জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
লিয়াও জিয়াওই
লিয়াও জিয়াওই (Liao Xiaoyi; সৰলীকৃত চীনা: 廖晓义; পৰম্পৰাগত চীনা: 廖曉義; পিনয়ন: Liào Xiǎoyì; Wade–Giles: Liao Hsiao-I), বা শ্বেৰী লিয়াও এগৰাকী চীনা পৰিৱেশ কৰ্মী, সাংবাদিক আৰু তথ্যচিত্ৰৰ প্ৰযোজক; যিজনৰ কামক চীনৰ পৰিৱেশ আন্দোলন আগুৱাই নিয়াৰ কৃতিত্ব প্ৰদান কৰা হয়।
-
লিলি গাৰাফুলিচ
লিলি গাৰাফুলিচ ইয়াংকভিচ (১৪ মে', ১৯১৪ – ১৫ মাৰ্চ, ২০১২) আছিল চিলিৰ ভাস্কৰ্য্যশিল্পী, জেনেৰেচন অৱ ৪০ (জেনেৰেচন ডেল ৪০) শিল্পীৰ সদস্য আৰু সংগ্ৰহালয়ৰ পৰিচালক। ১৯৪৪ চনত নিউয়ৰ্ক চহৰত গুগেনহাইম ফেল’শ্বিপ লাভ কৰিছিল গাৰাফুলিচে।
-
লিলিট টেৰিয়ান
লিলিট টেৰিয়ান বা লিলিয়েট টেৰিয়ান ( Lilit Teryan) আৰ্মেনিয়ান ঐতিহ্যৰ এগৰাকী ইৰাণত জন্ম গ্ৰহণ কৰা এগৰাকী ভাস্কৰ্য শিল্পী। তেওঁৰ জন্ম ৩১ ডিচেম্বৰ ১৯৩০ আৰু মৃত্যু হয় ৭ মাৰ্চ ২০১৯ চনত। তেহৰাণত ভাস্কৰ্য শিক্ষা নিষিদ্ধ হোৱাৰ সময়ত তেওঁ নিজৰ ভাস্কৰ্য শিক্ষা বন্ধ কৰিবলগীয়া হৈছিল।
-
লীলা দামোদৰ মেনন
লীলা দামোদৰ মেনন ( Leela Damodara Menon; ৪ জানুৱাৰী ১৯২৩ – ১০ অক্টোবৰ ১৯৯৫) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ সংসদৰ সদস্য আছিল; ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য হিচাপে ভাৰতৰ সংসদৰ উচ্চ সদন ৰাজ্যসভাত কেৰালাক প্ৰতিনিধিত্ব কৰিছিল।
-
লীলা নেওগনী
লীলা নেওগনী ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী সক্ৰিয় কৰ্মী আছিল৷ তেওঁৰ ঘৰ লক্ষীমপুৰত৷ লক্ষীমপুৰত ভাৰত ত্যাগ আন্দোলনৰ কাৰ্যসূচীত অংশ গ্ৰহণ কৰি ১৯৪২ চনৰ অক্টোবৰ মাহত এক কাৰ্যসূচীত পুলিচৰ লাঠীচালনাত আঘাতপ্ৰাপ্ত হয় আৰু তাৰ দুমাহৰ পিছতে সেই আঘাতৰ ফলতেই তেওঁৰ মৃত্যু হয়৷
-
লীলা ৰামকুমাৰ ভাৰ্গৱ
ৰাণী লীলা ৰামকুমাৰ ভাৰ্গৱ এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী, সমাজকৰ্মী, শিক্ষাবিদ আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ এগৰাকী প্ৰাক্তন নেত্ৰী আছিল। তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ সহযোগী আছিল। তথা ভাৰতৰ ভাইচৰয় লৰ্ড ৱেভেলৰ পৰা ৰাজা উপাধিধাৰী মুন্সী ৰামকুমাৰ ভাৰ্গৱৰ সৈতে তেওঁ বিবাহপাশত আবদ্ধ হৈছিল।
-
লীলাৱতী ভট্টাচাৰ্য
লীলাৱতী ভট্টাচাৰ্য Lilabati Bhattacherjee আছিল এগৰাকী ভাৰতীয় খনিজবিদ্যাবিদ, স্ফটিকবিজ্ঞানী, আৰু এগৰাকী পদাৰ্থ বিজ্ঞানী। তেখেতে বিজ্ঞানী সত্যেন্দ্ৰনাথ বসুৰ লগত অধ্যয়ন কৰিছিল। ১৯৫১ চনত তেখেতে কলিকতা বিশ্ববিদ্যালয়ৰ ৰাজাবাজাৰ বিজ্ঞান মহাবিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰে।
-
লুইচ জৰ্জ ৰিভেৰা হেৰেৰা
লুইচ জৰ্জ ৰিভেৰা হেৰেৰা (জন্ম ১৯৭২, পুয়েৰ্তো ৰিকো) এজন পুয়েৰ্তো ৰিকান পৰিৱেশ কৰ্মী যি নৰ্থ-ইষ্ট ইক'লজিকেল কৰিডৰ নেচাৰ ৰিজাৰ্ভ (চিইএন)ৰ সুৰক্ষাত তেওঁৰ অৱদানৰ বাবে ২০১৬ চনত গোল্ডমেন পৰিৱেশ বঁটা লাভ কৰিছিল।
-
লুনা মায়া
লুনা মায়া সুগেং এগৰাকী অষ্ট্ৰিয়ান মূলৰ ইণ্ডোনেছিয়ান মডেল, অভিনেত্ৰী আৰু ঘোষিকা। তেওঁ এগৰাকী বিজ্ঞাপন আৰু কেটৱাক মডেল হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।
-
লেইলা ফৰোহৰ
লেইলা ফৰোহৰ (পাৰ্চী: لیلا فروهر; Leilâ Foruhar; জন্ম ২৩ ফেব্ৰুৱাৰী ১৯৫৯) এগৰাকী ইৰানী গায়িকা। তেওঁ প্ৰথমতে এগৰাকী অভিনেত্ৰী হিচাপে কেৰিয়াৰ গঢ়ি তুলিছিল আৰু ১৯৭৯ চনৰ ইৰান বিপ্লৱৰ সাত বছৰ পাছত, ১৯৮৬ চনত প্ৰথমে তুৰস্কৰপৰা লছ এঞ্জেলছলৈ প্ৰব্ৰজন কৰে আৰু তাৰ পিছত ১৯৮৮ চনৰপৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ লছ…
-
লেৰেলা বড়ো
লেৰেলা বড়ো( Lerela Boro) ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী সক্ৰিয় কৰ্মী আছিল৷ বিয়াল্লিছৰ আন্দোলনত ঢেকিয়াজুলি থানাত পতাকা উত্তোলন কৰিবলৈ গৈ পুলিচৰ গুলীত আহত হৈ পিছত বৰ শোকজনক অৱস্থাত মৃত্যু হয়৷ লেৰেলা বড়োৰ জন্ম ঢেকিয়াজুলি মৌজাৰ কেহেৰুখন্দা গাঁৱত৷ পিতৃৰ নাম গপ কছাৰী৷ পৰিয়ালৰ আৰ্থিক অৱস্থা অতি…
-
লোৱাত ভালা
লোৱাত ভালা(Lobat Vala; জন্ম: ১৯৩০ চনত তেহৰাণত) এগৰাকী ইৰাণী কবি৷ তেওঁ ইৰাণৰ মহিলা মুক্তিৰ সপক্ষে সততে মাত মাতি আহিছে৷ ইয়াৰ উপৰি তেওঁ উভয় লিংগৰ মাজত সম অধিকাৰৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লগত ওতপ্ৰোতভাৱে জড়িত।
-
লৰ্ড নেলছন
লৰ্ড নেলছন ব্ৰিটিছ নৌসেনা বাহিনীৰ আটাইতকৈ প্ৰভাৱশালী নৌবিষয়া সকলৰ মাজত এজন আছিল। তেওৰ জীৱনযাত্ৰা অতি দীঘলিয়া ব্যতিক্ৰমি তথা বিশিষ্টপুৰ্ণ আছিল যিয়ে তেওক পাছলৈ নিজৰ নিৰ্ভীকতা আৰু সাহসিকতাৰ কাৰণে এজন অদ্বীতিয় যুদ্ধনীতিজ্ঞ ৰুপে খ্যাত কৰি তুলিছিল।
-
শংকৰ জ্যোতি বৰুৱা
শংকৰ জ্যোতি বৰুৱা(Sankar Jyoti Baruah) অসমৰ ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী ৰাজনীতিবিদ। তেওঁ সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক আছিল। ২০২৪ ছেপ্তেম্বৰত এটি বিতৰ্কৰ পিছত তেওঁ সাধাৰণ সম্পাদক পদৰ পৰা পদত্যাগ কৰাত চৰ্জুন হান্সেক ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব অৰ্পন কৰে।
-
শমশাদ বেগম (সমাজ কৰ্মী)
শমশাদ বেগম (Shamshad Begum) এগৰাকী ভাৰতীয় সমাজকৰ্মী, ছত্তীশগড়ৰ পিছপৰা সম্প্ৰদায় যেনে অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা সম্প্ৰদায়ৰ শিক্ষাৰ দিশত কৰা প্ৰচেষ্টাৰ বাবে পৰিচিত। ভাৰত চৰকাৰে ২০১২ চনত পদ্মশ্ৰীৰ চতুৰ্থ সৰ্বোচ্চ ভাৰতীয় অসামৰিক বঁটাৰে তেওঁক সন্মান জনায়।
-
শশাংক মঞ্জৰী
মহাৰাণী শশংক মঞ্জৰী দেৱী চাহিবা (Maharani Shashank Manjari Devi Sahiba) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আছিল। বিহাৰৰ পালামুৰ পৰা ভাৰতীয় সংসদৰ নিম্ন সদন লোকসভালৈ স্বতন্ত্ৰ পাৰ্টিৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল।
-
শান্তি দেৱী
শান্তি দেৱী (Shanti Devi (জন্ম ১৯৩৭)) উত্তৰ প্ৰদেশ ৰাজ্যৰ এগৰাকী ভাৰতীয় প্ৰাক্তন ৰাজনীতিবিদ। তেওঁ দুবাৰকৈ সম্ভালক লোকসভাত প্ৰতিনিধিত্ব কৰাৰ লগতে উত্তৰ প্ৰদেশৰ বিধায়িনী দলৰ দুয়োখন সদনৰ সদস্য হিচাপে নিৰ্বাচিত হৈছে।
-
শামলদাস গান্ধী
শামলদাস গান্ধী (Samaldas Gandhi; ১৮৯৭-১৯৫৩) এগৰাকী ভাৰতৰ স্বাধীনতা সংগ্ৰামী আছিল৷ তেওঁ পূৰ্বৰ ৰাজকীয় ৰাজ্য জুনাগড়ৰ আৰ্জি হুকুমাত বা অস্থায়ী চৰকাৰৰ মুখ্য পথপ্ৰদৰ্শক আছিল৷
-
শিথি সাহা
শিথি সাহা (ইংৰাজী: Shithi Saha) এগৰাকী বাংলাদেশী কণ্ঠশিল্পী। প্ৰবীণ ফেৰ্ডাছ ৱাহিদৰ সৈতে প্ৰজাপতি (২০১১) ছবিত কণ্ঠদান কৰিছে। তেওঁ ৰবীন্দ্ৰ সংগীত, লোক-গীতৰ লগতে চলচ্চিত্ৰৰ গীতো গায়। তেওঁ চাৰিটা ষ্টুডিঅ' এলবাম নিৰ্মাণ কৰিছে।
-
শিবো মিশ্ৰ
শিবো মিশ্ৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ২০১৬ আৰু ২০২১ চনত অসম বিধাসভা নিৰ্বাচনত ৯২ নং লামডিং বিধান সভা সমষ্টিৰ পৰা অসম বিধানসভালৈ নিৰ্বাচিত হৈছে।শিবো মিশ্ৰ অসমৰ লামডিং বিধানসভা সমষ্টিৰ এগৰাকী বিশিষ্ট সমাজকৰ্মী। তেওঁ বিজেপি ৰাজনৈতিক দল পৰা বিধায়ক নিৰ্বাচিত হৈছে।
-
শিল্পা মাস্কে
শিল্পা মাস্কে (জন্ম ১৪ এপ্ৰিল ১৯৯২, বিৰাটনগৰ, নেপাল) এগৰাকী নেপালী চলচ্চিত্ৰৰ অভিনেত্ৰী, মডেল আৰু নৃত্যশিল্পী। তেওঁ নেপালী চলচ্চিত্ৰ জগতত "দ্য ব্ৰেক আপ" ছবিখনত আশীৰ্মান ডি.এছ. জোশীৰ বিপৰীতে মুখ্য চৰিত্ৰত অভিনয় কৰি আত্মপ্ৰকাশ কৰিছিল।
-
শিল্পা মুদবী
শিল্পা মুদবী (Shilpa Mudbi) শিল্পা এগৰাকী ভাৰতীয় গৱেষিকা, গায়িকা, পৰিবেশিকা, নাট্যশিল্পী, অভিনেত্ৰী, আৰু তথ্যচিত্ৰ নিৰ্মাতা। বৰ্তমান তেওঁ কৰ্ণাটকৰ বিভিন্ন লোক-শিল্পৰ সংৰক্ষণ আৰু সংগ্ৰহৰ কাম কৰি আছে। স্বামী আৰু সুমিত্ৰা সুন্দৰৰ সৈতে তেওঁ আৰ্বান ফ’ক প্ৰজেক্টৰ সহ-প্ৰতিষ্ঠাপক আছিল।
-
শিৱপুৰী বাবা
শিৱপুৰী বাবা আছিল হিন্দু সাধু। তেওঁৰ জন্ম নাম জয়ন্তন নম্বুদিৰিপাদ আৰু স্বামী গোবিন্দনন্দ ভাৰতী নামেৰেও জনাজাত। ১৯৬৩ চনৰ ২৮ জানুৱাৰী (২০১৯, ১৫ মাঘ, সোমবাৰ, তৃতীয় তিথি)ত নেপালৰ পশুপতিনাথ মন্দিৰৰ সমীপৰ ধ্ৰুৱস্থলীত তেওঁৰ মৃত্যু হয়।
-
শীলা
শীলা চেলিন ( Sheela Celine; জন্ম: ২২ মাৰ্চ ১৯৪৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু পৰিচালক যাক মূলতঃ মালয়ালম চলচ্চিত্ৰত দেখা যায়। প্ৰেম নাজিৰৰ সৈতে যুটি বান্ধি, তেওঁলোকে নায়ক আৰু নায়িকাৰ ভূমিকাত সৰ্বাধিক সংখ্যক ছবিত (১৩০খন) অভিনয় কৰাৰ গিনিজ ৱৰ্ল্ড ৰেকৰ্ড লাভ কৰিছে।
-
শীলা বালাজী
শীলা বালাজী: Sheela Balaji; শীলা বালাজী "AIM For Seva" নামেৰে ভাৰতীয় শিক্ষা সম্পৰ্কীয় অলাভজনক সংস্থা (NGO) ৰ নেতৃত্ব দিয়ে। তেওঁ "নাৰী শক্তি পুৰস্কাৰ"ৰ প্ৰাপক। তেওঁ প্ৰসিদ্ধ উদ্যোগপতি টি. ভি. সুন্দৰাম আইয়েংগাৰৰ (T. V. Sundram Iyengar) নাতিনী।
-
শীলা মেহতা
শীলা মেহতা (Shila Mehta) এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্য কলাকাৰ, কোৰিঅ’গ্ৰাফী, শিক্ষক আৰু সংগীতকাৰ। তেওঁৰ পটভূমি কথকত উত্তৰ ভাৰতীয় ৰূপত দৃঢ়ভাভাৱে নিহিত হৈ আছে, যিটো তেওঁ বিশ্বৰ দৰ্শকৰ মাজত উপস্থাপন কৰিছে, যাৰ ভিতৰত আছে ভাৰত, উত্তৰ আমেৰিকা, অষ্ট্ৰেলিয়া আৰু ইউৰোপ ভ্ৰমণ।
-
শীলা মেহৰা
শীলা মেহৰা (Shiela Mehra) হ'ল এগৰাকী ভাৰতীয় স্ত্ৰীৰোগ বিশেষজ্ঞ, প্ৰসূতি বিশেষজ্ঞ আৰু নতুন দিল্লীৰ মূলচান্দ হাস্পতালৰ স্ত্ৰীৰোগ আৰু প্ৰসূতি বিভাগৰ সঞ্চালিকা।
-
শুভংকৰ বৰুৱা
শুভংকৰ বৰুৱা (Shubhankar Baruah) অসমৰ এগৰাকী ৰেডিঅ’ জকি; যাক আৰ জে শুভংকৰ বা আৰজে জিৎ বুলিও জনা যায়৷ তেওঁ গুৱাহাটীৰ ৯২.৭ বিগ এফ এমৰ অনুষ্ঠান “বিগ চাহ গৰম”ৰ বাবে তেওঁ অসমৰ আটাইতকৈ জনপ্ৰিয় ৰেডিঅ’ জকি৷
-
শেৰবাজ খান
শেৰবাজ খান আব্বাছি (বাজ খান নামেৰেও পৰিচিত) ব্ৰিটিছ ৰাজ সময়ৰ উত্তৰ পাঞ্জাবৰ ধূন্ধ আব্বাছি জনগোষ্ঠীৰ এগৰাকী নেতা। ১৮৫৭ চনৰ জুলাই মাহত ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে বিদ্ৰোহৰ সময়ত শেৰবাজ খানে ৩০০ জনীয়া বাহিনীৰে ব্ৰিটিছ বসতিস্থলত আক্ৰমণ কৰাৰ পৰিকল্পনা কৰিছিল, কিন্তু তেওঁৰ পৰিকল্পনা ব্ৰিটিছৰ হাতত…
-
শোভা ৰাণী ত্ৰিপুৰা
শোভা ৰাণী ত্ৰিপুৰা এগৰাকী বাংলাদেশী লেখিকা আৰু শিক্ষক। তেওঁ ত্ৰিপুৰী (কোকবৰক) জনগোষ্ঠীৰ মহিলা। তেওঁ ২০১৭ চনত বাংলাদেশ চৰকাৰৰ পৰা বেগম ৰোকেয়া পদক লাভ কৰে।