কণী উমনি দিয়া এক প্ৰক্ৰিয়া, যাৰ দ্বাৰা কণী দিয়া প্ৰাণীৰ এটা কণী, ডিম্বাশয়ৰ পৰা বাহিৰ হোৱাৰ পিছত কণীৰ ভিতৰত গঢ় লৈ উঠা ভ্ৰূণৰ বিকাশ হয়। কণী ফুটি পোৱালি জগাবলৈ অনুকূল পৰিৱেশত কণী উমনি দিয়া হয়। বিভিন্ন প্ৰজাতিৰ প্ৰাণীৰ কণী উমনিৰ বাবে একাধিক কাৰক অতি প্ৰয়োজনীয়। উদাহৰণস্বৰূপে, বহু প্ৰজাতিৰ সৰীসৃপত কণী উমনিত কোনো নিৰ্দিষ্ট উষ্ণতাৰ প্ৰয়োজন নহয় যদিও প্ৰকৃত উষ্ণতাই সন্তানৰ লিংগ অনুপাত নিৰ্ধাৰণ কৰে। ইয়াৰ বিপৰীতে চৰাইৰ ক্ষেত্ৰত সন্তানৰ লিংগ জিনীয়ভাৱে নিৰ্ধাৰিত হয় যদিও বহু প্ৰজাতিৰ ক্ষেত্ৰত সফল উমনিৰ বাবে স্থিৰ আৰু বিশেষ উষ্ণতাৰ প্ৰয়োজন হয়। বিশেষকৈ হাঁহ-কুকুৰাৰ ক্ষেত্ৰত কণীৰ ওপৰত বহি উমনি দিয়া কাৰ্য্যক ব্ৰুডিং বোলা হয়।১ কণী চপাই আনি বহি থকা ক্ৰিয়া বা আচৰণৰ প্ৰৱণতাক ব্ৰুডিনেছ বুলিও কোৱা হয় আৰু বেছিভাগ কণী পৰা জাতৰ হাঁহ-কুকুৰাৰ এই আচৰণ নিৰ্বাচন কৰি উৎপাদন বৃদ্ধি কৰিবলৈ ইহঁতৰ প্ৰজনন কৰা হয়।১
চৰাইৰ কণী উমনি
চৰাইৰ মাজত বেছি পৰিমাণে উমনি দিয়া স্বভাৱ দেখা যায়। সাধাৰণতে চৰাইৰ দৰে উষ্ণ তেজ প্ৰবাহিত প্ৰজাতিত, পোৱালি দিয়া পিতৃ-মাতৃৰ পোৱালি থিতাপি লোৱা ঠাইত শৰীৰৰ উত্তাপে স্থিৰ উষ্ণতা প্ৰদান কৰে।২ কেইবাটাও গোট, বিশেষকৈ মেগাপ'ডে ইয়াৰ পৰিৱৰ্তে পচি যোৱা শাক-পাচলিৰ পৰা উৎপন্ন তাপ ব্যৱহাৰ কৰে, যাৰ ফলত ফলপ্ৰসূভাৱে এটা বিশাল পচন সাৰ গোটৰ সৃষ্টি হয়, আনহাতে ক্ৰেব প্ৰভাৰ চৰায়ে ৰ'দৰ পৰা অহা তাপৰ আংশিক ব্যৱহাৰ কৰে।৩ দিনৰ গৰমত কণীবোৰ ঠাণ্ডা কৰি ৰখাৰ প্ৰয়োজন হোৱা দক্ষিণ আফ্ৰিকাৰ মৰুভূমিৰ নামাকুৱা ছেণ্ডগ্ৰাউছ চৰায়ে ছাঁ দিবলৈ ডেউকা তললৈ নমাই থিয় হৈ থাকে। উমনিৰ বাবে আৰ্দ্ৰতাও অতি জটিল, কাৰণ বতাহ বেছি শুকান হ’লে কণীটোৰ বায়ুমণ্ডললৈ অত্যধিক পানী শোষিত হ’ব, যাৰ ফলত কণী ফুটি পোৱালি হোৱা কঠিন বা অসম্ভৱ হ’ব পাৰে। উমনি প্ৰক্ৰিয়া আগবাঢ়ি যোৱাৰ লগে লগে কণী এটা সাধাৰণতে পাতল হৈ পৰে, আৰু বাষ্পীভৱনৰ বাবে কণীৰ ভিতৰৰ বায়ুৰ স্থান সাধাৰণতে বহল হৈ পৰে। উমনিৰ সময়ত খোলাৰ ভিতৰৰ স্তৰবোৰ ইহঁতৰ অম্লীয় পৰিৱেশৰ দ্বাৰা দ্ৰৱীভূত হয় আৰু খোলাটোৰ অংশ হৈ থকা কেলচিয়াম কাৰ্বনেট ভ্ৰুণৰ কংকালত অন্তৰ্ভুক্ত হৈ পৰে।৪
ভদৰকলি চৰাইৰ ওপৰত কৰা পৰীক্ষাই দেখুৱাইছে যে, মাইকী চৰাইয়ে উমনিৰ দিওঁতে ভিন্ন উত্তাপনৰ সাম্ভাব্য ক্ষতিৰ পৰা বচাবলৈ কণীবোৰক একাকাৰভাৱে লৰচৰ কৰি ৰক্ষা কৰে।৫
পোহপাল দিয়া প্ৰজাতিবোৰত কামটো লিংগৰ মাজত বেলেগ বেলেগ ধৰণে বিভক্ত কৰা হয়। সম্ভৱতঃ আটাইতকৈ সাধাৰণ কথাটো হ’ল সকলো উমনি মাইকী চৰাইয়ে দিয়ে, যেনে আটলাণ্টিক কেনাৰী আৰু ইণ্ডিয়ান ৰবীন, বা ইয়াৰ বেছিভাগেই, যেনেকৈ সাধাৰণ ফেলকনৰ দৰে। কিছুমান প্ৰজাতিৰ যেনে হুপিং ক্ৰেনত মতা আৰু মাইকী চৰাইয়ে পাল পাতি কণী উমনি দিয়ে। আন কিছুমানত, যেনে কেচোৱাৰীত, কেৱল মতাবোৰেহে উমনি দিয়ে। মতা মাউণ্টেন প্লভাৰে মাইকী চৰাইৰ প্ৰথম কণীৰ জাক উমনি দিয়ে, কিন্তু দ্বিতীয় জাক কণী মাইকীজনীয়ে নিজে উমনি দিয়ে। হোটজিনত কিছুমান চৰাইয়ে (বেছিভাগেই মতা) পিতৃ-মাতৃক পিছৰ পোৱালিবোৰক পোহপাল দিয়াত সহায় কৰে।
উমনিৰ সময়, নিৰৱচ্ছিন্নভাৱে উমনি আৰম্ভ হোৱাৰ পৰা পোৱালি ওলোৱালৈকে সময় ১১ দিনৰ পৰা (কিছুমান সৰু পেচেৰিন আৰু ক'লা ঠোঁট আৰু হালধীয়া ঠোঁটযুক্ত কোকিল) ৮৫ দিন (বিচৰণকাৰী এলবাট্ৰছ আৰু বাদামী কিউই)লৈকে ভিন্ন হয়। এই পিছৰবোৰত উমনি কালত বাধা আহে; সম্ৰাট পেংগুইনৰ আটাইতকৈ দীঘলীয়া নিৰৱচ্ছিন্ন সময় ৬৪ৰ পৰা ৬৭ দিন। সাধাৰণতে সৰু চৰাইবোৰৰ কণী সোনকালে ফুটাৰ প্ৰৱণতা থাকে, কিন্তু ইয়াৰ ব্যতিক্ৰম আছে আৰু গুহাত বাহ সজা চৰাইবোৰৰ পোনা মেলাৰ সময় বেছি হয়। ই এক শক্তিশালী প্ৰক্ৰিয়া হ'ব পাৰে, উমনিৰ ফলত প্ৰাপ্তবয়স্ক এলবাট্ৰছৰ শৰীৰৰ ওজন দিনটোত ৮৩ গ্ৰাম পৰ্যন্ত কমি যায়।৬ মেগাপডৰ কণীত মাটিৰ উচ্চতা আৰু পৰিৱেশৰ উষ্ণতাৰ ওপৰত নিৰ্ভৰ কৰি ৪৯ৰ পৰা ৯০ দিন সময় লাগে। আনকি আন চৰাইৰ ক্ষেত্ৰতো পৰিৱেশৰ উষ্ণতাৰ ফলত উমনিৰ সময়ৰ তাৰতম্য হ'ব পাৰে।৭ সাধাৰণতে কণীবোৰ শৰীৰৰ বাহিৰত উমনি দিয়া হয়। কিন্তু এটা লিপিবদ্ধ তথ্যত দেখা যায়, কণীৰ উমনি সম্পূৰ্ণৰূপে কুকুৰাৰ শৰীৰৰ ভিতৰত সংঘটিত হৈছিল। পোৱালিটোৱে ভিতৰত কণী ফুটি মাকৰ পৰা খোলা নোহোৱাকৈ ওলাই আহিছিল, যাৰ ফলত মাকৰ শৰীৰৰ ভিতৰৰ ঘাঁ হৈছিল আৰু মাতৃ কুকুৰাটোৰ মৃত্যু হৈছিল।৮
উমনি দিয়া আৰম্ভ নোহোৱালৈকে ভ্ৰূণৰ বিকাশ স্থগিত হৈ থাকে। ঘৰচীয়া চৰাই, উটপক্ষী আৰু আন কেইবাবিধো প্ৰজাতিৰ চৰাইৰ সতেজ কণী ৫ ডিগ্ৰী চেলছিয়াছৰ তলত ৰাখিলে প্ৰায় দুসপ্তাহ ধৰি ৰাখিব পাৰি। কিছুমান সাগৰীয় চৰাই উমনি দিবলৈ দীৰ্ঘ সময়ৰ বাবে স্থলবন্দী হোৱা দেখা যায়।৯ কিছুমান প্ৰজাতিৰ প্ৰথম কণীৰ পৰাই উমনি দিয়া আৰম্ভ হয়, যাৰ ফলত পোৱালিবোৰ বিভিন্ন সময়ত ফুটি উঠে; আন কিছুমানে দ্বিতীয়টো কণী পৰাৰ পিছত আৰম্ভ কৰে, যাতে তৃতীয় পোৱালিটো সৰু হয় আৰু খাদ্যৰ নাটনিৰ পৰা বাচিব পাৰে। কিছুমানে এবাৰৰ শেষ কণীটো পৰাৰ পিছত উমনি দিবলৈ আৰম্ভ কৰে, যাৰ ফলত পোৱালিবোৰ একেলগে জাগে।১০
| চৰাই | উমনি দিয়া সময় (দিন) |
|---|---|
| কুকুৰা | ২১ |
| হাঁহ | ২৮, মাস্কোভি হাঁহ ৩৫ |
| কেনেৰী | ১৩ |
| পাতি হাঁহ | ২৮–৩৩ |
| উটপক্ষী | ৪২ |
| ফেজেণ্ট | ২৪-২৬ |
| পাৰ চৰাই | ১৬-১৯ |
| কটাৰ্নিক্স বতা চৰাই | ১৬-১৮ |
| ববহোৱাইট বতা চৰাই | ২৩-২৪ |
| ৰাজহাঁহ | ৩৫ |
| টাৰ্কি | ২৮ |
| স্কাৰলেট মেকা | ২৬ |
স্তন্যপায়ী প্ৰাণীৰ কণী উমনি
কণী পৰা একমাত্ৰ জীৱিত স্তন্যপায়ী প্ৰাণী হ’ল ইচিডনা আৰু হাঁহঠুঁটীয়া। পিছৰটোত কণীবোৰ গৰ্ভত প্ৰায় ২৮ দিনলৈকে বিকশিত হয়, বাহ্যিকভাৱে মাত্ৰ প্ৰায় ১০ দিনহে উমনি দিয়া হয় (মুৰ্গীৰ কণীৰ বিপৰীতে, যিয়ে প্ৰায় এদিন নিৰ্দিষ্ট সীমাত থাকে আৰু ২১ দিন বাহ্যিকভাৱে কটায়)।১১ কণী পৰাৰ পিছত মাইকীজনীয়ে কণীবোৰৰ চাৰিওফালে ঘূৰি ফুৰে। উমনিৰ সময়ছোৱা তিনিটা পৰ্যায়ত ভাগ কৰা হয়। প্ৰথম পৰ্যায়ত ভ্ৰূণৰ কোনো কাৰ্যক্ষম অংগ নাথাকে আৰু ই জীয়াৰ বাবে কুহুমৰ মোনাৰ ওপৰত নিৰ্ভৰ কৰে। কুহুমটো বিকাশশীল পোৱালিবোৰে শোষণ কৰে।১২ দ্বিতীয় পৰ্যায়ৰ সময়ত অংগবোৰৰ বিকাশ ঘটে। শেষৰ পৰ্যায়ত কণীৰ দাঁতটো দেখা দিয়ে।১৩
সৰীসৃপৰ কণী উমনি
ভিন্ন ধৰণৰ বহুতো সৰীসৃপৰ মাজত উমনিৰ ধৰণ বহু পৰিমাণে বেলেগ বেলেগ।
বিভিন্ন প্ৰজাতিৰ সাগৰীয় কাছই পাৰৰ বালিৰ তৰপৰ তলত নিজৰ কণী পুতি থয় যিয়ে শিকাৰুৰ পৰা সুৰক্ষা আৰু বাহৰ বাবে নিৰন্তৰ উষ্ণতা দুয়োটা প্ৰদান কৰে।
সাপে সিহঁতৰ নিজা গাঁতত কণী পাৰে, য’ত বৃহৎ সংখ্যক প্ৰাপ্তবয়স্কই একত্ৰিত হৈ কণীবোৰ গৰম কৰি ৰাখে। কিছুমান প্ৰজাতিয়ে কণীৰ চাৰিওফালে নিজকে কুণ্ডলীবদ্ধ কৰি উমনি বাবে তাপ প্ৰদান কৰে।
এলিগেটৰ আৰু কুমিৰে হয় পচি যোৱা গছ-গছনিৰ টিলাত কণী পাৰে নহয় মাটিত খান্দি থকা গাঁতত কণী পাৰে।
মেৰুদণ্ডী প্ৰাণীৰ কণী উমনি
সাধাৰণতে মাছে নিজৰ কণী উমনি দি নজগায়। কিন্তু কিছুমান প্ৰজাতিয়ে কণী মুখত লৈ জগায়, পোৱালি নজগালৈকে ইহঁতে নাখায়।
কিছুমান উভচৰ প্ৰাণীয়ে কণীৰ পৰা পোৱালি জগায়। মাইকী চেলেমেণ্ডাৰ এনছাটিনা (Ensatina eschscholtzii) কণীৰ জাকটোৰ চাৰিওফালে ঘূৰি থাকে আৰু স্পন্দনশীল ডিঙিৰে নিজা কণীবোৰ মালিচ কৰে।১৪ কিছুমান জলজ ভেকুলী যেনে চুৰিনাম টোড (Pipa pipa)ৰ ছালবোৰ থুপ থাকে য’ত কণী সুমুৱাই দিয়া হয়। হেমিফ্ৰেক্টিডে পৰিয়ালৰ আন আন নিওট্ৰপিকেল বেংবোৰৰো এনেকুৱা মোনা থাকে য'ত কণীবোৰ বিকশিত হয়, কিছুমান প্ৰজাতিৰ পোনপটীয়াকৈ শিশু ভেঁকুলীলৈ আৰু আন কিছুমানত লালুকীলৈ পৰিণত হয় যিবোৰ পিছলৈ সৰু জলভাগত জমা হৈ ইহঁতৰ বিকাশ অব্যাহত থাকে।১৫ মতা ডাৰউইনছ্ বেঙে ৰূপান্তৰ নোহোৱালৈকে কণীবোৰ মুখত কঢ়িয়াই লৈ ফুৰে আৰু অষ্ট্ৰেলিয়াৰ মাইকী বেঙে পোনা মেলা কণীবোৰ গিলি পেলায়, যিবোৰ তাইৰ পেটত বিকশিত হৈ উঠে।১৬
অমেৰুদণ্ডী প্ৰাণীৰ কণী উমনি
কিছুমান অমেৰুদণ্ডী প্ৰাণীৰ যেতিয়া নিষিক্ত কণীবোৰ মাক-বাপেক, সাধাৰণতে মাকৰ ভিতৰত বা পৃষ্ঠত ৰখা হয় তেতিয়া ব্ৰুডিং হয়। কিছুমান ক্নিডাৰিয়ান (সাগৰীয় এনিমন আৰু প্ৰবাল), কেইটামান চাইটন, কিছুমান গেষ্ট্ৰ'পড মলাস্ক, কিছুমান চেফালোপড, কিছুমান বাইভালভ মোলাস্ক, বহুতো আৰ্থ্ৰ'পড, কিছুমান এণ্ট'প্ৰ'কটান, কিছুমান ব্ৰেকিঅ'পড, কিছুমান ব্ৰাইঅ'জ'য়ান আৰু কিছুমান ষ্টাৰফিছত এনেকুৱা হোৱা দেখা যায়।১৭
তথ্যসূত্ৰ
- ↑ Ekarius, Carol. (2007). Storey's Illustrated Guide to Poultry Breeds. Storey Publishing. ISBN 978-1-58017-667-5
- ↑ Turner, J. Scott. (1997). On the Thermal Capacity of a Bird's Egg Warmed by a Brood Patch. Physiological Zoology. পৃ. 470–80
- ↑ De Marchi, G., Chiozzi, G., Fasola, M. 2008 Solar incubation cuts down parental care in a burrow nesting tropical shorebird, the crab plover Dromas ardeola. Journal of Avian Biology 39 (5):484–486
- ↑ Athanasiadou, Dimitra; Jiang, Wenge; Goldbaum, Dina. (2018-03-02). Nanostructure, osteopontin, and mechanical properties of calcitic avian eggshell. Science Advances. পৃ. eaar3219
- ↑ Diez-Méndez, David; Rodríguez, Samuel; Álvarez, Elena. (2020). The role of partial incubation and egg repositioning within the clutch in hatching asynchrony and subsequent effects on breeding success. Ibis. পৃ. 63–74
- ↑ Warham, J. (1990) The Petrels – Their Ecology and Breeding Systems London:Academic Press
- ↑ Pettingill, OS Jr. (1970). Ornithology in Laboratory and field. Burgess Publishing Company. পৃ. 357–360
- ↑ (2012-04-19). 'Eggless' chick laid by hen in Sri Lanka. BBC News Online
- ↑ Divoky, G.J.; Harter, B.B. (2010). Supernormal delay in hatching, embryo cold tolerance, and egg-fostering in the Black Guillemot Cepphus grylle. Marine Ornithology. পৃ. 7–10
- ↑ Wiebe, KL; Wiehn J; E Korpimaki. (1998). The onset of incubation in birds: can females control hatching patterns?. Anim. Behav.. পৃ. 1043–1052
- ↑ Erica Cromer. (2004-04-14). Monotreme Reproductive Biology and Behavior. Iowa State University
- ↑ Ockhams Razor. The Puzzling Platypus
- ↑ Paul R. Manger; Leslie S. Hall; John D. Pettigrew. (1998-07-29). The development of the external features of the platypus (Ornithorhynchus anatinus). Philosophical Transactions: Biological Sciences. The Royal Society. পৃ. 1115–1125
- ↑ Stebbins, Robert C.; Cohen, Nathan W. (1995). A Natural History of Amphibians. Princeton University Press. পৃ. 196. ISBN 978-0-691-03281-8
- ↑ Stebbins, Robert C.; Cohen, Nathan W. (1995). A Natural History of Amphibians. Princeton University Press. পৃ. 200. ISBN 978-0-691-03281-8
- ↑ Stebbins, Robert C.; Cohen, Nathan W. (1995). A Natural History of Amphibians. Princeton University Press. পৃ. 202–204. ISBN 978-0-691-03281-8
- ↑ Ruppert, Edward E.; Fox, Richard S.; Barnes, Robert D. (2004). Invertebrate Zoology. Cengage Learning. পৃ. 62, 123, 297, 337, 364, 398, 811, 828, 887. ISBN 978-81-315-0104-7
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কণী উমনি দিয়া” প্ৰবন্ধৰ সংশোধন ৬৩০৮৬৬ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।