অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

গোবি ভালুক

গোবি ভালুক (Gobi bear, বৈজ্ঞানিক নাম: Ursus arctos gobiensis) হ'ল আৰ্চিডাই (Ursidae) গোত্ৰৰ বাদামী ভালুকৰ এটা উপ-প্ৰজাতি। ইয়াক মংগোলীয় ভাষাত মাজালাই (Mazaalai) নামেৰে জনা যায়।

হালনাগাদ: ৯ ডিচেম্বৰ ২০২৪ ৫৫৬ শব্দ · ৩ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

গোবি ভালুক (Gobi bear, বৈজ্ঞানিক নাম: Ursus arctos gobiensis) হ'ল আৰ্চিডাই (Ursidae) গোত্ৰৰ বাদামী ভালুকৰ এটা উপ-প্ৰজাতি। ১ ইয়াক মংগোলীয় ভাষাত মাজালাই (Mazaalai) নামেৰে জনা যায়। মংগোলিয়াৰ গোবি মৰুভূমিত একান্তভাৱে পোৱা এই গোবি ভালুকক বিপন্ন প্ৰজাতিৰ মংগোলীয় ৰেডবুকৰ দ্বাৰা আৰু আই ইউ চি এন (IUCN) মানদণ্ড অনুসৰি জটিলভাৱে বিপন্ন বুলি তালিকাভুক্ত কৰা হৈছে।২ বৰ্তমান মংগোলিয়াৰ গোবি মৰুভূমিত মাত্ৰ ৩১টা ভালুক বাকী আছে। মৰুভূমিখনৰ অতিমাত্ৰা চৰণীয়া পথাৰ আৰু চোৰাং চিকাৰৰ ফলত ই বাসস্থান হেৰুৱাৰ ভাবুকিৰ সন্মুখীন হৈছে।

বিৱৰণ

গোবি ভালুক হৈছে বাদামী ৰঙৰ নোমৰ আৰু প্ৰায়ে ডিঙি বা বুকুত দাগ থকা বাদামী ভালুকৰ এক উপপ্ৰজাতি।গোবি ভালুক বাদামী ভালুকৰ এক উপপ্ৰজাতি যদিও ইহঁতে সুকীয়া বৈশিষ্ট্য প্ৰদৰ্শন কৰে যাৰ ফলত ইহঁতে গোবি মৰুভূমিৰ গৰম জলবায়ুত লাভবান হ'ব পাৰে।৩ সাধাৰণতে বাদামী ভালুকৰ আন উপপ্ৰজাতিৰ তুলনাত গোবি ভালুক সৰু। গোবি ভালুকৰ প্ৰধান খাদ্য হৈছে শিপা,জামু আৰু অন্যান্য উদ্ভিদ। কেতিয়াবা ইহঁতে ৰোডেণ্ট খায়;কিন্তু ইহঁতে ডাঙৰ স্তন্যপায়ী প্ৰাণীক চিকাৰ কৰাৰ কোনো প্ৰমাণ পোৱা নাযায়। এটা গোবি ভালুকৰ খাদ্যত মাত্ৰ প্ৰায় ৮% প্ৰাণীজ প্ৰটিন থাকে। ৪. প্ৰাপ্ত বয়স্ক মতা গোবি ভালুকৰ ওজন প্ৰায় ৯৬.০-১৩৮.০ কিলোগ্ৰাম(২১১.৬-৩০৪.২ পাউণ্ড) আৰু মাইকী গোবি ভালুকৰ ওজন প্ৰায় ৫১.০-৭৮.০ কিলোগ্ৰাম (১১২.৪-১৭২.০পাউণ্ড৫.।ইহঁতৰ জিনীয় বৈচিত্ৰ্য অতি কম।৬ গোবি ভালুকৰ মতা আৰু মাইকীৰ লিংগ অনুপাত অতি তিৰ্যক হোৱাৰ বাবেই ইহঁতৰ জিনীয় বৈচিত্ৰ্য কম। গৱেষণাৰ পৰা দেখা যায় যে ইহঁতৰ ডি এন এৰ প্ৰতিটো স্থানত এলিলৰ সংখ্যা কম হোৱাৰ বাবে ইহঁতৰ ডি এন এ ভংগুৰ আৰু ই প্ৰজননত প্ৰভাৱ পলায়।

গৱেষণা

প্ৰথমে ভূগোলৰ ভিত্তিত গোবি বাদামী ভালুকক কেতিয়াবা তিব্বতী নীলা ভালুকৰ সৈতে একেটা উপপ্ৰজাতিৰ বুলি শ্ৰেণীভুক্ত কৰা হৈছিল অথবা মাইট'কণ্ড্ৰিয়াৰ চুটি খণ্ডৰ অধ্যয়নৰ ভিত্তিত হিমালয়ৰ বাদামী ভালুকৰ সৈতে একেটা উপপ্ৰজাতিৰ বুলি শ্ৰেণীভুক্ত কৰা হৈছিল ৭।কিন্তু শেহতীয়াকৈ গোটেই জিনম আৰু বৃহৎ মাইট'কণ্ড্ৰিয়াৰ ডি এন এ বিশ্লেষণত দেখা গৈছে যে গোবি ভালুক আৰু হিমালয়ৰ বাদামী ভালুক দুয়ো বিচ্ছিন্ন বংশ আৰু এই গোবি ভালুকৰ বংশ আন সকলো বাদামী ভালুকৰ ভিতৰত আটাইতক পুৰণি বংশ৮ ৯। মাইট'কণ্ড্ৰিয়াৰ ডি এন এৰ ২৬৩ টা ভিত্তিত যোৰৰ অংশ, তিনিটা ভালুকৰ বাবে ক্ৰমবিন্যাস কৰা হৈছিল আৰু এটা হেপ্লোটাইপ পোৱা গৈছিল। এই হেপ্লোটাইপটো পাকিস্তানৰ পৰা অহা বাদামী ভালুকৰ হেপ্লোটাইপৰ সৈতে ওত:প্ৰোতভাৱে জড়িত আছিল। জিনীয় বৈচিত্ৰ্যৰ নিম্ন মাত্ৰাই এই ধাৰণাটো সমৰ্থন কৰে যে গোবি ভালুকবোৰ অন্যান্য বাদামী ভালুকৰ জনসংখ্যাৰ পৰা পৃথক১০।

গোবি ভালুকৰ সংৰক্ষণৰ প্ৰচেষ্টা

মধ্য এছিয়াৰ গোবি মৰুভূমি দক্ষিণ মংগোলিয়াৰ ভিতৰত প্ৰায় ডেৰলাখ বৰ্গমাইল (১৩ লাখ বৰ্গকিলোমিটাৰ)আৰু উত্তৰ চীনলৈকে বিস্তৃত।এই অঞ্চলটো নিৰ্জন বছৰজুৰি উষ্ণতা -৪০ ডিগ্ৰীৰ পৰা ১০৪ ডিগ্ৰী ফাৰেনহাইট (-৪০ ডিগ্ৰীৰ পৰা ৪০ ডিগ্ৰী চেলচিয়াচ) আৰু বৰষুণৰ পৰিমাণ অতি কম। বছৰি বৰষুণ আৰু বৰফ সাধাৰণতে মাত্ৰ ০.৮ ইঞ্চিৰ পৰা ৪.০ ইঞ্চি(২০ৰ পৰা ১০০মিলিমিটাৰ)লৈকে হয় আৰু কিছুমান বছৰত বৰষুণ বা বৰফ একেবাৰেই নপৰে১১। এনে প্ৰত্যাহ্বানমূলক পৰিৱেশতো গোবি মৰুভূমিত উপলব্ধ বনৰীয়া উঁট,বনৰীয়া গাধ,ধূসৰ পহু তুষাৰপাতৰ নাহৰফুটুকী আৰু মংগোলিয়াৰ জাতীয় চৰাই চেকাৰ ফাল্কনকে ধৰি দৰ্শনীয় প্ৰাণীজগতৰ ভিতৰত আটাইতক বিৰল হৈছে গোবি ভালুক।যোৱা ১০ ৰ পৰা ২০ বছৰৰ ভিতৰত ইহঁতৰ জনসংখ্যা প্ৰায় ৪০ৰ পৰা ৫০টা বুলি ধৰা হৈছে১২।যদিও চীনত মাজে মাজে গোবি ভালুকৰ কথা কোৱা হয়,তথাপি ইয়াৰ বৰ্তমান জনা পৰিসৰ কেৱল গোবি মৰুভূমিৰ সংৰক্ষিত এলেকা,যিটো দক্ষিণ মংগোলিয়াৰ গ্ৰেট গোবি বায়'স্ফিয়েৰ সংৰক্ষিত বনাঞ্চল। একদশক পূৰ্বে মংগোলিয়াৰ ৰাষ্ট্ৰপতিয়ে ২০১৩ চনক গোবি ভালুকৰ বছৰ বুলি আৰু গোবি ভালুকক ৰাষ্ট্ৰীয় সম্পদ হিচাপে ঘোষণা কৰিছিল১৩। ইয়াৰ উদ্দেশ্য আছিল সজাগতা বৃদ্ধি আৰু সংৰক্ষণৰ প্ৰচেষ্টা সূচনা কৰা। গোবি ভালুকৰ জনসংখ্যাক সুৰক্ষা দিয়াৰ প্ৰচেষ্টাত পৰিপূৰক খাদ্য কাৰ্যসূচীও অন্তৰ্ভুক্ত কৰা হৈছে। এইক্ষেত্ৰত সমগ্ৰ গ্ৰেট গোবি কঠোৰভাৱে সংৰক্ষিত এলেকা(জি জি এছ পি এ)ৰ নিৰ্বাচিত পানীৰ ফুটাৰ ওচৰত অৱস্থিত ফিডাৰত ঘেঁহু,কুঁহিয়াৰ,বিলাহী আৰু টাৰ্ণিপযুক্ত পেলেট প্ৰদান কৰা হয়।১৪১৫১৬।২০২২ চনত মংগোলিয়াই গোবি ভালুক সংৰক্ষণৰ বাবে নতুন প্ৰচেষ্টা ঘোষণা কৰে আৰু ৰাষ্ট্ৰপতি উখেনগিন খুৰেলছুখে এই প্ৰজাতি সংৰক্ষণ কৰাটো তেওঁৰ প্ৰশাসনৰ পৰিৱেশৰ শীৰ্ষ তিনিটা অগ্ৰাধিকাৰৰ ভিতৰত অন্যতম কৰি লয়।১৭।

তথ্যসূত্ৰ

  1. ↑ Tumendemberel, Odbayar; Hendricks, Sarah A.; Hohenlohe, Paul A.; Sullivan, Jack; Zedrosser, Andreas; Sæbø, Mona; Proctor, Michael F.; Koprowski, John L.; Waits, Lisette P. (August 2023). "Range-wide evolutionary relationships and historical demography of brown bears (Ursus arctos) revealed by whole-genome sequencing of isolated central Asian populations". Molecular Ecology. 32 (18): 5156–5169. Bibcode:2023MolEc..32.5156T. doi:10.1111/mec.17091. ISSN 0962-1083. PMID 37528604. S2CID 260375812
  2. ↑ www.iucnredlist.org/species/41688/114261661
  3. ↑ en.wikipedia.org/wiki/Gobi_bear#cite_ref-Ecosphe
  4. ↑ Batmunkh, Mijiddorj (2006). Some biological and ecological specifics of Gobi bear, its protection (PhD Dissertation ed.). Ulaanbaatar, Mongolia: National University of Mongolia
  5. ↑ )" web.archive.org/web/20150922030717/http://www.be
  6. ↑ en.wikipedia.org/wiki/Gobi_bear#cite_ref-Tumende
  7. ↑ www.ncbi.nlm.nih.gov/pmc/articles/PMC5740279
  8. ↑ en.wikipedia.org/wiki/Doi_(identifier)
  9. ↑ openarchive.usn.no/usn-xmlui/bitstream/handle/11
  10. ↑ www.bioone.org/doi/abs/10.2192/07GR013R.1
  11. ↑ en.wikipedia.org/wiki/Great_Gobi_A_Strictly_Prot
  12. ↑ news.mongabay.com/2017/06/tracking-gobi-grizzlie
  13. ↑ www.conservationfrontlines.org/2023/10/to-save-t
  14. ↑ Odbayar Tumendemberel; Michael Proctor; Harry Reynolds; John Boulanger; Amgalan Luvsamjamba; Tuya Tserenbataa; Mijiddorj Batmunkh; Derek Craighead; Nyambayar Yanjin; David Paetkau (2010). "Gobi bear abundance and inter-oases movements, Gobi Desert, Mongolia" (PDF). Ursus. 26 (2): 129–142. doi:10.2192/URSUS-D-15-00001.1. S2CID 86305718. Archived from the original (PDF) on 2019-02-22
  15. ↑ doi.org/10.1002%2Fecs2.3696
  16. ↑ web.archive.org/web/20190222041944/https://www.b
  17. ↑ web.archive.org/web/20150922030717/http://www.be

সম্পৰ্কিত শ্ৰেণী

প্ৰাণীজগতবন্যপ্ৰাণীবিপন্ন প্ৰজাতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গোবি ভালুক” প্ৰবন্ধৰ সংশোধন ৪৫২৭১৯ (৯ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।