ভিত্তি কৰি সাগৰৰ জলপৃষ্ঠ বৃদ্ধিৰ প্ৰতি ইয়াৰ দুৰ্বলতাৰ ওপৰত কৰা এক অধ্যয়নত দেখা গৈছে যে মাক্ৰানৰ নিম্ন উপকূলীয় অঞ্চলসমূহ বিশেষভাৱে দুৰ্বল হ'ব।১১ মাক্ৰান উপকূল প্ৰাকৃতিক দুৰ্যোগৰ প্ৰতি বিশেষভাৱে দুৰ্বল কাৰণ ইয়াৰ টেকটনিক উত্থানৰ হাৰ অধিক। ১২ সাগৰৰ জলপৃষ্ঠ বৃদ্ধিৰ বাবে ইয়াক অধিক দুৰ্বল কৰি তোলাৰ উপৰি ই ভূমিকম্প আৰু চুনামীৰ দৰে বিপৰ্যয়জনক পৰিঘটনাৰ সূচনা কৰিব পাৰে। ১২

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ AJLabs. Mapping the hottest temperatures around the world. www.aljazeera.com
  2. ↑ Climate profile: Iran. Atlantic Council
  3. ↑ United Nations Treaty Collection. treaties.un.org
  4. ↑ Shojaei, S. Mohammad; Vahabpour, Amir; Saifoddin, Amir Ali. (May 2023). Estimation of greenhouse gas emissions from Iran's gas flaring by using satellite data and combustion equations. Integrated Environmental Assessment and Management. পৃ. 735–748
  5. ↑ EDGAR - The Emissions Database for Global Atmospheric Research. edgar.jrc.ec.europa.eu
  6. ↑ Mansouri Daneshvar, Mohammad Reza; Ebrahimi, Majid; Nejadsoleymani, Hamid. (2019-03-01). An overview of climate change in Iran: facts and statistics. Environmental Systems Research. পৃ. 7
  7. ↑ (2021). Iran Climate Fact Sheet. Climate Centre
  8. ↑ Mousavi, Arefeh; Ardalan, Ali; Takian, Amirhossein. (2020-04-02). Climate change and health in Iran: a narrative review. Journal of Environmental Health Science and Engineering. পৃ. 367–378
  9. ↑ Iran Wheat Area, Yield and Production. ipad.fas.usda.gov
  10. ↑ (2021). Iran Climate Fact Sheet. Climate Centre
  11. ↑ Ghanavati, E.; Shah-Hosseini, M.; Marriner, N. Analysis of the Makran Coastline of Iran's Vulnerability to Global Sea-Level Rise. J. Mar. Sci. Eng.'2021', 9, 891
  12. ↑ Ghanavati, Ezatollah; Shah-Hosseini, Majid; Marriner, Nick. (August 2021). Analysis of the Makran Coastline of Iran's Vulnerability to Global Sea-Level Rise. Journal of Marine Science and Engineering. পৃ. 891

সম্পৰ্কিত শ্ৰেণী

জলবায়ু বিজ্ঞানইৰানপৰিৱেশ বিজ্ঞান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইৰানৰ জলবায়ু পৰিবৰ্তন” প্ৰবন্ধৰ সংশোধন ৬০৯৬৯৭ (২৯ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।