লিলিট টেৰিয়ান বা লিলিয়েট টেৰিয়ান ( Lilit Teryan) আৰ্মেনিয়ান ঐতিহ্যৰ এগৰাকী ইৰাণত জন্ম গ্ৰহণ কৰা এগৰাকী ভাস্কৰ্য শিল্পী। তেওঁৰ জন্ম ৩১ ডিচেম্বৰ ১৯৩০ আৰু মৃত্যু হয় ৭ মাৰ্চ ২০১৯ চনত। তেহৰাণত ভাস্কৰ্য শিক্ষা নিষিদ্ধ হোৱাৰ সময়ত তেওঁ নিজৰ ভাস্কৰ্য শিক্ষা বন্ধ কৰিবলগীয়া হৈছিল। ২০০৮ চনত তেওঁ প্ৰদৰ্শনী কৰিবলৈ আৰম্ভ কৰে আৰু তাৰ পিছত পুনৰ শিক্ষকতা কৰিবলৈ আৰম্ভ কৰে। তেওঁক ইৰাণৰ ভাস্কৰ্য শিল্পৰ মাতৃ বুলি অভিহিত কৰা হৈছে।
জীৱনী
১৯৩০ চনত তেহৰাণত জন্মগ্ৰহণ কৰা টেৰিয়ানৰ জন্ম হৈছিল নাদেৰী অঞ্চলত। তেওঁৰ মাক-দেউতাক আৰ্মেনিয়াৰ। মাকে ফ্ৰান্সত শিল্পী হিচাপে প্ৰশিক্ষণ লৈছিল আৰু দেউতাকে বেংক অৱ তেহৰাণত কাম কৰিছিল। তেওঁৰ মাকে তেওঁৰ ছোৱালীকেইজনীক কলাত্মক দক্ষতা বিকাশৰ প্ৰশিক্ষণ দিয়াত সহায় কৰিছিল।১২
পেৰিছত বিউছ আৰ্ট একাডেমীত আনুষ্ঠানিক কলাৰ তেওঁ প্ৰশিক্ষণ লৈছিল।১৩
ভাস্কৰ্য শিকোৱাৰ প্ৰশিক্ষণ লাভ কৰা টেৰিয়ান ইৰাণৰ প্ৰথম শিক্ষকসকলৰ ভিতৰত অন্যতম। তেওঁ তেহৰাণ বিশ্ববিদ্যালয়ৰ সজ্জা কলা অনুষদত অধ্যাপনা কৰিছিল।৪ বিপ্লৱৰ পিছত ভাস্কৰ্য শিক্ষণ অবৈধ হৈ পৰে আৰু তেওঁ গোপনে এই শিক্ষা অব্যাহত ৰাখিবলগীয়া হয়।২
২০০৮ চনত তেহৰাণ ছিলভাৰ পাব্লিছিঙৰ এখন প্ৰদৰ্শনীত তেহৰাণত তেওঁৰ কৰ্মৰাজিৰ প্ৰথম দৃশ্য দেখা যায়। ইয়াৰ কিছু সময়ৰ পিছত তেওঁ পুনৰ আজাদ বিশ্ববিদ্যালয়ত ভাস্কৰ্য শিকোৱা আৰম্ভ কৰে।৪ তেওঁ ইৰাণৰ ভাস্কৰ্যৰ মাতৃ বুলি অভিহিত কৰা হৈছে।
আৰ্মেনিয়ান বৰ্ণমালাৰ প্ৰতিষ্ঠাপক মেছৰপ মাষ্টটছ২ আৰু ইৰাণৰ জাতীয় নায়ক ইয়েপ্ৰেম খানৰ মূৰ্তি নিৰ্মাণ কৰিছে। এই মূৰ্তিটো টেহৰাণৰ ছেইণ্ট মেৰী গীৰ্জাত আছে।.৪
২০১৯ চনত তেওঁৰ গৃহ চহৰত.৪ কোনোৱা চিৰিৰ পৰা পৰি টেৰিয়ানৰ মৃত্যু হয়।৫
তথ্যসূত্ৰ
- ↑ Varzi, Changiz M. (8 March 2022). Lilit Teryan: The Doyen of Iran’s Modern Sculpture. EVN Report
- ↑ (5 July 2011). زندگینامه: لیلیت تریان (۱۳۰۹- ۱۳۹۷). Hamshahri
- ↑ (7 March 2019). لیلیت تریان بانوی مجسمهساز در ۸۸ سالگی درگذشت. Kayhan London
- ↑ (8 March 2019). لیلیت تریان از پیشتازان مجسمهسازی در ایران درگذشت. BBC News
- ↑ (8 March 2019). Sculptor Lilit Teryan dies at 88. Honaronline
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লিলিট টেৰিয়ান” প্ৰবন্ধৰ সংশোধন ৫৭১৪৬৯ (২৬ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।