এছিয়াৰ ৰেঘা থকা ফেঁচা (Asian Barred Owlet, বৈজ্ঞানিক নাম:Glaucidium cuculoides) এবিধ মধ্যম আকৃতিৰ ফেঁচা। ইয়াক ভাৰত উপমহাদেশৰ উত্তৰ অঞ্চল আৰু দক্ষিণ-পূৱ এছিয়াৰ কিছু ঠাইত পোৱা যায়।
বিৱৰণ
এছিয়াৰ ৰেঘা থকা ফেঁচা মধ্যমীয়া আকৰৰ ফেঁচা। ইয়াক সততে টেলিফোনৰ তাঁৰ, বিজুলীৰ তাঁৰ বা গছৰ ডালত বহি থকা দেখা যায়। ই সাধাৰণতে ৰাতি বিচৰণ কৰে যদিও বিভিন্ন চৰায়ে হুলস্থুল কৰি ইয়াক আমনি কৰি থকা সময়ত দিনত সহজেই বিচাৰি উলিয়াব পাৰি। ই বহুবাৰ কুক-কুক কৈ দীঘলীয়াকৈ মাতে। ই প্ৰধানতঃ মুগা বৰণীয়া আৰু তলভাগ মুগাৰ ওপৰত কেতবোৰ ৰেঘা থাকে। উত্তৰ-পূৱ ভাৰতত ইয়াৰ ৰং কিছু ৰঙা-মুগা(rufous) বৰণীয়া হয়।| ইয়াক বিভিন্ন ধৰণৰ অৰণ্যৰ লগতে ডাঙৰ বাগিচাত পোৱা যায়। ফৰিং, উঁইপোক, উঁইচিৰিঙা আৰু অন্যান্য পোকবোৰ ইয়াৰ খাদ্য। ই নিগনি, জেঠী, ভেকুলী আৰু সৰু চৰাইও খায়। সাধাৰণতে ইহঁতে পোকবোৰ উৰি থকা অবস্থাত ধৰে। গছৰ ডাল আদিত বহি চিকাৰ নিৰীক্ষণ কৰে। কেতিয়াবা মাটিত পৰি চিকাৰ কৰে। ই ভাৰতত এপ্ৰিল-মে মাহত কণী পাৰে আৰু পোৱালি জগায়। ইহঁত একগামী হয়। ইহঁতে নিজৰ একোটা এলেকা দখলত ৰাখে। ইহঁতে গছৰ খোৰোঙত বাহ সাজে। এবাৰত চাৰিৰ পৰা সাতটা কণী পাৰে। মাইকী জনীয়ে উমনি দিয়ে আৰু সেই সময়ত মতাটোৱে খাদ্য যোগান ধৰে।
ভৌগোলিক বিস্তাৰ
ইয়াক উত্তৰ মধ্য ভাৰত, উত্তৰ-পূৱ ভাৰত, নেপাল, ভূতান, উত্তৰ বাংলাদেশ, ম্যানমাৰ, থাইলেণ্ড, কম্বোডিয়া, লাউচ আৰু ভিয়েটনামত পোৱা যায়। নাতিশীতোষ্ণ অৰণ্য অঞ্চল ইয়াৰ প্ৰাকৃতিক বাসস্থান।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এছিয়াৰ ৰেঘা থকা ফেঁচা” প্ৰবন্ধৰ সংশোধন ৪২২৬৪৬ (৯ জুন ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।